অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উন্নত সঁচৰ কুকুৰা ‘কামৰূপা’

 

পুষ্টিহীনতাৰ বিপক্ষে মানুহৰ অবিৰত সংগ্ৰামত কুকুৰাৰ কণী আৰু মাংসই অতীজৰে পৰা এক বিশেষ পালন কৰি আহিছে। এতিয়াৰ দেশবোৰৰ ভিতৰত ভাৰতবৰ্ষ কণী আৰু মাংস উপযোগী কুকুৰাৰ ক্ষেত্ৰত অন্যতম। ব্যৱসায়ভিত্তিক বিজ্ঞানসন্মত কুকুৰা পালন আমাৰ দেশত এতিয়াও ভালকৈ গঢ় লৈ উঠিব পৰা নাই। কুকুৰা পালনক জীৱিকাৰ ঘাই খুঁটা হিচাপে ব্যৱহাৰ কৰা লোকৰ সংখ্যা এতিয়াও যথেষ্ট কম। তথাপি দেশৰ কুকুৰা সম্পদৰ উন্নয়নৰ বাবে বর্তমান যথেষ্ট সংখ্যক শিক্ষিত নিবনুৱা যুৱকে নিজৰ ধৈৰ্য্য আৰু কৰ্মদক্ষতাৰে এই ক্ষেত্ৰখনত কাম কৰি আছে। আমাৰ দেশত কুকুৰা আৰু কণী উৎপাদনৰ এটি চমু আভাস তলত দিয়া তালিকাত উপবিষ্ট কৰা হ’ল-

বছৰ

কণী পৰা কুকুৰা (নিযুত)

কণী উৎপাদন (নিযুত)

ব্ৰইলাৰ (নিযুত)

 

১৯৯০

১২২

২৪৬০০

২৪০

১৯৯৮

৬২০

২৬৩০০

২৭৫

২০০০

১২১০

৪৫০০০

৮০০০

 

উল্লিখিত সমীক্ষাৰ পৰা এইটো প্রতীয়মান হয় যে ভাৰতবৰ্ষত উন্নত পশু-পক্ষীৰ প্ৰতিপালনৰ দ্বাৰা উৎপাদন বৃদ্ধিত অগ্রগতি লাভ কৰি আহিছে। তথাপি আমাৰ দেশত উপযুক্ত পৰিমাণে কণী বা মাংস উৎপাদিত হোৱা নাই। উদাহৰণস্বৰূপে ক’ব পাৰি যে ভাৰতৰ বাহিৰত উন্নত দেশবিলাকত প্রত্যেকজন লোকে বছৰি ৩৫০-৪৫০ টা কণীৰ অনুপাতত ভাৰতীয় লোকে কেৱল ৩৬ টা কণী খাবলৈ পায়|

উৎপাদিত সামগ্রী হ্রাস হোৱাৰ কাৰণো বহুত আছে—

 

(১) উন্নত কুকুৰা পালনৰ ক্ষেত্ৰত কৃষক সমাজত উদাসীনতা।

(২) বেছি সংখ্যক মানুহ নিৰামিষভোজী।

(৩) উন্নত প্রতিপালনৰ ক্ষেত্ৰত লাগতিয়াল জ্ঞানৰ অভাৱ|

(৪) মূলধনৰ অভাৱ।

(৫) সময়মতে চিকিৎসা ব্যৱস্থাৰ অভাৱ।

(৬) উন্নত সঁচ, গুণবিশিষ্ট দানা, সামাজিক বজাৰত উপলব্ধ নহয়।

অসমৰ প্ৰাকৃতিক পৰিৱেশ কুকুৰা পালনৰ বাবে উপযোগী। অসমৰ নাতিশীতোষ্ণ, বায়ু-পানী, আৰ্দ্ৰতাপূর্ণ পৰিৱেশ প্রাকৃতিকভাৱে সুবিধাজনক। কিন্তু আমাৰ গ্ৰাম্য অর্থনীতিত হাঁহ, কুকুৰা পালনৰ ক্ষেত্ৰত উপযুক্ত সঁচৰ অভাৱ সচৰাচৰ দেখা পোৱা যায়| আমাৰ গৱেষকসকলেও এই বিষয়টোক এক প্রকাৰ এলাগী কৰি আহিছিল বুলিও ক’ব পৰা যায়। তথাপি সুখৰ খবৰ যে বর্তমান কৃষি বিশ্ববিদ্যালয় খানাপাৰাত থকা গৱেষণা সঞ্চালকালয় (পশু চিকিৎসা)ৰ অন্তর্গত সর্বভাৰতীয় সমন্বয় গৱেষণা আঁচনিৰ (হাঁহ-কুকুৰা প্রজনন) জৰিয়তে অলপতে বর্ণসংকৰ কুকুৰাৰ জাত উদ্ভাৱিত কৰা হ’ল।

বহুৰঙী আৰু গাঁৱলীয়া পৰিৱেশত সহজভাৱে পালন কৰিব পৰা এই বর্ণসংকৰ কুকুৰাবিধক "কামৰূপা’ নামেৰে নামকৰণ কৰা হৈছে। এই কামৰূপা কুকুৰাবিধক বৈজ্ঞানিক তথা পৰম্পৰাগত উভয় ব্যৱস্থাৰে পালন কৰিব পৰা যায়। ঘাইকৈ গৰম আৰু সেমেকা অসমৰ মৌচুমী জলবায়ুৰ লগতে সহজে খাপ খোৱা বিধৰ হোৱা বাবে গ্রাম্য অঞ্চলত অতি সহজে মুকলিকৈ এইবিধ কুকুৰা পালন কৰিব পাৰি। কামৰূপ কুকুৰাবিধৰ সাধাৰণতে হোৱা ৰোগ প্রতিৰোধ ক্ষমতা বেছি হোৱা বাবে গাঁৱৰ মুকলি পৰিৱেশত প্রতিপালন কৰিলে ইয়াৰ ভাল ফল পোৱা যায়। বছৰৰ যিকোনো ঋতুত পোহপাল কৰিব পৰা এইবিধ কুকুৰাৰ ওজন মজলীয়া আৰু ভৰি দুখন দীঘল বাবে শত্রুপক্ষৰ পৰা সহজে ৰক্ষা কৰিব পাৰি।

গাঁও অঞ্চলত মুকলিকৈ পুহিবলৈ ইয়াক কোনো ধৰণৰ অতিৰিক্ত সুষম খাদ্যৰ প্ৰয়োজন নহয়। বৰং পোক-পৰুৱা আৰু আন ইহঁতে মাংস আৰু কণী উৎপাদন কৰিব পাৰে। কিন্তু ব্যৱসায় ভিত্তিত আন জাতৰ কুকুৰা পালন কৰিবলৈ হ’লে খাদ্যৰ উপৰি তাক নিজাকৈ আন বহুখিনি যত্ন লোৱাৰ প্রয়োজন হৈ পৰে। তদুপৰি, এইবিধ কুকুৰাৰ মৃত্যুৰ হাৰ আন জাতৰ কুকুৰাৰ তুলনাত কম হোৱা দেখা গৈছে।

ৰোগ প্রতিৰোধ কৰিবলৈ ল’ব লগীয়া স্বাস্থ্যৰ যতন

 

১। কুকুৰা পোৱালিক ৰাণীখেত, গাম্বৰো আৰু বসন্ত ৰোগৰ ছিটা সময়মতে লাগে।

২৷ বেক্টেৰিয়া অথবা প্ৰ’ট’জোৱাৰ দ্বাৰা আক্রান্ত হ’লে সময়মতে ঔষধ প্রয়োগ কৰিব লাগে।

৩। পেলুৰ দৰৱ সময়মতে দিব লাগে।

কুকুৰাক মুকলিকৈ প্রতিপালন কৰিবলৈ খাদ্যৰ উৎস

১। খেতিপথাৰ, পামত উৎপাদিত নানা ধৰণৰ বীজ (মাহ, গোমধান, চাউল, মাকৈ) ইত্যাদি খাদ্য হিচাপে কুকুৰাক দিব পাৰি।

২। পাকঘৰত পেলনীয়া খাদ্য, শাক, ঘাঁহ, পোক-পৰুৱা, কেঁচু, শামুক, লেটা আদিৰে খাদ্যৰ চাহিদা আংশিকভাৱে পূৰণ কৰিব পাৰি।

আবদ্ধ আৰু মুকলিকৈ ৰখা পদ্ধতিত 'কামৰূপা’ কুকুৰাৰ উৎপাদন ক্ষমতা

বিৱৰণ

আবদ্ধ পদ্ধতি

মুকলি পদ্ধতি

দেহৰ ওজন (এদিনীয়া বয়সত)

৩৭-৪০ গ্রাম

৩৭-৪০ গ্রাম

দেহৰ ওজন (৮ সপ্তাহত)

৭০০-৮০০ গ্ৰাম

৫০০-৬৫০ গ্ৰাম

দেহৰ ওজন (২০ সপ্তাহত)

১৭০০-১৮০০ গ্ৰাম

১৩০০-১৫০০ গ্ৰাম

মতা কুকুৰা দেহৰ ওজন (৪০ সপ্তাহত)

২৫০০-২৭০০ গ্ৰাম

১৮০০-২২০০ গ্ৰাম

মাইকী কুকুৰা দেহৰ ওজন (৪০,)

১৭০০-১৯০০ গ্ৰাম

১৩০০-১০০ গ্ৰাম

প্রথম কণী পৰা সময়ত কুকুৰাৰ বয়স

১৫০-১৭০ গ্ৰাম

১৮০-২০০ দিন

মাহিলি কণী উৎপাদন

১২-১৮ টা

৮-১১ টা

বছৰেকীয়া কণী উৎপাদন

১৪০-১৫০ টা

১১৮-১৩০ টা

গড় হিচাপত কণীৰ ওজন (৪০)

 

৫৫ গ্ৰাম

৫২ গ্ৰাম

কণীৰ ৰং

মুগা বৰণৰ

মুগা বৰণৰ

জীৱিত কুকুৰাৰ হাৰ

৯৮ শতাংশ

৯৬ শতাংশ

খাব পৰা মাংসৰ পৰিমাণ

৬৫-৭০ শতাংশ

৬৫-৭০ শতাংশ

 

লিখক: কৌশিক পৰাণ বৰদলৈ, দৈনিক জনমভূমি।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate