অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মূল্য সংযোজিত সামগ্ৰী

মাছৰ পৰা মূল্য সংযোজিত উৎপাদন

মাছৰ কাটলেট

কেন্দ্রীয় মৎস্য প্রযুক্তি প্ৰতিষ্ঠানে প্রস্তুত কৰা বিভিন্ন সামগ্ৰীৰ ভিতৰত মাছৰ কাটলেটো এটা। এইটো প্ৰস্তুত কৰিবলৈ মূলতঃ মাছৰ কিমা (গোটা মাছৰ পৰা মাংস উলিওৱা যন্ত্রৰ সহায়ত উলিওৱা মাছৰ মাংস)ৰ প্ৰয়োজন।

  • ৰান্ধি লোৱা মাছৰ মাংস : ১০০০ গ্ৰাম
  • নিমখ : ২৫ গ্রাম (প্রায় – সোৱাদ অনুযায়ী)
  • তেল : ১২৫ মি.লি.
  • কেঁচা জলকীয়া : ১৫ গ্রাম
  • আদা : ২৫ গ্রাম
  • পিয়াজ : ২৫০ গ্রাম
  • আলু (সিজাই লোৱা) : ৫০০ গ্রাম
  • জালুক (গুড়ি) : ৩ গ্রাম (সোৱাদ অনুযায়ী)
  • লং (গুড়ি) : ৩ গ্রাম
  • দালচেনি (গুড়ি) : ২গ্রাম (সোৱাদ অনুযায়ী)
  • হালধী : ২ গ্রাম
  • কণী : ৪ টা
  • পাউৰুটিৰ গুড়ি : ২০০ গ্রাম

প্ৰস্তুত কৰাৰ পদ্ধতি

  • মাছৰ কিমাখিনি উতলা পানীত ২০ মিনিট সিজাওক।
  • পানীখিনি আঁতৰাই লওঁক। (যদি গোটা মাছ হয় তেন্তে মাছটো কাটি ৩০ মিনিট সিজুৱাৰ পিছত পানী খিনি আঁতৰাই লওক)।
  • ছাল, আঁহ আৰু কাইট পেলাই মাংসখিনি বেলেগ কৰি লওঁক।
  • সিজাই লোৱা মাছখিনিত নিমখ আৰু হালধী ভালকৈ সানি লওঁক।
  • তেলত কটা পিঁয়াজ বাদামী ৰং হোৱালৈ ভাজী লওঁক। জলকীয়া আৰু আদা ভাজি লওঁক। এইবিলাক সিজাই মাছৰ লগত মিহলাই লওঁক।
  • সিজাই পিটিকি লোৱা আলু আৰু মচলাবিলাক মাছৰ লগত ভালকৈ সানি মিহলাই লওঁক।
  • মিশ্ৰণটো ৪০ গ্রাম হিচাপত ডিম্বাকৃতি বা গোলাকৃতিত ভাগ-ভাগ কৰি লওঁক, সিজোৱা কণীত ডুবাই লৈ পাউৰুটিৰ গুড়িত ৰুল কৰি সানি লৈ ডীপ ফ্রীজাৰত সংৰক্ষণ কৰক।
  • খোৱাৰ আগত তেলত ভাজি লওঁক।

জল-কৃষি পদ্ধতিৰে বর্জ্য-জল পৰিশুদ্ধিকৰণ

দেশৰ ক্রমবর্ধমান জনসংখ্যাৰ লগে লগে বৰ্ত্তমানে কল-কাৰখানাৰ পৰা নির্গত প্রচুৰ পৰিমাণৰ তৰল বৰ্জ্য আৰু গোটা বর্জ্যৰ উপৰিও উৎপন্ন বর্জ্যৰ পৰিমাণো পানীয়ে কৰিব পৰা শুদ্ধিকৰণৰ ক্ষমতাৰ তুলনাত বহুত বাঢ়ি গৈছে৷ সেয়েহে গার্হস্থ্য নর্দমাৰ পানী পৰিশুদ্ধ কৰি প্রাকৃতিক পানীত এৰাৰ উপযুক্ত কৰিবলৈ গুৰুত্বপূৰ্ণ চেষ্টা চলোৱা হৈছে৷

জৈৱ পদ্ধতিত পৰিশুদ্ধিকৰণৰ ধাৰণা

  • জৈৱ পৰিশুদ্ধিকৰণত সু-ঐক্যবদ্ধভাবে বেক্টেৰিয়াৰ স্বাভাবিক জৈৱ-ৰাসায়নিক কাৰ্য্যকলাপ ব্যৱহাৰ কৰি জৈৱ বস্তুৰ জাৰন ঘটাই কাৰ্বন ডাই অক্সাইড, পানী, নাইট্ৰজেন আৰু ছালফেটলৈ ৰূপান্তৰিত কৰা।
  • গার্হস্থ্য নর্দমাৰ পানী পৰিশুদ্ধ কৰিবলৈ ব্যাপকভাবে ব্যবহৃত পদ্ধতিবিলাক হল এক্টিভেটেড স্লাজ আৰু ট্রিকলিং ফিল্টাৰ পদ্ধতি, অক্সিডেচন/বর্জ্য স্থিৰ কৰা জলাশয়, এৰিয়েটেড লেগুন আৰু বিভিন্ন ধৰণৰ এনুৰোবিক বা অবাত শুদ্ধিকৰণ পদ্ধতি।
  • সকলোতকৈ সাম্প্রতিক পদ্ধতিটো হল আপফ্লো এনৰোৱিক স্লাজ ব্ল্যাঙ্কেট(ইউ এ এস বি)পদ্ধতি। নর্দমাৰ বৰ্জ্য পুনঃব্যৱহাৰৰ দ্বাৰা কৃষি, উদ্যান আৰু জলজ কৃষি ইত্যাদি পৰম্পৰাগত পদ্ধতিবিলাক মূলতঃ জৈব পদ্ধতি হোৱা বাবে ই বহুতো দেশত প্রচলিত। কলকাতত নর্দমাৰ বৰ্জ্য ভেড়িলৈ নি তাত মাছ পালন পৃথিবী বিখ্যাত। এই পদ্ধতিত প্রধানতঃ মূল হল নর্দমাৰ পানীৰ পৰা পুষ্টি উদ্ধাৰ কৰা।
  • এইবিলাক পদ্ধতিৰ পৰা শিক্ষালৈ আৰু বর্জ্যপানী পৰিচালনাৰ বিভিন্ন বিষয়ৰ নতুন তথ্যৰ উপৰত ভিত্তি কৰি গার্হস্থ্য বর্জ্যপানীৰ শুদ্ধিকৰণৰ উপায় হিচাপে জলজ-কৃষি পদ্ধতিক প্রস্তাৱিত আৰু প্রমানিত কৰা হৈছে।

পৰিশুদ্ধিকৰণৰ প্ৰক্ৰিয়া

জলজ-কৃষিৰ দ্বাৰা বর্জ্য পানী পৰিশুদ্ধিকৰণৰ ব্যৱস্থাৰ ভিতৰত আছে নর্দমাৰ জল সুমোৱাৰ ব্যৱস্থা, ডাকঊইড কালচাৰ কমপ্লেক্স, নর্দমাৰ পানীত মাছৰ জলাশয়, ডিপিউৰেচন জলাশয় আৰু পানী উলিয়াই দিয়াৰ ব্যৱস্থা।

  • ডাকউইড কালচাৰ কমপ্লেক্সত এটাৰ পিছত এটাকৈ কেবাটাও ডাকউইড জলাশয়ত থাকে যত জলজাত মাইক্রোফাইট্‌চ যেনে স্পিৰোডেলা, উলফিয়া আৰু লেমনা জন্মোৱা হয়। বর্জ্যজল মাধ্যাকর্ষণ বা পাম্পিংৰ সহায়ত ডাকউইড কালচাৰ প্ৰণালীৰ মাজতলৈ মাছৰ পুখুৰিত এৰাৰ আগত ইয়াত দুদিন ৰখা হয়।
  • ১ এম.এল.ডি বর্জ্যজল প্রক্রিয়াকৰণৰ মডেল তৈয়াৰ কৰা হল তিনি শাৰীত ২৫মিঃ X ৮মিঃ X ১মিঃৰ ১৮টা ডাকউইড জলাশয় নির্মাণ কৰা যত পানীক তিনিটা জলাশয়ৰ মাজেৰে ঢালৰ সহায়ত জলাশয়ত প্ৰবাহিত কৰা হয়।
  • পদ্ধতিটোত ৫০মিঃ X ২০মিঃ X ২মিঃ আকাৰৰ ২টা মাছৰ জলাশয় আৰু ৪০মিঃX২০মিঃX২মিঃৰ আকাৰৰ ২টা মার্কেটিং/ডিপিউৰেশ্বন জলাশয় থাকে৷ পদ্ধতিটোত বর্জ্য পানীৰ পৰা গোটা বস্তু বাদ দিয়াৰ পিছত প্রাথমিকভাবে প্রক্রিয়াকৃত বর্জ়্য পানী প্রবেশ কৰোৱা হয়।
  • আনহাতে ভুৱনেশ্বৰৰ দুটা ঠাইত ৮ এম.এল.ডি. নর্দমাৰ পানী পৰিশুদ্ধিকৰণৰ বাবে যি দুটা চিস্টেম চলোৱা হয় তাৰ পৰিকল্পনাত অধিক পৰিমানৰ বর্জ্যজল পৰিশুদ্ধিকৰণৰ বাবে কিছু পৰিবৰ্ত্তন কৰা হৈছে।
  • যিহেতু কার্যকৰীভাবে পৰিশুদ্ধিৰ গৃহীত বি.ও..ডিৰ সর্বাধিক অনুকূল মাত্রা ১০০-১৫০ মি.গ্রা/লিৰ মাজত অৱস্থিত, উচ্চ জৈৱ আৰু বি.ও.ডি. মাত্রা থকা ক্ষেত্ৰত এটা এনোৰোবিক ইউনিট যোগ কৰাৰ প্রয়োজন হব পাৰে।
  • ডাকউইড কালচাৰ ইউনিটে গধুৰ ধাতু আৰু অন্য ৰাসায়নিক গেদ আঁতৰোৱাত সহায় কৰে, যিবিলাকে অন্যথা পালন কৰা মাছৰ মাধ্যমত মানুহৰ খাদ্যত সোমায়। এইবিলাক পুষ্টি পাম্প হিচাপেও কাম কৰে, ইউট্রফিকেচন বা পানীত পুষ্টিতত্ত্বৰ বৃদ্ধিৰ প্ৰভাৱ হ্ৰাস কৰে আৰু এইবিলাকৰ সালোকসংশ্লেষণ প্রক্রিয়াৰ পৰা অক্সিজেন সৰবৰাহ কৰে। ১০০ মি.গ্রা. /লি. বি.ও.ডি. ৫ মাত্রাসহ বর্জ্যপানী সৰ্বমুঠ ৫ দিন ধৰি ৰাখি পৰিশুদ্ধি কৰি চূড়ান্ত বি.ও.ডি.৫ৰ মাত্রা নামি প্ৰাকৃতিক পানীত মিহলোৱাৰ মাত্ৰা ১৫-২০ মি.গ্রা./লি. লৈ আহে যিটো প্রাকৃতিক পানীত বাহিত কৰাৰ সকলো প্রয়োজনীয় পৰিসীমাৰ ভিতৰত থাকে।
  • ইয়াৰ ওপৰিও, নর্দমাবাহিত ব্যৱস্থাৰ উচ্চ উৎপাদনশীলতা আৰু বহন ক্ষমতাৰ সুবিধালৈ পুখুৰিত ৩-৪ টন কার্প/হে. মাছ উৎপাদন কৰিব পৰা যায়। পদ্ধতিটোৱে ডাকউইড আৰু মাছ পুনঃপ্ৰাপ্তিৰ ক্ষেত্ৰত উচ্চ সম্ভাৱনাময় সম্পদৰ এটি জৈৱ শুদ্ধিকৰণ ব্যবস্থাৰ যোগান ধৰে। এই জৈব শুদ্ধিকৰণ ব্যৱস্থাৰ প্রধান অসুবিধাটো হল শীত কালত আৰু নাতিশীতুষ্ণ জলবায়ু অঞ্চলত শুদ্ধিকৰণৰ কার্যকাৰিতা কমি যায়। তুলনামূলকভাবে কম মাটিৰ প্রয়োজনীয়তা(১এম.এল.ডি. নর্দমাৰ পানী শুদ্ধ কৰিবলৈ ১হে.), আৰু সঙ্গতিৰ পৰা পোৱা প্রাপ্ত আয়ৰ পৰা অংশিক ভাবে কামৰ খৰচৰ ওলোৱা বাবে এই পদ্ধতিটোক বর্জ্যপানী প্রাকৃতিক পানীত মিহলোৱাৰ পূৰ্বে পৰিশুদ্ধিকৰণৰ আদর্শ পদ্ধতি ৰূপে নিদ্ধাৰিত হৈছে।
উত্স: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate