অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱিক কৃষি আৰু কেঁচুসাৰ প্রস্তুত প্রণালী

অন্যহাতে,ৰাসায়নিক সাৰত থকা সীহ,কেডমিয়াম আদি ধাতুৰ অশুদ্ধিৰ বাবে অনুমোদিত হাৰতকৈ অধিক পৰিমাণত আৰু সুদীর্ঘ সময়ৰ কাৰণে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে,মাটিত এনে ধাতুৰ পৰিমাণ বৃদ্ধি হোৱাৰ প্রমাণ পোৱা গৈছে।

কীটনাশক,অপতৃণনাশক আদি ৰাসায়নিক দ্রব্যৰ ক্ষেত্রত মাটিত পোনপটিয়াকৈ প্রয়োগ কৰা অংশৰ উপৰিও শস্য বা গছ-বনত প্রয়োগ কৰা অংশৰ প্রায় ৩০-৩৫ শতাংশও মাটিত যোগ হয় । এনেস্থলত,প্রয়োজনতকৈ বেছি পৰিমাণত প্রয়োগ কৰিলে এনে ৰাসায়নিক দ্রব্য বা ইয়াৰ অৱশিষ্ট অংশই মাটিৰ স্বাভাৱিক গুণাগুণ বিনষ্ট কৰে । ফলস্বৰুপে,শস্যৰ উত্পাদন আৰু গুণগত মান হ্রাস হোৱাৰ লগতে মানৱ আৰু পশুধনৰ স্বাস্থ্যত বিৰুপ প্রভাৱ পেলায় । খাদ্যবস্তু,পশুদানা আদিত বিষাক্ত প্রভাৱ পেলাব পৰা পৰিমাণত থকা এনে ৰসায়নিক দ্রব্য বা এইবিলাকৰ অৱশেষৰ কেইটিমান উদাহৰণ ১ নম্বৰ তালিকাত সন্নিৱিষ্ট কৰা হৈছে । এনে কৃত্রিম ৰাসায়নিক দ্রব্যৰ অপকাৰী প্রভাৱ প্রতিৰোধ আৰু প্রতিকাৰৰ বাবে বিশ্বজুৰি বিভিন্ন মহলত বিচাৰ-বিবেচনা আৰু সুদৃঢ় পদক্ষেপ গ্রহণ কৰা হৈছে । ইয়াৰ এক প্রধান বিকল্প হিচাপে জৈৱিক কৃষি প্রণালী বহুল ভাৱে চর্চিত আৰু ব্যৱহত হোৱা দেখা গৈছে ।

তালিকা নং ১ খোৱাবস্তু,পশুদানা আদিত বিষাক্ত প্রভাৱ পেলাব পৰা পৰিমাণত চিনাক্ত হোৱা কেইবিধমান কীটনাশকৰ অৱশেষ

কীটনাশক বিষাক্ত প্রভাৱ পেলাব পৰা পৰিমাণত চিনাক্ত সামগ্রী
ডি ডি টি ৰন্ধনতেল,গাখীৰ,মাখন,গোমধান,মাছ পশুদানাৰ মিশ্রণ পশুদানা,কণী,মাতৃদুগ্ধ ।
মনক্রটফ'ছ বিলাহী,পিয়াঁজ,ৰন্ধন তেল
চাইপাৰমেথ্রিন ৰন্ধন তেল
কুইনলফছ মাছ ৰন্ধনতেল
এলদ্রিন গোমধান,মাছ,পশুদানাৰ মিশ্রণ,কণী
এনদ'চালফন মাছ,পশুদানা

জৈৱিক কৃষি প্রণালী

ৰাসায়নিক সাৰ আৰু কীটনাশক আদি কৃত্রিম ৰাসায়নিক দ্রব্যৰ মাত্রাধিক প্রয়োগৰ কুপ্রভাৱৰ পৰা হাত সাৰিবিলৈ কৃষি প্রণালীত ইবিলাকৰ যথাসম্ভৱ বর্জন অথবা মার্জিত ব্যৱহাৰ মূলমন্ত্র হিচাপে লৈ বিকল্প কৃষি প্রণালীৰ ধাৰণাই গঢ় লৈ উঠিছে । জৈৱিক কৃষি প্রণালী এই ব্যৱস্থাৰ এক গুৰুত্বপূর্ণ আৰু অৱিচ্ছেদ্য অংশ আৰু ই বিশষকৈ তলত উল্লিখিত দিশকেইটিৰ আধাৰত প্রতিস্থিত :

  • গোবৰ সাৰ,পচন সাৰ,সেউজ সাৰ,জৈৱিক সাৰৰ ওপৰত অধিক নির্ভৰশীল হৈ ৰসায়নিক সাৰৰ ব্যৱহাৰ হ্রাস কৰা ।
  • সুসংহত নাইবা জৈৱিক পদ্ধতিৰে কীট-পতঙ্গ আৰু শস্যৰ বেমাৰৰ নিয়ন্ত্রণ ।
  • সঠিক শস্যক্রম আদি পদ্ধতিযুক্ত ব্যৱস্থাপনা,যিয়ে কীট-পতঙ্গ,অপতৃণ আৰু বেমাৰৰ পৰা হাত সৰাত শস্যক সহায় কৰে।
  • কৃষি প্রণালীৰ নিয়মীয়া পৰিশোধন

কৃত্রিম ৰসায়নিক দ্রব্যৰ নুন্যতম প্রয়োগ আৰু কৃষি যান্ত্রিকীকৰণ ব্যৱস্থাৰ পৰিপন্থী জৈৱিক কৃষি প্রণালীয়ে প্রধানকৈ প্রাকৃতিক সম্পদৰ সদব্যৱহাৰৰ যোগেদি উত্পাদনৰ স্থিতাৱস্থা বাহাল ৰখাত গুৰুত্ব প্রদান কৰে। জৈৱিক কৃষি প্রণালীৰ বিভিন্ন সূত্রসমূহ ফঁহিয়াই চালে তলত উল্লেখ কৰা দিশসমূহ এই প্রণালীত প্রয়োগ হোৱা দেখা যায়:

.কৃত্রিম ৰাসায়নিক দ্রৱ্য, সাৰ, শ্রীবৃদ্ধিকাৰক দ্রব্যৰ ব্যৱহাৰ আওকাণ কৰা নতুবা সম্পূর্ণ বর্জন কৰা।

  • জৈৱিক সাৰৰ বদ্ধির্ত প্রয়োগ
  • শস্যৰ অৱশিষ্ট অংশ,জাবৰ পেলনীয়া জৈৱিক বস্তু আদিৰ উপযুক্ত প্রক্রিয়াৰ দ্বাৰা পচন ঘটাই শস্যত প্রয়োগ ।
  • জৈৱিক বা সুসংহত পদ্ধতিৰ দ্বাৰা কীট-পতঙ্গ আৰু শস্যৰ বেমাৰৰ নিয়ন্ত্রণ
  • পৰিৱেশ সংৰক্ষণ তথা অৱক্ষয়ৰ প্রতিৰোধ
  • মাটিৰ উর্বৰতা আৰু উত্পাদিকা শক্তিৰ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে পদক্ষেপ ।
  • উত্পাদিত খাদ্যৰ গুণাগুণ ৰক্ষাত গুৰুত্ব

কেঁচুসাৰ আৰু জৈৱিক কৃষি প্রণালী

আগতেই উল্লেখ কৰা হৈছে যে জৈৱিক কৃষি প্রণালীত পেলনীয়া বস্তু,জাবৰ-জোথৰ,অপতৃণ,শস্যৰ অৱশিষ্ট অংশ আদিৰ পচনৰ দ্বাৰা শস্যত পূর্ণব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । ফলত কেঁচুসাৰ এই প্রণালীৰ সফলতাত এক হোতাস্বৰুপ হৈ পৰিছে। তদুপৰি,কেঁচুসাৰত শস্যৰ অত্যাৱশ্যকীয় বিভিন্ন মৌলসমূহৰ পৰিমাণ আন পচনসাৰ,গোবৰসাৰতকৈ তুলনামুলকভাৱে বেছি থকাৰ প্রমাণ পোৱা গৈছে । সেইদৰে,শস্যৰ উত্পাদন আৰু গুণাগুণৰ ক্ষেত্রতো কেঁচুসাৰৰ প্রয়োগৰ উপৰুৱা কার্যকাৰিতা দেখা গৈছে। উত্পাদনৰ দিশতো কেঁচুসাৰ প্রস্তুত প্রণালী খৰতকীয়া আৰু সৰল হোৱা হেতুকে কম সময়ৰ ভিতৰতে ই জনপ্রিয়তা আৰু বিস্তৃত প্রসাৰ লাভ কৰিছে।

কেঁচুসাৰ প্রস্তুতৰ বাবে প্রয়োজনীয় উপাদান আৰু সুবিধাসমূহ

কেঁচুসাৰ উত্পাদন গোটৰ বাবে প্রয়োজনীয় বিভিন্ন উপাদান আৰু সুবিধাসমূহৰ এক চমু আলোচনা তলত ডাঙি ধৰা হৈছে :

১. জৈৱিক আৱর্জনা/পেলনীয়া বস্তু/অপতৃণ

কেঁচুসাৰ প্রস্তুত কৰিবলৈ শস্যৰ অৱশিষ্ট অংশ,বিভিন্ন অপতৃণ যেনে-বাম কলমৌ,বিহমেটেকা,জার্মানী বন,জাপানী লতা,গোফুল,পার্থেনিয়াম(ফুল ফুলাৰ আগতে),ইত্যাদি,কৃত্রিম ৰসায়নিক দ্রব্য(ৰং,সংৰক্ষক দ্রব্য,বিলাহীৰ ছছ,সুগন্ধিযুক্ত দ্রব্য)ৰহিত পেলনীয়া খোৱাবস্তু,কাগজ আদিৰ ব্যৱহাৰ কৰিব পাৰি ।

২.আধা পঁচা গোবৰ

Image result for rotten cow dung

যদিওবা বিভিন্ন পশু-পক্ষীৰ গোবৰ কেঁচুসাৰ উত্পাদনত ব্যৱহিত হোৱাৰ নিদের্শন গৱেষণা পত্র,বৈজ্ঞানিক সাহিত্যত ডাঙি ধৰা হয়,তথাপি গৰু বা ম'হৰ গোবৰৰ উত্কৃষ্টতা সন্দেহাতীত ভাৱে প্রমাণিত । আন পশু-পক্ষীৰ গোবৰৰ ক্ষেত্রত,যথেষ্ট সর্তকতা নোলোৱাকৈ ব্যৱহাৰৰ ফলত ঘোঁৰাৰ গোবৰত থকা টিটেনাছ ভাইৰাছৰ মানৱ স্বাস্থ্যৰ প্রতি ভাবুকি তথা মৃত্যুৰ কাৰণৰ কথা উল্লেখ কৰিব পাৰি।

৩. উপযুক্ত প্রজাতিৰ কেঁচু :

লাভজনক আৰু কার্যকৰী কেঁচুসাৰ উত্পাদন গোটৰ বাবে সঠিক প্রজাতিৰ কেঁচুৰ নির্বাচন এক গুৰুত্বপূর্ণ দিশ । সাধাৰণ ভাষাত ক'বলৈ গ'লে নির্বাচিত কেঁচুৰ খৰতকীয়া পচন ক্ষমতা,বেমাৰ প্রতিৰোধ গুণ আৰু ভিন্ন পৰিৱেশত কার্যক্ষমতা থকা দৰকাৰ । অসমৰ পৰিৱেশত এইচেনীয়া ফ'টিদা(Eiseniafoetida),ইউদ্রিলাচ ইউযেনি(Eudrilus eugeniae),এমানথাচ দিফ্রিনজেনচ(Amyanthus defringens),পেৰিঅ'নিক্সএক্সকেভেটাছ(Perionyx excavatus),লেমপিট'মউৰিটি(Lampito mauritii) ইত্যাদি প্রজাতিৰ কেঁচুৰ ভিন ভিন পৰিৱেশ আৰু বতৰত দক্ষতাৰ প্রমাণ পোৱা গৈছে । ইয়াৰে কেইবিধমান চমু বিৱৰণ তলত উল্লেখ কৰা হ'ল :

(ক)এইচেনিয়া ফ'টিদা(Eisenia foetida)

Image result for Eisenia foetida

এইবিধ প্রজাতিৰ কেচুৰ বিচৰণ আমাৰ দেশৰ প্রায় সকলো অঞ্চলৰ নলা-নর্দমা,জাবৰ-জোথৰ আদিত দেখা পোৱা যায় । গাৰ বৰণৰ ভিন্নতা অনুসৰি এইবিধ কেঁচুৰ নামাকৰণ ৰঙা কেঁচু(red worm),গুলপীয়া বা বেঙুনীয়া কেঁচু(pink or purple worm),বাঘ কেঁচু(tiger worm)ইত্যাদি হোৱা দেখা যায় । জীৱিত অৱস্থাত কেঁচুৰ বর্হিভাগ যদিও উজ্জ্বল বৰণৰ হয় । সূক্ষ্মভাৱে পর্যবেক্ষণ কৰিলে বাহিৰৰ ফালে প্রতিটো আঙুঠিত দুডালকৈ ৰঙীণ বেণ্ড মন কৰিব পাৰি । একোডাল প্রাপ্তবয়স্ক কেঁচুৰ ওজন ১.৫ গ্রাম পর্যন্ত হয় আৰু জন্মৰ পৰা ৫০-৫৫ দিনৰ ভিতৰত বংশবৃদ্ধিৰ বাবে সক্ষম হয় ।

(খ) ইউদ্রিলাচ ইউযেনি

পশ্চিম আফ্রিকাৰ মূলৰ এইবিধ প্রজাতি বর্তমান গোটেই বিশ্বতে কম-বেচি পৰিমাণে পোৱা যায় । এইবিধ কেঁচুৰ বৰণ মুগা বা ৰঙাৰ পৰা ডাঠ বেঙুনীয়া ৰঙৰ হয় । একোডাল কেঁচু দৈর্ঘই প্রায় ৩২ ৰপৰা ১৪০ মিলিমিটাৰ আৰু ওজনে প্রায় ৪.৩ গ্রাম পর্যন্ত হোৱা দেখা যায়।

(গ) লেমপিট'মউৰিটি

Image result for Lampito mauritii

উত্তৰ প্রদেশৰ বাহিৰে ভাৰতৰ প্রায় সকলো ঠাইতে এই প্রজাতিৰ কেঁচুৰ অৱস্থিতি লক্ষ্য কৰা যায় । শৰীৰৰ পশ্চাত্ক অংশত বেঙুণীয়া ৰঙৰ আভাষৰ বিপৰীতে গাৰ ৰং ঘন হালধীয়া হয় । এইবিধ কেঁচু দীঘলে প্রায় ৪০-২১০ মিলিমিটাৰ পর্যন্ত হয় ।

(ঘ) পেৰিঅ'নিক্স এক্সকেভেটাছ

ভাৰতবর্ষৰ বিভিন্ন অঞ্চলত বিশষকৈ পূবোর্ত্তৰ হিমালয় অঞ্চল,পিলিভিট,পশ্চিমবঙ্গ,মহাৰাষ্ট্র,পশ্চিম হিমালয় অঞ্চল,আন্দামান দ্বীপপুঞ্জ অঞ্চলত এইবিধ প্রজাতিৰ বিচৰণ দেখা যায়। শৰীৰৰ বর্হিভাগৰ বৰণ ঘন কজলা বা ৰঙা মুগা হয় আৰু অন্তর্ভাগ শেঁতা বৰণৰ হয়। একোডাল কেঁচুৰ দৈর্ঘ্য ২৩-১২০ মিলিমিটাৰ পর্যন্ত হ'ব পাৰে।

৪. পকী টেংকি বা টাব আৰু উপযুক্ত চালিঘৰ

উন্নত পদ্ধতিৰে কেঁচুসাৰ প্রস্তুত কৰিবৰ বাবে নিদির্ষ্ট জোখৰ পকী টেংকি/টাব নির্মাণ নাইবা সংগ্রহ কৰি ল'ব লাগে । এনে টেংকি/টাবৰ প্রস্থ ২.৫-৩ ফুট,গভীৰতা ২-৩ ফুট আৰু দৈর্ঘ্য প্রয়োজন অনুসৰি হোৱা উচিত । অভিজ্ঞতাৰ পৰা দেখা গৈছে যে টেংকি/টাবৰ দৈর্ঘ্য ৩-৫ ফুটৰ ভিতৰত ৰাখিব পাৰিলে যথেষ্ট সুবিধাজনক হয়। টেংকি/টাবৰ মজিয়া আৰু বেৰৰ অন্তর্ভাগ মসৃণকৈ পকা কৰি লোৱা দৰকাৰ আৰু পানী ওলাই যাব পৰাকৈ মজিয়াৰ তলত সৰু ফুটা(জালিযুক্ত)ৰখা দৰকাৰ ।
পকী টেংকি/টাব ৰ'দ-বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ উপযুক্ত চালিঘৰ নির্মাণ কৰি ল'ব লাগে । এনে চালিঘৰ সেমেকা বা চেচুক ঠাইৰ আতঁৰত নির্মাণ কৰিব লাগে ।

কেচুঁসাৰ প্রস্তুত প্রণালী

  • কেঁচুসাৰ উত্পাদনৰ বাবে প্র্রয়োজনীয় উপাদান আৰু সুবিধাসমূহ যোগাৰ কৰি লওক ।
  • জৈৱিক আৱর্জনাবোৰৰ সৰু সৰু টুকুৰা কৰক । এইদৰে কাটি লোৱা আৱর্জনা আৰু অন্যান্য পেলনীয়া বস্তু ৩-১০ দিন পর্যন্ত ভালদৰে মেলি দি ৰ'দত শুকুৱাই লওক ।
  • কেঁচা বা আধা পচাঁ গোবৰ ৩-৭ দিন মান ৰ'দত মেলি দি ত্বকুৱাওক ।
  • উপযুক্ত পচন প্রক্রিয়াৰ বাবে সৰু সৰুকৈ কাটি লোৱা জৈৱিক আৱর্জনা আৰু গোবৰ শুকুৱাব লাগে ।
  • শুকুৱাৰ পিছত পচন প্রক্রিয়াত ব্যৱহাৰ কৰিবলগীয়া আধাপচাঁ গোবৰ আৰু জৈৱিক আৱর্জনাৰ অনুপাত ৬০-৪০ হ'ব লাগে(ওজন অনুসৰি)
  • পকী টেংকি/টাবৰ তলত শুকান বালি বা মাটিৰ গুড়িৰ ৩/৪ -১ ইঞ্চি ডাঠ এটি তৰপ দিয়ক ।
  • মাটি/বালিৰ ওপৰত ২-৩ ইঞ্চিৰ আধাপঁচা গোবৰৰ তৰপ দিয়ক ।
  • গোবৰৰ ওপৰত ২-৩ ইঞ্চি ডাঠ জৈৱিক আৱর্জনাৰ এটি তৰপ দিয়ক ।
  • এইদৰে টেংকি/টাব ভর্তি হ'বলৈ ৬-৯ ইঞ্চিমান থকালৈকে এটা গোবৰ আৰু এটা জাবৰৰ তৰপ দি যাওক ।
  • নির্দিষ্ট পৰিমাণৰ উপযুক্ত প্রজাতিৰ কেঁচু এৰি দিয়ক । প্রতি বর্গমিটাৰ কালি হিচাপত ২ কিল'গ্রাম ওজনৰ আধাপঁচা গোবৰ আৰু জৈৱিক আৱর্জনাৰ বাবে কেচুঁৰ পৰিমাণ ১০০ গ্রামতকৈ কম হোৱা অনুচিত।
  • কেঁচু এৰিদিয়াৰ পিছত টেংকি/টাব বস্তা বা শুকান ধানখেৰৰে ঢাকি দিয়ক ।
  • মাজে মাজে টেংকি/টাবত পানী ছটিয়াওক যাতে ৬০-৮০ শতাংশ পানী থাকে ।
  • পোক-পৰুৱা,উহ আদিৰ পৰা ৰক্ষা পাবলৈ টেংকি/টাবৰ বাহিৰৰ ফালে তলত পোৰা ম'বিল বা তৰল পেৰাফিন ব্যৱহাৰ কৰক ।
  • টেংকি/টাবৰ উপৰিভাগ মুগা বা ক'লা দানাকাৰ হ'লে পানী ছটিওৱা বন্ধ কৰক আৰু দুই এদিনতেই কেঁচুসাৰ চপাবৰ ব্যৱস্থা কৰিব পাৰে ।
  • তৈয়াৰ হোৱা কেঁচুসাৰ তৰপে তৰপে,সাৱধানে বাহিৰ কৰি দ'ম কৰি ৰাখিলে কেঁচু পৃথক কৰাত সুবিধা হয় ।
  • তৈয়াৰ হোৱা কেঁচুসাৰৰ তলৰ ভাগত জমা হোৱা কেঁচুবোৰ পৃথক কৰি টেংকি/টাবত পূনর্ব্যৱহাৰ কৰক ।
  • চালনীৰে চালি সাৰখিনি ব্যৱহাৰৰ বাবে বস্তাত সংৰক্ষণ কৰক আৰু আধাপঁচা জাবৰৰ লগতে কেঁচুৰ ক'ক'ন আৰু পোৱালি পুনৰ টেংকি/টাবত ব্যৱহাৰ কৰক ।

তালিকা নং ২ বিভিন্ন অপতৃণৰ পৰা প্রস্তুত কৰা কেঁচুসাৰত থকা শস্যৰ পোষকদ্রব্যৰ পৰিমাণ

অপতৃণ পচনৰ সময়(দিন)
পোষক দ্রব্যৰ পৰিমাণ(%)
নাইট্রজেন ফছফ'ৰাছ পটাছিয়াম
বিহমেটেকা ৬৫ ১.৯২ ১.২০ ১.৬৫
বাম কলমৌ ৭০ ২.২০ ২.১০ ২.৪২
জার্মানী বন ৭৫ ১.৯৪ ০.৮৯ ১.২৫
মেদেলুৱা ৫৮ ২.২৫ ১.১০ ১.৬২
জাপানী লতা ৪৫ ২.২০ ১.০১ ১.৪৫
গোফুল ৬০ ২.১২ ০.৯৬ ১.৪১
মিশ্রিত অপতৃণ ৫৫ ১.৯০ ০.৯২ ১.২০
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate