অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৰু ঘৰ এখনৰ লগতে সৰু বাৰী এখনৰ যতন :

সৰু ঘৰ এখনৰ লগতে সৰু বাৰী এখনৰ যতন :

 

আটোমটোকাৰীকৈ ঘৰ এখন সাজিবলৈ চৰকাৰীভাৱে ১ কঠা ৫ লেচা মাটিৰ দৰকাৰ।ধৰি লোৱা হ’ল যে উল্লেখিত পৰিমাণৰ মাটিত আপুনি ঘৰ এটা সাজিলে।আৰু চাৰিওফালে বেৰ দি সন্মুখত গেট এখন দিলে।আটোমটোকাৰীকৈ সজা ঘৰ এখনৰ লগত জানো সৰু ফলৰ বাৰী এখন বনাবলৈ মন নাযায়!ধৰি লোৱা হ’ল আপোনাৰ চৌহদটো ৬০ বৰ্গ ফুটৰ।ঘৰটো নিৰ্মাণ কৰাৰ পিছত বহুত খালী ঠাই থাকি যায়।সন্মুখৰ গেটখনৰ ১০ ফুট বাদ দিলে থাকি যায় ৫০ ফুট।সোঁ আৰু বাওঁফালে দুই ফুটকৈ বাদ দিলে থাকিব ৪৬ ফুট।তেনেকৈ পাছফালে বেৰৰ পৰা দুই ফুটকৈ বাদ দিলে ৫৪ ফুটত ১২ ফুটৰ অন্তৰে অন্তৰে ডেৰ ফুট দ আৰু এক ফুট বহলকৈ গাঁত খান্দি অলপ গৰুৰ শুকান গোবৰ,জাবৰ দি ১০ দিনমান থৈ দিয়ক।ওচৰৰ নাৰ্ছাৰী এখনৰ পৰা ভাল জাতৰ,যেনে-বেংগল ছিলেক্টেড বা বেংগল হাজাৰি (অধিক ফল দিয়া ,হালধীয়া ৰঙৰ )৩ বছৰীয়া নাৰিকলৰ পুলি ৮ টা আনি অক্টোবৰৰ প্ৰথম সপ্তাহৰ আগেয়ে প্ৰস্তুত কৰি থোৱা গাঁতকেইটাত লগাই দিয়ক।৩ বছৰ পিছত নাৰিকল লাগিবলৈ আৰম্ভ কৰিব।এজোপা গছত ১০০ কৈ হ’লেও বছৰত ১০০*৮=৮০০ নাৰিকল লাগিব।আপুনি ঘৰত ব্যৱহাৰ কৰাৰ পিছত এটাত ৫০ টকাকৈ ৪০,০০০ টকা পাব।এতিয়া ঘৰটোৰ সোঁ আৰু বাওঁফালে ৮ ফুট অন্ত্ৰে অন্তৰে,সন্মুখ আৰু পাছফালে নাৰিকলৰ মাজে মাজে দুটা আৰু চাৰিটা (মুঠ ২০ টা)এক ফুট দ,এক ফুট বহল গাঁত নাৰিকলৰ পুলিৰ ক্ষেত্ৰত কৰাৰ দৰে প্ৰস্তুত কৰি থৈ দিয়ক।চিনাকী মানুহৰ পৰা ভাল জাতৰ (স্থানীয়)তামোলৰ তিনি বছৰীয়া পুলি আনি লগাই দিয়ক।তিনি বছৰ পিছত তামোল লাগিবলৈ আৰম্ভ কৰিব।এনেয়েও তামোল আৰু নাৰিকল সঘনাই লৰাই দিলে চাপৰতে লাগে বুলি প্ৰবাদ আছে।এজোপা তামোলত কমকৈ হ’লেও দুই পোন তামোল লাগিলে ২০*২=৪০ পোন তামোল উৎপাদন হ’ব।আপুনি ঘৰত ব্যৱহাৰ কৰিও পোনত ২০০ টকা হ’লে বছৰত ৪০*২০০=৮০০০ টকা পাব।আকৌ চিনাকী মানুহৰপৰা কিবা এটা মুল্য দি ৪-৫ জোপামান তামোলত জুন,জুলাই মাহত পাণৰ আগডাল লগাই দিয়ক।পাণ-তামোলৰ গুৰিত পাৰিলে পথাৰৰপৰা মাটিৰ চপৰা আনি দিয়ক-আন একো দিব নালাগে।দেখিব তামোলৰ লগতে পাণেও লহ-পহকৈ বাঢ়ি আহিছে।পাণ বিক্ৰী নকৰিলে ঘৰতে নিশ্চয়কৈ খাব পাৰিব।আপোনাৰ কুঁৱাটোৰ ওচৰে-পাজৰে ৩-৪ জোপামান অধিক ফল ধৰা ওৱাচিনটন বা হাফলং জাতৰ (চাপৰতে লগা)অমিতা পুলি লগাই দিয়ক।ছমাহ-এবছৰতে অমিতা লাগিব।অমিতা বাৰমহীয়া ফল।প্ৰতি কিলোগ্ৰাম অমিতাৰ দাম ৪০ টকা পৰ্যন্ত।অমিতা এবিধ ঔষধি ফল।ইয়াক কেঁচাই নাইবা ৰান্ধিও খাব পাৰি।এতিয়া আপুনি ঘৰটোৰ পাছফালে বেৰৰ ওচৰত ৪-৫ জোপামান আছাম লেমন কলম দিয়া নেমু পুলি লগাই দিয়ক।দুবছৰ পিছত নেমুগছৰ জোপোহা হ’ব আৰু ডালভৰি ফল লাগিব।নেমুৰ যোৰা বজাৰত ১০ টকা।নিজেও খালে,আনকো বিলাই দিব পাৰিব।নেমুৰ পিছত আপুনি ঘৰটোৰ চৌহদত ৪-৫ টা মান ভাল জাতৰ (অসমীয়া জাত)বালিজুৰি জলকীয়া পুলি ৰুই দিয়ক।ছমাহত জলকীয়া লাগিব।সময়ত,মানে বাৰিষা প্ৰতি কিলোগ্ৰাম জলকীয়া বজাৰত ২০০ টকা।গোটেই বছৰ জলকীয়া খায়ো আনক বিলাই দিব পাৰিব।ঘৰটোৰ আগফালে বেৰৰ পৰা ১০ ফুট দুৰত ভালজাত-তেজপুৰৰ বোম্বে নাইবা ডেৰাডুন বা মুজ্জাফৰ জাতৰ দুটা লিচু পুলি লগাই দিয়ক।৫ বছৰত লিচু লাগিবলৈ আৰম্ভ কৰিব।এজোপাৰ লিচু ঘৰত খাই আনজোপাৰ ফচল প্ৰায় ২-৩ হাজাৰ টকাত বিক্ৰী কৰিব পাৰিব।তেজপুৰৰ বোম্বে জাতৰ লিচু অধিক মিঠা আৰু মঙহাল।এতিয়া আপুনি কলৰ ভাল  জাত-জাহাজী বা অমৃত সাগৰ (চাকাৰি)ৰ ছমহীয়া পুলি দুটা লগাই দিয়ক।এবছৰ পিছত আপুনি গছত পকা কল ঘৰতে খাব পাৰিব।বজাৰৰ কাৰ্বাইদ দি পকোৱা কল খাব লগা নহ’ব।

এতিয়া আহিছো বতৰৰ শাক-পাচলিৰ বিষয়ে কিছু আভাস দিবলৈ।নানা ধৰণৰ ফল-মুল গছ-গছনি ৰোৱাৰ পিছত বহুত মাটি খালী হৈয়ে থাকে।খালী মাটিখিনিত ১০ ফুট দীঘল,৫ ফুট বহলকৈ ৫-৬ টামান ঢাপ বনাওক।ঢাপকেইটাত দ-কৈ কোৰ মাৰি পিছত তল-ওপৰ কৰি কেইবাবাৰো কোৰ মাৰি ৫ দিনমান থৈ দিয়ক।পাৰিলে ওচৰ-পাজৰৰপৰাই গৰুৰ শুকান গোবৰ আনি মিহি কৰি লৈ ঢাপকেইটাত মিহলাই দিয়ক।গোবৰ নাপালে সাৰৰ দোকানৰপৰা জৈৱিক সাৰ (কেচুঁমতা)আনি হিচাপ মতে দিয়ক।পাৰিলে ফুট ছাই ছটিয়াই দিয়ক।এতিয়া শাক-পাছলিৰ বতৰ।বজাৰৰ পৰা স্থানীয় ১০ টকাকৈ ধনীয়া,পালেং ,লাই,চুকা আৰু মুলা গুটি লৈ আনক।ধনীয়া আৰু পালেঙৰ গুটিখিনি ২৪ ঘণ্টা তিয়াই ৰাখি আগেয়ে প্ৰস্তুত কৰা ঢাপকেইটাত সিঁচি দিয়ক।সদায় পুৱা-গধুলি অলপ কষ্ট কৰি পানী ছটিয়াই থাকক।মুলা আৰু লাই শাকৰ গুটি তিনি দিনত গজিব।পালেং পাঁচ দিন,ধনীয়া ১০ দিন আৰু চুকা ১৫ দিনমান পিছত গজিব।পুৱা-গধুলি পানী ছটিয়াই থাকক।এমাহমান যোৱাৰ পিছত আপুনি আনন্দমনে ঘৰৰ শাক-পাচলি খাওক।অক্টোবৰ আগভাগত খেতি কৰা শাক-পাচলি নৱেম্বৰৰ মাজভাগত শেষ হ’ব।লগে লগে ঢাপকেইটা নতুনকৈ কোৰ মাৰি চহ কৰি গোবৰ সাৰ দি দুটা ঢাপত আকৌ ধনীয়া আৰু পালেং শাক লগাই দিয়ক।নাৰ্ছাৰীৰ পৰা হাইব্ৰীত হুৱাইট ডিয়েনা,ওলকবি ,পুছা দিপালী ফুলকবি,দ্ৰামা ২৬ বন্ধা কবিৰ পুলি হিচাপ মতে ৰুই দিয়ক।ঢাপকেইটাৰ কাষে কাষে হাইব্ৰীড বিলাহীৰ পুলি লগাই দিয়ক।আপুনি দেখিব মাঘ বিহুৰ আগে আগে ঘৰতে ৰোৱা ওলকবি,ফুলকবি,বন্ধাকবি,বিলাহী,ধনীয়া,পালেং খোৱাৰ বাবে সাজু।কেৰাহীটো বহুৱাই দিও আপুনি ওলকবি,ফুলকবি,বিলাহী নিব পৰা হ’ব।ঔষধ দি পকোৱা বিলাহীৰ পৰিৱৰ্তে গছতে পকা বিলাহী,শাক-পাচলি খাই পইচা ৰাহি কৰক,নিৰোগী হৈ থাকক আৰু আনকো উপদেশ দিয়ক।মাঘৰ শেষত সেইকেইটা ঢাপতে ভাগ ভাগ কৰি হাইব্ৰীড তিয়ঁহ,জিকা,ভেণ্ডীৰ গুটি ৰুই অলপ জেং দিয়ক।এনেদৰে আপুনি সতেজ শাক-পাচলি কৰি খাওক।আপুনি অন্তত:আপোনাৰ কৰ্তব্যস্থানত গৰ্ব কৰিব পাৰিব ঘৰৰ শাক-পাচলি খাই আছোঁ বুলি।এইখিনি কৰি থাকিলে আপোনাৰ যদি মধুমেহ ৰোগ আছে ই নিয়ন্ত্ৰণত থাকিব আৰু আপোনাৰ দেৰিকৈ উঠাৰ অভ্যাস বাদ দি সোনকালে উঠাৰ অভাস গঢ়ি উঠিব।

লেখক: দেবেন দত্ত (দৈনিক অসম)

 

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate