অসম চিল্ক আউট ৰিটচ মিছন(মুগা)
অসম মুগা সুতা উৎপাদন বৰ্তমানতকৈ ১০ গুণ বৃদ্ধিৰ লক্ষ্যৰে এই প্ৰকল্প গ্ৰহণ কৰা হৈছে। ১০ প্ৰকল্প ৰূপায়ণৰ বাবে চৰকাৰে মুঠ ৪৬৫.০৮ কোটি টকা প্ৰশাসনীয় অনুমোদন দিছে আৰু ২০১৭-১৮ বিত্তীয় বৰ্ষত ১০০ কোটি টকা মোকলাই দিছে। ২০১৮-১৯ বিত্তীয় বৰ্ষত এই প্ৰকল্পত মুঠ ১০০ কোটি টকাৰ বাজেট ধাৰ্য্য কৰিছে। অসম ছিল্ক আউটবিছ মিছন ছোছাইটিৰ যুটীয়া প্ৰকল্পৰ অধীনত মুঠ ১৩৫ খন চৰকাৰী ৰেচম পাম, কেন্দ্ৰৰ আন্তঃ গাঠনি উন্নয়নও সবলীকৰণৰ আঁচনি গ্ৰহণ কৰাৰ লগতে ব্যক্তিগত মুগা পালকৰ ভূমি তথা চৰকাৰী পতিত ভূমিত চোম, শুৱালো গছ ৰোপন কৰা হব। ব্যক্তিগত মুগা পালকলৈ এই প্ৰকল্পৰ জৰিয়তে মুগা পলু পালনৰ আৱশ্যকীয় সজুলী যোগান ধৰা হ’ব। এই প্ৰকল্পৰ অধীনত মুঠ ৫ টা মুগা লাট ভঁৰাল নতুনকৈ স্থাপনৰ ব্যৱস্থা কৰা হব। ইয়াৰোওপৰি ১০০ জন স্থানীয় ৰেচম উদ্যোগীলৈ সুতা কটা, কাপোৰ বোৱা আৰু বজাৰৰ চাহিদা অনুযায়ী মুগা সুতাৰ দ্বাৰা নিৰ্মিত অন্য সামগ্ৰীৰ উদ্যোগ স্থাপনৰ বাবে ৮০:২০ ভিত্তিত ৰাজ সাহায্য প্ৰদান কৰা হব।
অসমৰ শুৱালকুছিত অৱস্থিত ৰেচম শিল্পৰ ক্ষিপ্ৰ উন্নয়ন তথা পুনৰজীৱিত কৰণৰ বাবে অসম চৰকাৰে এটা পাট সুতা ভঁৰাল স্থাপনৰ প্ৰকল্প গ্ৰহণ কৰিছে আৰু বিত্তীয় বৰ্ষ ২০১৭-১৮ত মুঠ ২০ কোটি টকা মোকলাই দিছে। ২০১৮-১৯ বৰ্ষত এই প্ৰকল্পৰ বাবে অতিৰিক্ত ২০.০০ কোটি টকা বাজেট ধাৰ্য্য কৰিছে। এই প্ৰকল্পৰ যোগেদি শুৱালকুছি পাট সুতাৰ ভঁৰালে ২০ শতাংশ ৰেহাই মূল্যত শুৱালকুছিৰ শিপিনী সকলক পাট সুতাৰ যোগান ধৰিব আৰু ইয়াৰ দ্বাৰা শুৱালকুছি পাট কাপোৰৰ উৎপাদন ব্যয় হ্ৰাস হোৱাৰ লগতে উৎপাদনৰ গতি তৰান্বিত হয়।
*মহিলা সবলীকৰণ আঁচনিৰ অধীনত ২৬৬ টা মহিলা ৰেচম গোটক এড়ি সুতা কটা যন্ত্ৰ প্ৰদান।
*এড়ি শিল্পৰ উন্নয়নৰ বাবে মাজুলীত ৪৯ টা এড়িপালক গোটক এড়ি সুতা কটাৰ প্ৰশিক্ষণ তথা যন্ত্ৰ প্ৰদান।
*এড়ি উৎপাদন বৃদ্ধিৰ বাবে মাজুলীত ৫০০ হিতাধীকাৰীক এড়ি খাদ্য বৃক্ষ ৰোপনৰ বাবে আৰ্থিক অনুদান।
*ৰেচম উৎপাদনত পাৰদৰ্শিতা দেখুওৱা শ্ৰেষ্ঠ ৰেচম পালক/কাটনিক ৰেচম বিভাগৰ দ্বাৰা আয়োজিত মুগা মেলা ও কৰ্মশালাত আৰ্থিক পুৰস্কাৰ প্ৰদান।
*১০৬০ গৰাকী হিতাধীকাৰীক বৃক্ষৰোপণৰ বাবে আৰ্থিক অনুদান তথা পলুপালনৰ বাবে সা-সজুলি যোগান।
*১,৪০০ জন হিতাধিকাৰীক পলুপালনৰ বাবে জালিঘৰ/পলু পোহা গৃহ প্ৰদান।
*৯৭০ জন হিতাধীকাৰীক উন্নত ৰেচম পালনৰ প্ৰশিক্ষণ প্ৰদান।
*গোলাঘাট জিলাৰ দৈয়গ্ৰোং সংৰক্ষিত বনাঞ্চলত বন্য মুগা সংৰক্ষণৰ বাবে বন্য মুগা অভয়াৰণ্য স্থাপন।
*ৰেচম সুতাৰ উৎপাদনত ২০১৬-১৭ বৰ্ষৰ ৩৮১০.০০ মেট্ৰিক টনৰ বিপৰীতে ২০১৭-১৮ বৰ্ষত ৪৮৬১.৪৬ মেট্ৰিক টনলৈ বৃদ্ধি (বৃদ্ধিৰ হাৰ প্ৰায় ২৮ শতাংশ)।
*দিব্যাংগ লোকক পলু পালনৰ বাবে সা-সজুলি প্ৰদানৰ ব্যৱস্থা।
*বয়োজ্যেষ্ঠ লোকক পলু পালনৰ বাবে সা-সজুলী প্ৰদানৰ ব্যৱস্থা।
*৫ টা ৰেচম লাট ভৰাল(COCOON BANK) স্থাপনৰ ব্যৱস্থা।
*বিশ্ব বেংক(APART)ৰ অৰ্থৰে অসমৰ পাচখন জিলাৰ ১৯ টা উন্নয়ণ খণ্ডত আচনি ৰূপায়ন।
*চলিত বিত্তীয় বৰ্ষত স্থানীয় উদ্যোগীলৈ মুগা সুতা কটা, কাপোৰ বোৱা তথা বিবিধ মুগা সুতাৰে তৈয়াৰী সামগ্ৰী উৎপাদনৰ বাবে আৰ্থিক অনুদানৰ ব্যৱস্থা।
উৎস: হস্তঁতাত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগ(নিয়মীয়া বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 12/8/2021