অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাৰা ঘাঁহৰ উন্নত কৃষি প্ৰণালী

পাৰা ঘাঁহৰ উন্নত কৃষি প্ৰণালী

পাৰা ঘাঁহ (Brachiaria mutica) বা ৱাটাৰ গ্ৰাছ, বাফেল গ্ৰাছ বা মউৰিচিয়াছ গ্ৰাছ হিচাপেও জনা যায়। দ ঠাইত জমা হোৱা পানীত ভাল ধৰণে এই ঘাঁহ বৃদ্ধি হ’ব পাৰে। অৱশ্যে অধিক বৰষুণ হোৱা উষ্ণ আৰু আদ্ৰ জলবায়ু বিশিষ্ঠ ঠাইঅসমূহত এই ঘাঁহ বাম মাটিতো ক্ষীপ্ৰ গতিত বৃদ্ধি হোৱা দেখা যায়। অতি উচ্চ পুষ্টি মান সম্পন্ন এই ঘাঁহে যথেষ্ঠ উৎপাদনো দিব পাৰে। এই ঘাঁহৰ পুলি উৎপাদন আৰু স্থাপন অতি সহজ আৰু এবাৰ ৰুলে ৪-৬ বছৰলৈ টান আৰু কথুৱা অৱস্থা নোপোৱাকৈ ঘাঁহ উৎপাদন কৰি থাকিব পাৰি। এই ঘাঁহ ইমান ক্ষীপ্ৰ গতিত বৃদ্ধি পায় যে ই আক্ৰমনাত্মক অপতৃণৰ ৰুপ ধাৰণ কৰিবও পাৰে। বাৰিষা বতৰত প্ৰতি ৩-৪ সপ্তাহত এবাৰকৈ আৰু বছৰৰ বাকী সময়ত প্ৰতি ৫ সপ্তাহত এবাৰকৈ ঘাঁহ কাটিব পাৰি। প্ৰায় ৭৫ চেঃ মিঃ ওখ হ’লে এই ঘাঁহ কাটিব লাগে, তাতকৈ ওখ হ’লে ঘাঁহ কঠুৱা হৈ পৰে আৰু গুণাগুণ কমি আহে। এই ঘাঁহত কোনো জীৱ-জন্তৰ বাবে অপকাৰী বিষাক্ত গুণ নাই। অৱশ্যে অক্সেলেট বিশিষ্ঠ বিষাক্ত গুণ থকা বুলি কিছুমান ঠাইত জনা গৈছে।

এই ঘাঁহ ৰুবলৈ মাটি ভালদৰে প্ৰস্তত কৰি উলিয়াব লাগে। এবাৰ ঘাঁহ ৰুই ল’লে তাত কোনো অপতৃণ সমস্যা নহয়। ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ বাহিৰে বছৰৰ যিকোনো সময়তে এই ঘাঁহ ৰুব পাৰি যদিও বাৰিষাৰ আগে আগে ৰুলে সোনকালে বৃদ্ধি পোৱা যায়।

মাতৃ গছৰ ডালৰ পৰা ১৫-৩০ চেঃ মিঃ দৈৰ্ঘ্যৰ তিনিটা গাঠিযুক্ত শিপা থকা কাটিং প্ৰস্তত কৰি লব লাগে। সহজভাৱে এই কাটিং সমূহ মাটিত চটিয়াই দীঘে পথালিয়ে হাল বাইও ইয়াৰ ৰোপন কাৰ্য্য সমাধ কৰিব পাৰি। প্ৰতি ৩-৪ বছৰত এবাৰকৈ ট্ৰেক্টৰ চালিত ডিস্কে চলাই বুঢ়া ডাল সমূহ কাটি ঘাঁহৰ পথাৰখন পুনৰুজ্জিবিত কৰিব পাৰে। শাৰীবদ্ধ ভাবে ৰুলে ৫০-৬০ চেঃ মিঃ অন্তৰত শাৰী বনাই লব লাগে। প্ৰতি শাৰীত দুটা পুলিৰ মাজত ৫০ চেঃ মিঃ ব্যৱধান থাকিব লাগে।

প্ৰতিবাৰ ঘাঁহ-কটাৰ পিছত প্ৰতি হেক্টৰত ২০ কিঃ গ্ৰাঃ ইউৰীয়া, ৩০ কিঃ গ্ৰাঃ এচ্‌ এচ্‌ পি আৰু ১০ কিঃ গ্ৰাঃ এম অ পি সাৰ প্ৰয়োগ কৰিলে ঘাঁহৰ উৎপাদন বৃদ্ধি পায়।

প্ৰত্যেক বাৰ কাটোতে প্ৰতি হেক্টৰত ১৫০ কুইণ্টল ঘাঁহৰ উৎপাদন হয়। উপযুক্ত ভাৱে সাৰ প্ৰয়োগ কৰিলে ২০০-২৫০ কুইণ্টললৈ উৎপাদন পাব পাৰি। প্ৰতি বছৰে এক হেক্টৰ মাটিৰ পৰা ২০০০ কুইণ্টল ঘাঁহ অনায়াসে পাব পাৰি।

প্ৰায় ৬৫ শতাংশলৈ পানীভাগ শুকুৱাই এই ঘাঁহ চইলেজ হিচাপে স্ংৰক্ষণ কৰি ঘাঁহ নথকা সময়ত গৰু মহক খুৱাব পাৰি। এনেদৰে সংৰক্ষণ কৰিলে তাৰ লগত মাহ জাতীয় ঘাঁহ মিহলাই (২:১) ৰাখিব লাগে।

লিখক: ড জয়ন্ত ডেকা।

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate