অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন ৰমেন্দ্ৰ দাস

স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন ৰমেন্দ্ৰ দাস

চাকৰি অবিহনেও যে কৃষি কৰ্ম কৰি চহকী হ’ব পাৰি, তাৰ এক অন্যতম উদাহৰণ নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ ক্ষেত্ৰী ধৰ্মপুৰ মৌজাৰ পিপলিবাৰী গাঁৱৰ কৃষক ৰমেন্দ্ৰ নাৰায়ণ দাস। ভিতৰুৱা অঞ্চলটোৰ এটি আদৰ্শ পৰিয়ালৰ সদস্য দাস এজন আদৰ্শ কৃষকৰ উপৰি এজন প্ৰতিষ্ঠিত ব্যৱসায়ী, সমাজ সেৱক হিচাপেও পৰিচিত।

১৯৭৮ চনত পিতৃ প্ৰয়াত উপেন্দ্ৰ নাৰায়ণ দাসে এজন আদৰ্শবান কৃতী শিক্ষক হিচাপে চামতা ছোৱালী হাইস্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতে বৃহৎ পৰিয়ালটোৰ তথা ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব পৰিছিল ৰমেন্দ্ৰ নাৰায়ণ দাসৰ ওপৰত। মেট্ৰিক পাছ কৰিয়েই দাসে ঘৰ্ চলোৱাৰ প্ৰয়োজনত শিক্ষা সমাপ্ত কৰিবলগীয়া হৈছিল। তাৰ বাবে তেওঁ সাধাৰণ এখন তামোল-পাণৰ দোকান দি (১৭০০ টকা মূলধনেৰে) স্বাৱলম্বী জীৱন আৰম্ভ কৰে। ইয়াৰ লগে লগে তেওঁ পিতৃৰ অলপ মাটিত খেতি-বাতি, ঘৰৰ বস্তিত তামোল-পাণ, ৰবি শস্য আদিৰ খেতি অলপ অলপকৈ কৰাত লাগি পৰে। অত্যধিক পৰিশ্ৰম কৰি তেওঁ লাহে লাহে কৃষি কৰ্ম বৃদ্ধি কৰিব ধৰিলে আৰু কৃষিকৰ্ম, খেতি-বাতিৰ উন্নতিৰ লগে লগে তেওঁ ব্যৱসায়ো আৰম্ভ কৰিলে।

বৰ্তমানো অতি ব্যস্ত, পৰিশ্ৰমী ৰমেন্দ্ৰ নাৰায়ণ দাসে ইতিমধ্যে ৫০ বিঘা মাটিৰ গৰাকী হৈছে। ইয়াৰে ২০ বিঘা মাটিত তেওঁ উন্নত পদ্ধতিত ধান খেতি কৰে। বছৰি কেইবা হাজাৰ টকাৰ ধান বিক্ৰী কৰে। ৩ বিঘা মাটিত বাঁহ গছ আছে। ২ বিঘা মাটিত কুঁহিয়াৰ খেতি কৰিছে। প্ৰতিদিনে তেওঁ কেইবা হাজাৰ টকাৰ কুঁহিয়াৰ বিক্ৰী কৰে।

 

কেইবাটাও বস্তিত চেগুন, তিতাচপা, মেহগনি, বত গছ, শাল, সৰ্পগন্ধা আদি ৫০০০ জোপামান ঔষধি আৰু আন মূল্যৱান গছ আছে। তদুপৰি বিভিন্ন ফল-মূলৰ গছ আছে প্ৰায় ১ বিঘা মাটিত। তদুপৰি তেওঁৰ পাণসহ ৩০০ জোপা তামোল গছ আৰু ৬০ জোপা নাৰিকল গছ আছে। বিজ্ঞানসন্মত পদ্ধতিৰে কৰা ৬টা মাছপোহা পুখুৰী আছে। মাছ বিক্ৰী কৰি বছৰি কেইবা লাখ টকা পায়। আনাৰস প্ৰায় ৪,০০০ জোপা আছে। তেওঁ ৰবি শস্যৰ খেতি যেনে আলু, কবি, মূলা, গাজৰ, বিলাহী আদি সকলো শাক-পাচলি কৰে। আদা, হালধি, সৰিয়হ আদি সকলো খেতি কৰে। তদুপৰি দাসৰ ১০ টা উন্নত জাতৰ গাইগৰু, ২৫ টা উন্নত জাতৰ ছাগলী, ২৫ টা যোৰ পাৰ চৰাই, ১৫০ টা হাঁহ আদিৰ এখন ফাৰ্মো আছে। গৰুৰ গাখীৰ তেওঁ প্ৰতিদিনে ৪০-৫০ লিটাৰ বিক্ৰী কৰে।

 

এই কৃষিকৰ্মৰ উপৰি দাসৰ হাৰ্ডৱেৰ, গেলামাল- ষ্টেচনাৰী, কংক্ৰিটৰ তিনিখন ডাঙৰ দোকান আছে। কেৰাচিন তেলৰ ডিপো এটাও আছে। ঘৰৰ চৌহদতে উপেন্দ্ৰ নাৰায়ণ সোঁৱৰণী এটি পুথিভঁৰাল আছে। তেওঁ শেহতীয়াকৈ ঠুটিকাটাত উপেন্দ্ৰ নাৰায়ণ একাডেমী নামেৰে এখনি বিদ্যালয় আৰম্ভ কৰিছে।

আদৰ্শবান কৃষক ৰমেন্দ্ৰ নাৰায়ণ দাস এতিয়া এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি। তেওঁ কৃষিকৰ্ম, ব্যৱসায় সুন্দৰভাৱে চলাই থকাৰ লগতে মাতৃ, পত্নী, পুত্ৰ, ভাতৃ, ভাইবোৱাৰী, ভতিজা আদিৰ ৩৫ জন সদস্যৰ এটি বৃহৎ পৰিয়াল, কাম-বন কৰা সকলো মানুহ সুন্দৰভাৱে পৰিচালনা কৰি আহিছে।

অসম আন্দোলনৰ কৃষক শ্বহীদ বীৰেন্দ্ৰ নাৰায়ণ দাসৰ পৰিয়ালটো অঞ্চলটোৰ ভিতৰতে এটি আদৰ্শৱান, উচ্চ শিক্ষিত আৰু সামাজিক পৰিয়াল হিচাপে পৰিচিত। আনহাতে, কৃষক ৰমেন্দ্ৰ নাৰায়ণ দাস অঞ্চলটোৰ এজন আগশৰীৰ সামাজিক ব্যক্তি হিচাপেও চিহ্নিত হৈছে। তেওঁ বৰ্তমান পিপলিবাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি।

আদৰ্শ কৃষক দাসৰ মতে, আজিকালি অসমীয়া যুৱক- যুৱতীসকলে চাকৰি চাকৰি বুলি হাবাথুৰি খোৱাৰ কোনো দৰকাৰ নাই। পৰিশ্ৰম কৰি একান্তমনে কৃষিকৰ্ম, ব্যৱসায় কৰিলে নিজেতো চহকী হ’ব পাৰিবই, আন দহজনকো সহায় কৰিব পাৰিব। তেওঁ প্ৰতিজন অসমীয়াকে এনেদৰে আগবাঢ়ি আহিবলৈ আহিবলৈ আৰু অৰ্থনৈতিক দিশত উন্নতি কৰিবলৈ আহ্বান জনায়।

লিখকঃ প্ৰদীপ কুমাৰ বৰ্মণ, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate