আধুনিক কৃষি ব্যৱস্থা, কাৰিকৰী কৌশল আদিৰ প্ৰসাৰ আৰু প্ৰচলনৰ বাবে উপলব্ধ ্সা-সুবিধাসমূহ অবিহনে, অতীজত মুখে মুখে চলি অহা নীতি বাক্য স্বৰুপ ডাকৰ বচন আৰু নানা ফকৰা যোজনা জাতীয় প্ৰবাদ আদিৰ দ্বাৰাই কৃষি কাৰ্য পৰিচালিত হৈছিল। এনে প্ৰবাদসমূহৰ বিজ্ঞানসন্মত দৃষ্টিভংগীৰ বাবে এইবোৰৰ প্ৰয়োগ আৰু প্ৰসাৰ বৰ্তমানেও প্ৰয়োজনীয়। খেতিয়কক কৃষি কৌশল আদি বোধগম্য হোৱাকৈ বুজাবলৈ ডাকৰ বচন, ফকৰা যোজনা আদিৰ সহায় ললে ‘কৃষি সম্প্ৰসাৰণ’ ব্যৱস্থা বেছি ফলপ্ৰসূ হ’ব বুলি বিশ্বাস হয়।
কৃষি ভিত্তিক ডাকৰ বচনবোৰ ফঁহিয়াই চালে দেখা যায় যে, এইবোৰত যথেষ্ট বিজ্ঞাবসন্মত তথ্য সন্নিবিষ্ট হৈ আছে। অসমত ডাকৰ জন্মস্থান বৰপেটাৰ দক্ষিণে লোহিতডঙৰা গাঁওতেই ডাকৰ জন্ম হোৱা বুলি কয়-
লোহিতডঙৰা ডাকৰ গাঁও।
তিনিশ ষাঠি পুখুৰীৰ নাও।
অসমত প্ৰচলিত কৃষি বিষয়ক ডাকৰ বচনবোৰ কৃষি-কাৰ্যৰ সৈতে নানা বিষয়ৰ ওপৰত বিস্তৃত হৈ আছে। খেতি বুলি কলেই প্ৰথমতে বতৰৰ কথাই আহে। বতৰৰ সম্পৰ্কে প্ৰচলিত দুটামান ডাকৰ বচন এনে ধৰণৰ-
যদি বৰষে আহিন-কাতি।
সোণ পৰে ৰাতি ৰাতি।
যদি বৰষে আঘোণ, পুহ।
ধান গুচি হয় তুঁহ।
যদি বৰষে মাঘৰ শেষ।
ধন্য ৰজা, ধন্য দেশ।
ডাকৰ বচনত বতৰ সম্পৰ্কত বৈজ্ঞানিক দৃষ্টিভঙ্গী মন কৰিবলগীয়া। অসমৰ বতৰত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱ সৰ্বজনবিদিত। এই ক্ষেত্ৰত বহু বছৰৰ আগেয়েই ডাকৰ বচনে বহন কৰা বৈজ্ঞানিক যুক্তি মন কৰিবলগীয়া-
‘পূবে গাজিলে ধান, উত্তৰে গাজিলে বান,
দক্ষিণে গাজিলে হানে, পশ্চিমে গাজিলে আনে’।
বতৰৰ লগতে সংগতি ৰাখি কোনবিধ ধান কেতিয়া কৰিব লাগে, ডাকৰ বচনে সোঁৱৰাই দিয়ে-
‘পুহত আহু, জেঠত শালি
তেবেসে জানিবা গৃহস্থলি’। তেনেদৰে,
‘ভাদৰ চাৰি আহিনৰ চাৰি।
মাহ ৰোৱা যত পাৰি’।
যিকোনো খেতিৰ বাবেই পানী এক অবিচ্ছেদ্য উপাদান। খেতি বিশেষে পানী ব্যৱস্থাপনাৰ সম্যক জ্ঞানৰ ওপৰতো ডাকৰ বচন সমানে সৰৱ-
ক) আষাড় নবমী শুক্ল পক্ষত।
যদি নবৰষে ভূমিৰ তলত।
হাল ডোল বেচি চিন্তিও দেৱ।
ৰজাৰ ঘৰত কৰিয়
খ) আহিনে-কাতিয়ে ৰাখিবা পানী
যেনেকৈ ৰাখে ৰজাই ৰাণী
গ) যদি বৰষে জিমি জিমি
শস্য ভৰে নসহে ভূমি।
ঘ) ঘনঘনকৈ দিবা আলি
পৰ্বতৰ টিঙতো ৰুবা শালি।
কৃষি প্ৰণালীৰ ওপৰত ডাকৰ বচনত নানা ধৰণৰ সুপদেশ পোৱা যায়। খেতি কৰিবলৈ আৱশ্যক হোৱা নানাবিধ সঁজুলিৰ বিষয়ে তথা কোন খেতিত কেনেকৈ মাটি চহাব লাগে সেই বিষয়ে বিজ্ঞানসন্মত দিহা ডাকৰ বচনত পোৱা যায়-
১) ‘কোৰ, নাঙল, মৈ আৰু হুলা
ছাৰিয়ে কৰে মাটি তুলা’।
২) এহাত এমুঠি কুঠাৰৰ নাল,
লাগে দুই মুঠি দাৰ নাল,
দুই হাথ দুমুঠি কোৰৰ নাল,
চিবুক সমান লাগে টোকোন।
৩) গোবৰ জাবৰ সোণৰ খনি,
পচন কৰিবা তাকেও জানি
৪) ‘ষোল্ল চাহে তুলা
তাৰ অৰ্ধেক মূল্য
তাৰ অৰ্ধেক ধান
বিনা চাহে পাণ।
৫) গৰু কিনিবা দীঘল নেজা,
মৈত উঠিলে নহয় কুঁজা।
শস্য ভেদে খেতি কৰা সম্পৰ্কে ডাকৰ বচনত পোৱা কেতবোৰ দিহা-পৰামৰ্শ বৰ্তমানেও কৃষি কাৰ্যত ৰুপায়িত হৈ আছে। এনেবোৰ ডাকৰ বচন কৃষি সম্প্ৰসাৰণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিলে নতুন প্ৰজন্মৰ খেতিয়কো উৎসাহিত হ’ব।–
তেহে শস্য বল পাই।
কলপুলি ৰুবা তিনিবাৰ কাটি।
শালি ৰোৱা বেগত ঘূৰি।
মাহেকে পষেকে চিকুণাবা তল।
তেহে চাবা কলৰ গোট।
ছয়ত তামোল নদন বদন। নতুবা,
নালাগে তামোল লাগে। ইত্যাদি।
বাৰী-ঘৰ কেনেকৈ পাতিব লাগে তাৰ নিৰ্দেশনাও ডাকৰ বচনত পোৱা যায়-
পূবে ভঁৰাল, পশ্চিমে গড়াল।
উত্তৰে শুৱা, দক্ষিণে ধোঁৱা।
শাক-পাচলিকে ধৰি বিভিন্ন ফল-মূলৰ খেতি কৰাৰ প্ৰয়োজনীতা সম্পৰ্কে ডাকৰ বচনে কয়-
মাছৰ ৰজা চন্দা,
টেঙাৰ ৰজা সোলেং,
কলৰ ৰজা সোন্দা।
ডাকৰ এনে বচনবোৰ নিঃসন্দেহে বহুমূলীয়া সমল। এনেদৰে কৃষিৰ উপৰিও আমাৰ সামাজিক আৰু ব্যৱহাৰিক জীৱনৰ সৈতে জড়িত হৈ আছে। খেতিয়ক ৰাইজক কৃষিকাৰ্যৰ প্ৰতি উৎসাহিত কৰিবলৈ প্ৰয়োজনীয় আৰু প্ৰাসংগিক ডাকৰ বচন তথা প্ৰবাদ সমূহৰ প্ৰচাৰ, প্ৰসাৰ তথা ব্যৱহাৰ কৰা দৰকাৰ। ডাকৰ বচনেও কৃষক আৰু কৃষিৰ গুৰুত্ব বুজাবলৈ কৈছে-
‘কৃষি কৃষকত নকৰি মন,
বৃথাই যায় গৃহৰ ধন’।
কৃষি বিনে কৃষকৰ নিস্তাৰ নাই। সেয়েহে ডাকৰ বচনে সোঁৱৰাইছে-
‘কৃষিত কৰিবা সাৰ,
দুৰ্ভিক্ষত কৃষিয়ে কৰিব নিস্তাৰ’।
কৃষিৰ উন্নয়নৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰী, অনুষ্ঠান-প্ৰতিষ্ঠান, সংগঠন আদিয়ে কৃষিত উপযোগী মূল্যবান ডাকৰ বচন সমূহক বিচাৰি-খুচুৰি ‘কৃষি সম্প্ৰসাৰণ’ কাৰ্যত প্ৰয়োগৰ সফল পদক্ষেপ লোৱাৰ সময় সমাগত বুলি ক’ব পাৰি।
উৎসঃ ড০ ভাৰত চন্দ্ৰ নাথ
শেহতীয়া উন্নীতকৰণ: : 3/19/2020
ডাকৰ বচনত জন-জীৱনৰ বিভিন্ন দিশৰ চিত্ৰ