অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দুগ্ধ উৎপাদনেৰে চহকী নলবাৰীৰ তিনিখন গাঁও :

দুগ্ধ উৎপাদনেৰে চহকী নলবাৰীৰ তিনিখন গাঁও :

 

নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত এচাম কৰ্মঠ যুৱক-যুৱতীয়ে গৰু, ছাগলী, গাহৰি, ব্ৰইলাৰ কুকুৰা আদি পালনেৰে স্বাৱলম্বী হৈ আহিছে। এনে সময়তে নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত তিনিখন গাঁৱৰ বহুসংখ্যক পৰিয়ালে দুগ্ধ উৎপাদনেৰে স্বাৱলম্বনৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। লখৰা গাঁৱৰ লগতে ১ ন্ং নাথকুছি আৰু ২ নং নাথকুছি গাঁৱৰ ৭০ শতাংশতকৈও অধিক পৰিয়ালে ঘৰে ঘৰে প্ৰতিপালন কৰিছে বৰ্ণ সংকৰ জাৰ্ছী আৰু হলষ্টেন ফ্ৰিজিয়ন গাইগৰু। গাঁও তিনিখনৰপৰা উৎপাদিত গাখীৰক কেন্দ্ৰ কৰিয়ে অঞ্চলটোত গঢ়ি উঠিছে দুটাকৈ পুৰৱী গাখীৰ সংগ্ৰহ কেন্দ্ৰ। একেদৰে গো-পালকসকলক লৈয়ো গঢ়ি উঠিছে দুটা দুগ্ধ উন্নয়ন সংস্থা। ইয়াৰে লখৰা-নাথকুছি দুগ্ধূ উৎপাদন সমবায় সমিতিৰ সভাপতি জিতেন শৰ্মা আৰু সম্পাদক তপন বৰ্মণে জানিবলৈ দিয়া মতে, তেওঁলোকৰ দুগ্ধ উৎপাদন কেন্দ্ৰটোত বৰ্তমানলৈ ১৪৮ গৰাকী গো-পালকে পুৱা-গধুলি গাখীৰ জমা দিয়েহি। তদুপৰি স্থানীয়ভাৱে গো-পালকসকলে গাখীৰ বিক্ৰী কৰি আহিছে প্ৰায় দুই হাজাৰ লিটাৰ। আনহাতে, নাথকুছি অঞ্চলতে থকা চন্দনা দুগ্ধ উন্নয়ন সংস্থাই প্ৰতিদিনে পুৰবীক গাখীৰ যোগান ধৰে পাঁচশ লিটাৰকৈ। তেওঁলোকে স্থানীয়ভাৱে বিক্ৰী কৰে গড়ে ছশ লিটাৰ গাখীৰ। অৱশ্যে চন্দনা সংস্থাটো শেহতীয়াভাৱে বাসন্তী দুগ্ধ সমবায় সমিতিৰ নামত পঞ্জীয়ন হৈছে। ইয়াৰ সভাপতি আৰু সম্পাদকৰ দায়িত্বত আছে প্ৰমোদ দাস আৰু হৰিহৰ পাঠক। উল্লেখ্য যে  গো-পামবোৰ গঢ়ি উঠিছে থলুৱা জাতৰ গৰুৰ কৃত্ৰিম প্ৰজননেৰে উৎপাদিত গো-পোৱালিৰে। স্থানীয়ভাৱে জন্ম দিয়া এনে একোজনী গাইৰ পৰা ২০-২২ লিটাৰ পৰ্যন্ত গাখীৰ উৎপাদন কৰিবলৈ সক্ষম হৈছে। গো-পালকসকলে জানিবলৈ দিয়া মতে, জিলা পশুধন বিষয়া ডা: সুৰেন শৰ্মা আৰু চিকিৎসক ডা: সত্যজিৎ তালুকদাৰৰ লগতে ক্ষেত্ৰ সহায়কসকলে দিনে-ৰাতি গো-পালকসকলৰ মাজত সেৱা অব্যাহত ৰাখিছে। ইফালে, ৰাষ্ট্ৰীয় পশুধন অভিযান কাৰ্যসুচীৰ অন্তৰ্গত ‘পশুধনৰ বীমাকৰণ’ আঁচনিৰ অন্তৰ্ভুক্ত হৈছে ভালেসংখ্যক গো-পালক। মন কৰিবলগীয়া যে গাওঁ তিনিখনত চাকৰি কৰা লোকৰ সংখ্যা তেনেই সীমিত। কোনো ৰাষ্ট্ৰীয়কৃত বেংকৰ ঋণ অবিহনে এই পামবোৰ গঢ়ি উঠিছে। দানাৰ মুল্য শেহতীয়াভাৱে বৃদ্ধি পোৱাত গো-পালকসকলে বিমোৰত পৰিছে যদিও তেওঁলোকে উৎসাহ হেৰুওৱা নাই। যোৱাটো গণৰাজ্য দিৱসত নলবাৰীৰ চৰকাৰী কাৰ্যসুচীত আৰু সদ্যসমাপ্ত পশু চিকিৎসা সন্থাৰ অধিৱেশনত বিশেষভাৱে পুৰস্কৃত হৈছে উক্ত উৎপাদন কেন্দ্ৰ দুটা। একেখন জিলাৰ তিনিখন গাঁৱৰ ৭০ শতাংশ গো-পালকে সমন্বিত ৰুপত দুগ্ধ উৎপাদন কাৰ্য দিনে-নিশাই সমাপন কৰা কাৰ্য ৰাজ্যখনত বিৰল বুলিও চিহ্নিত হৈছে।

লেখক: মনোজ শৰ্মা (দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate