অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাইগৰু,গাহৰি,ছাগলী আৰু কুকুৰা পালন আঁচনি:

 

 

গাইগৰু পালন আঁচনিৰ উদ্দেশ্য:

 

ক)বিশুদ্ধ গাখীৰ উৎপাদনৰ অৰ্থে আধুনিক দুগ্ধপাম স্থাপনত উৎসাহ প্ৰদান

খ)উচ্চ প্ৰজননক্ষম সংৰক্ষণ হোৱাকৈ দামুৰি পালনত উদগনি যোগোৱা।

গ)অসংগঠিত খণ্ডৰ গাঁথনিৰ পৰিবৰ্তনকৰণ,যাতে প্ৰাথমিক পৰ্যায়ৰ উৎপাদনকাৰ্য গাঁৱতেই কৰিব পৰা যায়।

ঘ)সুস্থ বাণিজ্যিক স্তৰলৈ আনিব পৰাকৈ গাখীৰৰ মান আৰু পৰম্পৰাগত প্ৰথাৰ উন্নতিকৰণ।

ঙ)স্বনিয়োজনৰ সৃষ্টিকৰণ আৰু বিশেষকৈ অসংগঠিত খণ্ডৰ বাবে সা-সুবিধা প্ৰদান।

চ)গোহালী নিৰ্মাণ,ভাল গাখীৰ দিয়া গৰু,গাখীৰ খিৰোৱা মেছিন ক্ৰ্য় কৰা আদিৰ বাবে ঋণ প্ৰদান।

যোগ্যতা:

 

কৃষক,গাইগুটীয়া উদ্যমী,এন জি অ’সমূহ,কোম্পানীসমূহ,অসংগঠিত বা সংগঠিত খণ্ডৰ গোটসমূহ।সংগঠিত গোটৰ ভিতৰত থাকিব আত্মসহায়ক গোট,দুগ্ধ সমবায় সমিতিসমূহ,দুগ্ধ ইউনিয়ন,দুগ্ধ ফেডাৰেচন আদি।

বন্ধকী আৰু পৰিশোধ:

 

ক)বেংক ঋণযোগে আহৰণ কৰা সম্পদ প্ৰাথমিক বন্ধক হিচাপে ধৰা হব।

খ)কামৰ ধৰণ আৰু ঋণৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি ঋণ পৰিশোধ কাল 3 ৰ পৰা 7 বছৰৰ ভিতৰত হ’ব।

গাহৰি পালন আঁচনি:

 

উদ্দেশ্য:

 

ক)কৃষক/শ্ৰমিকসকলক ব্যৱসায়িকভাৱে গাহৰি পালনৰ বাবে উৎসাহিত কৰা।

খ)গড়াল বনোৱা,পোৱালী ক্ৰয় কৰা আৰু দানা ও অন্য সামগ্ৰী ক্ৰয়ৰ বাবে ঋণ প্ৰদান।

যোগ্যতা:

 

ব্যক্তিগত পালক যাৰ গাহৰি পালনৰ অভিজ্ঞতা আছে,উৎপাদনকাৰী সংস্থা,আত্মসহায়ক গোট,যুটীয়া দায়বদ্ধ গোট,সমবায় আৰু ব্যক্তিগত উদ্যোগী।

বন্ধকী আৰু পৰিশোধ:

 

ক)বেংক ঋণযোগে আহৰণ কৰা সম্পদ প্ৰাথমিক বন্ধক হিচাপে ধৰা হব।

খ)ঋণ পৰিশোধৰ সময়সীমা কাৰ্য্যপ্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰি 5 ৰ পৰা 6 বছৰৰ ভিতৰত হ’ব।

ছাগলী পালন আঁচনি:

 

উদ্দেশ্য:

ক)কৃষক সকলৰ ঘৰুৱাভাবে ছাগলী পালনৰ পৰিবৰ্তে ব্যৱসায়ীকভাবে ছাগলী পালনৰ বাবে উৎসাহ প্ৰদান।

খ)গড়াল বনোৱা,পোৱালী ক্ৰয় কৰা আৰু দানা ও অন্য সামগ্ৰী ক্ৰয়ৰ বাবে ঋণ প্ৰদান।

যোগ্যতা:

ব্যক্তিগত পালক যাৰ ছাগলী পালনৰ অভিজ্ঞতা আছে,উৎপাদনকাৰী সংস্থা,যুটীয়া দায়বদ্ধ গোট,সমবায় আৰু ব্যক্তিগত উদ্যোগী।

বন্ধকী আৰু পৰিশোধ:

ক)বেংক ঋণযোগে আহৰণ কৰা সম্পদ প্ৰাথমিক বন্ধক হিচাপে ধৰা হব।

খ)ঋণ পৰিশোধৰ সময়সীমা কাৰ্য্যপ্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰি 9 বছৰৰ ভিতৰত হ’ব।

ব্ৰইলাৰ পালন আঁচনি:

 

উদ্দেশ্য:

 

এই আঁচনিৰ অধিনত বিদ্যমান কৃষক আৰু নৱাগত কৃষকসকলক ব্ৰইলাৰ ফাৰ্মিং ব্যৱস্থা যোগে ব্ৰয়লাৰ গৃহ আৰু খাদ্যৰ গোদাম ঘৰ নিৰ্মাণ আৰু অন্য আৱশ্যকীয় সা-সজুলি ক্ৰয় কৰাৰ কাৰণে ঋণৰ যোগান ধৰা হয়।

যোগ্যতা:

 

খেতিয়ক,ব্যক্তিগত উদ্যোক্তা,বেচৰকাৰী অনুষ্ঠান,কোম্পানী,সমবায় সমিতি,আত্ম সহায়ক গোটকে ধৰি সংগঠিত বা অসংগঠিত গোটসমূহ,যৌথ দায়িত্ববাহী গোট আদি।

বন্ধকী আৰু পৰিশোধ:

 

ক)বেংক ঋণযোগে আহৰণ কৰা সম্পদ প্ৰাথমিক বন্ধক হিচাপে ধৰা হব।

খ)প্ৰকল্পৰ কাৰ্যকলাপ আৰু নগদ উপাৰ্জনৰ ভিত্তিত পৰিশোধৰ সময়সীমা 5-9 বছৰৰ হ’ব।

 

উৎস:এপেক্স বেংক

শেহতীয়া উন্নীতকৰণ: : 11/22/2021



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate