বাস্তৱ ক্ষেত্ৰত দেখা গৈছে যে আমাৰ বহুতো গো-পালকে পোৱালিবোৰক যথেষ্ট গাখীৰ খাবলৈ নিদিয়ে। ফলত পোৱালিবিলাকৰ শ্ৰীবৃদ্ধিত বাধাপ্ৰাপ্ত হৈ ক্ৰমান্বয়ে নিশকতীয়া হৈ পৰে। সেয়েহে পোৱালিবিলাকক মাকৰ গাখীৰ অন্তত: ৩ মাহলৈ যথেষ্ট পৰিমাণে খাবলৈ দিব লাগে। সাধাৰণতে এটা পোৱালিয়ে তাৰ শৰীৰৰ ওজনৰ ১০ ভাগৰ ১ ভাগ পৰিমাণৰ গাখীৰ দিনটোত খাবলৈ পাব লাগে। এনে গাখীৰৰ পৰিমাণ দিনটোত ৪.৫ লিটাৰতকৈ বেছি হ’ব নালাগে। গাখীৰখিনি একেবাৰতে খাবলৈ নিদি অলপ অলপকৈ ঘনাই খুৱালে ভাল।
পালকসকলে পোৱালিবিলাকৰ শৰীৰৰ শ্ৰীবৃদ্ধিৰ বাবে অধিক পৰিমাণৰ খনিজ পদাৰ্থ, প্ৰ’টিন, কাৰ্বহাইড্ৰেট আদি আৱশ্যকীয় সকলো উপাদান থকা দানাত (CALFSTARTER RATION) নিজে তৈয়াৰ কৰি ল’ব পাৰে।Calf Starter Ration অধিক পৰিমাণৰ প্ৰ’টিন (২০-২০%) আৰু খনিজ পদাৰ্থ (৭০-৭৪ ভাগ) উপাদানেৰে তৈয়াৰ কৰা হয়।
তলত সহজতে পোৱা উপাদানেৰে CALF STARTER RATION তৈয়াৰ কৰা প্ৰণালী দেখুওৱা হৈছে -
তালিকা নং ১
উপাদান |
শতকৰা ভাগ |
মাকৈৰ গুড়ি |
৫০ অংশ |
বাদামৰ খলিহৈ |
৩০ শতাংশ |
শুকান মাছৰ গুড়ি |
১০ শতাংশ |
চাপ ৰৰ্ভুচি |
৭.৫ অংশ |
খনিজ মিশ্ৰণ |
২ অংশ |
নিমখ |
০.৫ অংশ |
তালিকা নং ২
মাকৈৰ গুড়ি |
৫০ অংশ |
বাদামৰ খলিহৈ |
২০ অংশ |
শুকান মাছৰ গুড়ি |
৬ অংশ |
ভুচি/চাপৰ |
১০ অংশ |
চাউলৰ মল |
১২ অংশ |
খনিজ মিশ্ৰণ |
১ অংশ |
নিমখ |
১ অংশ |
বজাৰত নানাধৰণৰ উচ্চমানবিশিষ্ট খনিজ লৱণ, শুকান মাছৰ গুড়ি আৰু অন্যান্য উপাদানসমুহ কিনিবলৈ পোৱা যায়। তদুপৰি, আজিকালি বহুতো ঔষধ প্ৰতিষ্ঠানে পোৱালিৰ শ্ৰীবৃদ্ধিৰ বাবে আৱশ্যকীয় উচ্চমানবিশিষ্ট বহুতো খাদ্য প্ৰস্তুত কৰি উলিয়াইছে। পালকসকলে এনে খাদ্য চিকিৎসকৰ পৰামৰ্শ অনুযায়ী প্ৰয়োগ কৰিব পাৰে।
পোৱালিৰ শৰীৰৰ ওজন অনুপাতেহে ফেঁহু, গাখীৰ আৰু CALF STARTER RATION খুৱাব লাগে।
খাদ্যৰ উপৰি পোৱালিবিলাক যথেষ্ট পৰিমাণৰ উন্নত জাতৰ সেউজীয়া কেঁচা ঘাঁহ আৰু কিছু পৰিমাণে খেৰ দিব লাগে।
কেতিয়াবা দেখা যায় যে দুৰ্ঘটনা ক্ৰমে পোৱালি জন্ম হোৱাৰ পাছতে মাকজনী বিভিন্ন ৰোগত আক্ৰান্ত হৈ বা অতিপাত ৰক্তক্ষৰণ হৈ মৃত্যু বৰণ কৰে। তেনে ক্ষেত্ৰত পালকসকলে কিছু কষ্ট কৰি ঘাতমাউৰা পোৱালিটোক অকলে মৃত্যুৰ পৰা বচাব পাৰোঁ।
গৰু পোৱালিক খুৱাবৰ বাবে ঔষধসমুহ বজাৰত কিনিবলৈ পোৱা যায়। পলকসকলে পোৱালিটোক খুৱাবৰ বাবে দীঘল নিপোল থকা দুধদানী ব্যৱহাৰ কৰিব পাৰে। মাত্ৰ মন কৰিব লগা কথা হ’ল –প্ৰত্যেকবাৰ খুওৱাৰ পাছত দুধদানী আৰু নিপোলটো গৰম পানীৰে ভালদৰে ধুব লাগে। গাখীৰখিনি প্ৰত্যেকবাৰেই কুহুমীয়া কৰিহে খুৱাব লাগে। ৰৈ যোৱা গাখীৰ পোৱালিটোক নুখুৱাই পেলাই দিয়ক শ্ৰেয়। আগতেই উল্লেখ কৰা হৈছিল যে নৱজাত পোৱালিটোৱে শৰীৰৰ ওজনৰ ১০ ভাগৰ ১ অংশ গাখীৰ দিনটোত খাবলৈ পাব লাগে। অৰ্থাৎ পোৱালিটোৰ ওজন ১০ কিল’গ্ৰাম হ’লে দিনটোত ১ লিটাৰ গাখীৰ খাবলৈ পাব লাগে। উল্লেখযোগ্য যে মাত্ৰ গাখীৰখিনি একে বাৰতে খাবলৈ নিদি ৫ বা ৬ টা ভাগত খুবাব লাগে।
এখন গো-পামৰ দ্ৰুত বিকাশ নিৰ্ভৰ কৰে পোৱালিখিনিৰ ওপৰত, বিশেষকৈ চেউৰী পোৱালিৰ ওপৰত। বিজ্ঞানসন্মত প্ৰতিপালন, সুষম খাদ্যৰ যোগানৰ দ্বাৰাহে এক স্বাস্থ্যৱান আৰু অধিক উৎপাদনক্ষম গাইগৰু পামত উত্পাদিত পোৱালিৰ পৰাই পাব পাৰি। এজন গো-পালকে নিজা পামত উৎপাদিত স্বাস্থ্যৱান চেউৰী পোৱালি বা দমৰা পোৱালিৰ পৰা যথেষ্ট উপাৰ্জন কৰিব পাৰে। গতিকে আমাৰ গোপালসকলে উল্লিখিত তথ্যখিনি ভালদৰে অনুধাৱন কৰি, অগ্ৰসৰ হ’লে অধিক উন্নতিৰ জখলাত পদাৰ্পণ হ’ব বুলি আমাৰ ধাৰণা।
লেখক: ডা: চন্দ্ৰকুমাৰ সিংহ, ডা: প্ৰবীণ কুমাৰ নেওগ (দৈনিক জনমভুমি)
শেহতীয়া উন্নীতকৰণ: : 3/10/2020