অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুকুৰা পামত দানা প্ৰস্তুতকৰণঃ

অসমত কুকুৰা দানাৰ দাম তুলনামূলকভাৱে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে বেছি। প্ৰতি কুইণ্টল দানা কিনোতে আমাৰ অসমৰ এজন কুকুৰা পালকে ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অধিক দাম দিব লাগে। ইয়াৰ মূল কাৰণ এয়ে যে দানা বনাবৰ বাবে আৱশ্যক হোৱা উপকৰণসমূহৰ অধিকাংশই আমাৰ ৰাজ্যত পৰ্যাপ্ত পৰিমাণে উৎপাদিত নহয় আৰু সেয়েহে বাহিৰৰ ৰাজ্যৰ পৰা আমদানি কৰিবলগা হয়। সেইবাবেই এই উপকৰণসমূহৰ লগত উপৰুৱাকৈ পৰিবহণ ব্যয় ইত্যাদি পালকে ভৰিবলগীয়া হয়।

উল্লিখিত এই অধিক দামৰ উপৰিও অসমত দানা ব্যৱসায়ৰ লগত জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংখ্যাও তেনেই কেইটিমান হোৱা বাবে দাম আৰু মানৰ বাবে এই প্ৰতিষ্ঠানসমূহৰ মাজত বিশেষ একো প্ৰতিযোগিতা নাই। ফলস্বৰূপে সামান্য অজুহাততে এই প্ৰতিষ্ঠানসমূহে দানাৰ দাম বৃদ্ধি কৰে। অথচ সেই অনুপাতত পামত উৎপাদিত সামগ্ৰী যেনে কণী আৰু ব্ৰইলাৰৰ দাম বৃদ্ধি হোৱা নাই। পালকসকলে অধিক দাম দি দানা কিনিলেও যে স্বাস্থ্যকৰ পৰিৱেশত বনোৱা উচ্চমানৰ সুষম দানা পাব তাৰো কোনো নিশ্চয়তা নাথাকে। দানাৰ মান তেনেই নিম্নস্তৰৰ হোৱা বাবে বছৰি অনেকবোৰ সৰু-সুৰা পামৰ অপমৃত্যুও ঘটে। অসমত দানাৰ মান উচ্চ পৰ্যায়ৰ নোহোৱা বাবেই সৰ্বভাৰতীয় পামসমূহৰ তুলনাত দানাৰ কাৰ্যকাৰিতা যথেষ্ট কম। অৰ্থাৎ এজনী কণী পৰা কুকুৰাই যদি দৈনিক ১০০ গ্ৰাম দানা খাব লাগে, দানাৰ মান নিম্নস্তৰৰ হোৱা বাবে ১২০ গ্ৰাম বা ততোধিক খাব। সেইদৰে প্ৰতি কিলোগ্ৰাম ওজন পাবৰ বাবে এটা ব্ৰইলাৰে যি ক্ষেত্ৰত ২.১-২.২৫ কিলোগ্ৰাম দানাহে খাব লাগে। আমাৰ অসমত এই পৰিমাণ ২.৫ কিলোগ্ৰাম বা ততোধিক খায়। এনে ধৰণৰ বিপত্তিসমূহৰ পৰিপ্ৰেক্ষিতত কুকুৰাপালকসকলে নিজৰ দানা নিজে প্ৰস্তুত কৰি লোৱাৰ বাহিৰে আন উপায় নোহোৱা হৈছে। এই সম্পৰ্কত আৱশ্যকীয় তথ্যসমূহ তলত বিস্তাৰিতভাৱে আলোচনা কৰা হ’ল-

দানা বনোৱাৰ মূল সূচলতাসমূহঃ

 

  • বজাৰত বিক্ৰী হোৱা দানাৰ তুলনাত প্ৰতি কুইণ্টল দানাত কমেও ৮০-১০০ টকা সস্তাত বনাব পৰা যায়।
  • স্বাস্থ্যকৰ পৰিৱেশত বিধিসন্মতভাৱে দানা বনাব পৰা যাব।
  • নিজৰ আৱশ্যকমতে সুষম আৰু সতেজ দানা বনায়ো ব্যৱহাৰ কৰিব পৰা যাব। ব্যৱহাৰৰ সময়ত দানাৰ মান অধিক পাবৰ বাবেই ই এটা আৱশ্যকীয় সুবিধা।
  • পামৰ লাভাংশ শতকৰা ১৫-২০ ভাগ পৰ্যন্ত বৃদ্ধি হ’ব।
  • সুবিধা থাকিলে ওচৰৰ পামসমূহলৈ দানা যোগান দি পামৰ লাভাংশ বৃদ্ধি কৰিব পৰা যায়।

ব্যৱহাৰিক অসুবিধাসমূহঃ

 

  • দানা বনোৱা কামটো এটা জটিল বিষয় নহয় যদিও ইয়াক মুঠেই সহজ বুলি ভবা উচিত নহয়। উচ্চ মানদণ্ডৰ সুষম দানা প্ৰস্তুত কৰি ল’বৰ বাবে কিছু কাৰিকৰী জ্ঞান, সামান্য প্ৰশিক্ষণ তথা অভিজ্ঞতাৰ আৱশ্যক, সেয়েহে নিজে দানা বনোৱাৰ আগেয়ে এনে দানা বনোৱা প্ৰতিষ্ঠানত দুই এদিনৰ বাবে ইয়াৰ কাম-কাজৰ আভাস লোৱা উচিত।
  • দানা বনাবৰ বাবে আৱশ্যক হোৱা বিভিন্ন উপকৰণসমূহৰ বিষয়ে জ্ঞান থকাটো এটা মুখ্য প্ৰয়োজন। কিছুমান অসাধু ব্যৱসায়ীয়ে নিম্ন মানদণ্ডৰ ভেজাল, পুৰণি, ভেঁকুৰ গজা উপকৰণ বিক্ৰী কৰে। এনে উপকৰণ কিনি সুষম দানা বনাব পৰা নাযায় আৰু লাভলৈ চাওঁতে মূলৰো হাতচাৰা হ’বগৈ পাৰে। সেয়েহে উচ্চ মানদণ্ডৰ উপকৰণ পাবৰ বাবে ইয়াক ভালদৰে চিনি পোৱাটোও আৱশ্যক।
  • দানা বনাবৰ বাবে আৱশ্যক হোৱা উপকৰণসমূহ অসমৰ সকলো ঠাইতে পোৱা নাযায়। গুৱাহাটীত এনে উপকৰণ বিক্ৰী কৰা কেইবাটাও প্ৰতিষ্ঠান আছে। ইয়াৰ উপৰি আটাইবোৰ আৱশ্যকীয় উপকৰণ একে সময়ত বজাৰত উপলব্ধ নহ’বও পাৰে। এনেক্ষেত্ৰত তাৰ সঠিক বিকল্প উপকৰণ ব্যৱহাৰ নকৰিলে দানা সুষম নহ’ব আৰু ই পামৰ উৎপাদনত পোনপটীয়া প্ৰভাৱ পেলাব।
  • বজাৰত পোৱা উপকৰণসমূহৰ বেছি ভাগেই কুকুৰাবোৰে খাব পৰা অৱস্থাত গুড়ি হৈ নাথাকে। সেয়েহে উপকৰণসমূহক সঠিক জোখত গুড়ি কৰা আৰু সুষম মিশ্ৰণ তৈয়াৰ কৰাৰ আৱশ্যক হয়। এটা সৰু আকাৰৰ দানা গুড়ি কৰা বা মিশ্ৰণ কৰা কলৰ দাম ৬০,০০০-৭০,০০০ টকা। সৰু-সুৰা পামবোৰে এনে ব্যয়বহুল যন্ত্ৰ কিনি ব্যৱসায় কৰাটো সম্ভৱ নহয়। দানা গুড়ি কৰা কামটো ধান বা ঘেঁহু পিচা মিলতো কৰিব পৰা যায় আৰু মিশ্ৰণ কৰিবৰ বাবে বেলচা, কোৰ আদিৰ সহায়ত কৰাতো অসম্ভৱ নহয়।
  • ঘৰত গুড়ি মিশ্ৰিত প্ৰকাৰৰ দানাহে বনাব পৰা যায়। গতিকেই ইয়াৰ লগত জড়িত আন অসুবিধাসমূহো পালকে ভোগ কৰিব লাগিব।

দানা বনাওতে মন কৰিবলগীয়া কেইটিমান কথাঃ

 

  • সুষম দানাৰ বাবে আৱশ্যক হোৱা উপযুক্ত মিশ্ৰণ বিশেষভাৱে নিৰ্মিত মেচিনতহে কৰা হয়। পামৰ ওচৰত এনে মিশ্ৰণ কৰিব পৰা মেচিনৰ সুবিধা থাকিলে পালকসকলে ইয়াৰ ব্যৱহাৰ কৰা উচিত। যিবোৰ পামত এনে সুবিধা ল’ব পৰা নাযায় তাত পৰিষ্কাৰ বেলচা আৰু কোৰৰ সহায়ত এবিধৰ লগত এবিধকৈ মিহলাই যাব লাগে যাতে ভালদৰে মিশ্ৰণ হয়। ঔষধ আৰু প্ৰিমিস্কখিনি প্ৰথমে ২০৩ কিলোগ্ৰাম পৰিমাণৰ চাউলৰ মল, বা গোমধানৰ লগত চৰিয়াত হাতেৰে ভালদৰে মিশ্ৰণ কৰি লৈ বাকী সৰহীয়া উপকৰণসমূহৰ লগত মিশ্ৰণ কৰিব লাগে। সঠিক পৰ্যায় মিশ্ৰণ পাবৰ বাবে কেইবাবাৰো একেৰাহে মিশ্ৰণ কৰাটো একান্ত আৱশ্যক।
  • দানাৰ উপকৰণসমূহ দানাৰ চানেকি অনুযায়ী সঠিক জোখত ওজন কৰি লোৱা উচিত। পামত দানা বনাবৰ বাবে ৫০ কিলো, ১০ কিলো, ৫ কিলো আৰু আধা কিলো জোখৰ চাৰিখন পেন বেলেঞ্চ থকা আৱশ্যক।
  • দানা বনাবৰ বাবে ব্যৱহাৰ কৰা উপকৰণসমূহত অনেকবোৰ অপকাৰী বস্তু যেনে শিল, মাটি, গজাল আদি থাকিব পাৰে। গুড়ি কৰাৰ আগেয়ে এই বস্তুবোৰ আঁতৰ কৰি লোৱা প্ৰয়োজন।
  • মাছৰ গুড়িৰ লগত বালি থকা অনুচিত। ইয়াৰ উপৰি মাছৰ গুড়িত অধিক পৰিমাণত নিমখ থাকিব নালাগে। ই কুকুৰাৰ স্বাস্থ্য অনিষ্ট কৰিব পাৰে।
  • কুকুৰাৰ দাঁত নাই আৰু সেইবাবে ইহঁতে দানাই চোবাই গুড়ি কৰি খোৱাৰ ক্ষমতা নাথাকে। সেয়েহে দানাবোৰ জোখমতে গুড়ি হোৱা উচিত। দানা খুব বেছিকৈ গুড়ি হ’ব নালাগে, নহ’লে কুকুৰাৰ ডিঙিত সোপামাৰি ধৰিব পাৰে।
  • বহুদিন পেলাই থোৱা নিম্ন মানদণ্ডৰ উপকৰণ ব্যৱহাৰ কৰা উচিত নহয়।
  • দানা বনাবৰ বাবে এটা আছুতীয়া ঘৰ আৰু এটা গুদামৰ আৱশ্যক। এই ঘৰটো পামৰ কুকুৰাজাকৰ পৰা কমেও ১০০ মিঃ (৩০০ ফুট) দূৰত অৱস্থিত হোৱাটো আৱশ্যক। বেমাৰ প্ৰতিৰোধক ব্যৱস্থাৰ নীতি-নিৰ্দেশনা এইটো ঘৰৰ ক্ষেত্ৰতো সঠিকভাৱে মানি চলা উচিত।

কুকুৰাপামত মাখিৰ উৎপাতঃ

 

কুকুৰাপামত মাখিৰ সংখ্যা বেছি হলে মানুহৰ লগতে কুকুৰাজাককো বৰকৈ আমনি দিয়ে। অস্বাস্থ্যকৰ কুকুৰাপামবোৰত বিশেষকৈ যত ভিজা লিটাৰ আৰু গেলা-পচা জমা হৈ থকা বন্ধ পানীৰ নৰ্দমা আদি থাকে তাত মাখিৰ উপদ্ৰৱ বেছি হয়। মজিয়াত পোহা পদ্ধতিৰ পামতকৈ সজাত পোহা পামত মাখিৰ সংখ্যা বেছি থাকে।

মাখিয়ে বেমাৰৰ বীজাণু বিয়পায়। মাখিৰ সহায়ত পামৰ এটা ঘৰৰ পৰা আনটো ঘৰলৈ অথবা এখন পামৰ পৰা আনখনলৈ বেমাৰ বিয়পিব পাৰে। সেয়েহে পামত মাখিৰ সংখ্যা যাতে বৃদ্ধি নহয় তাৰ বাবে বিহিত ব্যৱস্থা কৰা উচিত। পামত মাখিৰ সংখ্যা নিয়ন্ত্ৰণত ৰাখিবৰ বাবে তলত উল্লিখিত ব্যৱস্থাসমূহ হাতত লোৱা উচিত-

-  লিটাৰ সদায় শুকানে ৰখাৰ ব্যৱস্থা কৰা উচিত।

-  মাখিয়ে বংশবৃদ্ধি কৰিবৰ বাবে কোনো ধৰণৰ বন্ধ পানী, নৰ্দমা আদি পামৰ ভিতৰত বা নিচেই কাষতে থাকিব নালাগে।

-  পুৰণা লিটাৰ খোলা ঠাইত দম কৰি ৰখা উচিত নহয়। লিটাৰ বিক্ৰী নহলে গাঁত খান্দি পুতি থোৱাৰ ব্যৱস্থা কৰিব লাগে।

-  সজাত পোহা পামত মাখিৰ উৎপাত কমাবৰ বাবে কুকুৰাৰ গোবৰৰ গাঁতবোৰ সঘনে বাহিৰ কৰি শুকুৱাৰ ব্যৱস্থা কৰিলে মাখিয়ে কণী পৰাৰ ঠাই নাইকিয়া হয় আৰু সিহঁতৰ জীৱনচক্ৰ ধ্বংস হয়। এই ব্যৱস্থাই মাখিৰ সংখ্যা কম কৰাত বৰকৈ সহায় কৰে আৰু ই আটাইতকৈ উত্তম উপায়।

-  মাখি ধ্বংস কৰিবৰ বাবে বজাৰত বিভিন্ন ধৰণৰ কীটনাশক দ্ৰব্য আদি পোৱা যায়। এইবোৰ ঔষধ সঠিক প্ৰয়োগৰ ফলত মাখিৰ সংখ্যা সুন্দৰভাৱে নিয়ন্ত্ৰণ কৰিব পৰা যায়।

 

 

  • (উৎসঃ অসমীয়া খবৰ, ডাঃ কুল প্ৰসাদ কলিতা)।


© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate