চাহৰ গুণগত মান বৰ্তমান আলোচনাৰ বিষয়বস্তু হৈ উঠা কাৰণে প্লাকিঙৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে।এটি কলি দুটি পাত,এটি কলি এটি পাত আৰু সুপ্ত হৈ থকা কলিটো উঠাই দি যি প্লাকিং কৰা হয়,তাক উত্তম প্লাকিং বুলি কয়।এটি কলি তিনিটা পাত আৰু বহল পাতবোৰ যদি প্লাকিং কৰা হয়,তেন্তে তাক অগ্ৰহণযোগ্য প্লাকিং বুলি ক’ব পাৰি।ভাল গুণগত মানৰ চাহপাত কলঘৰত প্ৰস্তুত কৰিবলৈ হ’লে প্লাকিং ভাল হ’ব লাগে।প্লাকিঙৰ পিছত কলঘৰলৈ অহা পাতবোৰৰ মান বিচাৰ কৰাৰ বাবে এক প্ৰচলিত ব্যৱস্থা আছে।সাধাৰণতে যদি পাতৰ মান ৬৫-৭০ শতাংশৰ ভিতৰত হয়,তেন্তে সেয়া অতি সুন্দৰ পাত বুলিব পাৰি।তেনে পাতৰপৰা প্ৰস্তুত কৰা চাহপাতৰ গুণ সৰ্বোৎকৃষ্ট হয়।টি ভি ৯,টি ভি ১৮,টি ভি ২২,টি ভি ২৩,টি ভি ২৫,টি ভি ২৬,টি ভি ২৯ জাতবোৰ য’ত বেছি আছে,তাত প্লাকিং কৰা সময়ত ডাঙৰ এটি কলি এটি পাত এৰি দিব নালাগে।তেনে কৰিলে পৰৱৰ্তী প্লাকিঙত পাতৰ গুণ একেবাৰে নিম্নগামী হৈ পৰে।
ভাল চাহপাত উৎপাদন কৰাৰ বাবে ৬-৭ দিনৰ অন্তৰে অন্তৰে প্লাকিং কৰা দৰকাৰ।চাহ গছজোপাত কলম কৰা পদ্ধতি চাই প্লাকিং কৰা নিয়মো বেলেগ বেলেগ হয়।
কলম নকৰা চাহ:চাহগছত সময়ভেদে কিছুমান কলি আৰু নাবাঢ়ি সুপ্ত হৈ থকা দেখা যায়।তাকে বাগিচাৰ প্ৰচলিত ভাষাত ‘বানজী’পাত বোলে।কলম নকৰা চাহগছত বানজী পাতবোৰ সম্পুৰ্ণকৈ হাতেৰে উঠাই সৰু কলিটো এৰি থৈ যাব লাগে।সদায় জনম পাতৰ ওচৰত প্লাকিং কৰিব লাগে।যিমানে বানজী পাতবোৰ উঠাই দিব,সিমানে পৰৱৰ্তী পৰ্যায়ত পৰিষ্কাৰ পাত অহাটো আশা কৰিব পাৰি।প্লাকিং টেবুলৰ তলত হাত সুমুৱাব নালাগে।যদি গছজোপাৰ কোনো স্থানত খালী ঠাই থাকে,তেন্তে সেই টুকুৰাটো পাতেৰে ভৰি নপৰালৈকে প্লাকিং কৰা অনুচিত।
মিডিয়াম স্কিফ কৰা চাহগছ:পুৰণি দাগত প্লাকিং কৰিব লাগে।প্ৰতিটো পৰ্যায়তে টেবুলৰ ওপৰৰ বানজীবোৰ আঁতৰাই যাব লাগে।প্লাকিং টেবুলৰ তলত হাত সোমোৱা নিষেধ।
ডীপ স্কিফ কৰা চাহগছ:জনম পাতৰ ওচৰত প্লাকিং কৰা প্ৰয়োজন।গোল পাতৰ ওপৰত পাত ছিঙা অভ্যাসটো সম্পুৰ্ণভাৱে পৰিহাৰ কৰিব লাগে।টেবুল তৈয়াৰ হ’লে সেয়া নিয়মিত ৰুপত নিয়ন্ত্ৰণ কৰা দৰকাৰ।সাধাৰণতে শ্ৰমিকসকলে দুৰ্বল গছবোৰত টেবুলৰ তলত হাত সুমুৱাই পাত ছিঙা এটা প্ৰৱণতা থকা পৰিলক্ষিত হয়।তেনে কৰিলে চাহগছৰ বিস্তৰ ক্ষতি সাধন হয়।
লাইট আৰু মিডিয়াম প্ৰুণ কৰা চাহগছ:পুৰ্ব নিৰ্দ্ধাৰিত উচ্চতাত পাত ছিঙিব লাগে।শ্ৰমিকসকলে যেন অনুমোদিত দাগৰ তলত প্লাকিং নকৰে তাৰ প্ৰতি সদা সতৰ্ক হোৱা ভাল।
প্লাকিং কৰিব লগা অনুমোদিত দৈৰ্ঘ্যতকৈ যদি টেবুল ওপৰলৈ উঠে,তেন্তে তাক ক্ৰীপ (Creep)বোলা হয়।অৱাঞ্জিত ক্ৰীপে চাহ গছৰ অৰ্থনৈতিক ক্ষতি কৰে।ক্ৰীপৰপৰা হাত সাৰিবলৈ জনমৰ ওচৰত প্লাকিং কৰি যিমান পাৰে টেবুলখন সমানে ৰখা অতি আৱশ্যক।অৱশ্যে জনম পাতৰ ওপৰত কিছু ক্ৰীপ হ’বই।তাক ৰুদ্ধ কৰা অসম্ভৱ।সেইবাবে চাহ গৱেষণা কেন্দ্ৰ,টোকলাইয়ে কলম কৰা পদ্ধতিভেদে বছৰৰ বিভিন সময়ত অনুমোদিত ক্ৰীপৰ উচ্চতা নিৰ্দ্ধাৰণ কৰি দিয়ে।যদিহে দীঘলীয়া বিৰতিৰ মুৰত প্লাকিং কৰা হয় আৰু অসমানভাৱে পাত ছিঙা হয়,তেন্তে ক্ৰীপ ৰোধ কৰা সম্ভৱ হৈ নুঠে।
কলমৰ বিভাগ |
জুলাইৰ শেষলৈ |
আগষ্টৰ শেষলৈ |
অক্টোবৰৰ শেষলৈ |
এল পি |
২.৫ ছে:মি: |
৩.৫ ছে:মি: |
৫-৬ ছে:মি: |
ডি এছ |
২.৫ ছে:মি: |
৩ ছে:মি: |
৪.৫-৫ ছে:মি: |
এম এছ |
২.৫ ছে:মি: |
৩ ছে:মি: |
৪ ছে:মি: |
ইউ পি |
২.৫ ছে:মি: |
৩ ছে:মি: |
৪ ছে:মি: |
যদিহে চাহ খেতিডৰা অভুতপুৰ্ব খৰাঙৰ দ্বাৰা আক্ৰান্ত হয়,তেন্তে সাধাৰণতে কৰা প্লাকিঙৰপৰা এটা পাত এৰি ছিঙিব লাগে।লাইট আৰু মিডিয়াম প্ৰুণ গছবোৰত প্লাকিঙৰ উচ্চতা কমাই দিব নালাগে।ডীপ স্কিফত কলমৰ ৬ ছেণ্টিমিটাৰ বা দুখিলা পুৰ্ণবয়স্ক পাতৰ ওপৰতহে প্লাকিং কৰা উচিত।আনহাতে,তেনে স্থলত মিডিয়াম স্কিফত এখিলা পুৰঠ পাতৰ ওপৰত প্লাকিং কৰা যুগুত।
যদি প্লাকিং টেবুলৰ ওপৰত থকা কলি আৰু পাত সমুলঞ্চে উঠাই ছিঙা হয়,তাক ব্লেক প্লাকিং বোলা হয়।হেল’পেলটিছ পোকৰ দ্বাৰা আক্ৰান্ত স্থানত ব্লেক প্লাকিং এক উপকাৰী বিধান।পানী জমা হোৱা স্থানত প্লাকিং পৰ্যায় সোনকালে ঘুৰাই দিব লাগে।যদি আপোনাৰ খেতিডৰা বানপানীয়ে জুৰুলা কৰে,তেন্তে এটা বয়স্ক পাতৰ ওপৰতহে প্লাকিং কৰিব।গছবোৰ দুৰ্বল যেন দেখিলে পাত ছিঙা বন্ধ কৰিব।নহ’লে চাহ গছ মৰি যাব পাৰে।মনত ৰখা ভাল-চাহগছে পানী জমা হোৱা সহ্য কৰিব নোৱাৰে।গতিকে বিহিত ব্যৱস্থা ল’বই লাগিব।
লেখক:ভাস্কৰ পাঠক (দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 1/3/2022
অসমৰ পৰম্পৰাগত চাহখেতি আৰু জৈৱিক চাহখেতিৰ বিষয়ে লি...
চাহ গছৰ অনিষ্টকাৰী কীট-পত্ংগৰ সমন্বিত নিয়ন্ত্ৰণ ব্...
চাহখেতিৰ বাবে মাটি পৰীক্ষা
চাহগছৰ শীতকালীন আপদাল