অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অমিতা খেতিৰ সমস্যা আৰু ইয়াৰ সমাধান

অমিতা খেতিৰ সমস্যা আৰু ইয়াৰ সমাধান

অমিতা খেতিত বিভিন্নধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখা যায় । সময়মতে এই সমস্যাবোৰৰ বিহিত ব্যৱস্থা নল’লে উৎপাদন হ্ৰাস পায় আৰু গছবোৰ অকালতে মৰি যায় । অমিতা গছত পোকৰ উপদ্ৰৱ প্ৰায় নাই বুলিয়ে ক’ব পাৰি ।

অমিতা ফলৰ সমস্যা :- কেতিয়াবা অমিতাৰ বহিৰ্ভাগ ওখোৰা-মোখোৰা হোৱা দেখিবলৈ পোৱা যায়, কিন্তু প্ৰকৃততে ফলবিলাক মিহি হ’ব লাগে । বিশেষকৈ পৈণত হোৱা অমিতাত এই সমস্যাটো বেছিকৈ হয় । গছত প্ৰয়োজনীয় ‘বৰণ’ নামৰ মৌলবিধৰ অভাৱ হ’লে এই সমস্যাৰ সন্মুখীন হয় আৰু বজাৰত এনে ফলৰ চাহিদা কমি যায় । সেয়েহে সাৰ প্ৰয়োগ কৰোঁতে লগতে ৫৯ গ্ৰাম বৰাক্স প্ৰতিজোপা গছত দিব লাগে । তেতিয়া এই সমস্যাৰ পৰা সকাহ পাব পাৰি ।

গুৰি পচা বেমাৰ :- এই বেমাৰবিধ হৈছে ভেকুৰজনিত । সেয়েহে ই গছৰ গুৰিভাগ পচাই দিয়ে আৰু পাতবিলাক হালধীয়া পৰি মৰি যায় । এই বেমাৰৰ  পৰা ৰক্ষা পাবলৈ হ’লে গছৰ গুৰি অংশত এক শতাংশ শক্তিৰ বৰডো মিশ্ৰণ প্ৰয়োগ কৰিব লাগে । ইয়াৰ উপৰি ব্লাইটেক্স বা ফাইটলিন ২ গ্ৰাম ১ লিটাৰ পানীত মিহলাই গছৰ গুৰি অংশ তিতি যোৱাকৈ প্ৰয়োগ কৰিলে এই সমস্যা সমাধান হয় । বাৰিষা কাল আৰম্ভ হোৱাৰ পূৰ্বে মাৰ্চ মাহত এই ঔষধ প্ৰয়োগ কৰিব লাগে ।

শিপা পচা বেমাৰ :- গছৰ শিপাবিলাক পচি যোৱা এই বেমাৰবিধ ভেঁকুৰৰ পৰাই আক্ৰান্ত হয়। গছৰ শিপা পচি যোৱাৰ লগে লগে গছৰ পাতবিলাক হালধীয়া হ’বলৈ ধৰে আৰু গছজোপা দুৰ্বল হৈ হাউলি পৰে । এই বেমাৰৰ ৰক্ষা পাবলৈ গুটি বা বীজবিলাক ৰোৱাৰ আগতে ‘কেপটান’ নামৰ দৰৱেৰে শোধিত কৰিব লাগে । বেমাৰযুক্ত গছত এক শতাংশ শক্তিৰ বৰডো মিশ্ৰণ প্ৰয়োগ কৰিব লাগে । নতুবা গুটি বা বীজ সিঁচাৰ আগতে বীজতলী বা পুলিবাৰী নাইবা পলিথিন মোনাৰ মাটি অংশ ৪ শতাংশ শক্তিৰ ‘ফৰমেলিন’ নামৰ দৰৱেৰে তিয়াই লৈ মাটিখিনি বীজাণুমুক্ত কৰিব লাগে ।

পাত মুজুৰা পৰা আৰু মোজেইক বেমাৰ ;- এই বেমাৰ দুবিধ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় । দুয়োটা বেমাৰত প্ৰধানকৈ দুবিধ মোৱা পোকে বেমাৰবিধ বিস্তাৰিত কৰে । পাত মুজুৰাখোৱা বেমাৰত এবিধ পতংগই কুমলীয়া পাতৰ ৰস শুহি খোৱাৰ ফলত পাতবোৰ সৰু হৈ ঘোৰ খোৱা দেখা যায় । মোজেইক বেমাৰতো এবিধ পতংগই পাতৰ ৰস শুহি খায় আৰু ইয়াৰ ফলত পাত হালধীয়া হয়, আকৰত সৰু হৈ ঠাৰিবিলাক হাউলি যায় । নতুন কুমলীয়া পাত নোলোৱা হয় আৰু গছৰ বৃদ্ধি নোহোৱা হয় । ভাইৰাছৰ পৰা আক্ৰান্ত হ’লে গছবোৰ উঘালি পুৰিব লাগে বা পুতি পেলাব লাগে যাতে বাকী স্বাস্থ্যৱান গছবিলাক আক্ৰান্ত নহয় ।

শস্য কৃমিৰ সমস্যা:- অমিতাৰ শিপাত কেতিয়াবা শস্য কৃমিয়ে আক্ৰমণ কৰে । ফলত পাতবিলাক হালধীয়া পৰে, গছৰ বৃদ্ধি কমে আৰু উৎপাদনো হ্ৰাস হয় । এই সমস্যা নিবাৰণ কৰিবলৈ হ’লে গছৰ গুৰিত ২০-২৫ গ্ৰামকৈ প্ৰতিজোপাতে ‘ফুৰাডন’ নাম ঔষধবিধ প্ৰয়োগ কৰিব লাগে । অমিতা গছ ৰোৱাৰ ১০-১২ মাহৰ পৰাই ফল চপাব পৰা হৈ যায় । এবাৰ ফল লগা আৰম্ভ হ’লে একেৰাহে বহুদিনলৈ ফল দি থাকে । ফলৰ সংখ্যা বেছি হ’লে মাজে মাজে সৰু ফল কিছুমান ছিঙি দিব লাগে , তেতিয়া ফলবোৰৰ বৃদ্ধি ভাল হয় আৰু আকাৰত ডাঙৰ হয় । অমিতা গছৰ জাতৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি ফল ধাৰণ কৰা ক্ষমতা বেলেগ বেলেগ হয় । হাইব্ৰীড জাত যেনে স্বপ্না, আৰ্কা, সূৰ্য্য আদি সকলো অমিতা গছতে ফল ধৰে । গততিকে হাইব্ৰীড জাতবিলাকৰ বীজ আজিকালি বজাৰত বেছিকৈ পোৱা যায় ।

লেখক – ড° ধাৰীন্দ্ৰ নাথ হাজৰিকা, দৰদী প্ৰিয়ম দুৱৰা

উৎস – দৈনিক জনমভূমি

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate