অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খেতি কৰোঁ আহক :

জিকা -

খাৰিফ শস্যৰ বতৰত হোৱা পাচলিৰ ভিতৰত জিকা এবিধ উপভোগ্য আৰু নিৰোগী পাচলি। দৈনিক খাদ্য সামগ্ৰীৰ তালিকাত এইবিধ পাচলি অন্তৰ্ভুক্ত থাকিলেও কোনো শাৰীৰিক ক্ষতিৰ সম্ভাৱনা নাথাকে। বজাৰত দীঘল দীঘল সেউজীয়া জিকাবোৰ দেখিলে সকলোৰে কিনিবলৈ মন যায়।

আজি পাচলিৰ কৃষি পদ্ধতি সম্পৰ্কে চমুকৈ আলোচনা কৰা হ’ল-

মাটি: পানী ওলাই যোৱাৰ সুব্যৱস্থা থকা পলসুৱা অধিক জৈৱিক পদাৰ্থ থকা মাটিত ৬.০-৭.০ অম্লতা থকা পথাৰত এইবিধ খেতিৰ উৎপাদন অধিক হয়।

পথাৰ প্ৰস্তুত: জিকা খেতিৰ বাবে মাটিডৰা ৩-৪ বাৰ হাল বাই, মৈয়াই মিহিকৈ চাহ কৰি ঢিপ কৰি ল’ব লাগে। ঢাপবোৰৰ মাজত নলা ৰখা দৰকাৰ, যাতে অতিৰিক্ত পানী ওলাই যাব পাৰে।

জাত: অনুমোদিত উন্নত জাতবোৰ হৈছে-পুচা নাচদাৰ, এ এ ইউ জে-১ আৰু স্থানীয় নিৰ্বাচিত জাত। ইয়াৰ পুচা নাচদাৰ জাতৰ জিকাৰ প্ৰতিডাল লতাত ১৫-২০ টাকৈ ফল লাগে। ফলবোৰ পাতল সেউজীয়া ৰঙৰ , ভিতৰখন হালধীয়া, আটিল আৰু সোৱাদপুৰ্ণ। এই জাতৰ জিকা গছৰ ফুল ৬০ দিনত ফুলে আৰু ৭০-৭৫ দিনত পুৰঠ হয়। আনহাতে, এ এ ইউ জে-১ জাতৰ ফলবোৰ দীঘল, সেউজীয়া ৰঙৰ, উৎপাদন ভাল। হেক্টৰত ১১০ কুইণ্টল পোৱা যায় আৰু ই আগতীয়া জাত।

বীজ সিঁচাৰ সময়: জানুৱাৰীৰপৰা মে’ মাহলৈ

বীজৰ পৰিমাণ: বিঘাই প্ৰতি ৭০০-৮০০ গ্ৰাম।

সাৰ-প্ৰয়োগ: পচন সাৰ বা গোবৰ সাৰ প্ৰতি বিঘাত ১০ কুইণ্টল প্ৰাথমিক সাৰ হিচাপে মাটি চাহ কৰা সময়তে প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ-ইউৰিয়া ৫ কিলোগ্ৰাম, ছুপাৰ ফছফেট ২৫ কিলোগ্ৰাম আৰু মিউৰেট অব পটাছ ৭ কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে। ইয়াৰ ইউৰিয়া সাৰৰ আধা অংশ আৰু সমুদায় ছুপাৰ ফছফেট, মিউৰেট অব পটাছ সাৰ মাটি চাহ কৰোঁতে প্ৰয়োগ কৰি আধাভাগ ইউৰিয়া গছৰ লতা বগোৱা আৰম্ভ হোৱাত টপ ড্ৰেছিং হিচাপে ব্যৱহাৰ কৰিব লাগে।

ব্যৱধান: শাৰীৰ দুৰত্ব ১.৫-২.৫ মিটাৰ আৰু গছৰ দুৰত্ব ১.২ মিটাৰ হ’ব লাগে।

জলসিঞ্চন: খৰাং বতৰত ৮-১০ দিনৰ মুৰে মুৰে জলসিঞ্চন কৰা ভাল।

চপোৱা: গুটি দিয়াৰপৰা গড়ে ৭০-৭৫ দিনত জিকাৰ ফল চপাবৰ হয়। কুমলীয়া হৈ থাকোঁতে চপাব লাগে।

উৎপাদন: বিঘাই প্ৰতি ১২ টনৰ পৰা ১৫ কুইণ্টল জিকা উৎপাদন হয়।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate