পৃথিৱীত এতিয়ালৈকে প্ৰাপ্ত ১৭.৫ লাখ লজীৱ প্ৰজাতিৰ ভিতৰতে ১০,০৪,৮৯৮ সংখ্যক হ’ল পতংগৰ প্ৰজাতি। অৰ্থাৎ আৱিষ্কৃত মুঠ জৈৱ প্ৰজাতিৰ অৰ্দ্ধেকতকৈও বেছি হ’ল পতংগ প্ৰজাতি। আমাৰ দেশত আৱিষ্কৃত প্ৰায় ৮১,০০০ প্ৰাণিএএ প্ৰজাতিৰ ভিতৰত ৫৭,০০০ টা পতংগ প্ৰজাতি চিনাক্ত কৰা হৈছে। একেদৰে উত্তৰ-পূৰ্বাঞ্চলত ৪,৯৫৩ টা প্ৰজাতিৰ পতংগ পোৱা যায়। এই পতংগ প্ৰজাতিৰ অন্তৰ্গত পঁইতাচোৰাৰ জীৱন বৈচিত্ৰ্যময়। মানুহৰ বন্ধু ক’ব পৰা এইবিধ প্ৰাণী ডাইন’ছৰ যুগৰে সৃষ্টি। পঁইতাচোৰা ইউৰোপিয়ান চাহাবৰ কোট-পেন্টৰ জেপত সোমাই ভাৰতবৰ্ষ পাইছিলহি বুলি অনেকে মন্তব্য কৰে। লেতেৰা ঠাইত নিজে পৰিষ্কাৰ হৈ থকা এই প্ৰাণীবোৰৰ আজিলৈকে প্ৰায় চাৰি হাজাৰ প্ৰজাতি আৱিষ্কাৰ হৈছে। ভিন ভিন পাৰিপাৰ্শ্বিকতাত নিজকে খাপ খুৱাই বৰ্তি থকা পঁইতাচোৰাৰ আছে ঔষধ প্ৰতিৰোধকাৰী মৰাত্মক তথা অভিনৱ ক্ষমতা। পঁইতাচোৰাৰ বৈজ্ঞানিক নাম হ’ল পেৰিপ্লেনেটা আমেৰিকানা। নামনি অসমত ইয়াক ‘তেল ভকোৱা’ বুলি কোৱা হয়। গঞা লোকে সাধাৰণতে প্ৰাণীবিধ হত্যা নকৰে আৰু ইহঁতৰ অত্যাচাৰৰপৰা ৰক্ষা পাবলৈ খাদ্য-সামগ্ৰী ঢাকি থয়। পঁইতাচোৰাই যিকোনো খাদ্য ভক্ষণ কৰাৰ পূৰ্বে খাদ্যবিধ খোৱাৰ উপযোগী হয় নে নহয় তাৰ বাবে তন্ন তন্নকৈ পৰীক্ষা কৰি লয়। বিষাক্ত খাদ্য পৰীক্ষা কৰিব পৰাটো পঁইতাচোৰাৰ অন্যতম বৈশিষ্ট্য। মানুহৰ দৰেই ইহঁত সমাজবদ্ধ প্ৰাণী। সহচাৰী তথা আন লগৰীয়াৰ সৈতে দল বান্ধি খাদ্য গ্ৰহণ কৰা কাৰ্যই ইহঁতৰ সামাজিক দায়বদ্ধতাৰ কথাকে চিত্ৰিত কৰে। দল বান্ধি খাদ্য গ্ৰহণ কৰাৰ ফলত শত্ৰু অহাৰ পূৰ্বেই খাদ্য শেষ কৰি নিৰাপদ দূৰত্বত আশ্ৰয় গ্ৰহণ কৰিবলৈ সক্ষম হয়। নিজৰ নিৰাপদ বাসস্থানৰ বাবে ইহঁতে ঘন্টা পৰ্যন্ত যুঁজিব পাৰে। প্ৰাণীবিধ মুখৰ আগত থকা কেঁচী সদৃশ অংগৰে নিমিষতে খাদ্য কুটি শেষ কৰিব পাৰে। ‘মেন্দিবল’ নামৰ অত্যন্ত মাৰাত্মক এই জোঙা অংগবিধ খাদ্য ভক্ষণৰ সময়তহে ব্যৱহাৰ কৰে। মেন্দিবলৰ তলতে জাপ খাই থকা নোমাল চাৰিডাল শুঙৰ সহায়ত পঁইতাচোৰাই খাদ্যৰ গুণাগুণ অৰ্থাৎ ভাল-বেয়াৰ বিষয়ে অনুসন্ধান কৰে। খাদ্যৰ গুণাগুণ পৰীক্ষাৰ অন্ততহে মেন্দিবলৰ সহায়ত খাদ্য কুটাৰ কাম আৰম্ভ কৰে। পঁইতাচোৰা যদিও লেতেৰা আৰু অত্যন্ত স্পৰ্শকাতৰ অঞ্চলত বসবাস কৰে, তথাপি কিন্তু ইহঁতে বাসস্থানত থকা সময়খিনিত নিৰাপত্তাৰ বাবে অত্যন্ত সজাগ হৈ থাকে। যিকোনো শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ইহঁতে ততালিকে কৌশল ৰচনা কৰি পৰিৱেশৰ লগত খাপ খাই পৰে। ইহঁতৰ দেহত থকা প্ৰতিটো গাঁঠিতেই শব্দ সংবেদী কেতবোৰ গ্ৰাহক যন্ত্ৰ আছে। দেহৰ পাছফালে থকা ‘চাৰ্কাই’ নামৰ এযোৰ অংগৰ সংকোচন হ’লে সেয়া ঠেঙৰ গাঁঠিত থকা শব্দ গ্ৰাহকবোৰলৈ পঠিয়াই দিয়ে। ফলত এক ছেকেণ্ডৰ চৌৱন্ন হাজাৰ ভাগৰ এভাগতকৈও কম সময়ত ঠেঙৰ সকলোবোৰ গ্ৰাহক সক্ৰিয় হৈ উঠে আৰু পঁইতাচোৰা বিপদগ্ৰস্ত এলেকাৰপৰা আন ঠাইলৈ গুচি যাবলৈ সক্ষম হয়। ইহঁতে শৰীৰৰ একেবাৰে শেষত থকা নোমাল ঠেং দুখনেৰে গোটেই দেহটো পৰিষ্কাৰ কৰি ৰাখে। সাধাৰণতে নিৰাপদ সময়ত পঁইতাচোৰাই ঠেঙেৰে বগাই গতি কৰে যদিও বিপদসংকুল অৱস্থাত ইহঁতে জাক পাতি উৰি যায়। খাদ্যৰ অভাৱ হ’লে ইহঁতে এমাহ পৰ্যন্ত অনাহাৰে থাকিব পাৰে। কেতিয়াবা আকৌ মন ভাল লাগিলে মুখৰ আগত থকা শুংবোৰৰ সহায়ত গুণগুণনি তুলি সংগীতো পৰিৱেশন কৰে। সাধাৰণতে নিশা অবাধ গতিত ঘূৰি ফুৰা এই প্ৰাণীবিধ খাদ্যৰ সন্ধানত দূৰ দূৰণিলৈ দল বান্ধি যাত্ৰা কৰে।
লেখক: চন্দ্ৰ চহৰীয়া(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 2/13/2023