অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰহমত আলী লস্কৰৰ আন্ত:ৰাষ্ট্ৰীয় খ্যাতি(অৰ্কিড,বাঁহগছ,ঔষধি গছৰ ভিন্ন প্ৰজাতিৰ সংৰক্ষণ)

ৰহমত আলী লস্কৰৰ আন্ত:ৰাষ্ট্ৰীয় খ্যাতি(অৰ্কিড,বাঁহগছ,ঔষধি গছৰ ভিন্ন প্ৰজাতিৰ সংৰক্ষণ)

 

কৰ্মস্পৃহা আৰু অধ্যৱসায় থাকিলে আনুষ্ঠানিকভাৱে বিশেষ শিক্ষা নাথাকিলেও যে জীৱনত উজলি উঠিব পাৰে এই কথাকে প্ৰমাণ কৰিছে হোজাই জিলাৰ লংকা ৰাজহ চক্ৰৰ অধীনত কাকী মৌজাৰ বৰদলৈ পথাৰ গাঁৱৰ ৰহমত আলী লস্কৰ নামৰ যুৱকজনে।দৰিদ্ৰতাৰ বাবে সপ্তম শ্ৰেনীলৈ অধ্যায়ন কৰি শিক্ষা সমাপ্ত কৰা ৰহমত আলীৰ বিৰল কৰ্মস্পৃহাৰ বাবে সম্প্ৰতি তেওঁৰ বাসগৃহলৈ ঢাপলি মেলিছে মন্ত্ৰীৰপৰা উচ্চ পদস্থ বিষয়ালৈ বহুজন।ৰহমত আলী লস্কৰৰ বাসগৃহত থকা উদ্যানত বিৰল প্ৰজাতিৰ অৰ্কিড আৰু বাঁহগছৰো বহুকেইটা প্ৰজাতি সংৰক্ষিত হৈ আছে।উল্লেখ্য,বৰদলৈ পথাৰ নামৰ সৰুগাঁওখনৰ আব্দুল হান্নান লস্কৰ আৰু চায়াৰুণ নেচাৰ পুত্ৰ ৰহমত আলী লস্কৰে ইন্দিৰা গান্ধী প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণৰ পিছত উদালী বজাৰ এম.ভি স্কুলৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত অধ্যায়ন কৰে।পৰৱৰ্তী সময়ত বৰদলৈ পথাৰ এম.ভি মাদ্ৰাছাৰ পৰা সপ্তম শ্ৰেণী পৰ্যন্ত পঢ়ি দৰিদ্ৰতাৰ বাবে তেওঁ শিক্ষা সমাপ্ত কৰিবলগীয়া হয়।ইতিমধ্যে এক দুৰ্ভাগ্যজনক ঘটনাৰ পৰিণতিত পিতৃৰ বিয়োগ ঘটাত তেওঁ ঘৰৰ দায়িত্ব ল’বলগীয়া হয়।চিমেন্ট উদ্যোগত হাজিৰা কাম কৰাৰ পৰা আৰম্ভ কৰি তেওম্ পিছলৈ ৰেলৱেৰ নিৰ্মাণ কোম্পানীৰ পৰিচালক আৰু পৰৱৰ্তী সময়ত এজন প্ৰথম শ্ৰেনীৰ ঠিকাদাৰ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হয়।ইয়াৰ মাজতো বিলুপ্তপ্ৰায় গছ-গছনি সংৰক্ষণৰ স্বপ্ন তেওঁৰ মনৰপৰা আঁতৰি যোৱা নাছিল।ঠিকা কামৰপৰা লাভ কৰা ধন তেঁও গছ-গছনি সংৰক্ষণত ব্যৱহাৰ কৰে।কঠোৰ পৰিশ্ৰমেৰে সম্প্ৰতি এজন বিশিষ্ট ব্যক্তিত পৰিণত হোৱা লস্কৰে 1.164 বিধ অৰ্কিড প্ৰজাতি,260 বিধ বাঁহগছৰ প্ৰজাতি আৰু চাৰিশৰো অধিক ঔষধি গছৰ প্ৰজাতি সংৰক্ষণ কৰি ৰাখিছে।আধুনিক উপায়েৰে কৃষিকৰ্মৰ জৰিয়তে এই বিৰল প্ৰজাতিৰ গছ-গছনিসমূহ লস্কৰে সংৰক্ষণ কৰি ৰাখিছে।অৰুণাচল প্ৰদেশৰ অৰণ্যৰ মাজৰ পৰা বিলুপ্তপ্ৰায় প্ৰজাতিৰ অৰ্কিড আৰু বাঁহগছ স্ংৰক্ষণ কৰিবলৈ যাওঁতে তেওঁ দুৰ্বৃত্তৰ দ্বাৰা অপহ্ৰত হ’বলগীয়া হৈছিল যদিও পৰৱৰ্তী সময়ত কৌশলেৰে মুকলি হৈ আহে।লস্কৰৰ এই উদ্যানাখ্ন বৰ্তমান সকলোৱে আকৰ্ষণৰ কেন্দ্ৰত পৰিণত হৈছে।ইয়াত স্ংৰক্ষিত বাঁহগছৰ প্ৰজাতিসমূহৰ ভিতৰত আছে-বাম্বুচা আট্ৰা,বাম্বুচা অৰিকালাটা,বাম্বুচা বালক’আ,বাম্বুচা কপিলাণ্ডি,বাম্বুচা বেম্ব’জ,বেম্বুচা নিউট্টেনচ,বাম্বুচা নানা,বাম্বুচা পুলিদা আদি।অৰ্কিডৰ প্ৰজাতিসমূহৰ ভিতৰত আছে-এঞ্জেল বাৰ্ড,কমগা,ফৰেষ্ট কিং,ৰেড নিলী,ছেপ্টেম্বৰ ছান,জেচিনিয়াম আদি।ৰহমত আলী লস্কৰে ‘দৈনিক অসম’ক জনোৱা মতে,বিৰল প্ৰজাতিৰ এই অৰ্কিড আৰু উদ্ভিদসমূহ সংৰক্ষণ কৰাৰ বাবে ফান্সৰ ‘ইকল ছুপেৰিয়াৰ ৰবাৰ্ড দ্যা ছৰবন বিশ্ববিদ্যালয়’-এ তেঁওক সম্নানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে।ইতিমধ্যে যোৱা 29 অক্টোবৰত বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই ৰহমত আলী লস্কৰৰ লংকাৰ বৰদলৈ পথাৰৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ উদ্যানখন পৰিদৰ্শন কৰে।বনমন্ত্ৰীগৰাকীয়ে উদ্যানত স্ংৰক্ষিত বিভিন্ন উদ্ভিদৰ বুজ লয় আৰু চৰকাৰী সাহায্যৰ আশ্বাস প্ৰদান কৰে।তদুপৰি মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্য বন সংৰক্ষক ড.অৰৱিন্দ কুমাৰ ঝাই যোৱা 4 ডিচেম্বৰত ৰহমত আলী লস্কৰৰ অৰ্কিড উদ্যানত উপস্থিত হৈ লস্কৰৰ এই প্ৰচেষ্ঠাক ভূয়সী প্ৰশংসা অৰে।একেদৰে অসমৰ নিৰ্বাচনী দপ্তৰৰ উপ-সঞ্চালক এল কে পেগুৱেও বিভিন্নজনৰ মুখত ৰহমত আলী লস্কৰৰ বিষয়ে জানিব পাৰি তেওঁৰ বাসগৃহত উপস্থিত হয়হি।বিভিন্নজনৰ পৰা সন্মান লাভ কৰা ৰহমত আলী লস্কৰক চলিত বৰ্ষৰ 5 নৱেম্বৰত হোজাইৰ আজমল ফাউণ্ডেচনৰ তৰফৰ পৰাও সন্মান জনোৱা হয়।লস্কৰে জনোৱা মতে ,প্ৰকৃতিৰ ওপৰত জীৱশ্ৰেষ্ঠ মানুহে নিৰ্মম অত্যাচাৰ কৰি আহিছে।এনেক্ষেত্ৰত আমি উদ্ভিদক সংৰশণত মনোনিৱেশ কৰা উচিত।নহ’লে পৃথিৱীখন ধ্বংস হ’ব।তদুপৰি বিৰল প্ৰজাতিৰ বাঁহৰ খেতি কৰি আমি নিজেও লাভাম্বিত হ’ব পাৰোঁ।অৱশ্যে এইক্ষেত্ৰত গৱেষণাৰ প্ৰয়োজন আছে।ইয়াৰ বাবে চৰকাৰৰ বন বিভাগ আৰু কৃষি বিভাগৰ সহায়ৰ প্ৰয়োজন।

 

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 10/30/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate