অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাৱলম্বিতাৰ নিদৰ্শন ৰাতুল নাথৰ সেউজ উদ্যানঃ

স্বাৱলম্বিতাৰ নিদৰ্শন ৰাতুল নাথৰ সেউজ উদ্যানঃ

 

বাগছাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আনন্দ বজাৰৰ গাতি লাগি থকা পাটলা নামৰ গাঁওখনৰ ডিম্বেশ্বৰ নাথ আৰু চানু নাথৰ পুত্ৰ ৰাতুল। স্বাৱলম্বিতাৰ নিদৰ্শনস্বৰূপ ৰাতুল নাথে ঘৰৰ পৰা নাতিদূৰৈৰ গড়আলিৰ কাষত থকা ৩২ বিঘাকৈ মাটিত খেতি-বাতিকে ধৰি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ ৰোপণ কৰি যেন এখন সেউজ উদ্যানহে গঢ়ি তুলিছে। ২০০১ চনতেই প্ৰথমে নিজৰ দুবিঘা মাটিত নামুটেঙা ৰোপণ কৰাৰ পাছত ২০০৮ বৰ্ষত হৈ যোৱা প্ৰথম বানপানীয়ে সেয়া সমূলাঞ্চে ধ্বংস কৰে আৰু মাটিডৰা বালিৰে পুতি পেলায়। তাৰ পাছতো হতাশ নোহোৱা যুৱকজনে নিজৰ গাঁঠিৰ ধন ভাঙি পুনৰ দুবিঘা মাটিত নেমুটেঙা ৰোপণ কৰাৰ পাছত নেমুটেঙাৰ আয়েৰে এবিধ-দুবিধকৈ অন্যান্য খেতি-বাতিও কৰিবলৈ সক্ষম হ’ল। অতি সম্প্ৰতি কঠোৰ পৰিশ্ৰমৰ মাজেৰে যুৱক ৰাতুল নাথে অকলেই ২০ বিঘাকৈ মাটিত মটৰ, মচুৰ দাইল, সৰিয়হ, পটল আদি শাক-পাচলিৰ খেতি কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ বাঁহগছ, তিতাচপা, গমাৰি আদি ৰোপণ কৰি অঞ্চলবাসীৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। নিৰৱচ্ছিন্নভাৱে আগবাঢ়ি যোৱা যুৱকজনে নিজৰ কষ্টোপাৰ্জিত ধনেৰে এখন সেউজ উদ্যান গঢ়ি তোলাৰ লগতে তাত বিভিন্ন প্ৰকাৰৰ মূল্যৱান গছ ৰোপণেৰে প্ৰকৃতিকো সকাহ দিব বুলি অৱগত কৰে।

 

(উৎসঃ অসমীয়া খবৰ, শিৱেন ডেকা, আনন্দ বজাৰ)।

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate