অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাখীৰ উৎপাদনক্ষম দেশী জাতৰ গৰু

সিন্ধী জাতৰ গৰু

সিন্ধী জাতৰ গৰুৰ পাকিস্তানৰ কৰাচী আৰু হায়দৰাবাদৰ উৎপত্তি স্থল। ইয়াৰ আচল প্ৰজনন স্থল হ’ল কাজাখস্থান। এই গৰুবোৰ মধ্যম আকাৰৰ, ডাঙৰ চুট আৰু ওলমি পৰা নাভি মণ্ডলৰে দেখাত বৰ শুৱনি। গাঢ় ৰঙা ৰঙৰ, শিংবোৰ শকত, চুটি আৰু ঘোঁৰ খোৱা। গাখীৰ উৎপাদনো প্ৰতি পিয়নত প্ৰায় তিনি হাজাৰ লিটাৰৰ পৰা পাঁচ হাজাৰ লিটাৰ। এই জাতৰ মতা গৰুবোৰ হাল বোৱা আৰু গাড়ী টনা কামত পাৰ্গত। চেউৰীবোৰ ডেৰ বা দুই বছৰ বয়সতে প্ৰজনন ক্ষমতা লাভ কৰে। সকলো ধৰণৰ জলবায়ুতে খাপ খাব পৰা কাৰণে ভাৰতত ইয়াৰ চাহিদা বেছি।

গীড় জাতৰ গৰু

গুজৰাটৰ গীড় জংঘলৰ আশে পাশে ইয়াৰ উৎপত্তি স্থল। গাই গৰুবোৰ ১৭৪৬ ৰ পৰা ৩১৭০ লিটাৰলৈকে বছৰি গাখীৰ উৎপাদন কৰে। মতা গৰুবোৰ শক্তিশালী আৰু হালবোৱাৰ বাবে উপযোগী।

ডেউনী জাতৰ গৰু

হায়দৰাবাদৰ উত্তৰ পশ্চিম অংশত এই জাতৰ গৰুৰ উৎপত্তি স্থল। এই জাতৰ গৰু গাখীৰ উৎপাদনৰ কাৰণে ভাল। ৯০০ লিটাৰৰ পৰা ১৮০০ লিটাৰ পৰ্য্যন্ত প্ৰতি পিয়নত গাখীৰ দিয়ে।

চাহিয়াল

চাহিয়াল জাতৰ গৰুবোৰৰ উৎপত্তি স্থল পঞ্জাব। ভালকৈ প্ৰতিপালন কৰিলে প্ৰতি পিয়নত ৪০০০-৫০০০ লিটাৰ গাখীৰ দিয়ে। চাহিয়াল জাতৰ গাইবোৰৰ ওহাৰখনৰ সৈতে পাঁচফালটো বহল। মতা গৰুবোৰ কৰ্মঠ নহয়। এই জাতৰ চেউৰীবোৰে ২ বছৰৰ পৰা ৩ বছৰৰ ভিতৰত প্ৰজনন ক্ষমতা লাভ কৰে।

থাৰপাৰকাৰ গৰু

এই জাতৰ গৰু ৰাজস্থান, মধ্যপ্ৰদেশ আৰু মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ অংশ বিশেষত পোৱা যায়। গাখীৰ দিয়া, গাড়ী টনা বা হালবোৱা উভয় কামতে পটু। গৰুবোৰৰ শিং দীঘল, চুট ওখ আৰু গলধন ডাঙৰ। প্ৰতি পিয়নত ১২০০-১৫০০ লিটাৰ গাখীৰ দিয়ে।

হাৰিয়ানা জাতৰ গৰু

হাৰিয়ানা জাতৰ গৰু পঞ্জাবৰ পূবভাগত আৰু বিশেষকৈ ৰোহকত, হিচাৰ, কাৰনাল আৰু দিল্লীত পোৱা যায়। বৰ্তমান ভাৰতৰ প্ৰায় সকলো ঠাইতে বিস্তৃত হৈ আছে। প্ৰতি পিয়নত ১৪০০ ৰ পৰা ২২০০ লিটাৰ পৰ্য্যন্ত গাখীৰ দিয়ে। বলধবোৰ হালবোৱা আৰু গাড়ী টনা কামৰ কাৰণে উপযোগী। হাৰিয়ানা জাতৰ গৰুবোৰৰ গাৰ ৰং বগা আৰু ওখ।

অসমৰ স্থানীয় জাতৰ গৰু

অসমৰ গৰুবোৰৰ কোনো বিশেষ স্বীকৃতিপ্ৰাপ্ত জাত নাই। এই গৰুবোৰ সৰু আটিল। আমাৰ গাইবোৰৰ গাখীৰ দিয়া ক্ষমতা দৈনিক গড়ে আধা লিটাৰৰ পৰা দুই লিটাৰ মাত্ৰ। চেউৰীবোৰে প্ৰায় ২১ মাহৰ পৰা ২৪ মাহৰ ভিতৰত প্ৰজনন ক্ষমতা পায় আৰু এটা পোৱলিৰ পৰা আনটো পোৱালি দিয়া সময়ৰ পাৰ্থক্য বেছি। অৱশ্যে মতা গৰুবোৰ হাল বোৱা আৰু গাড়ী টনা কামত ব্যৱহাৰ হয়। অসমৰ শ্ৰেণীবদ্ধ্ নোহোৱা থলুৱা জাতৰ গাইৰ ফলোৎপাদক আৰু পুনৰুদ্ভৱ কৰিব পৰা ক্ষমতা কম। সেয়েহে এই গৰুবিলাকক কোনো বোশেষ হিচাবে গণ্য কৰা নাযায়।

উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate