জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা দৰকাৰী পুষ্টিকৰ খাদ্যসমূহৰ ভিতৰত মাছ অন্যতম ৷ কিয়নো মাছৰ দেহৰ পৰা শৰীৰ গঠনকাৰী পদাৰ্থ যেনে :- প্ৰ’টিন, লাগতিয়াল এমাইন’এছিদ, খাদ্যপ্ৰাণ, কেলচিয়াম, ফচফৰাচ আদি প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ দুখীয়া জনসাধাৰণৰ কাৰণে মাছখেতি হৈছে উপযুক্ত খাদ্যপ্ৰাণ যুগুতোৱা আৰু আৰ্থিক দিশ সবল কৰাৰ এটি সহজ সৰল পথ ৷ মিশ্ৰিত মীন পালন এনে এটা পদ্ধতি যিটোৰ দ্বাৰা ভিন্ন ভিন্ন খাদ্যভ্যাসৰ কেইবাবিধো সঙ্গত প্ৰজাতিৰ (কাৰ্প) মাছ একেলগে পুখুৰীত মেলি দিয়া হয় ৷ এনে কৰাৰ ফলত পুখুৰীত খাদ্যৰ প্ৰাচূৰ্যতা আৰু খাদ্যাভ্যাসৰ ওপৰত নিৰ্ভৰ কৰি জলৰাশিৰ বিভিন্ন স্তৰত অৱস্থান গ্ৰহণ কৰা মাছবোৰে (কাৰ্প) পুখুৰীৰ সমগ্ৰ প্ৰাকৃতিক খাদ্যৰ উপযুক্ত ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধিত অৰিহনা যোগায়৷
মিশ্ৰিত মীন পালনে বাবে পুখুৰীৰ আকৃতি আয়তাকাৰ, আয়তন ০.১ হেক্টৰত (৪ কঠা) কৈ কম আৰু ২ হেক্টৰতকৈ (প্ৰায় ১৫ বিঘা) বেছি হ’ব নালাগে ৷ পানীৰ গভীৰতা সাধাৰণতে ১.৫ – ৩.০ মিটাৰ হব লাগে৷
উৎপাদকতাৰ প্ৰতি লক্ষ্য ৰাখি পুখুৰীটো মীন পালনৰ উপযোগীকৈ প্ৰস্তুত কৰি লব লাগে৷
১.পুৰণি পুখুৰীৰ ক্ষেত্ৰত তলিৰ বোকা অপসাৰণ কৰিব লাগে ৷ নতুন পুখুৰীৰ ক্ষেত্ৰত তলিখন হালবাই বা কোৰ মাৰি কোমলাব লাগে ৷
২.পুখুৰী তৰাং হ’লে খান্দি গভীৰ কৰিব লাগে ৷
৩.বৃহৎ মুক্ত জলাশয়ৰ বেলিকা তৰাং অঞ্চলত বান্ধ দি খণ্ডকৈ সৰু আকৃতিৰ পুখুৰী কৰি ল’ব পাৰি ৷
লাভজনক মাছখেতিৰ উন্নয়ণৰ মুলতে হ’ল বৈজ্ঞানিক পদ্ধতিত পুখুৰী পৰিচালনা ৷ সাধাৰণতে তিনিটা পৰ্য্যায়ত এনে পৰিচালনা লক্ষ্য কৰিব পাৰি ৷
(ক) পোনা মেলাৰ আগৰ অৱস্হা
১. জলজ উদ্ভিদ নিবাৰণ : মাছৰ আশানুৰূপ উৎপাদন পাবৰ বাবে পুখুৰী জলজ অপতৃৰ্ণৰ পৰা মুক্ত হ’ব লাগে ৷ প্ৰধানত: তিনিটা পদ্ধতি - দৈহিক আৰু যান্ত্ৰিক, ৰাসায়ণিক আৰু জৈৱিক পদ্ধতি অৱলম্বনৰ দ্বাৰা জলজ অপতৃৰ্ণ নিবাৰণ কৰিব পাৰি যদিও সৰু ক্ষেত্ৰৰ পুখুৰীৰ বাবে দৈহিক বা যান্ত্ৰিক পদ্ধতিৰে অপতৃৰ্ণ আতৰ কৰিব পাৰি৷ তিনিওটা পদ্ধতিৰ ভিতৰত জৈৱিক পদ্ধতি বেছ উজু, সহজ সৰল, লাভজনক আৰু নিৰাপদ৷
২. অবাঞ্চিত মাছ, পতঙ্গৰ নিবাৰণ: কাৰ্প পালন পুখুৰীত অন্য মাছ থকা উচিত নহয় ৷ উৎপাদন দিয়া, বজাৰ চাহিদা, বৃদ্ধিৰ হাৰ আদি লক্ষ্য কৰিলে এনে মাছবোৰ অপকাৰী,অবাঞ্চনীয় বুলি গণ্য কৰা হয় ৷ পুখুৰীত এনে মাছৰ নিবাৰণ নিত্যান্তই আৱশ্যৱকীয়৷ সাধাৰণতে মহুৱা খলিহৈ ৩৩৪ কি:গ্ৰা:/বিঘা পানী কালিৰ হিচাপত ব্যৱহাৰ কৰি সুফল পাব পাৰি৷ সম্ভৱ হ’লে পুখূৰীত পানী সিঁচি তলিখন সূৰ্য্যৰ পোহৰত ভালদৰে শুকান কৰি লব লাগে৷
৩. চূণ প্ৰয়োগ : সাধাৰণতে পুখুৰীৰ বেদিকাত চূণ প্ৰয়োগ কৰিলে বেছি সুফল পোৱা যায় ৷ পানী সিঁচিব নোৱাৰিলে পানীতেই চূণ দিব লাগে ৷ মাটি আৰু পানীৰ পি.এইচৰ ওপৰত নিৰ্ভৰ কৰি পুখুৰীত তলত দিয়া নিৰিখত চূণ ব্যৱহাৰ কৰা হয় ৷
মাটি আৰু পানীৰ পি.এইচ | দিবলগীয়া চূণৰ পৰিমাণ (কি:গ্ৰা:/বিঘা/বছৰ) |
৪.০ – ৫.০ | ২৭০ |
৫.০ – ৬.৫ | ১৪০ |
৬.৬ – ৭.৫ | ৭০ |
৭.৬ – ৮.৫ | ২৫ |
৮.৬ – ৯.৫ | -- |
৪. সাৰ প্ৰয়োগ: সাধাৰণতে দুই প্ৰকাৰৰ সাৰ পুখুৰীত যোগান ধৰিব লাগে জৈৱিক আৰু অজৈৱিক সাৰ ৷
(ক) জৈৱিক সাৰ : মাটিৰ পুষ্টিমুল্য অনুসৰি চূণ প্ৰয়োগৰ ৩ দিন পিছত জৈৱিক সাৰ প্ৰয়োগ কৰা হয় ৷ সাধাৰণতে পুখুৰীত গৰুৰ গোবৰ ৬৭০ কি:গ্ৰা:/বিঘা/বছৰ হিচাবত ব্যৱহাৰ কৰা হয় ৷
(খ) অজৈৱিক সাৰ : জৈৱিক সাৰ প্ৰয়োগৰ ১৫ দিন পিছত এই সাৰ প্ৰয়োগ কৰিব পাৰি ৷ প্ৰতিবিঘা পানীকালিৰ পুখুৰীত বছৰত ইউৰীয়া ১৩ কি:গ্ৰা:, একক চুপাৰ ফচফেট ৩ কি:গ্ৰা: আৰু মিউৰেট অৱ পটাছ ১২ কি:গ্ৰা: হিচাবত যোগান ধৰিব পাৰি ৷ চূণ, জৈৱিক আৰু অজৈৱিক সাৰখিনি এবছৰত দিব লগা মূঠ পৰিমাণৰ ১/৩ অংশ দি বাকীখিনি সমানে ১১টা কিস্তিত ভগাই মাহেকত প্ৰয়োগ কৰিব লাগে ৷
পোনা মেলাৰ সময়ৰ পৰিচালনা :
সাৰ প্ৰয়োগৰ ১৫ দিন পিছত পুখুৰীটো পোনা মেলাৰ বাবে উপযুক্ত হয় ৷ এপ্ৰিলৰ পৰা জুলাই মাহলৈকে পোনা এৰাৰ উপযুক্ত সময়৷ ১০-১৫ ছে:মি: দৈৰ্ঘ্যৰ আঙুলি সদৃশ পোনা (ফিংগাৰলিং) প্ৰতিবিঘাত ৬৭০ টা হিচাপত মেলিব পাৰি৷
পোনাৰ উপলভ্যতা, উৎপাদকতা, পুখুৰীৰ গভীৰতা আয়তন আৰু বজাৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৩,৪ বা ৬ প্ৰজাতিৰ পোনাৰ সংমিশ্ৰণ মেলিব পাৰি ৷ তলত উল্লেখ কৰা অনুপাতত প্ৰজাতিৰ মিশ্ৰিত পালন কৰা হয়৷
প্ৰজাতি |
প্ৰজাতিৰ |
সংমিশ্ৰন |
(অনুপাত) |
|
৩ প্ৰজাতি |
৪ প্ৰজাতি |
৬ প্ৰজাতি |
বাহু ৰৌ মিৰিকা কমন কাৰ্প চিলভাৰ কাৰ্প গ্ৰাছ কাৰ্প |
৪ ৩ ৩ - - - |
৩-৪ ২-৩ ১.৫-২.০ ২.০-২.৫ - - |
১-১.৫ ১.৫-২.০ ১.৫-২.০ ২.০-২.৫ ২.০-৩.০ ৫.০-১.৫ |
(খ) পোনা মেলাৰ পিছৰ অৱস্থা :
১. খাদ্য যোগান : আশানুৰূপ উৎপাদন বৃদ্ধি পাবলৈ হ’লে মাছক নিয়মিতভাৱে পৰিপুৰক খাদ্যৰ যোগান ধৰিব লাগে ৷ পোনা এৰাৰ ২য় দিনৰ পৰাই মাছক খাদ্যৰ যোগান ধৰিব লাগে ৷ সাধাৰণতে চাউলৰ মল আৰু খলিহৈ ১:১ অনুপাতত মিহলাই মাছৰ মুঠ ওজনৰ ২-৩% হাৰত ৰাতিপুৱা বা আবেলি নিয়মিত ভাৱে দৈনিক নিৰ্দ্দিষ্ট সময়ত যোগান ধৰিব লাগে ৷ গ্ৰাছ কাৰ্পৰ বাবে পুখুৰীত ঘাঁহ জাতীয় খাদ্য যেনে: হাইড্ৰিলা, এজ’লা, নেপিয়াৰ, পাৰা, কবিৰ পাত, কলপাত আদিৰ যোগান ধৰিব লাগে ৷ মাজে সময়ে পানীৰ ণ্ডনাণ্ডণ পৰীক্ষা কৰি, নিয়মিত ভাৱে মাছৰ ৰোগ নিৰীক্ষণ কৰি নিৰাময়ৰ ব্যৱস্হা কৰিব লাগে ৷
বৈজ্ঞানিক পদ্ধতি অৱলম্বনৰ দ্বাৰা মীন পাম পৰিচালনা কৰিলে উৎপাদন বৃদ্ধি দ্ৰুততৰ হয় ৷ সাধাৰণতে পোনা এৰাৰ ৭-৮ মাহৰ ভিতৰত গ্ৰাছকাৰ্প আৰু চিলভাৰ কাৰ্পবোৰ প্ৰায় ১ কি:গ্ৰা: ওজনৰ হয়গৈ ৷ বাকী কাৰ্পবোৰ ১ কি:গ্ৰা: পাবলৈ প্ৰায় ১ বছৰ লয় ৷ পুখুৰীত মাছৰ ওজন ৭৫০ গ্ৰামৰ পৰা ১ কি:গ্ৰা: হ’লে উঠাই পেলাব লাগে ৷ সংমিশ্ৰিত পদ্ধতিত এবিঘা পানী কালি পুখুৰীৰ পৰা বছৰত ৪০০-৬০০ কি:গ্ৰা: মাছৰ উৎপাদন পোৱা যায় ৷ অৰ্থনৈতিক দিশৰ পৰা এনে পদ্ধতিত মাছ পালন কৰি খৰচ কৰা প্ৰতিটো টকাৰ বাবদ প্ৰায় ১৫ (পোন্ধৰ) পইচাকৈ লাভ পাব পাৰি ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।শেহতীয়া উন্নীতকৰণ: : 3/30/2020
মুকালমুৱাৰ দ ভুমিত সমন্বিত ধান আৰু মীনপালন