অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বায়ুশ্বাসী মাছ উৎপাদন আৰু পালন:

বায়ুশ্বাসী মাছ উৎপাদন আৰু পালন:

 

কোনো এটা বিষয়ত জ্ঞান অৰ্জন কৰিবলৈ হ’লে সেই বিষয়ত অধিক গুৰুত্ব দি অধ্যয়ন কৰিব লাগিব। অধ্যয়নৰ লগে লগে বিষয়টো বুজাৰ বাবে উপযুক্ত পৰিৱেশৰ দৰকাৰ। উপযুক্ত পৰিৱেশ সৃষ্টি কৰিবলৈ হ’লে আমাৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনসমূহ আগবাঢ়ি আহিব লাগিব। চৰকাৰী বিভাগসমূহে এইক্ষেত্ৰত যিমান কৰিব লাগিছিল, সিমানখিনি এই পৰ্যন্ত কৰিবলৈ সক্ষম হোৱা নাই। স্বেচ্ছাসেৱী সংগঠনসমূহে গাঁৱৰ মানুহৰ লগত ওতপ্ৰোতভাৱে জড়িত, সেয়ে এজন চৰকাৰী কৰ্মচাৰীয়ে কৰিব নোৱাৰা কামখিনি অলপ কম কষ্ট কৰি সেচ্ছাসেৱী সংগঠনৰ সদস্যসকলে কৰিব পাৰে। অসমৰ ক্ষেত্ৰত বিভিন্ন ঠাইৰ স্বেচ্ছাসেৱী সংগঠনসমূহে কৃষি ক্ষেত্ৰত উন্নতিৰ বাবে গুৰুত্ব দিয়া আমাৰ চকুত পৰিছে। বিশ্ববেংকত চৰকাৰী কৰ্মচাৰীৰ লগত স্বেচ্ছাসেৱী সংগঠনক জড়িত কৰি বিভিন্ন আঁচনি গ্ৰহণ কৰি কৃতকাৰ্য হৈছে। মীনক্ষেত্ৰৰ উন্নয়নৰ বাবেও স্বেচ্ছাসেৱী সংগঠনসমূহ আগবাঢ়ি অহাটো শুভ লক্ষণ। অসমৰ পৰিৱেশত অতি সম্ভাৱনাপূৰ্ণ মাছবিধ হ’ল বায়ুশ্বাসী মাছ। এই মাছসমূহৰ খেতি আজি পৰ্যন্ত ব্যৱসায়িক দিশত সফলভাৱে কৰিবলৈ কোনো আগবাঢ়ি অহা নাই। দুই-একে কৰিছে যদিও ই তেনেই নগণ্য। সেয়ে আমাৰ স্বেচ্ছাসেৱী সংগঠনসমূহে এইক্ষেত্ৰত আগবাঢ়ি আহিলে ই নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু বৰঙণি যোগাব। এই নিৱন্ধত আমি আমাৰ প্ৰায় মানুহৰে প্ৰিয়, অতিকৈ সোৱাদযুক্ত, ঔষধি গুণসম্পন্ন, কাঁইট কম থকা, প্ৰ’টিনযুক্ত মাছ মাগুৰ মাছৰ বিষয়ে আলোচনা কৰিম।

মাগুৰ মাছৰ বৈজ্ঞানিক নাম ক্লেৰিয়াছ বেট্ৰাকাছ। ইয়াক এছিয়ান কেটফিছ বুলি জনা যায়। মাগুৰ, শিঙি, কাৱৈ, গৰৈ আদি মাছক বায়ুস্বাসী মাছ বুলি কোৱা হয়। কিয়নো এই মাছসমূহৰ অতিৰিক্তভাৱে বায়ু সেৱন কৰিব পৰা অংগ থাকে। এই মাছসমূহ পানীৰপৰা উঠাই আনিলেও বহু দেৰিলৈ জীৱিত অৱস্থাত থাকে, যাৰ বাবে মানুহে বজাৰৰ পৰা ইয়াক জীয়া অৱস্থাত কিনিব পাৰে। অসমৰ বজাৰত কেইদিনমান ধৰি বৰফত দিয়া মাছ উভৈনদী হোৱাৰ বিপৰীতে যদি জীয়া মাছ পোৱা হয়, তেনেহ’লে কোনেনো তাক ক্ৰয় নকৰিব? তদুপৰি এই মাছবিধৰ ঔষধি গুণ থকা বাবে চিকিৎসকেও ৰোগীক দুৰ্বল হ’লে খাবলৈ দিয়ে। বৰ্তমান এই মাছবিধৰ বজাৰমূল্য ৫০০-৭০০ টকা হোৱা আমাৰ পৰিলক্ষিত হৈছে। কিন্তু এই মাছবিধৰ দাম ইমান বেছি কিয়? ইয়াৰ উৎপাদন নহয় নেকি? ইয়াৰ পোনা উৎপাদন কৰিব নোৱাৰি নেকি? এই বিভিন্ন প্ৰশ্নসমূহে আমাৰ পাঠকসকলক নিশ্চিয়কৈ ব্যতিব্যস্ত কৰি তোলে।

মাগুৰ মাছ পুখুৰীত পালন কৰাতো বিশেষ টান কাম নহয়, কাৰণ এই মাছবিধ বায়ুশ্বাসী হোৱা হেতুকে পানীৰ গুণাগুণ অতি বেয়া হ’লেও ই জীয়াই থাকিব পাৰে। আনকি মাগুৰ মাছে অতি কম গভীৰতাৰ পুখুৰী, ধাননি আদিতো ইয়াক পালন কৰিব পৰা যায়। মাগুৰ মাছ সৰ্বভোক্ষী, অৰ্থাৎ কেঁচু, পোক-পৰুৱাৰপৰা আদি কৰি সকলো খাদ্যকে সি খাব পাৰে। সেয়েহে মাগুৰ মাছক সংমিশ্ৰিত পদ্ধতিত অইন মাছৰ লগত একেলগে পালন কৰিব পৰা যায়। সংমিশ্ৰিত পদ্ধতিত অইন মাছৰ লগত মাগুৰ মাছ দিয়াৰ ফলত সংখ্যা বেছি হ’লেও অক্সিজেনৰ হ্ৰাস-বৃদ্ধিত ইয়াৰ কোনো ভূমিকা নাথাকে। গতিকে আমি মাগুৰ মাছ সংমিশ্ৰিত পদ্ধতিত পালন কৰিব পাৰোঁ।

এতিয়া প্ৰশ্নটো হ’ল- এই মাগুৰ মাছৰ পোনা ক’ৰপৰা সংগ্ৰহ কৰিব? মাগুৰ মাছৰ পোনা আধুনিক পদ্ধতিৰে প্ৰজনন কৰি সংগ্ৰহ কৰিব পাৰে। তদুপৰি প্ৰাকৃতিক জলাশয়ৰপৰাও তাক সংগ্ৰহ কৰিব পৰা যায়। ভাৰতবৰ্ষত আধুনিক পদ্ধতিৰে মাগুৰ মাছৰ পোনা সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তেনে কৰিবলৈ যাওঁতে আমি চিমেন্টেৰে নিৰ্মিত পুখুৰীত মাগুৰ মাছৰ মতা আৰু মাইকীক পৃথক পৃথককৈ ৰাখিব লাগে। জুন-আগষ্ট মাহত মাগুৰ মাছে পোনা উৎপাদন কৰিবলৈ সক্ষম হয়, তেনে অৱস্থাত প্ৰাকৃতিকভাৱে গাভিনী হোৱা মাছটোক পিটুইটেৰী গ্ৰন্থীৰপৰা প্ৰস্তুত কৰা প্ৰৰসেৰে বেজী দি(৩০ মিলিগ্ৰাম/ ১ কিলোগ্ৰাম ওজনৰ মাছত) উপযুক্ত পৰিৱেশত মাগুৰ মাছৰ পোনা উৎপাদন কৰিব পৰা যায়। মাগুৰ মাছৰ পোনা উৎপাদনৰ বাবে আগেয়ে ষ্ট্ৰিপিং পদ্ধতি ব্যৱহাৰ কৰা হৈছিল। এই পদ্ধতিত মতা মাছৰপৰা টেছটিছ(testes) উলিয়াই তাক ভালদৰে গুড়ি কৰি ০.৯ শতাংশ নিমখীয়া পানীত মিহলি কৰি সেই দ্ৰৱণ মাইকী মাছৰ ষ্ট্ৰিপিং(Striping) কৰি কণী উলিওৱাৰ পিছত তাৰ ওপৰত দিব লাগে। এনেদৰে নিষিক্ত কৰা কণীসমূহৰপৰা উপযুক্ত কৌশল প্ৰয়োগেৰে পোনা উৎপাদন কৰিব পৰা যায়। এই পদ্ধতিত মতা মাছটো আমি হেৰুৱাবলগীয়া হয়। বৰ্তমান অসম চৰকাৰৰ অন্তৰ্গত মীন সঞ্চালকালয়ৰ অধীনত থকা আমৰংগা ট্ৰেইনিং টেন্টাৰত মীন উন্নয়ন বিষয়া ৰবেন দাসৰ তত্বাৱধানত মাগুৰ মাছৰ পোনা উৎপাদন কৰি থকা হৈছে। ৰবেন দাসে দাবী কৰা মতে, মাগুৰ মাছৰ পোনা উৎপাদন কৰাৰ বাবে মতা মাছক এতিয়া আৰু হেৰুৱাব লগা নহয়। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশ সৃষ্টি কৰি মতা আৰু মাইকী মাছক চিন্থেটিক হ’ৰমন ব্যৱহাৰৰ জৰিয়তে মাগুৰ মাছৰ পোনা উৎপাদন কৰি কৃতকাৰ্য হ’ব পৰা যায়।

মাগুৰ মাছৰ পোনাসমূহ আমি চিমেন্টেৰে তৈয়াৰী নাইবা মাটিৰে নিৰ্মিত নাৰ্ছাৰী পুখুৰীত পালন কৰিব পাৰো। মাগুৰ মাছৰ এডভান্স ফ্ৰাইসমূহ নাৰ্ছাৰী পুখুৰীত ১০,০০,০০০-২০,০০,০০০ প্ৰতি হেক্টৰত ১৫-২০ দিন পৰ্যন্ত ৰাখিব পাৰো। মাগুৰ মাছৰ ফ্ৰাইক শুকান মাছৰ গুড়ি-চাউলৰ মল(১:১) অনুপাতত মিহলাই খুৱাব পাৰি। মাছৰ খাদ্য সন্ধিয়া সময়ত দিব লাগে। মাছৰ ওজনৰ ৫-১০ শতাংশ হাৰত খাদ্য যোগান ধৰিব লাগে। যেতিয়া ফ্ৰাইসমূহ ফিংগাৰলিং অৱস্থা পায়(৪-৫ ছেন্টিমিটাৰ দৈৰ্ঘ্য আৰু ১-২ গ্ৰাম ওজন) তেতিয়া তাক ডাঙৰ আহল-বহল ঠাইলৈ পৰিবহন কৰিব লাগে। ফিংগাৰলিংসমূহ ৫০ বৰ্গমিটাৰ কালি, ২৫-৩০ ছেন্টিমিটাৰ পানীৰ গভীৰতা থকা নাৰ্ছাৰী পুখুৰীলৈ পৰিবহন কৰা উচিত। যেতিয়া এই ফিংগাৰলিং ৮-১০ গ্ৰাম ওজন প্ৰাপ্ত হয়, তেতিয়া তাক পালন পুখুৰীলৈ পৰিবহন কৰিব লাগে। সংমিশ্ৰিত পদ্ধতিত যেতিয়া অইন কাৰ্পজাতীয় মাছৰ গড় ওজন ২৫০-৪০০ গ্ৰাম হয়, তেনে অৱস্থাত প্ৰতি হেক্টৰত ৫০০০-১০,০০০ হাৰত মাগুৰ মাছৰ পোনাসমূহ মেলিব লাগে। অসমৰ ক্ষেত্ৰত এই স্বদেশীয় মাছবিধ পালনৰ ক্ষেত্ৰত এতিয়াও সঠিক গুৰুত্ব দিয়া হোৱা নাই। যদি আমি এই মাছবিধৰ পোনা উৎপাদন আৰু ইয়াৰ ব্যৱসায়ত গুৰুত্ব দিওঁ, তেনেহ’লে ই অদূৰ ভৱিষ্যতে আৰ্থিক দিশ টনকিয়াল কৰাত বিশেষ ভূমিকা পালন কৰিব। আমিও অলপ কম দামত ঔষধি গুণযুক্ত এই মাছবিধ খাবলৈ সক্ষম হ’ম।

লেখক: প্ৰতুল ডেকা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/21/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate