অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাখীৰ উৎপাদনৰ বাবে ঘাঁহ খেতি

 

গো-পামৰ পৰা অধিক উৎপাদন বা লাভৱান হ’বলৈ হ’লে গৰু-ম’হক সুষম দানাৰ লগতে নিতৌ কেঁচা ঘাঁহ যোগান ধৰাটো অতি প্রয়োজন। যিহেতু কেঁচা ঘাঁহত গাখীৰ উৎপাদন আৰু শৰীৰৰ বাবে আৱশ্যকীয় সকলোবিলাক উপাদান যেনে প্ৰ’টিন, ভিটামিন, খনিজ পদার্থ আদি নিহিত হৈ থাকে। এজনী বর্ণসংকৰ জাৰ্চিগাই বা হ’লষ্টেইন ফ্রিছিয়ান গাইক প্রতিদিনে প্রায় ৩০-৪০ কিল'গ্ৰাম কেঁচাঘাঁহৰ প্রয়োজন হয়। ঘাঁহৰ পৰিৱর্তে অধিক দানা, খেৰ আৰু খাদ্য সহযোজক ব্যৱহাৰ কৰিও গাখীৰ উৎপাদন বৰ্তাই ৰাখিব পাৰি, কিন্তু ইয়াৰ ফলত পশুপালকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হয়। প্রতিলিটাৰ গাখীৰৰ অধিক উৎপাদনী ব্যয়, পশুধনসমূহৰ আন্ত্রিক আসোঁৱাহজনিত সমস্যা, উৎপাদিত গাখীৰৰ গঠন আৰু পুষ্টিগুণৰ নিম্নগামিতা, পশুধনসমূহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্রাস পোৱা ইত্যাদি বিভিন্ন উপসর্গ ঘাঁহৰ অভাৱত হ’ব পাৰে। অসমৰ জলবায়ু ঘাঁহ উৎপাদনৰ বাবে অতি উপযোগী। অধিক বৰষুণ আৰু উচ্চ উষ্ণতাই বাৰিষাৰ সময়ত পর্যাপ্ত পৰিমাণে ঘাঁহ উৎপাদনত সহায় কৰিব পাৰে।

এই নিবন্ধটোত এনে কিছু উন্নতজাতৰ ঘাঁহ আৰু খেতি প্ৰণালীৰ বিষয়ে আলোকপাত কৰা হৈছে-

 

গিনি ঘাঁহ

 

গিনি ঘাঁহ উন্নত জাতৰ উচ্চ উৎপাদন ক্ষম আৰু বাৰ মাহে উৎপাদন হোৱা সেউজীয়া ঘাঁহ৷ এইবিধ ঘাঁহ বাৰিষা কালত অধিক উৎপাদন হয়। যদিও খৰালি কালত পানী যোগানৰ ব্যৱস্থা কৰিব পাৰিলে যথেষ্ট উৎপাদন পাব পাৰি। বহাগৰ পৰা আহাৰ মাহলৈ এইবিধ ঘাঁহৰ খেতি কৰা হয়।

প্রায় সকলোধৰণৰ ওখ চানেকীয়া মাটিত এই ঘাঁহৰ খেতি কৰিব পাৰি। এনে জাতৰ ঘাঁহ খেতি কৰিবলৈ মাটি ডৰা ৩-৪ বাৰ হাল বাই ভালদৰে চহ কৰি ল’ব লাগে। খেতিৰ বাবে বীজ, বা শিপা বা গা-গছ দুয়োবিধেই সিঁচিব বা ৰুবৰ বাবে ব্যৱহাৰ কৰা হয়। সাধাৰণতে বীজতকৈ শিপা বা গা-গছ ৰুই খেতি কৰিলে বেছি উৎপাদন আশা কৰিব পাৰি। প্রতিবিঘা মাটিৰ বাবে এনে শিপা বা গা-গছ ৪০০০- ৪৫০০ টা টুকুৰাৰ প্রয়োজন হয়। শিপা বা গা-গছৰ টুকুৰাবিলাক শাৰী শাৰীকৈ ৰুব লাগে। প্ৰতি শাৰীৰ মাজৰ দূৰত্ব তিনিফুট আৰু প্ৰতি টুকুৰাৰ দূৰত্ব ২/ ফুট হ'ব লাগে। অধিক উৎপাদন পাবলৈ প্রতিবিধা মাটিত ২৮–৪০ কিল’গ্ৰাম ইউৰিয়া, ৪০– ৫০ কিল’গ্ৰাম ফছফৰাছ আৰু ৫-৭ কিল’গ্ৰাম পটাছ প্রয়োগ কৰিব পাৰি। অৱশ্যে কোনো ৰাসায়নিক সাৰ প্রয়োগ নকৰি অকল গোবৰ সাৰ দিলেও অধিক উৎপাদন আশা কৰিব পাৰি।

ৰোৱাৰ ৯০ দিনৰ পাছত এই ঘাঁহ কাটিব পাৰি। এনেদৰে বছৰেকত ৬-৭ বাৰ এই ঘাঁহ কাটিব পৰা যায়। প্রথম কটাৰ ৪৫ দিনৰ মূৰে মূৰে এনে ঘাঁহ কাটিব পৰা যায়। এবিঘা মাটিত এই জাতীয় ঘাঁহৰ উৎপাদন ক্ষমতা হ’ল ১০০-১৩৫ কুইণ্টল।

হাইব্ৰীড নেপিয়াৰ ঘাঁহ

 

ওখ পানী জমা নোহোৱা ঠাইত এই বিধ উন্নত জাতৰ ঘাঁহৰ খেতি কৰিব পাৰি। গুটি বা শিপা ৰুই এইবিধ ঘাঁহৰ খেতি কৰা হয়। ফ্রেব্ৰুৱাৰী মাহৰ পৰা মে’ মাহলৈকে এই জাতৰ ঘাঁহৰ খেতিৰ বাবে উত্তম সময়। দুই বা তিনিটা চকু থকা কাণ্ডৰ টুকুৰা বা শিপাসহ গুৰি থকা অংশ ৰুব লাগে। এবিঘা মাটিৰ বাবে প্রায় ৪০০০ টা গা-গছৰ টুকুৰা বা শিপাৰ প্রয়োজন হয়। টুকুৰাবিলাক বা শিপাসমূহ শাৰী শাৰীকৈ ৰোৱা হয়। দুটা শাৰীৰ মাজৰ দূৰত্ব ৯০ ছেঃমিঃ, আৰু দুই শিপাৰ মাজৰ দূৰত্ব ৭৫ ছেঃ মিঃ ব্যৱধান ৰাখি দূৰত্ব লাগে। প্রতিবিঘা মাটিত ১০-১৫ কুইণ্টল পচনসাৰ দিব লাগে। ঘাঁহৰ উৎপাদন বঢ়াবলৈ ইউৰিয়া, ছুপাৰ ফছফেট, মিউৰেট অব্‌ প্রয়োগ কৰিব পাৰি। ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি গোবৰ সাৰ প্রয়োগ কৰিও ঘাঁহৰ উৎপাদন বৃদ্ধি কৰিব পাৰি। ঘাঁহ ৰোৱাৰ ৬০ দিনৰ পাছতেই এই ঘাঁহ কাটিব পাৰি। তাৰ পিছত প্ৰতি ৪৫ দিনৰ মূৰে মূৰে ঘাঁহ কাটিব পৰা যায়।

এবিঘা মাটিত এনে ঘাঁহ ১৭৫ কুইণ্টল পর্যন্ত উৎপাদন হয়। প্ৰ’টিন কেলচিয়াম, ফছফৰাছ আৰু বহুতো খনিজ পদার্থ এইবিধ ঘাঁহত নিযুক্ত হৈ থাকে।

ওট

 

শীত কালত উৎপাদন হোৱা ওট এবিধ অতি পুষ্টিকৰ ঘাঁহ৷ পানী জমা নোহোৱা আৰু বালিচহীয়া মাটি এইবিধ ঘাঁহৰ খেতিৰ বাবে উত্তম। প্রতিবিঘা মাটিত ৬ কুইণ্টল পচনসাৰ মিহলাব লাগে। এবিঘা মাটিত ইউৰিয়া ১২ কিল’গ্রাম ছিংগল ছুপাৰ ফছফেট ১৭ কিল'গ্ৰাম আৰু মিউৰেট অব্‌ পটাছ ৪ কিল’গ্রাম প্রয়োগ কৰিব লাগে| এনে ৰাসায়নিক সাৰ প্রয়োগ কৰিলে ঘাঁহৰ উৎপাদন যথেষ্ট বৃদ্ধি পায়। গোবৰ সাৰ প্রয়োগ কৰিও ঘাঁহৰ উৎপাদন যথেষ্ট বৃদ্ধি কৰিব পাৰি। বীজ সিঁচাৰ এমাহৰ পাছত অলাগতিয়াল ঘাঁহ, বন বিলাক আঁতৰাই পেলাব লাগে৷ খৰাং বতৰত প্রতি ১৫-২০ দিনৰ মূৰে মূৰে জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰিলে অধিক উৎপাদন আশা কৰিব পাৰি। প্রতিবিঘা মাটিত এই ঘাঁহৰ খেতি কৰি ৩৮৪০ কুইন্টল ঘাঁহ পাব পাৰি। বীজ সিঁচাৰ ৬০-৭০ দিনৰ পাছত প্রথমবাৰ আৰু তাৰ পিছত ৫০ দিনৰ অন্তৰে অন্তৰে ২-৩ বাৰ ঘাঁহ ছপাব পাৰি।

চেটেৰিয়া

 

বহুবর্ষী ঘাঁহৰ ভিতৰত চেটেৰিয়া জাতৰ ঘাঁহ বিশেষভাৱে গুৰুত্বপূর্ণ। কিয়নো ইয়াৰ উপাদানো হয় খৰতকীয়া আৰু খাদ্যমূল্যৰ দিশৰ পৰাও ই গাখীৰ উৎপাদনৰ বাবে উপযোগী| চিত্ৰনলা গছৰ নিচিনাকৈ ই জোপোহা হৈ পৰা বাবে এই বিধ ঘাঁহ দেখিবলৈও মনোৰম। নেপিয়াৰ, গিনি আদিৰ নিচিনাকৈ সোনকালে গাঁঠি নধৰা বাবে দীঘলীয়া বিৰতিত কাটিলেও বিশেষ অসুবিধা পোৱা নাযায়। কম সময়ৰ বাবে পানী বন্ধ হৈ থকা মাটিতে চেটেৰিয়া ঘাঁহৰ খেতি কৰিব পাৰি। বসন্ত কালৰ বৰষুণৰ আগমনৰ লগে লগেই ওখ, দোমোজা মাটিত চেটেৰিয়াৰ খেতি কৰিবলৈ আৰম্ভ কৰিব পাৰি। শিপাযুক্ত কাণ্ড ৰোপণ কৰি ইয়াৰ খেতি কৰিব পৰা যায়। প্রতি দুজোপা আৰু প্রতি দুটা শাৰীৰ মাজত আঢ়ৈ ফুট ব্যৱধানত ৰোৱাটোৱেই চেটেৰিয়া ঘাঁহৰ খেতি কৰাৰ উত্তম ব্যৱস্থা। গোবৰ জাতীয় বা পচন সাৰ প্রয়োগ কৰি ইয়াৰ উৎপাদন যথেষ্ট বৃদ্ধি কৰিব পাৰি। ৰাসায়নিক সাৰ সাধাৰণতে প্রয়োজন নহয়। প্রতি ২০ দিনৰ পৰা এমাহৰ ভিতৰতে ইয়াক কাটিব পাৰি। এবছৰ ৰণ্ড লেই কেবাবছৰলৈ হোৱা এইবিধ ঘাঁহৰ তলীখন বহাগৰ আগে আগে বনবাত গুচাই, মাজে মাজে কোৰ মাৰি, গোবৰ সাৰ প্রয়োগ কৰিব লাগে। শুকান ঘাঁহ আৰু চাইলেজ প্রস্তুত কৰিবলৈও চেটেৰিয়া এবিধ উৎকৃষ্ট ঘাঁহ। চেটেৰিয়া ঘাঁহত পশু ধনৰ বাবে আৱশ্যকীয় প্ৰ’টিন, ভিটামিন আৰু বিভিন্ন প্রকাৰৰ নিমাৰেলছ থকা বাবে গাখীৰ উৎপাদনো বৃদ্ধি পায়।

এজনী বৰ্ণসংকৰ জাৰ্চিগাই বা হ'লষ্টেইন ফ্ৰিছিয়ান গাইক প্রতিদিনে প্রায় ৩০-৪০ কিল’গ্ৰাম কেঁচা ঘাঁহৰ প্ৰয়োজন হয়।

লিখকদ্বয়: ডাঃ চন্দ্ৰকুমাৰ সিংহ আৰু ডাঃ প্রবীণ কুমাৰ নেওগ, দৈনিক জনমভূমি।

 

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate