অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাটিকঠাল

জাত : কিউ, কুইন আৰু মৰিচিয়াচ৷

মাটি : সহজে পানী ওলাই যাব পৰা যিকোনো অম্লজাত মাটিয়েই উপযোগী৷

ৰোপন সামগ্ৰী

মাটিকঠালৰ বিভিন্ন ৰোপন সামগ্ৰীবোৰ হ’ল- পোখা, পুলি বা চাকাৰ (Sucker), ঠাৰিৰ পৰা ওলোৱা গজালি বা শিপা (Slit) আৰু মুকুট বা ক্ৰাউন (Crown)৷ ৫-৬ মহীয়া এই ৰোপন সামগ্ৰীবোৰ ৰোৱাৰ ১২ মাহৰ পাচত ফুল ফুলে কিন্তু ক্ৰাউনৰ পৰা ফুল ফুলাৰ সময় হ’ল ১৯-২০ মাহ৷ 

ৰোপন সামগ্ৰীবোৰ ৰোৱাৰ আগৰ ব্যৱস্থাৱলী

এই ৰেপন সামগ্ৰীবোৰ ৰোৱাৰ আগে আগে চিৰেচান মিশ্ৰণত (৪ গ্ৰাম ১ লিটাৰ পানীত) ডুবায় থব লাগে৷ নতুবা ০.২ শতাংশ দায়েথেন এম ৪৫ (ইন্দ্ৰফিল ৪৫) নামৰ দ্ৰৱনত ডুবায় ৰাখিলে কলি পঁচা বেমাৰ (Bud rot)ৰ পৰা আঁতৰাই ৰাখিব পাৰি ৷

ৰোৱাৰ সময়

সাধাৰণতে মাটিকঠাল ৰোৱাৰ সময় এপ্ৰিলৰ পৰা অক্টোবৰলৈকে ৷ কিন্তু যদি জলসিঞ্চনৰ ব্যৱস্থা থাকে তেন্তে ইয়াক শীত কালিও ৰোব পাৰি৷

ৰোৱা আৰু পুলিৰ সংখ্যা

মাটিকঠালৰ পুলি এটা ভেটিত দুশাৰী দুশাৰীকৈ ৰুব লাগে ৷ দুটা শাৰীৰ মাজৰ ব্যৱধান ৬০ ছে: মি: হব লাগে আৰু প্ৰতিটো শাৰীত ৩০ ছে: মি: আঁতৰে আঁতৰে একোটা পুলি ৰুব লাগে ৷  দুটা শাৰী থকা ভেটিবোৰৰ ব্যৱধান ৯০ চে: মি: হব লাগে ৷ মাটিকঠালৰ এই দুইশৰীয়া ৰোপন পদ্ধতিত ৪৪,০০০ পুলি প্ৰতি হেক্টৰত আৱশ্যক হ’ব ৷ 

সাৰ প্ৰয়োগ

১০-১৫ টন প্ৰতি হেক্টৰত পচন সাৰ, নাইট্রোজেন : ১২ গ্ৰাম, ফচফৰাচ : ২ গ্ৰাম আৰু পটাচ  ১২ গ্ৰাম প্ৰতিজোপা গছৰ বাবে প্ৰয়োজন ৷ ইয়াৰ নাইট্রোজেনৰ আধা অংশ ফচফচৰাচ আৰু পটাচৰ সম্ৰ্পূণ অংশ শেষৰ বাৰ মাটি চহোৱাৰ সময়ত আৰু বাকী অংশ নাইট্রোজেন, গছৰ পাতত প্ৰয়োগ কৰিব লাগে ৷  গছৰ পাতত ছটিয়াবৰ বাবে ৪৫০ গ্ৰাম ইউৰীয়া ১০ লিটাৰ পানীত মিহলাই ২০০ জোপা গছত ছটিয়াব লাগে৷ প্ৰত্যেক ৬ মাহৰ ব্যৱধানত  ইউৰীয়া সাৰ ছটিওয়াৰ ব্যৱস্হা কৰিব লাগে৷ 
৪০ শতাংশ সাৰ যেনে- ৪.৮ গ্ৰাম নাইট্রোজেন, ০.৮ গ্ৰাম ফচফৰাচ আৰু ০.৮ গ্ৰাম পটাচ সাৰ খেতি চপোৱাৰ পাচত গছবোৰত প্ৰয়োগ কৰিলে মাটিকঠালৰ গজালিৰ পৰা ভাল উৎপাদন পাব পাৰি৷ 

পৰিচর্য্যা

বছৰত ৩ ৰ পৰা ৪ বাৰ মান বন-বাতবোৰ নিৰাব লাগে৷ আৰ্থিকভাৱে লাভবান হবলৈ হ’লে হেক্টৰে প্ৰতি ৩ কেজি ‘ডায়োৰণ’ (Diuron) নামৰ অপতৃ্ণ নিবাৰক ৰাসায়নিক দ্ৰৱ্য মাটিত প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায়৷

দীঘলীয়াকৈ হোৱা শুকান বতৰত প্ৰত্যেক ১৫ দিনৰ ব্যৱধানত জলসিঞ্চনৰ ব্যৱস্হা কৰিব পাৰিলে ভাল৷ 

শস্য পৰিক্ৰমা

এবাৰ গছ ৰোৱাৰ পদ্ধতিৰ পাচত  দুবাৰ গজালিৰ (ratoon) পৰা উৎপাদন পাব পাৰি৷

ফুল ফুলা

মাটিকঠালৰ ২ টা ফুল ফুলাৰ কাল বা বতৰ থাকে যেনে:- ৰ্মাচ মাহৰ পৰা এপ্ৰিল মাহলৈকে আকৌ জুন মাহৰ পৰা জুলাই মাহলৈকে৷ সাধাৰণতে  ফুল ফুলাৰ ৫ মাহ মানৰ পৰা ফলবোৰ পকিবলৈ বা পুৰঠ হবলৈ ধৰে৷ 

অনিয়মিত ফুল ফুলা আৰু ফল ধৰা

সাধাৰণতে যেতিয়া কোনো পৰিচর্য্যা প্ৰকৃত বতৰত লোৱা নহয় তেতিয়া মাত্ৰ ৫০–৬০ শতাংশ গছতহে ফুল ফুলে ৷ কোনো ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰৰ ফলত প্ৰকৃত বতৰত ৮০ শতাংশলৈ ফুল ফুলাব পাৰি ৷ এনে ক্ষেত্ৰত “ইথেৰেল” (Etherel) ১০০ পি: পি: এম:(১০ মিলি লিটাৰ ৰাসায়নিক দ্ৰব্য ১০০ লিটাৰ পানীত) ফুল ফুলাৰ এমাহৰ আগেয়ে প্ৰয়োগ কৰিব লাগে৷

৩০ মিলিলিটাৰ মান “ইথেৰেল”ৰ মিশ্ৰণ কোঁহত মুকুটটোৰ মাজত প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায় ৷ খৰছ কমাবৰ বাবে ১০ পি: পি: এম: ইথেৰেলৰ মিশ্ৰণ, ২ শতাংশ ইউৰীয়াৰ দ্ৰৱণ আৰু ০.০৪ শতাংশ চদিয়াম বা কেলচিয়াম কাৰ্বনেটৰ মিশ্ৰণ তৈয়াৰ কৰিও প্ৰয়োগ কৰিব পাৰে ৷

ফল চপোৱাটো পলম কৰিবলৈ হ’লে (১০–১৫ দিন) নিয়মীয়া শস্য চপোৱাৰ ৬০-৭০ দিনৰ আগেয়ে ৩০০ পি: পি: এম: শক্তিৰ ‘প্লেন’ফিক্স (Planofix) নামৰ মিশ্ৰণ প্ৰয়োগ কৰিব পাৰে ৷ 
ফলবোৰ সোনকালে (১০-১৫ দিন) পকাবলৈ নিয়মীয়া শস্য চপোৱাৰ এমাহ মানৰ আগেয়ে ৫০০ পি: পি: এম: শক্তিৰ ‘ইথেৰেল” প্ৰয়োগ কৰিব পাৰে ৷ 

ফল চপোৱা

যেতিয়া ফলবোৰ হালধীয়া বৰণৰ হয় তেতিয়াই চপাব লাগে ৷ অধিক পকিবলৈ দিব নালাগে আৰু ব্যৱসায়িক ভিত্তিত এই খেতি কৰি ভাল ফল পাবলৈ ফলবোৰ সেউজীয়াৰ পৰা হালধীয়া ৰঙলৈ সলনি হওতেই ফলবোৰ কাটি পেলাব লাগে৷

উৎপাদন

শস্যৰ পৰিচর্য্যাৰ ওপৰত নিৰ্ভৰ কৰি এই খেতিৰ উত্পাদন ৫০-৮০ টন প্ৰতি হেক্টৰত পাব পাৰি৷

শস্য ৰক্ষা

পাত পঁচা বেমাৰৰ (leaf rot disease) পৰা ৰক্ষা পাবলৈ ইন্দ’ফিল-৪৫ (Indofil-45) নামৰ ৰাসায়নিক ঔষধ বিধ ২-৩ গ্ৰাম ১ লিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate