অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তিতা কেৰেলা

সঁচ

১) বসন্ত ঋতুত খেতি কৰা সঁচ বোৰ : আর্লিয়েষ্ট অৱ অল , লংগ্রীণ , এক্সটা লং , পুচা ডো মৈচুমী

২) গ্রীষ্ম ঋতুত খেতি কৰা সঁচ বোৰ : মনচুন মর্ণাক , লংগ্রীণ , মনচুন , কইম্বাতুৰ লং

সঁচৰ বর্ণনা

১) পুচা ডো মৈচুমী : ডালবোৰ সেউজীয়া , নোমাল , পাতবোৰ বহল , পুলিৰ পৰা ফল ধৰালৈ ৫৫ দিনৰ ভিতৰত শেষ হয় ।

২) কইম্বাতুৰ লং : গছবোৰ যথেষ্ট ঠাল ঠেঙুলি মেলা , ফলবোৰ দীঘল পাতল সেউজীয়া ৰঙৰ , গছবোৰত ফল যথেষ্ঠ উত্পন্ন হয়, বাৰিষা বতৰৰ বাবে উপযোগী সঁচ ।

মাটি নির্ব্বাচন

ওখ পানী জমা নোহোৱা পলসুৱা আৰু যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা মাটিত কেৰেলা খেতি ভাল হয় ।

বীজৰ পৰিমাণ

৪-৫ কি: গ্রাম / হেক্টৰত

সিঁচাৰ সময়

১) আগতীযা : অক্টোবৰ - নবেম্বৰ (মাটিত বগোৱা জাত )

২) মধ্যমীয়া : ফেব্রুৱাৰী - মার্চ

৩) শেহতীয়া : জুন - জুলাই । বীজৰ ব্যৱধান : ১.৫ - ২.৫ মিটাৰ (শাৰীৰ পৰা শাৰীলৈ ) * ৬০ চে: মি: - ১.২ মিটাৰ ( গছৰ পৰা গছলৈ)

সাৰ প্রয়োগ

ক্রমিক নং

সাৰ পৰিমাণ (কি: গ্রাম / হেক্টৰত )

মন্তব্য

১) পচনসাৰ

১০০০

 

২) নাইট্রজেন

(২০ +২০)

(ক) ২০ কি: গ্রাম মাটি প্রস্তুত কৰোতে

৩) ফছফৰাচ

৩০

(খ) ২০ কি: গ্রাম ফল আৰু ফুল ধৰাৰ সময়ত

৪) পটাচ

৩০

 

জলসিঞ্চন

শুকান অথবা খৰাং অৱস্থাত ৮-১০ দিনৰ ব্যৱধানত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে ।

শস্য চপোৱা

ফলবোৰ পুৰঠ হলে চিঙাৰ ব্যৱস্থা কৰিব লাগে ।

উত্পাদন :

১০০ - ১২০ কুইন্টল / হেক্টৰত

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

শেহতীয়া উন্নীতকৰণ: : 6/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate