অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নল খাগৰি

নল খাগৰি

নল খাগৰি নৈ, নিজৰা, বিল, হ্ৰদ আদিৰ কাষৰীয়া সেমেকা বা বাম পানী থকা ঠাইত হোৱা এবিধ ঘাঁহ জাতীয় উদ্ভিদ| ইয়াক নল বুলিও কোৱা হয়| ইকৰাৰ ফুলৰ দৰে যৌগিক মঞ্জুৰীত সেৰেঙাকৈ ইয়াৰ ফুল ফুলে| উদ্যানত ৰোৱা নহয় যদিও উদ্ভাৱন কৰা হালধীয়া বা বগা ৰং মিহলি পাতযুক্ত জাতবোৰ শোভা বৰ্দ্ধনকাৰী উদ্ভিদ হিচাপে উদ্যানত ৰোৱা হয়| ইয়াৰ ইংৰাজী নাম টল ৰীড| বাংলা, হিন্দী আৰু সংস্কৃতত ইয়াক নল বুলি কোৱা হয়| বৈজ্ঞানিক নাম ফ্ৰেগমাইটছ কৰ্‌ক আৰু ই পোৱেচি গোত্ৰৰ উদ্ভিদ| আফ্ৰিকাৰ পৰা ভাৰত, দক্ষিণ পুৱ এছিয়া হৈ অষ্ট্ৰেলিয়ালৈ থকা অঞ্চল আৰু ওচেনিয়াত ইয়াক পোৱা যায়| ইয়াৰ গছ বহুবৰ্ষীয়, থিয় আৰু মৃদ্‌গত কাণ্ড বা অধোধাৱকৰ পৰা পুলি ওলাই গছ হয়| মৃদ্‌গত কাণ্ড বা অধোধাৱক শাখা-প্ৰশাখাযুক্ত আৰু পুলি ওলাই বাঢ়ি বাঢ়ি মাটিৰ তলে তলে বিশ মিটাৰলৈকে দীঘল হয়| গছবোৰ গাঁঠি পাবযুক্ত নলাকাৰ, টান, ফোঁপোলা, মিহি, দুইৰ পৰা আঠ মিটাৰলৈকে ওখ আৰু ডেৰ চেণ্টিমিটাৰ ব্যাসলৈকে শকত| কাণ্ড কোমলতে সেউজীয়া আৰু পূৰঠ হ’লে মুগা-হালধীয়া হয়| পাত ঢকুৱাযুক্ত, একান্তৰ, সৰল, ৰেখাকাৰ বিশৰ পৰা আশী চেণ্টিমিটাৰ দীঘল আৰু একৰ পৰা চাৰি চেণ্টিমিটাৰ বহল| আগলৈ ক্ৰমে জোঙা পাতবোৰৰ কাষবোৰ সমান বা খহটা, ওপৰৰ পিঠি মিহি, তলৰ পিঠিৰ আগ অংশ খহটা আৰু সেউজীয়া| পাতৰ ঢকুৱাই কাণ্ডক সাৱটি থাকে যদিও পূৰঠ পাতবোৰ সহজে এৰাই যায়| কাণ্ডৰ শীৰ্ষত বিশৰ পৰা পঁইসত্তৰ চেণ্টিমিটাৰ দীঘল যৌগিক মঞ্জৰী ওলাই অসংখ্য সৰু সৰু ফুল ফুলে| অণুমঞ্জৰীত পাটসুতাৰ দৰে মিহি, ৰুপালী অস্ংখ্য নোম থাকে| ফুলাৰ পিছত সৰু সৰু গুটি ধৰে| বতাহে গুটিবোৰ উৰুৱাই নি দূৰত পেলায় আৰু পূৰঠ গুটিৰ পৰা পুলি হয়| মৃদ্‌গত কাণ্ড কাটি ৰুলেও নতুন পুলি হয়| নল খাগৰিৰ পুলি পাচলি হিচাপে মানুহে খায়| কোমল পাত গৰু, ম’হ, হাতী, গঁড় আদিয়ে খায়| নৈৰ কাষৰ খহনীয়া ৰোধ কৰিবলৈ ইয়াৰ গছ ৰোৱা হয়| ইয়াৰ গছে পানীত থকা আৰ্ছেনিক আদি ক্ষতিকাৰক পদাৰ্থ শোষণ কৰি পানী শোধন কৰে বাবে জলাহ ভুমিত ৰোৱা হয়| গছ বা কাণ্ডৰে বাঁহী, মূৰুলী, পেঁপা, কঠ, টুপী, কাঁড় আদি সজা আৰু ‘হাৰ্ডোলছ’ত ব্যৱহাৰ কৰা হয়| ঘৰৰ ছাল ছোৱা, বেৰ দিয়াতো কাণ্ড ব্যৱহাৰ হয়| গছ আৰু মৃদ্‌গত কাণ্ডৰ পৰা কাগজ তৈয়াৰ কৰা হয়| পুষ্প মঞ্জৰী শোটা বা ঝাড়ু হিচাপে ব্যৱহাৰ হয়| ইয়াৰ গছ ঔষধি গুণযুক্ত| বাতবিষ, হাড় ভঙা, বহুমুত্ৰ আদি উপশমত গছৰ বিভিন্ন অংশ ব্যৱহাৰ হয়|

উৎস: দৈনিক অসম



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate