ভাৰতবৰ্ষত মৎস্য পালন অতীজৰেপৰা চলি আহিছে। সৰু সৰু পুখুৰীত মাছ পালনৰ ব্যৱস্থা আমাৰ দেশৰ মানুহৰ মাজত অতীতৰেপৰা বিৰাজমান। কৌটিল্যৰ অৰ্থশাস্ত্ৰতো(৩২১-৩০০ খ্ৰীঃপূঃ) মাছ পালন সম্পৰ্কে বৰ্ণনা আছে।
গতিকে অতীতৰেপৰা চলি অহা মাছ পালনে সময়ৰ লগত গতি লাভ কৰি আজি এক সুকীয়া স্থান দখল কৰিবলৈব সক্ষম হৈছে। আজি আমাৰ দেশৰ জি ডি পিৰ ১.১ শতাংশ আহে মীন ক্ষেত্ৰৰপৰা। দেশে স্বাধীনতা লাভ কৰাৰ সময়ৰ তুলনাত বৰ্তমান মৎস্য ক্ষেত্ৰত প্ৰায় ১০ গুণ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।
১৯৫০ চনত ভাৰতৰ মাছৰ উৎপাদন আছিল ৮,০০,০০০ টন আৰু ১৯৯০ চনত ই বৃদ্ধি হৈ প্ৰায় ৪.১ মিলিটন টন হয়। ২০১০ চনত ই বৃদ্ধি হৈ ৮ মিলিয়ন টন হয়। বৰ্তমান ভাৰতে বিশ্বৰ প্ৰায় ৭৫ খন দেশলৈ ১০,৫০,০০০ মেট্ৰিক টন মাছ ৰপ্তানি কৰে।
ইয়াৰপৰা আমাৰ দেশখনো প্ৰায় ৩৩,৪৪২ কোটি টকা পাবলৈ সক্ষম হয়। আমাৰ দেশখন এখন কৃষিপ্ৰধান দেশ। দেশখনৰ প্ৰায় ৭০ শতাংশ লোক কৃষিৰ লগত জড়িত।
ইয়াৰ ভিতৰত মৎস্য পালন তথা মীন উদ্যোগৰ সৈতে প্ৰায় ১৪.০ মিলিয়ন লোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ জীৱিকা নিৰ্বাহ কৰি আছে। তালিকা-১ত ভাৰতৰ মীনক্ষেত্ৰৰ অৰ্থনীতিত গুৰুত্ব দেখুওৱা হ’ল।
তালিকা ১ৰ পৰা দেখা যায় যে ভাৰতবৰ্ষত মুঠ উৎপাদনৰ সৰহ সংখ্যক আহে ইনলেণ্ড ৱাটাৰ ব’ডিৰ(Inland water body) পৰা। বৰ্তমান ভাৰতবৰ্ষৰ উৎপাদন হয় ৬.৪ মিলিয়ন মেট্ৰিক টন।
তাৰ ভিতৰত ৩.৪ মিলিয়ন মেট্ৰিক টন মাছৰ উৎপাদন আহে ইনলেণ্ডৰপৰা আৰু ৩.০ মিলিয়ন মেট্ৰিক টন মাছ উৎপাদন হয় মেৰাইন(Marine) ৱাটাৰ ব’ডিৰপৰা। ভাৰতবৰ্ষত মৎস্য উৎপাদনৰ যথেষ্ট স্থল আছে যদিও আজি পৰ্যন্ত আমি উৎপাদনৰ ক্ষেত্ৰত আমাৰ সামৰ্থ্য অনুসৰি উৎপাদন কৰিব পৰা নাই।
যদি প্ৰকৃতপক্ষে আমাৰ দেশখনে মৎস্য উৎপাদনত গুৰুত্ব আৰোপ কৰি আগবাঢ়ি যায়, তেনেহ’লে আমি এই উদ্যোগৰ জৰিয়তে আমাৰ দেশখনৰ নিবনুৱা সমস্যা সমাধানত এক ডাঙৰ ভূমিকা গ্ৰ্হণ কৰিব পাৰিম। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যই মাছ উৎপাদনৰ ক্ষেত্ৰত স্বাধীনতাৰ পিছৰপৰা যথেষ্ট উন্নতি কৰিছে।
পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, গুজৰাট, কেৰালা আদি ৰাজ্যই মাছ উৎপাদনৰ জৰিয়তে এই ৰাজ্যসমূহৰ আৰ্থিক উন্নয়নত যথেষ্ট গুৰুত্ব দি আহিছে। কিন্তু অসম আজি পৰ্যন্ত মাছ উৎপাদনত স্বাৱলম্বী হ’ব পৰা নাই।
অসমৰ মৎস্য উৎপাদনৰ হাৰ ২০০১ চনৰ তুলনাত বৰ্তমান বৃদ্ধি পাইছে যদিও চাহিদা অনুপাতে আমি উৎপাদন কৰিবলৈ সক্ষম হ’ব পৰা নাই। বৰ্তমান অসমত ২.৯৭ লাখ মেট্ৰিক টন মাছ উৎপাদন হয় যদিও ই চাহিদাৰ তুলনাত কম। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তুলনাত অসমৰ পানীকালিৰ পৰিমাণ বেছি যদিও অসম আজি পৰ্যন্ত মাছ উৎপাদনত স্বাৱলম্বী হ’ব নোৱাৰাটো মন কৰিবলগীয়া। তালিকা-২ত অসমৰ বিভিন্ন পানীকালিৰ পৰিমাণ দিয়া হ’ল।
অসমৰ মুঠ পানীকালি যথেষ্ট আছে, কিন্তু উপযুক্ত কৌশল প্ৰয়োগেৰে মাছ উৎপাদন নকৰা বাবে আমি আশা কৰা ধৰণে উৎপাদন পাবলৈ সক্ষম হ’ব পৰা নাই। আমাৰ ৰাজ্যখনত থকা জলৰাশিৰ প্ৰকৃত ব্যৱহাৰৰদ্বাৰা মৎস্য উদ্যোগ স্থাপন কৰি মাছৰ উৎপাদন বৃদ্ধিৰ জৰিয়তে নিবনুৱা সমস্যা সমাধান কৰিব পৰা যায়।
অলপতে অসম চৰকাৰে অনুষ্ঠিত কৰা এডভান্টেজ আছামৰ মুখ্য উদ্দেশ্য আছিল অসমত বিনিয়োগৰ জৰিয়তে নিয়োগ সৃষ্টি কৰা আৰু অসমৰ আৰ্থিক স্বচ্ছলতা বৃদ্ধি কৰা। গতিকে মৎস্য উদ্যোগ প্ৰসাৰৰ জৰিয়তে অসমত নিয়োগ সৃষ্টিৰ যথেষ্ট ঠাই আছে।
অসমত থকা বিল, হ্ৰদ, নৈ আদিত উপযুক্ত বৈজ্ঞানিক কৌশল প্ৰয়োগ কৰি সম্ভাৱনাৰ দুই-তৃতীয়াংশও যদি উৎপাদন কৰিব পৰা যায়, তেনেহ’লে আমি আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰিম।
বৰ্তমান অসমত থকা বিলসমূহ চৰকাৰে লীজত দি তাৰপৰা ৰাজহ সংগ্ৰহ কৰাই হ’ল প্ৰধান লক্ষ্য। কিন্তু এই বিলসমূহক যদি আমি অকল মাছ উৎপাদনৰ বাবেই ব্যৱহাৰ নকৰি, তাক ট্যুৰিজিম, সমন্বিত পদ্ধতি আদি বিভিন্ন দিশত ব্যৱহাৰ কৰিব পাৰোঁ, তেনেহ’লে আমি তাৰপৰা বেছি লাভ পাবলৈ সক্ষম হ’ম। মাছ উৎপাদনৰ লগতে বিলসমূহ ইক ট্যুৰিজিম আৰু মৎস্য হাব হিচাপে ব্যৱধাৰ কৰিলে আমাৰ যথেষ্ট সংখ্যক নিবনুৱা যুৱক-যুৱতীয়ে তাত সংস্থাপনৰ সুবিধা পাব।
সেয়েহে অসম চৰকাৰে এই ধৰণৰ জলৰাশিৰ প্ৰকৃত ব্যৱহাৰ আৰু প্ৰকৃত আইন প্ৰণয়নৰ জৰিয়তে মৎস্য উদ্যোগ প্ৰসাৰ কৰি মীনক্ষেত্ৰৰ উন্নতিকল্পে চিন্তা কৰিবৰ সময় সমাগত।
