অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰঙালাও

সচঁ

আর্কা সূর্য্যমুখী , আর্কা চন্দন আৰু উচ্চমান দণ্ডৰ থলুৱা সচঁ।

সচঁৰ বর্ণনা

১) আর্কা সূর্য্যমুখী :

প্রত্যেক জোপা গছত ৮-১০ টাকৈ ফলধৰে , ফলবোৰ ঘূৰণীয়া সৰু সৰু ১০ কি:গ্রাম ওজনৰ , গাৰ বৰণ গাঢ় কমলাৰঙৰ , মঙহাল , ১০০ দিন মানৰ ভিতৰত পুৰঠ হয় । হেক্টৰে প্রতি ৩৩৫ কুইন্টলমান উত্পাদন হয় । মাখি পোকৰ আক্রমণ প্রতিহত কৰিব পৰা ক্ষমতা থকা ।

২) আর্কা চন্দন :

২ টাৰ পৰা ৩ টা মান প্রতিজোপা গছত ফলধৰা , প্রত্যেকটো ৰঙা লাওৰ ওজন প্রায় ২-৩ কি: গ্রাম , ৰঙালাওটোৰ দুয়োটা মূৰ ভিতৰলৈ সোমোৱা , গাৰ বৰণ সামান্যভাবে হালধীয়া আৰু গাত দাগ থকা , মঙহাল , আৰু মিঠা স্বাদৰ , ১২০ দিনৰ ভিতৰত পুৰঠ হোৱা ।

মাটি

সাধাৰণতে বালিচঁহীয়া , ওখ পানী নোহোৱা মাটিয়েই ৰঙালাও খেতিৰ বাবে উপযোগী । যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা আলতীয়া মাটিতো ইয়াৰ খেতি কৰিব পাৰি ।

বীজৰ পৰিমাণ

৬-৮ কি: গ্রাম / হেক্টৰত

সিঁচাৰ সময় :

গ্রীষ্ম কালি চপাবৰ বাবে = জানুৱাৰী - এপ্রিল 
বসন্তকালি চপাবৰ বাবে = চেপ্তেম্বৰ - অক্তোবৰ

ব্যৱধান

১) গ্রীষ্ম কালিৰ বাবে = ২.৫ -৩.০ মিটাৰ * ০.৯ -১.০ মিটাৰ ( শাৰীৰ পৰা শাৰীলৈ * পুলিৰ পৰা পুলিলৈ )

২) বসন্ত কালিৰ বাবে = ২.৫ - ৩.০ মিটাৰ * ১.০ মিটাৰ ( শাৰীৰ পৰা শাৰীলৈ * পুলিৰ পৰা পুলিলৈ )

সাৰ প্রয়োগ

হেক্টৰে প্রতি ২০ - ২৫ টন পচন সাৰ , ৭৫ কি: গ্রাম নাইট্রজেন , ৮০ কি: গ্রাম ফছফৰাচ , ৮০ কি:গ্রাম পটাছ সাৰ , ৩০ কি: গ্রাম কেলচিয়াম অক্সাইদ বীজ দিয়াৰ প্রায় ৮-১০ দিনমানৰ আগেয়ে মাটিত প্রয়োগ কৰি লব ।

জলসিঞ্চন

শুকান বতৰত ৮-১০ দিনৰ ব্যৱধানত গছ বোৰত পানী দিয়াৰ ব্যৱস্থা কৰিব ।

শস্যচপোৱা

গছত ৰঙালাওবোৰে হালধীয়াৰ পৰা কমলাৰঙৰ হলেই চিঙি পেলাব লাগে ।

উত্পাদন

৬৫ - ৭৫ কুইন্টল ( সৰু জাত ) হেক্টৰত

১২০-২০০ কুইন্টল ( ডাঙৰ জাত ) হেক্টৰত

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate