অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জালুক খেতি

জাত

পেনিয়ুৰ -১ (এবিধ বৰ্ণসঙ্কৰ জাত)

  • কল্লুভেলী
  • বালান কটা
  • কৰিমুণ্ডা
  • কুটান্দন
  • আৰকুলাম মুণ্ডা

মাটি নিৰ্বাচন

পানী আবদ্ধ নোহোৱা অম্লতাযুক্ত আলতীয়া বা পলসুৱা মাটি এই খেতিৰ বাবে উপযোগী৷

কলম লোৱা পদ্ধতি

সাধাৰণতে উত্পাদনক্ষম জালুক গছৰ ঘাই লতাডালৰ পৰা কলম লোৱা হয়৷ ২-৩ টা গাঠি থকা কলমবোৰ ঘাই লতাডালৰ পৰা সংগ্ৰহ কৰি নিদিষ্ট পুলিবাৰীত নাইবা ১:৩ অনুপাতত পচন সাৰ আৰু সাৰুৱা মাটি ভৰোৱা পলিথিনৰ বেগত এটাকৈ কলম ৰোব লাগে৷

কলম লোৱাৰ সময়: মাৰ্চ

নতুনকৈ শিপা আৰু গা-গছ ওলাবৰ বাবে ২ ৰপৰা ৩ মাহ মানৰ প্ৰয়োজন হয় ৷

স্থায়ীকৈ পুলি ৰোৱাৰ সময়

মে/জুন ৷

পুলি ৰোৱাৰ প্ৰণালী :

জালুকৰ লতা বগাব পৰা গছৰ গুৰিত জালুকৰ পুলি ৰোৱা হয় ৷ বাৰীত থকা তামোল, নাৰিকল আদি গছ এই খেতিৰ বাবে ব্যৱহাৰ কৰিব পাৰি ৷ পুলিবোৰ এনেদৰে ৰোৱাৰ ব্যৱস্হা কৰিব লাগে যাতে আশ্ৰয়কাৰী গছৰ গুৰি আৰু জালুক পুলিৰ মাজত দূৰত্ব ৩০ চে:মিটাৰ থাকে ৷

ব্যৱধান :

৩ মিটাৰ x ৩ মিটাৰ ৷

গাঁতৰ জোখ :

৫০ চে:মিটাৰ x ৫০ চে:মিটাৰ x ৫০ চে:মিটাৰ ৷

সাৰ প্ৰয়োগ

ক্ৰমিক নং

সাৰ

পৰিমান/প্ৰতি গছৰ বাবে

পচনসাৰ

৯ কি:গ্ৰাম

ইউৰীয়া

২২৫ গ্ৰাম

একক চুপাৰ ফছফেট

১ কি:গ্ৰাম

মিউৰিয়েট অৱ পটাছ

১০০ গ্ৰাম

চূণ

৫০০-১০০০ গ্ৰাম

 

উপৰিউক্ত সাৰৰ পৰিমান তলত উল্লেখ কৰাৰ নিৰিখত প্ৰয়োগ কৰিব লাগে ৷
১ ম বছৰ = অনুমোদিত হাৰৰ আধা ভাগ
২ য় বছৰ = অনুমোদিত হাৰৰ আধা ভাগ
৩ য় বছৰ = অনুমোদিত হাৰৰ ৩/৪ ভাগ
৪ ৰ্থ বছৰ আৰু আগলৈ = সম্পূৰ্ণ সাৰ প্ৰয়োগ কৰিব ৷
সাৰ প্ৰয়োগৰ বাবে এপ্ৰিল মাহটোৱেই উত্তম সময় ৷

পৰিচৰ্য্যা

জালুক গছ অতি সোনকালে বাঢ়ে গতিকে জালুকৰ লতাদাল আশ্ৰয়কাৰী গছত ৩০ চে:মিটাৰ ব্যৱধানত বান্ধি দিব লাগে ৷ জালুক গছৰ তলৰ ভাগ (৯০ চে:মিটাৰ মানলৈ) ভালদৰে চাফা কৰি ৰাখিব লাগে আৰু কোনো ডাল ৰাখিব নালাগে ৷ জালুক গছবোৰ ৪ মিটাৰতকৈ বেছি ওখ হ’বলৈ দিব নালাগে ৷ খৰাং বতৰত জালুক গছৰ গুৰিটো জৈৱিক আচ্ছাদনেৰে আৱৰি দিব লাগে যাতে মাটিৰ জীপ ৰাখি থব পাৰে ৷

শস্য ৰক্ষা

খোলা কৰা পোক (Pollu beetle) : এই বিধ পোকে পলু অৱস্হাত জালুকৰ গুটি বিন্ধা কৰি ভিতৰত সোমাই গুটিবোৰ খায় নষ্ট কৰে ৷ গতিকে ইয়াক নিবাৰণ কৰিবলৈ জুলাই আৰু অক্টোবৰ মাহত এন্দোছালফান ৩৫ ইচি নাইবা কুইনেলফচ ২৫ ইচি নাইবা ডাইমিথয়েট ৩০ ইচি ঔষধ প্ৰতি লিটাৰ পানীত ১ মি:লিটাৰ হিচাপে মিহলায় স্প্ৰে কৰিব লাগে ৷

থ্ৰিপচ জাতীয় পোকে গছৰ পাতত আক্ৰমণ কৰে তাৰ ফলস্বৰূপে পাতৰ দাঁতিবোৰ তলফাললৈ ঘোৰ খায় যায়৷ ইয়াৰ নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫০ ইচি ঔষধ প্ৰতিলিটাৰ পানীত ১ মি: লিটাৰ ঔষধ মিহলায় স্প্ৰে কৰিব লাগে ৷

শুকানি বেমাৰ (Quick Wilt): বাৰিষা এই বেমাৰে জালুকৰ খেতি নষ্ট কৰে৷ মাটিৰ পৰা ২৫-৩০ চে:মিটাৰ মান ওপৰত এই বেমাৰে আক্ৰান্ত কৰে আৰু ১০-১২ দিনৰ ভিতৰত গছজোপা লেৰেলি মৰি যায়৷ গতিকে বৰ্ষাৰ আগন্তুকতেই বৰদ’ মিশ্ৰণ মাটিৰ পৰা ১ মিটাৰ মান ওপৰলৈকে প্ৰয়োগ কৰিলে এই বেমাৰৰ পৰা উপশম পাব পাৰি।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate