বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন প্ৰজাতিৰ মাছ একেটা পুখুৰীতে প্ৰতিপালন কৰাকে মিশ্ৰিত মীন পালন বোলা হয় ৷ মিশ্ৰিত মীন পালনৰ দ্বাৰা মীন পালক সকলে একেখিনি পানীকালিৰ পৰা বৰ্দ্ধিত হাৰত মাছ উৎপাদন কৰি অধিক লাভৱান হব পাৰে ৷ এই পদ্ধতিত বিভিন্ন মাছৰ খাদ্যাভাস অনুসৰি আৰু বিচৰণ ক্ষেত্ৰ অনুযায়ী, উৎকৃষ্ট অনুপাতত সংমিশ্ৰণ কৰি পুখুৰীৰ পানীৰ প্ৰতিটো স্তৰ আৰু প্ৰাকৃতিক ভাবে মজুত থকা খাদ্যৰ উপযুক্ত ব্যৱহাৰ কৰিব পাৰি ৷ ইয়াৰোউপৰি, স্তৰ অনুযায়ী মাছৰ বিভাজন হোৱা বাবে মাছৰ মাজত দ্ৰবীভূত অক্সিজেন, খাদ্য আৰু বিচৰণ ক্ষেত্ৰৰ বাবে প্ৰতিযোগীতা কমি সমানে বঢ়াৰ সুযোগ পায়, ফলত মাছ মুঠ উৎপাদন বৃদ্ধি হয় ৷
মাটি ও পানীৰ ক্ষৰকতা, বিজাণুমুক্ত পৰিবেশ আৰু আৰ্বজনাৰ খৰতকীয়া পচন কাৰ্য্যৰ বাবে নিয়মিত চূন প্ৰয়োগ কৰা অত্যন্ত আৱশ্যকীয় ৷ সাধাৰণতে পানী ফৎ৬.৫-৮.৫ ৰ ভিতৰত থাকিব লাগে ৷
সাধাৰণতে পুখুৰীৰ চূণৰ পৰিমাণ:
৪০০ কেজি প্ৰতি হেক্টৰত
প্ৰাৰম্ভিক পৰিমাণ |
১০০ কেজি প্ৰতি হে. (পোনা মেলাৰ ১৫ দিন আগত) |
|
মাহিলী পৰিমাণ |
২৭ কেজি প্ৰতি হে. |
|
শেষৰ মাহৰ পৰিমাণ |
চূণ প্ৰয়োগ কৰিব নালাগে (সাধাৰণতে যিটো মাহত জাল মৰা হয়) ৷ |
|
বিশেষ পৰিমাণ | ২০০ কেজি প্ৰতি হে. (ৰোগাক্ৰান্ত হ’লে) |
সাৰ প্ৰয়োগ :
সাৰ্ | পৰিমাণ (কেজি প্ৰতি হে.) |
মন্তব্য |
গোৱঁৰ | ২০০০ | প্ৰৰম্ভিক পৰিমাণ (পোনা মেলাৰ ১৫ দিন আগত) |
গোঁৱৰ (১১টা ভাগত) | ১০০০ |
প্ৰতি মাহে |
ইউৰীয়া (pH ৬.৫-৭.৫) | ২৫ | প্ৰতি মাহে |
বা |
||
এমোনিয়াম ফচফেট (pH > ৭.৫) | ৩০ | প্ৰতি মাহে |
বা |
||
কেলচিয়াম এমোনিয়াম | ৩০ | প্ৰতি মাহে |
নাইট্ৰেট (pH ৫.৫-৬.৫) | ২০ | প্ৰতি মাহে |
এচএচপি |
২০ | প্ৰতি মাহে |
বা |
||
টিএচপি | ৮ | প্ৰতি মাহে |
ভকুঁৱা + ৰৌ + মিৰিকা = ৪ + ৩ + ৩
ভকুঁৱা + ৰৌ + মিৰিকা + ক’ম’ন কাৰ্প = ৩ + ৩ + ২ + ২ (গভীৰ পানীত)
= ৩.৫ + ১.৫ + ২.৫ + ২.৫ (বাম পানীত)
ভকুঁৱা + চিলভাৰ কাৰ্প + ৰৌ + মিৰিকা + ক’ম’ন কাপ + গ্ৰাছ কাৰ্প
= ১.৫. + ২.৫ + ১.৫ + ২ + ১.৫ + ১ (গভীৰ পানীত)
= ১.৫ + ২ + ২ + ১.৫ + ২ + ১ (বাম পানীত)
পোনা মেলাৰ হাৰ : ৫০০০-৬০০০ ফিংগাৰ লিং (১০-১৫ ছে:মি:) প্ৰতি হেক্টৰত ৷
মাছৰ খাদ্য : সম পৰিমাণৰ টুহঁগুৰিৰ লগত খলিহৈ মিহলি কৰি খুৱাব লাগে ৷
খাদ্যৰ হাৰ: মাছৰ দেহৰ ওজনৰ ২-৩% ৷
খাদ্যৰ তালিকা : (এবছৰত প্ৰতি হেক্টৰত ৫০০০ ফিংগাৰলিংৰ বাবে) প্ৰথম মাহত প্ৰতিদিনে ৪ কে:জি: আৰু দ্বিতীয় মাহত ৫ কে:জি: খাদ্যৰ প্ৰয়োজন ৷ তৃতীয় মাহৰ পৰা প্ৰতিদিনে ৬ কে:জি:, ৪ৰ্থ মাহত ৮ কে:জি: ক্ৰমে এবছৰৰ মাহিলী ২ কে:জি: হাৰত খাদ্য বঢ়াই যাব লাগে৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।শেহতীয়া উন্নীতকৰণ: : 6/29/2020