অসমত বহলভিত্তিত কৰিব পৰা উদ্যান শস্যসমূহৰ ভিতৰত নাৰিকল অন্যতম। নাৰিকল গছৰ প্ৰত্যেক অংশই উপকাৰী আৰু অৰ্থকাৰী হোৱা হেতুকে ইয়াক কল্পবৃক্ষ (ট্ৰী অব্ হেভেন) বোলা হয়। নাৰিকল এনে এবিধ শস্য যি প্ৰতি মাহত এথোক নাৰিকলৰ ফুল তথা ফলৰ উৎপাদন দিয়ে যাৰ বাবে বাৰ মাহত বাৰটা থোক পাব পাৰি। এই গুণৰ কাৰণেই নাৰিকলক ফলৰ ৰাণী বোলা হয়। অসমৰ মাটি আৰু জলবায়ু নাৰিকল খেতিৰ বাবে উপযুক্ত। নাৰিকল খেতিৰ পৰা আশানুৰূপ লাভ অৰ্জন কৰিবলৈ হ’লে আক্ৰমণকাৰী কীট-পতংগৰ পৰা ৰক্ষা কৰাটো নিতান্তই প্ৰয়োজনীয়। অসমত নাৰিকল গছত আক্ৰমণ কৰা ক্ষতিকাৰক কীট-পতংগসমূহৰ ভিতৰত গঁড় পোক, উঁই পোক, ৰঙা উইভিল পোক বা ঘূণে খোৱা পোক, ফুল আৰু ফল খোৱা পোক, নাৰিকলৰ বগা পলু আদিয়েই প্ৰধান। সেয়ে এনে ধৰণৰ কীট-পতংগসমূহৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত তলত কেইটামান উপায় উল্লেখ কৰা হ’ল-
নাৰিকলপ্ৰধান সকলো অঞ্চলতে গঁড় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যায়। এই পোক নাৰিকলৰ বাবে অত্যন্ত ক্ষতিকাৰক। ক’লা ৰঙৰ গুবৰুৱা পোকৰ দৰে এই পোকৰ মূৰত খৰ্গৰ দৰে বাঢ়ি অহা অংশ এটা থকাৰ বাবে ইয়াক গঁড় পোক বোলা হয়। এই পোকে নাৰিকল গছৰ মুকুট অংশত বিন্ধা কৰি ভিতৰলৈ সোমাই গৈ বাঢ়ি অহা পাতৰ কোমল ঠাৰি অংশ খায় আৰু লগতে কোমল মুকুট অংশ খাই নষ্ট কৰে। আক্ৰান্ত হোৱা পাতবোৰত কেচিয়ে কটাৰ দৰে লক্ষণ পৰিলক্ষিত হয়। কেতিয়াবা আকৌ পাত খাই টুকুৰা টুকুৰ কৰি মাটিতো পেলাই থোৱা পৰিলক্ষিত হয়। এই পোকে সাধাৰণতে কেঁচা গোবৰৰ দ’ম, পচা জাবৰৰ দ’ম বা মৰি যোৱা নাৰিকলৰ কাণ্ড আদিত থাকি বংশ বিস্তাৰ কৰে। ছমাহৰ ভিতৰতে ইহঁতৰ জীৱনচক্ৰ সম্পূৰ্ণ হয়। এই পোক নিয়ন্ত্ৰণৰ বাবে গছৰ মুকুট অংশ পৰিষ্কাৰ কৰি পাঁচ শতাংশ শক্তিযুক্ত মালাথিয়ন পাউদাৰ বা দুই শতাংশ শক্তিৰ বি এইচ চি পাউদাৰ সমপৰিমাণৰ বালিৰ লগত মিহলি কৰি নাৰিকল গছৰ মুকুট অংশত আৰু পাতৰ খোৰোংবোৰত ছটিয়াই দিব লাগে। এজোপা গছৰ বাবে পাঁচশ গ্ৰাম বালি মিহলি কৰা দৰবেই যথেষ্ট হয়। প্ৰতি চাৰি মাহৰ অন্তৰে অন্তৰে নতুবা এপ্ৰিল, ছেপ্তেম্বৰ আৰু ডিচেম্বৰ মাহত এনেদৰে প্ৰতিজোপা গছত দৰব মিহলি মিশ্ৰণ প্ৰয়োগ কৰিলে সুফল পাব পৰা যায়। বংশ বিস্তাৰ কৰিব পৰা সম্ভাৱ্য স্থানবোৰত ০.০১ শতাংশ কাৰ্বাৰিল প্ৰয়োগ কৰিও এই পোকৰ বংশ বৃদ্ধি ৰোধ কৰিব পৰা যায়। নাৰিকলৰ বাগিচাৰ বা গছৰ ওচৰে-পাজৰে যাতে গেলি-পচি যোৱা বস্তু, জাবৰ বা গোবৰৰ দ’ম আদি থাকিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। এই পোক মৃত্যু ঘটাবৰ বাবে ছাতিৰ দাণ্ডি বা লোহাৰ শলা এডালেৰে বিন্ধাটোৱেদি খুচি দিব লাগে।
নাৰিকলৰ পুলিবাৰী আৰু নতুনকৈ পুলি ৰোৱাৰ পাছত পুলিৰ লগত লাগি থকা নাৰিকলটোত উঁইপোকে আক্ৰমণ কৰা দেখা যায় আৰু পাছত পুলিবোৰৰ শিপাবিলাকো খাই নষ্ট কৰে। লাগনি গছৰ গুৰি অংশতো কেতিয়াবা ইয়াৰ আক্ৰমণ দেখিবলৈ পোৱা যায়। পুলিবাৰীত বীজ পচোৱাৰ পাছত উঁই পোকে আক্ৰমণ কৰি নাৰিকলবিলাক খাই নষ্ট কৰাৰ ফলত পুলিবোৰ শুকাই যায়। এই পোক নিয়ন্ত্ৰণৰ বাবে পাঁচ শতাংশ শক্তিৰ মালাথিয়ন পাউডাৰ প্ৰতি লিটাৰ পানীত পাঁচ গ্ৰামকৈ মিহলাই পুলিবাৰী আৰু নতুনকৈ ৰোপণ কৰা নাৰিকলৰ পুলিৰ গুৰিত ভালদৰে মাটি ভিজি যোৱাকৈ প্ৰয়োগ কৰিব লাগে। তদুপৰি প্ৰতিষেধক ব্যৱস্থা হিচাপে পুলি ৰোৱাৰ আগতে গাঁতটোত এশ গ্ৰাম পাঁচ শতাংশ শক্তিৰ এলডেক্স পাউডাৰ বা মালাথিয়ন পাঁচ শতাংশ শক্তিৰ পাউডাৰ ভালকৈ মাটিত মিহলাই লৈ পুলি ৰুব লাগে। লাগনি গছৰ গুৰিতো এই পোকে আক্ৰমণ কৰিলে এলডেক্স বা মালাথিয়ন পাউডাৰ ছটিয়াই নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব পৰা যায়। তদুপৰি কাতি-আঘোণ মাহত গছৰ গুৰিত এক মিটাৰ ওপৰলৈ চূণৰ প্ৰলেপ দিব পৰা যায়।
সাধাৰণতে কম বয়সৰ নাৰিকল গছত বিশেষকৈ পাঁচৰ পৰা বিশ বছৰ বয়সৰ গছত এই পোকৰ আক্ৰমণ বেছিকৈ হোৱা দেখা যায়। এই পোকৰ পলুৱে নাৰিকল গছজোপাৰ ভিতৰৰ মজ্জা অংশ কুটি কুটি খাই নষ্ট কৰি পেলোৱাৰ ফলত গছৰ ভিতৰ অংশত সুৰংগৰ সৃষ্টি হয়। ফলস্বৰূপে গা-গছৰ মাজেদি গছৰ খাদ্য আৰু পানী চলাচলত বাধাপ্ৰাপ্ত হৈ গছজোপা লেৰেলি শুকাই যাবলৈ ধৰে আৰু শেষত গছজোপা মৰি যায়। কেতিয়াবা আকৌ পাতবোৰ হালধীয়া পৰি শুকাবলৈ ধৰে। গছত বিন্ধা কৰি সোমাই থকা বাবে এই পোকৰ আক্ৰমণ সহজতে দৃষ্টিগোচৰ নহয়। এক প্ৰকাৰৰ ৰঙচুৱা পদাৰ্থ আৰু পোকৰ পলুৱে খোৱা টুকুৰাবোৰ বিন্ধাটোৱেদি ওলাই আহিলেহে এই পোকৰ আক্ৰমণ গম পোৱা যায়। কেতিয়াবা আকৌ পোকটোৱে গছজোপাৰ ভিতৰত চোবাই থকা শব্দ শুনিবলৈ পোৱা যায়। ইয়াক নিবাৰণ কৰিবলৈ হ’লে ৰগৰ বা এনদ’চালফেন নামৰ দৰব দুই মিলিলিটাৰ এক লিটাৰ পানীত মিহলাই গা-গছৰ ফোপোলা অংশৰ ওপৰত ফুঁটা কৰি ভিতৰলৈ যোৱাকৈ ঢালি দি ফুঁটাটো বোকা মাটিৰে বন্ধ কৰি দিব লাগে। প্ৰতিষেধক হিচাপে মালাথিয়ন পাঁচ শতাংশ পাউডাৰ সমপৰিমাণৰ বালিত মিহলাই গছৰ মুকুট অংশত প্ৰয়োগ কৰিব লাগে। এনেকুৱা মিশ্ৰণ চাৰি মাহৰ অন্তৰে অন্তৰে বছৰত তিনিবাৰ প্ৰয়োগ কৰি গছক ৰঙা উইভিল পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা যায়।
এই পোকৰ পলুৱে নাৰিকলৰ কোমল ফুলবিলাক কুটি কুটি খাই গছৰ ক্ষতিসাধন কৰে। সাধাৰণতে বাৰিষা বৰষুণৰ আগে আগে এই পোকৰ পলুৱে নাৰিকল গছক আক্ৰমণ কৰি যথেষ্ট ক্ষতিসাধন কৰা দেখা যায়। কেতিয়াবা আকৌ ফুলপাহৰ গৰ্ভধাৰণ হোৱাৰ পাছত সৰু সৰু ফলবোৰৰ ভিতৰ অংশ খাই নষ্ট কৰে। এই পোক নিবাৰণৰ বাবে ৰগৰ বা ডাইমেক্ৰন নামৰ দৰব দুই মিলিলিটাৰ এক লিটাৰ পানীত মিহলাই ফুলৰ থোকবোৰত ফুল মেলখোৱাৰ আগতে ভালদৰে ছটিয়াই দিব লাগে। পোকবোৰে নাৰিকল গছত যাতে বাহ ল’ব নোৱাৰে তাৰ বাবে গছৰ মুকুট অংশত থকা বিশেষকৈ পাতৰ খোৰাংবোৰত থকা গেলা-পচা অংশ বছৰত দুবাৰ-এবাৰ বাৰিষাৰ আগতে আৰু এবাৰ বাৰিষাৰ পাছত চাফা কৰি দিব লাগে।
বগা পলু নাৰিকল গছৰ অত্যন্ত ক্ষতিকাৰক পোক। সাধাৰণতে জুন মাহত আৰম্ভ হোৱা প্ৰথমজাক বৰষুণৰ পাছতেই এই পোক মাটিৰ পৰা ওলাই আহি জুলাই মাহত নাৰিকল গছৰ ওচৰে-পাজৰে কণী পাৰে। এই পোকৰ পলুবোৰে একত্ৰিতভাৱে নাৰিকল গছৰ শিপাত আক্ৰমণ কৰে, ফলত গছজোপা দুৰ্বল হৈ পৰে। পাতবোৰ হালধীয়া পৰি যায়, অপৈণত অৱস্থাতে ফল সৰিবলৈ ধৰে আৰু ফল ধৰাত পলম হয়। নিয়ন্ত্ৰণৰ ব্যৱস্থা হিচাপে প্ৰতি বিঘাত ৬.৫ কিলোগ্ৰামকৈ ৫ শতাংশ শক্তিযুক্ত মালাথিয়ন পাউডাৰ প্ৰয়োগ কৰি মাটিত ভালদৰে মিহলাই দিব লাগে। মাটিত পাঁচ শতাংশ শক্তিযুক্ত এলডেক্স পাউডাৰ প্ৰয়োগ কৰিও এই পোক নিয়ন্ত্ৰণ কৰিব পৰা যায়।
(উৎসঃ অসমীয়া খবৰ, মঞ্জু ভট্টাচাৰ্যী)।
শেহতীয়া উন্নীতকৰণ: : 6/16/2020