গাখীৰ এবিধ আদৰ্শ সুষম খাদ্য। ই বৰ্তমানল জীৱ-জন্তু পালকসকলৰ এটা উপাৰ্জনৰো অন্যতম প্ৰধান উপায় হিচাপে চিহ্নিত হৈছে। ভাৰতত প্ৰায় ৮৭ মিলিয়ন টন গাখীৰ উৎপাদন হয়। ইয়াৰ ৪৬ শতাংশ গাখীৰ ব্যৱহাৰ হয় পানীয় হিচাপে আৰু বাকী অংশ অন্যান্য বিভিন্ন দুগ্ধজাত সামগ্ৰী যেনে- ঘি, মাখন, চানা, দৈ আদি উৎপাদন কৰাত ব্যৱহাৰ কৰা হয়। দেশত উৎপাদিত গাখীৰৰ মাত্ৰ ৮ ভাগৰ এভাগ আহে সংগঠিত ক্ষেত্ৰৰ পৰা আৰু বাকী ৭ ভাগ আহে অসংঠিত ক্ষেত্ৰৰ পৰা।
অৱশ্যে অসংগঠিত ক্ষেত্ৰসমূহত গাখীৰৰ উৎপাদন বাঢ়িলেও গাখীৰৰ গুণগত মান কিন্তু সিমান উন্নত নহয়। আৰু যদি কোনো মধ্যস্থতাকাৰী ব্যক্তি বা দালালৰ মাধ্যমৰে গাখীৰ সংগৃহীত হয়, সেই গাখীৰ বজাৰত উচ্চ চাহিদাৰ সময়ত গাখীৰৰ পৰিমাণ বৃদ্ধিৰ বাবে পানীকে ধৰি নানা ৰকমৰ বে-আইনী পদাৰ্থ মিহলি কৰে। গাখীৰ হ’ল সাধাৰণ পচনশীল পদাৰ্থ। ইয়াৰ মূল কাৰণ হ’ল জীৱাণু। এই জীৱাণু কিন্তু গাখীৰত প্ৰথমৰে পৰা নাথাকে। এই জীৱাণুবোৰ গাখীৰ খীৰোৱাৰ সময়ত বিভিন্ন উৎসৰ পৰা যেনে- পানী, বতাহ, গাখীৰ খীৰোৱা পাত্ৰ, মাত্ৰ, জন্তুৰ নোম আদিৰ পৰা গাখীৰত প্ৰৱেশ কৰে। তদুপৰি এই জীৱাণুসমূহৰ বৃদ্ধিৰ বাবে আমাৰ দেশৰ স্বাভাৱিক তাপমাত্ৰা অত্যনপ্ত সহায়ক।
ফলত যিকোনো প্ৰকাৰে এইবোৰ ক্ষতিকাৰক জীৱাণু গাখীৰত এবাৰ প্ৰৱেশ কৰিলে খুব সহজে বংশ বৃদ্ধি কৰাৰ লগতে সোনকালে নষ্ট হয়। সেই জীৱাণুবোৰৰ কিছুমান গাখীৰৰ পৰা মানুহৰ শৰীৰতো প্ৰৱেশ কৰি ৰোগ সৃষ্টি কৰে। আনকি মহামাৰী পৰ্যন্তও হ’ব পাৰে। অকল এয়াই নহয়, গাখীৰত বিভিন্ন ধৰণৰ কীটনাশক পদাৰ্থ, জীৱাণু প্ৰতিৰোধী পদাৰ্থ, ভেষজ পদাৰ্থ, প্ৰাণী দেহজ পদাৰ্থ, গছত থকা ক্ষাৰকীয় পদাৰ্থ, তেজষ্ক্ৰিয় পদাৰ্থৰ অৱশিষ্ট থাকিব পাৰে। যিবোৰ স্বাস্থ্যৰ পক্ষে যথেষ্ট ক্ষতিকাৰক। ইয়াৰ বাবে সাৱধান হ’ব লাগিব যাতে সকলো পদাৰ্থ গাখীৰত থাকক বা নাথাকক, সেয়া যেন সৰ্বোচ্চ সহনীয় পৰিমাণতকৈ কম হয়।
এইবোৰ কাৰণতে গাখীৰ উৎপাদনৰ পৰা সৰবৰাহ পৰ্যন্ত প্ৰতিটো স্তৰতে যাতে ভাল গুণমানৰ পৰিচ্ছন্ন গাখীৰ পোৱা হয়, তাৰ বাবে যত্নশীল হ’ব লাগে। ইয়াৰ বাহিৰেও অধিক গাখীৰ উৎপাদনৰ বাবে গৰুৰ গাখীৰ খীৰোৱা পাত্ৰ পৰিচ্ছন্ন, খাদ্য, প্ৰাণীৰ স্বাস্থ্য, বাসস্থান আদি বিষয়ত লক্ষ্য ৰাখিব লাগে।
উৎস: নিয়মীয়া বাৰ্তা
শেহতীয়া উন্নীতকৰণ: : 1/24/2024