অসমৰ পৰিৱেশত মৎস্য উদ্যোগ স্থাপনৰ জৰিয়তে মাছৰ উৎপাদন বৃদ্ধি তথা নিবনুৱা সমস্যা সমাধানকল্পে তলত দিয়া কথাবিলাকত গুৰুত্ব আৰোপ কৰিলে আমি লাভান্বিত হ’ব পাৰিম-
*মাছৰ পোৱালিৰ গুণাগুণ ঠিক কৰাৰ বাবে উন্নত গুণসম্পন্ন পোৱালি সৃষ্টিৰ বাবে মাছপোনা উৎপাদনৰ বাবে হেচ্ছাৰী স্থাপন।
*মাছৰ বৃদ্ধিৰ বাবে সুষম খাদ্য প্ৰস্তুতৰ বাবে মাছৰ খাদ্য প্ৰস্তুত কৰা মিল স্থাপন।
*মাছ মাৰিবৰ বাবে জাল বনোৱা উদ্যোগ স্থাপন।
*শুকান মাছৰ উদ্যোগ স্থাপন।
*আলংকৰিক মাছৰ উৎপাদনৰ বাবে উদ্যোগ স্থাপন।
*নাও আদি নিৰ্মাণ কৰা উদ্যোগ স্থাপন।
*বিলবিলাক ইক ট্যুৰিজিমৰ হাব হিচাপে প্ৰতিষ্ঠাপন।
*মাছবিলাক সতেজ অৱস্থাত ৰাখিবৰ বাবে শীতলীকৰণ ভৱন স্থাপন।
এইদৰে আমি বিভিন্ন দিশত মনোনিৱেশ কৰি কামত আগবাঢ়িলে নিশ্চয়কৈ অসমত মৎস্য উৎপাদন বৃদ্ধি হ’ব আৰু তাৰ জৰিয়তে নিবনুৱা সমস্যা সমাধান হ’ব।
(স্থানীয় কাৱৈ, মাগুৰ, শিঙি মাছৰ পোৱালি বৰ্তমান অসমত উৎপাদন হৈ আছে। এই পোৱালিৰ বাবে অসমৰ এজন মীনপালক অমল মেধিৰ লগত(ফোন নং- ৮৮১২৮৩৮৭০৭) যোগাযোগ কৰিব পাৰে। মাগুৰ মাছৰ পোৱালিৰ বাবে অসম চৰকাৰৰ মীন উন্নয়ন বিষয়া ৰবেন দাস লগত(৯৮৬৪৯৩০৮০২) যোগাযোগ কৰিব পাৰে।)
তালিকা-১
গ্ল’বেল পজিচন |
দ্বিতীয় স্থান(একুৱাকালচাৰ) |
মীন ক্ষেত্ৰৰ জি ডি পি(%) |
১.০৭ |
কৃষিক্ষেত্ৰৰ জি ডি পি(%) |
৫.১৫ |
প্ৰতিজন মানুহৰ মাছ খোৱাৰ হাৰ(কিঃ) বছৰেকত |
৯.০ |
ৰপ্তানি কৰি পোৱা ধন(কোটি হিচাপত) |
৩৩,৪৪১.৬১ |
মৎস্য পালনক জীৱিকা হিচাপে লোৱা লোক(নিযুত) |
১৪.০ |
তালিকা-২:
উৎস |
সংখ্যা |
পানীকালি |
নদী |
প্ৰধান নদী-২ উপ-নদী- ৫৩ |
৪৮২০ কিঃমিঃ |
বিল |
পঞ্জীভুক্ত বিল- ৪৩০ অপঞ্জীভুক্ত বিল- ৭৬৭ |
৬০,২১৫ হেক্টৰ ৪০,৬০২ হেক্টৰ |
ফৰেষ্ট ফিচাৰী |
৭১ |
৫০১৭ হেক্টৰ |
ডেৰিলিক্ট ৱাটাৰ ব’ডি |
৩৮৮৭ |
১,১৬,৪৪৪ হেক্টৰ |
ৰিজাৰভাৰ |
২ |
২৫৫৩ হেক্টৰ |
নিজস্ব পুখুৰী |
৩,৬১,৩৯৩ |
৫৫,৪৩০ হেক্টৰ |
সামাজিক পুখুৰী |
৬,৩০৮ |
৫,১৪১ হেক্টৰ |
লেখক: প্ৰতুল ডেকা(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 11/22/2021