অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জাতি লাও

সচঁ

পুচা চামাৰ প্রলিফিক লং , পুচা চামাৰ প্রলিফিক ৰাউণ্ড , পুচা মেঘদূত,

পুচা মঞ্জুৰী সচঁৰ বর্ণনা

১) পুচা চামাৰ প্রলিফিক লং : ১০-১৫ টাকৈ প্রতি জোপা গছত লাও লাগে , লাওবোৰৰ আকৃতিত দীঘল ( ৪০-৫০ চে: মি: ) , সাৰ ব্যার্সাদ্ধ(২৫ চে: মিটাৰ) , আৰু দিঙিবোৰ ফালে ছিয়া হৈ যোৱা । গাৰ ৰং পাতল সেউজীয়া । বসন্ত আৰু গ্রীষ্ম দুয়োটা ঋতুতে লগাব পৰা গঢ়ে প্রতিহেক্টৰৰ উত্পাদন প্রায় ১২০ কুইন্টল ।

২) পুচা চামাৰ প্রলিফিক ৰাউণ্ড : লাওবোৰ থোপোকা (১৫ - ১৮ চে:মি: ) , সেউজীয়া বৰণৰ আৰু য়থেষ্ট পৰিমাণে গছজোপাত ফল ধৰে । গ্রীষ্ম আৰু বসন্ত দুয়োটা ঋতুতে লগাব পৰা।

৩) পুচা মেঘদূত : বর্ণসংকৰ ,লাও বোৰ দীঘলীয়া আৰু ২৫৩ কুইন্টল / প্রতি হেক্টৰত উত্পাদন হোৱা বিধৰ ।

মাটি নির্ব্বাচন

পানী জমা হব নোৱাৰা ওখ পলসুৱা মাটি লাওখেতিৰ বাবে উপযোগী ।

বীজৰ পৰিমাণ

  • বসন্ত ঋতুৰ বাবে : ৪.৫ -৫.৫ কি:গ্রাম / হেক্টৰত
  • গ্রীষ্ম ঋতুৰ বাবে : ২.২ - ৩.২ কি: গ্রাম / হেক্টৰত

সিচাঁৰ সময়

  • বসন্ত কালৰ বাবে = ফেব্রুৱাৰী - মার্চ মাহৰ ভিতৰত
  • গ্রীষ্ম কালৰ বাবে = জুন - জুলাই মাহৰ ভিতৰত
  • শীত কালৰ বাবে = চেপ্তেম্বৰ মাহৰ ভিতৰত

বীজৰ ব্যৱধান

বসন্ত কালৰ বাবে = ১.৫ -২.০ মি: * ১.০ -১.৫ মিটাৰ

( শাৰীৰ পৰা শাৰীলৈ * গছৰ পৰা গছলৈ ) 
গ্রীষ্ম কালিৰ বাবে = ২.০ - ৩.০ মি: * ১.০ - ১.৫ মিটাৰ 
(শাৰীৰ পৰা শাৰীলৈ * গছৰ পৰা গছলৈ )

সাৰ প্রয়োগ

পচন সাৰ ২০ - ২৫ টন , ২৮ কি: গ্রাম নাইট্রজেন ( অনুমোদিত হাৰৰ আধা অংশ ) , ৫৬ কি: গ্রাম ফছফৰাচ আৰু ১১২ কি: গ্রাম / হেক্টৰত পটাচ সাৰ মাটি প্রস্তুত কৰোতে প্রয়োগ কৰিব । বাকী আধা অংশ নাইট্রজেন সাৰ ফুল ফুলা আৰু ফল ধৰাৰ সময়ত গছত প্রয়োগ কৰিব ।

জলসিঞ্চন

প্রয়োজন সাপেক্ষে শুকান অৱস্থাত ৮-১০ ব্যৱধানত গছত পানীৰ যোগান ধৰিব লাগে ।

শস্য চপোৱা

লাওবোৰ কোমল হৈ থকা অৱস্থাতে চিঙাৰ ব্যৱস্থা কৰিব লাগে ।

উৎপাদন

১২০ -১২৫ কুইন্টল / হেক্টৰত ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

শেহতীয়া উন্নীতকৰণ: : 4/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate