অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্ৰইলাৰ আৰু হাঁহ পালনৰ হাতপুথি:

ব্ৰইলাৰ আৰু হাঁহ পালনৰ হাতপুথি:

 

ভূমিহীন কৃষক ৰাইজ আৰু শিক্ষিত নিবনুৱা সকলে সামান্য মূলধন বিনিয়োগৰ দ্বাৰা লাভজনক জীৱিকা নিৰ্বাহৰ পথ গ্ৰহণৰ কাৰণে বিভিন্ন আঁচনি উদ্ভাৱন কৰা হৈছে।

কৃষি কৰ্মৰ পিছতে বিজ্ঞান সন্মতভাৱে পশুধন আৰু হাঁ-কুকুৰা পালন এক লাভজনক আয়ৰ পথ বুলি সমাজত পৰিগণিত হৈছে আৰু এই পথ বুলি সমাজত পৰিগণিত হৈছে আৰু এই পথ দেশৰ বহুলোকে গ্ৰহণ কৰিছে।

কুকুৰা পালনৰ ভিতৰত মাংসৰ উৎপাদনৰ কাৰণে “ব্ৰইলাৰ কুকুৰা পালন” এক অন্যতম লাভজনক ব্যৱসায়।

ব্ৰইলাৰ কুকুৰা পালনৰ সুবিধা সমূহ:-

 

1.জন্মদিনৰ পৰা 5-6 সপ্তাহ বয়সতে বিক্ৰীৰ উপযোগী হয় আৰু মুলধন ঘুৰাই পোৱা যায়।

2.  কম ঠাইতে ব্ৰইলাৰ পাম খুলিব পাৰি(প্ৰতি কুকুৰাত 1 বৰ্গফুট)

3.  অন্য কুকুৰাতকৈ কম যত্ন ল’লেই হয়।

4.  মৃত্যুৰ হাৰ কম।

5.  বৰ্ত্তমান বজাৰত চাহিদা আৰু লাভৰ পৰিমান বেছি।

6.  সকলো শ্ৰেণীৰ মানুহে ইয়াক অতি সহজে প্ৰতিপালন কৰিব পাৰে।

7.  ব্ৰইলাৰ কুকুৰাৰ মাংস কোমল,কম সময়তে ৰান্ধিব পাৰি আৰু সহজে হজম হয়।

ক)পাম স্থাপন:

পামখন আৰম্ভ কৰাৰ আগতে এজন পশুচিকিৎসা বিষয়াৰ দ্বাৰা এখন আঁচনি প্ৰস্তুত কৰি লোৱা উচিত।পাম স্থাপনৰ কামবোৰ সেই আঁচনিমতে কৰিলে অসুবিধা নহয়।তদুপৰি পাৰিলে নিজেও কুকুৰা প্ৰতিপালনৰ প্ৰশিক্ষনলৈ প্ৰাথমিক জ্ঞান আহৰণ কৰিহে কামত আগবঢ়া ভাল।এনেবোৰ কামত সদায় একাগ্ৰতা আৰু দৃঢ়তাৰ প্ৰয়োজন।পাম স্থাপন কৰিবলৈ পোনতে স্থান নিৰ্বাচন অতি প্ৰয়োজনীয় কথা।

 

খ)স্থান নিৰ্বাচন:

কুকুৰা পামৰ বাবে মাটি ডৰা মূল পথৰ ওচৰত নহ’লেও যোগাযোগৰ সুচল ব্যৱস্থা থকা ঠাইত হোৱা উচিত যাতে দানা বা অন্যান্য লাগতিয়াল বস্তু আৰু উৎপাদিত সামগ্ৰী সমূহ অনা নিয়াত অসুবিধা নহয়।ব্ৰইলাৰ পামৰ বাবে বিজুলী শক্তিৰ নিতান্ত প্ৰয়োজন।কাৰণ এদিনীয়া পোৱালী আনি পামত অন্তত:এমাহ তলত দিয়া ধৰণে(ফটো)নিয়ন্ত্ৰিত উষ্ণতাত(Brooder)ৰাখিব লাগে।ঠাইখিনি সদায় ওখ,পানী বন্ধ নোহোৱা,সহজে ৰ’দ পৰা হ’লে ভাল।কুকুৰাৰ সংখ্যা অনুযায়ী ঘৰৰ আয়তন আৰু সেইভাবে মাটিৰো প্ৰয়োজন।পামৰ ওচৰত সদায় ঠাণ্ডা আৰু বিশুদ্ধ পানীৰ সুবিধা থাকিলে ভাল।

ব্ৰুডাৰৰ তাপমাত্ৰা হ’ল:

 

1ম সপ্তাহত-95° ফাৰেণহাইট/(35° চেন্টিগ্ৰেড)

2য় সপ্তাহত-90° ফাৰেণহাইট/(32° চেন্টিগ্ৰেড)

3য় সপ্তাহত-85° ফাৰেণহাইট/(29° চেন্টিগ্ৰেড)

4ৰ্থ সপ্তাহত-80° ফাৰেণহাইট/(27° চেন্টিগ্ৰেড)

5ম সপ্তাহত-75° ফাৰেণহাইট/(24° চেন্টিগ্ৰেড)

6ষ্ঠ সপ্তাহত-70° ফাৰেণহাইট/(21° চেন্টিগ্ৰেড)

ব্ৰুডাৰ ঘৰৰ তাপমাত্ৰা-70°-75° ফাৰেণহাইট/(21° -24° চেন্টিগ্ৰেড)

গ)কুকুৰা ঘৰ:

ব্ৰইলাৰ কুকুৰাই বেচি গৰমত অসুবিধা পায়।সেয়ে ঘৰবোৰৰ বেৰ 2/3 অংশ খোলা ৰাখিলে ভাল।স্থানীয়ভাবে পোৱা সামগ্ৰীৰে কম খৰছত ঘৰ তৈয়াৰ কৰিব পাৰি।ওখ কমেও 7 ফুট আৰু বহল-দীঘল আদি আৱশ্যক অনুযায়ী প্ৰতি কুকুৰাৰ বাবে এক বৰ্গফুট হিচাবে ঘৰ সাজিব পাৰি।বেৰবোৰ স্থানীয় সামগ্ৰীৰে তৈয়াৰ কৰিলেও মজবুত আৰু স্থায়ী হ’ব লাগিব।2/3 অংশ তাঁৰৰ বা বাঁহৰ জাল দি ঢাকিব লাগে আৰু মজিয়াখন পাৰিলে ইটা পাৰি পকী কৰিলে ভাল কিয়নো মজিয়াত দিয়া লিটাৰ(তুঁহ বা কাঠৰ গুৰি আদি)সদায় শুকান হৈ থাকিলে বেমাৰৰ বীজাণু বৃদ্ধি নহয়।অদুপৰি শিয়াল,মেকুৰী,হাঁপা,এন্দুৰ আদি শত্ৰুবোৰ যাতে সহজে সোমায় অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে যত্ন লৈ ঘৰটো সাজিব লাগে।

 

ঘ)উমনি দিয়া ঘৰ:

 

কুকুৰাৰ ঘৰৰ ওচৰতে বা লগতে প্ৰথম পোৱালী ঘৰৰ ব্যৱস্থা কৰিব লাগে।যিহেতু পামলৈ সদায় এদিনীয়া পোৱালী আনিব লাগিব,সেয়েহে উমনিৰ ব্যৱস্থা থকা প্ৰয়োজন।এই ঘৰটোৰ মজিয়া আগৰটোৰ নিচিনাই হ’ব।কিন্তু বেৰৰ খোলা অংশ 1/3 হলেও হয়।উমনি দিয়া ব্যৱস্থা কাঠ বা বাঁহৰেও তৈয়াৰ কৰিব পাৰি।3 ফুট ব্যাসৰ এটা ‘ব্ৰুডাৰ’ত 100 টা মান পোৱালী ৰাখিব পাৰি।ব্ৰুডাৰৰ তলত অন্তত: 95° ফাৰেণহাইট উত্তাপ থাকিব লাগে।এই ব্যৱস্থাত বিজুলী চাকি নহ’লে যথেষ্ট অসুবিধা হয়।শীত কালত প্ৰায় 1 মাহ আৰু গৰম দিনত প্ৰায় 21 দিন মান এই ব্যৱস্থাত ৰাখি দ্বিতীয় কোঠালিলৈ বদলি কৰি দি ইয়ালৈ পুনৰ নতুন পোৱালী আনিব পাৰি।দ্বিতীয় কোঠাত 2 সপ্তাহ ৰখাৰ পিচত “ডেকেৰুৱা গড়াললৈ” আনিব লাগে।তাত 5/6 সপ্তাহ বয়সলৈ ৰাখিলে বিক্ৰী কৰিব পৰা যায়।এনেভাৱে প্ৰতি 15 দিন বা 20 দিনৰ মুৰে মুৰে পোৱালী আনি ডাঙৰ কৰি বিক্ৰী কৰিব পৰা যায়।এইখিনি কৰোতে কোঠাৰ ঠাই আদি  পোৱালী অনুপাতে হিচাব কৰি বন্দোবস্ত কৰি ল’ব লাগে।বৰ্ত্তমান এদিনীয়া পোৱালী পালনৰ বহুতো নতুন ব্যৱস্থা ওলাইছে।দুখলপীয়া লোহাৰ জালেৰে ‘ব্ৰুডাৰ’ তৈয়াৰ হয়।এইবোৰত বিজুলি বাতিৰে নিয়ন্ত্ৰিত তাপ দিয়াৰ ব্যৱস্থাৰ লগতে উষ্ণতাও জুখিব পাৰি।ইয়াক BATTERY BROODER বোলা হয়।যদিও খৰছৰ অনুপাত বেছি তথাপিও প্ৰতিষ্ঠানবোৰত সেইবোৰ নিজে চাই-চিতি আৰু অভিজ্ঞ ব্যক্তিৰ লগত আলোচনা কৰি কিনি ল’বও পাৰি বা নিজে তৈয়াৰ কৰিব পাৰি।এনেবোৰ জালি কৰা চাংঘৰত তুঁহ আদি দিব নালাগে।

 

 

ঙ)সা-সজুলি:

 

1.দানা-পানী দিবলৈ বাচন,

2.  উম দিয়া যন্ত্ৰ বা ব্ৰুডাৰ,

3.  চৰাই ধৰা জাল,বেৰ,

4.  গড়াল পৰিষ্কাৰ কৰা ব্ৰাছ,ঝাড়ু ইত্যাদি।

দানা দিয়া বাচন ডাঙৰ পোৱালীৰ বাবে ডাঙৰ আৰু সৰু পোৱালীৰ বাবে সৰু হ’ব লাগে।চৰাই অনুপাতে প্ৰতি চৰাইকে 3 ইঞ্চি ব্যাসৰ বাচনৰ প্ৰয়োজন হয়।সৰু সৰু পোৱালীৰ বাবে ইয়াৰ ব্যাস 1-6 ইঞ্চি হোৱা প্ৰয়োজন।পানীৰ বাবে তৈয়াৰ কৰিব পাৰি।কিন্তু তলত দিয়া কথাখিনিৰ প্ৰতি মন দিয়া প্ৰয়োজন:

1.পাত্ৰবোৰ বা সঁজুলিবোৰ সহজে পৰিষ্কাৰ কৰিব পৰাকৈ সাজিব লাগে।

2.  সকলো সঁজুলি জোখৰ হ’ব লাগে।

3.  কুকুৰাই ওপৰত উঠি যেন খোৱা পানী,দানা আদি নষ্ট কৰিব নোৱাৰে তেনে ব্যৱস্থা থাকিব লাগে।

4.  দানা পানী খাওঁতে যেন কোনো ধৰণৰ অসুবিধা নাপায়।

আজিকালি বজাৰত বহুধৰণৰ আধুনিক আৰু উন্নত বহুধৰণৰ কুকুৰাৰ দানা পানী দিয়া সঁজুলি পোৱা যায়।সেইবোৰো কিনি লব পাৰি বা সেই আৰ্হিৰে নিজে তৈয়াৰ কৰি ল’ব পাৰি

ব্ৰইলাৰ আৰু হাঁহ পালনৰ হাতপুথি:

চ)উৎকৃষ্ট জাত:

 

ব্ৰইলাৰ কুকুৰাৰ কেইবাবিধো উন্নত মানৰ জাত গোটেই দেশতে পোৱা যায়।তথাপিও কোন বিধৰ ব্ৰইলাৰ পোৱালী ল’ব লাগে তাৰ প্ৰমাণিত গুণাগুণৰ ওপৰত বিবেচনা কৰিলে ভাল।বিশেষ ব্ৰইলাৰ জাতৰ ভিতৰত 1)হাবাৰ্ড(HUBBARD),2)হাবসিক্স(HUBCHIX),3)ভেনকৰ,4)কব(COBB)ইত্যাদি।

ছ)সুষম খাদ্য:

 

ব্ৰইলাৰ কুকুৰাৰ ওজন বৃদ্ধি খাদ্যৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে।ব্ৰইলাৰ পালনৰ মুঠ খৰচৰ 65-75 ভাগ ব্ৰইলাৰৰ দানাতে খৰচ হয়।আৰ্থিকভাৱে ব্ৰইলাৰৰ খাদ্য এনে হ’ব লাগে যাতে সেই খাদ্য খুৱাই অতি বেছি ওজন পোৱা যায়।গতিকে খাদ্য প্ৰস্তুত কৰোতে বা কিনোতে সুষম খাদ্য কিনা উচিত।ব্ৰইলাৰৰ খাদ্য তালিকা তলত দিয়া হ’ল:-

বয়স           সপ্তাহ          প্ৰত্যেক সপ্তাহত চৰাইৰ ওজন                    প্ৰত্যেক খাদ্য

0                      1                    0.070 কে:জি                       মিহিদানা(Chiek mesh)

1                      2               0.150 কে:জি

2                      3                  0.210 কে:জি                    আৰম্ভনি ব্ৰইলাৰ খাদ্য(Starter)

4                      5                   0.420 কে:জি

5                      6                   0.525 কে:জি

6                7               0.630 কে:জি                     শেখৰ ব্ৰইলাৰ খাদ্য(Finisher)

7                8              0.630 কে:জি-0.840 কে:জি

 

ব্ৰইলাৰ কুকুৰাৰ প্ৰমাণিত সুষম খাদ্য প্ৰায়বোৰ ডাঙৰ চহৰত পোৱা যায়।সেইবোৰৰ লগত যোগাযোগ কৰি নিয়মীয়া যোগানৰ ব্যৱস্থা কৰি ল’ব লাগে।যদি অধিক উৎপাদনক্ষম ডাঙৰ পামৰ আঁচনি লয় তেন্তে নিজাকৈ খাদ্য তৈয়াৰ কৰাৰ ব্যৱস্থা কৰি লোৱা ভাল।গড়ে 2 কে:জি খাদ্য খাই ব্ৰইলাৰ কুকুৰাৰ দৈহিক কুকুৰাৰ দৈহিক ওজন 1 কে:জি হয়।

জ)প্ৰতিপালন:

 

যিহেতু ব্ৰইলাৰ কুকুৰাৰ এদিনীয়া পোৱালী আনি 5/6 সপ্তাহলৈ পোহা হয় সেয়ে এই কম সময়ৰ ভিতৰতে কিভাৱে নিখুত পৰিচালনা কৰি অধিক ওজন পাব পাৰি তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে।

এদিনৰ পৰা এমাহলৈ(BROODER MANAGEMENT)উম দিয়াৰ ব্যৱস্থা নিখুঁত হ’ব লাগে।লগতে দিয়া লিটাৰ যাতে অকনো সেমেকা নহয় তাৰ বাবে চূণৰ গুৰি ছটিয়াই মাজে মাজে তল ওপৰ কৰি দিব লাগে।পানী তাৰু দানাৰ পাত্ৰ সদায় চাফ-চিকুণ কৰি ৰাতিপুৱা দানা আৰু বিশুদ্ধ পানী হিচাব মতে দিব লাগে।এমাহ পাৰ হ’লে 2য় কোঠালৈ বদলি কৰি আনি নিদিষ্ট উষ্ণতাত অলপ আহল-বহলকৈ ৰাখিব লাগে।

গৰমৰ দিনত বেছি গৰমত ব্ৰইলাৰ কুকুৰাই কষ্ট পায় সেয়ে অলপ বেছি যত্ন ল’ব লাগে।খুব ৰাতিপুৱাই পানী আৰু দানা দিব লাগে।কোঠাৰ ভিতৰলৈ যাতে মুকলি বতাহ চলাচল কৰিব পাৰে তালৈ লক্ষ্য ৰাখিব লাগে।ঠাণ্ডা পানী খুৱাই থাকিব লাগে।চৰাইবোৰে যাতে জুম বান্ধি থাকিব নোৱাৰে তাৰ বাবে মাজে মাজে চকু দিব লাগে।ৰাতি কম শক্তিৰ পোহৰ দিলে গৰম কম পায়।অতি উচ্চ গুণ-সম্পন্ন খাদ্য দিলে ওজন প্ৰাপ্তিৰ ব্যাঘাত নঘটে।

ঝ)বেমাৰ-আজাৰ:

 

ব্ৰইলাৰ যিহেতু 5/6 সপ্তাহ মানহে পোহা হয়,গতিকে বেমাৰ আদি হোৱাৰ লম্ভাৱনা কম।কিন্তু কুকুৰাৰ ক্ষেত্ৰত চিকিৎসাতকৈ প্ৰতিষেধক ব্যৱস্থাহে অধিক ফলদায়ক।ব্ৰইলাৰ পোৱালীয়ে 1ম সপ্তাহত উত্তাপ ঠিকমতে পাইছেনে নাই তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।জোখৰ উম পালে পোৱালীবোৰে জোখৰ দানা খাই মেলি ফুৰিব পাৰে।তেতিয়া অন্তত: 10 দিনলৈ বেমাৰ আদিৰ ভয় নাথাকে।কুকুৰাক সংক্ৰামক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ তলত দিয়া প্ৰতিষেধক ছিটা সমূহ দিয়া প্ৰয়োজন।

ঞ)প্ৰতিষেধক ছিটা:

 

এদিনীয়া পোৱালী – মাৰেক ছিটা(Mareks Vaccine)

প্ৰথম সপ্তাহৰ ভিতৰত – এফ ওৱান(F-1)Ranikhet Vaccine

6ষ্ঠ সপ্তাহত – কুকুৰা বসন্ত(Fowl Pox Vaccine)

প্ৰথম ৰাণীখেট আৰু মাৰেক ছিটাটো সাধাৰণতে পোৱালী লোৱা ঠাইতে দি দিয়ে।

অঞ্চলটো কুকুৰাৰ বসন্ত উপদ্ৰুত নহলে ব্ৰইলাৰক বসন্তৰ ছিটা নিদিলেও হয়।তদুপৰি 2য় ৰানীখেত ছিটা 8ম সপ্তাহৰ পিচত ৰাখিব লগা নহ’লে নিদিলেও হয়।

10 দিন বয়সৰ পিচত যদি কিবা বেমাৰ আদিৰ লক্ষণ দেখা যায় তেতিয়া সোনকালে পশুচিকিৎসকৰ পৰামৰ্শ লৈ নিৰাময়ৰ ব্যৱস্থা ল’ব লাগে।বেমাৰ নহ’বলৈ বহুতো প্ৰতিষেধক উপযুক্ত মাত্ৰাত দানা আৰু পানীৰ লগতে খুৱাব পাৰি।সেইবোৰ লক্ষণ আৰু অৱস্থা অনুসৰি চিকিৎসকৰ পৰামৰ্শ লৈ খুৱাব লাগে।

ট)বিক্ৰীৰ ব্যৱস্থা:

 

ব্ৰইলাৰ কুকুৰা সাধাৰণতে 6 সপ্তাহ বা তাতোকৈ কম বয়সত বিক্ৰীৰ বাবে উপযোগী হয়।এই কম বয়সতে একোটা ব্ৰইলাৰ কুকুৰাৰ ওজন গড়ে 1.5 কে:জি: হ’ব লাগে।এই ওজনৰ কুকুৰাৰ চাহিদা বজাৰত বেচি।পুঁহি ওজন বৃদ্ধি কৰিব বিচাৰিলে কুকুৰাৰ বাবে অধিক পৰিমাণৰ দানা প্ৰয়োজন হ’ব আৰু ফলত ব্যয় বৃদ্ধি হ’ব।

ঠ)লাভা লাভ:

 

ব্ৰইলাৰ কুকুৰা যদি উৎপাদকে নিজে,পোনপটীয়াকৈ অৰ্থাৎ গ্ৰাহকক বিক্ৰী কৰিব পাৰে তেন্তে প্ৰতি কুকুৰাত(জোখৰ হ’লে)গড়ে 10-20 টকা পৰিমাণৰ লাভ হয়।এজন্ট আদিৰ জৰিয়তে বিক্ৰী কৰিব লগা হলে লাভৰ পৰিমান নিশ্চয় কম হ’ব।তাদুপৰি কুকুৰাপামত জমা হোৱা কুকুৰাৰ বিষ্ঠা এবিধ উৎকৃষ্ট সাৰ।তাৰ পৰাও প্ৰতি কুইন্টলত 25-30 টকাকৈ পাব পাৰি।

ড)অন্যান্য সুবিধা:

 

ব্ৰইলাৰ কুকুৰা পুহিবলৈ উপযুক্ত আঁচনি পালে প্ৰায়বোৰ ৰাষ্ট্ৰীয় বেঙ্কত ঋণ দিয়াৰ ব্যৱস্থা আছে।আঁচনি প্ৰস্তুত বা অন্য কাৰিকৰী জ্ঞানৰ বাবে অসম পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অধীনত গুৱাহাটীৰ বিৰুবাৰীত থকা ব্ৰইলাৰ কুকুৰা পোৱালী উৎপাদন আৰু প্ৰদৰ্শন পামত প্ৰশিক্ষণ আৰু সকলো কাৰিকাৰী সহায় আদি লব পৰা যায়।এনেধৰণৰ প্ৰশিক্ষণৰ অন্তত প্ৰমাণ পত্ৰ দিয়া হয়।এই প্ৰমাণ পত্ৰই ঋণ আদি লোৱাত সহায়ক হয়।

এই সকলোবোৰ সুবিধালৈ লক্ষ্য কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ব্ৰইলাৰ কুকুৰা পাম গঠনক এবিধ লাভজনক ব্যৱসায় হিচাবে গঢ়ি উঠাৰ সম্ভাৱনা আছে।

ব্ৰইলাৰ পালনৰ বিভিন্ন দিশ জানিবলৈ নিকটৱৰ্ত্তী ৰাজ্যিক চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়াৰ লগত যোগাযোগ কৰিব পাৰে।

ব্ৰইলাৰ কুকুৰা পালনৰ এখন আদৰ্শ আঁচনি:

 

নিবনুৱা সমস্যা বৃদ্ধিৰ লগে লগে শিক্ষিত যুৱক-যুৱতী সকল কুকুৰা উদ্যোগৰ প্ৰতি আগ্ৰহী হোৱা দেখা গৈছে,কিন্তু ব্যৱহাৰিক জ্ঞান আৰু অভিজ্ঞতাৰ অভাৱৰ হেতু লাভতকৈ লোকচানৰ মুখ দেখা বহুতৰে ক্ষেত্ৰত পৰিলক্ষিত হৈছে।তদুপৰি পাম এখন আৰম্ভ কৰাৰ আগতেই সেই সম্পৰ্কীয় আঁচনি অনুসৰি ৰুপায়ন কৰি গ’লেহে ভাল ফলাফল আশা কৰিব পাৰি নতুবা ক’ত কেনা লাগিছে নিৰূপণ কৰিব পাৰি।সেয়েহে ব্ৰইলাৰ পালকৰ বাবে 500 ব্ৰইলাৰ কুকুৰাৰ এখন আঁচনিৰ নমুনা দিয়া হ’ল।

500 ব্ৰইলাৰ পামৰ আঁচনি:

 

ব্যৱসায়িক ভিত্তিত ব্ৰইলাৰ কুকুৰা উৎপাদন কৰিবলৈ হ’লে এক নিৰ্দ্ধাৰিত সময়ৰ ব্যৱধানত একেৰাহে উৎপাদন কৰি সকলো সময়তে পোনপটীয়াকৈ গ্ৰাহকৰ চাহিদা পূৰণ কৰি থাকিব পাৰিলেহে ফলপ্ৰসু লাভ আহৰণ কৰিব পাৰি।নহ’লে মধ্যভোগী দালাল শ্ৰেণীয়েই মূল মুনাফা আদায় কৰে।সেয়েহে প্ৰতি 15 দিনৰ অন্তৰে অন্তৰে 100 টাকৈ ব্ৰইলাৰ ডীপলিটাৰ প্ৰথাৰে প্ৰতিপালন কৰা এক সাৰু আঁচনি যুগুতোৱা হ’ল।

কাৰিকৰী সম্বন্ধীয় টোকা:

 

1)চৰাইৰ সংখ্যা : 15 প্ৰতি দিনৰ মূৰে মূৰে 100 টাকৈ।

2)প্ৰতিটো চাৰ্কোলত মুঠ গোটৰ সংখ্যা : 4(চাৰি) টা।

3)প্ৰতিটো চাৰ্কোলত মুঠ চৰাইৰ সংখ্যা : 400 টা।

4)প্ৰতিটো গোটৰ প্ৰতিপালনৰ সময় : 6-7 সপ্তাহ।

5) ব্ৰইলাৰৰ এদিনীয়া পোৱালীৰ দাম : গোটে 25.00 টকা।

6)দানাৰ মূল্য : 25.00 টকা প্ৰতি কি:গ্ৰামত।

7)মজিয়াৰ পৰিমান : 1 বৰ্গফুটকৈ প্ৰতিটোক।

8)ঘৰ সজাৰ বাবে ব্যয় : 50.00 টকা প্ৰতি বৰ্গফুটত।

9)মৃত্যুৰ পৰিমান(6-7 সপ্তাহৰ ভিতৰত) : 5 শতাংশ।

10)দানাৰ পৰিমান : 3-3.5 কি:গ্ৰাম প্ৰতিটোক(গড় হিচাবে)।

11)গড় ওজন : 1.6 কি:গ্ৰাম(5-6 সপ্তাহত)।

12)বিক্ৰী মূল্য : 100 টকা প্ৰতি কিলোগ্ৰাম জীয়া ব্ৰইলাৰ গড়ে।

ক)মুলধন খৰছ:

1)প্ৰতিটো ব্ৰইলাৰক 1 বৰ্গফুটকৈ মুঠ 600 ব্ৰইলাৰৰ বাবে()

2)প্ৰতি বৰ্গফুট 50.00 টকা দৰে 600 বৰ্গফুট

কালিৰ ঘৰৰ ব্যয় : 30,000.00 টকা

3)প্ৰতিটো ব্ৰইলাৰৰ ক্ষেত্ৰত 15.00 টকা হিচাবে

600 ব্ৰইলাৰৰ বাবে সাঁ-সজুলি কিনাৰ ব্যয় : 9000.00 টকা

4)তাপ দিয়া যন্ত্ৰ আৰু বিজুলী বাতি যোগান আদিৰ

বাবদ মোটামুটি ভাবে : 4000.00 টকা

মুঠ : 43,000.00 টকা

খ)পৌন: পৌনিক ব্যয়:

1)পোৱালী কিনাৰ বাবদ ব্যয়:

420 এদিনীয়া হাইব্ৰিইড ব্ৰইলাৰ(5 শতাংশ মৃত্যু ধৰি)

420 টাত 25.00 টকা দৰে : 10500.00 টকা

2)দানাৰ বাবদ ব্যয়:

প্ৰতিটোত 3.75 কি.গ্ৰাম দৰে মুঠ 400 টাৰ বাবে

প্ৰতি কি.গ্ৰামত 25.00 টকা দৰে : 37,500.00 টকা

3)ব্ৰুডিং,ঔষধ আদিৰ বাবদ:

প্ৰতিটোত 4.00 টকা দৰে মুঠ 400 টাৰ বাবে : 1600.00 টকা

4)অন্যান্য:

সানমিহলি খৰছ : 1340.00 টকা

মুঠ = 50,940.00 টকা

গ)পামখন খুলিবলৈ প্ৰয়োজন হোৱা ব্যয়:-

মুঠ টকা মুলধন=খৰছ=পৌন:পৌনিক ব্যয়

=43,000,00 + 50,940 টকা

=93,940,00 টকা

ঘ)আয়:

ক)প্ৰতি কিলো জীয়া ব্ৰইলাৰৰ বেচা দাম 100.00 টকা

দৰে মুঠ 400 টাত গড় ওজন 1.6 কি:গ্ৰা: কৈ   : 64,000.00 টকা

খ)সাৰ হিচাবে বিক্ৰী হোৱা পুৰণা লিটাৰ প্ৰতি

কুইন্টলত 50 টকা দৰে মুঠ 16 কুইন্টলত    : 800.00 টকা

গ)দানাৰ খালি বস্তা 20 টকা দৰে মুঠ

20 টা বস্তা    : 400.00 টকা

মুঠ : 65,200.00 টকা

ঙ)মুঠ বছৰেকীয়া আয়:

400 টা কৈ প্ৰতি 7 সপ্তাহৰ অন্তৰে অন্তৰে মুঠতে 6 টা জাক

পুহিলে মুঠ আয় হ’ব-(65,200*6টা=3,91,200.00 টকা)

চ)লাভ(GROSS PROFIT):-

মুঠ আয় = মুঠ – পৌন: পৌনিক ব্যয়

=3,91,200.00 – 50940 * 6 টা চাকৌলত

=3,91,200.00 – 305640.00

=84,460.00 টকা

(মূল ৰাশি সময় সাপেক্ষে পৰিবৰ্ত্তনশীন)

বি:দ্ৰ: আঁচনিখনত উল্লেখিত যাবতীয় খৰছৰ আৰু আয়ৰ পৰিমাণ অসমৰ বিভিন্ন ঠাইত তাৰতম্য ঘটিব পাৰে।আঁচনিখন প্ৰস্তুত কৰোতে সাম্প্ৰতিক অসমৰ সংশ্লিষ্ট বজাৰৰ দৰত গড় উলিয়াই যুগুতোৱা হৈছে।উৎপাদনী আয় ব্যয়ৰ হ্ৰাস-বৃদ্ধি হ’লে,আঁচনিৰ খৰচৰ বা আয়ৰো ভবিষ্যতে হ্ৰাস-বৃদ্ধি হ’ব পাৰে।

হাঁহ পালন:

 

অসমৰ প্ৰাকৃতিক পৰিবেশ হাঁহ পোহাৰ সুচল ঠাই।এনে কেতবোৰ ঠাই আছে য’ত বাৰমাহে পানী থাকে।সেইবোৰ ঠাইত হাঁহৰ খাদ্য সৰু সৰু মাছ,শামুক,কেঁচু কুমতি,পুনি স্বাভাবিকতে পোৱা হয়।তেনে ঠাইত হাঁহ সহজে পুহিব পাৰি।কোনো কোনো ঠাইত লেতা,পলু আদি পোৱা যায়।এইবোৰ হাঁহৰ উৎকৃষ্ট আহাৰ।ঘৰৰ পেলনীয়া শাক-পাচলি মাছ,ভাত,খুদ,চাউলৰ মল সিহঁতৰ খাদ্যৰ অন্যতম উপাদান।হাঁহৰ বেমাৰ আজাৰো কম হয়।প্ৰায় 3 বছৰলৈকে একেজাক হাঁহকে পুহিব পাৰি।

এইবোৰ সা-সুবিধা বিশেষকৈ গাঁও অঞ্চলত থাকে।এই সুচলৰ কাৰণে বহুতে হাঁহ পোহে।কিন্তু আমাৰ প্ৰতিজনী হাঁহে 50/60 টাৰ অধিক কণী নিদিয়ে।তাৰোপৰি কণী পৰাৰ পাছতেই উমনিত বহে।সেইকাৰণে এই জাতৰ হাঁহৰ উৎপাদনৰ কণীৰে বাঢ়ি অহা চাহিদা পুৰণ কৰিব নোৱাৰি।হাঁহৰে উন্নতি কৰি কণীৰ উৎপাদন বঢ়োৱাৰ উদ্দেশ্যে অসমলৈ “খাকী কেম্বেল” জাতৰ এজাক বিদেশী হাঁহ আমদানী কৰা হয়।এই হাঁহৰ বিশেষত্ব হ’ল বছৰেকত 250/300 কণী পাৰে,কণীৰ আকাৰ ডাঙৰ হয় আৰু উমনিত নবহে।

ইতিমধ্যে হাঁহ পালনৰ যোগেদি গাঁৱৰ ৰাইজ যে অৰ্থনৈতিক ভাবে উপকৃত হব পাৰে সেই কথাষাৰ খাকী কেম্বেল হাঁহ পালক সকলে ভালদৰে উপলব্ধি কৰিব পাৰিছে,অন্তত: যিসকল লোকে খাকী আৰু দেশী হাঁহ পুহিছে,তেখেত সকলে প্ৰথম বৰ্ণসংকৰ জাতৰ খাকী হাঁহে আমাৰ দেশী হাঁহতকৈ 5 বা 6 গুণ অধিক কণী উৎপাদন কৰে আৰু কণীৰ ওজনো তুলনামূলকভাবে 20-25 ভাগ বেছি।অন্য অৰ্থত কব পাৰে যে এজনী বৰ্ণসংকৰ খাকী হাঁহৰ উৎপাদন ক্ষমতা 5 বা 6 জনী দেশী হাঁহৰ সমান।আমি ইয়াকে কব পাৰো যে এক খৰছ একে আপদাল কৰি এজনী বৰ্ণসংকৰ জাতৰ খাকী হাঁহে আমাৰ দেশী হাঁহতকৈ 5 বা 6 গুণ বেচি কণী উৎপাদন কৰি হাঁহ পালকক সেই অনুপাতে অৰ্থনৈতিত উন্নতিত অৰিহনা যোগায়।গতিকে এনে উৎপাদনক্ষম হাঁহ জাকক বেমাৰ আজাৰৰ পৰা নিৰাপদে ৰখাটো বিভাগৰ যিদৰে অধিক দায়িত্ব আহি পৰিছে সেইদৰে চেষ্টা কৰা হৈছে।সেয়ে ৰাইজৰ উৎসাহক আগত ৰাখি বিভাগৰ পৰা পাব পৰা সা-সুবিধা,হাঁহৰ সাধাৰণ বেমাৰ আজাৰ থুলমুল চিনাকি আৰু প্ৰতিকাৰৰ বাবে কিছু আভাস এই পুস্তিকাৰ যোগেদি দিয়া হৈছে।

হাঁহ পালনৰ বাবে জানিবলগীয়া আৱশ্যকীয় কথা:

 

 

  • 1.গাঁৱলীয়া পৰিৱেশত খাকী বা দোভচীয়া হাঁহৰ কণী উমনি লোৱা দেশী হাঁহ বা কুকুৰাত দি পোৱালী উলিয়াব পাৰি।

     

    2.  উমনিৰ কণী আনোতে নিজে নিশ্চিত হ’ব লাগে যে সচৰ কণী বিশুদ্ধ খাকী কেম্বেল হাঁহৰ 1ম বা 2য় পুৰুষৰ হয় আৰু কণীবোৰ সাতদিনতকৈ বেছি পুৰণি নহয়।

    3.  বিশুদ্ধ জাতৰ কেম্বেল হাঁহৰ কণী চৰকাৰী হাঁহ পামবোৰৰ পৰা আনিব পৰা যায়,কিন্তু বিশুদ্ধ খাকী বিশুদ্ধ জাতৰ কেম্পবেল হাঁহৰ কণীতকৈ “খাকী দেশী” দোভচীয়া হাঁহৰ 1ম বা 2য় পুৰুষৰ কণী হলে গাৱলীয়া পৰিবেশৰ বাবে বেছি উপযোগী হয়।

    4.  যদি ঘৰত দেশী হাঁহ আছে,তেনেহ’লে দেশী মতা হাঁহবোৰ আতৰাই তাত বিশুদ্ধ জাতৰ খাকী কেম্পবেল ইণ্ডিয়ান ৰাণাৰ/ছাৰা-চামেলি হাঁহৰ মতা হাঁহ দি দোভচীয়া কণী উৎপাদন কৰি সেই কণীৰ উমনি দি পোৱালী উলিয়াই লোৱাতো বেছি শ্ৰেয়।

    5.  দোভচীয়া হাঁহৰ পোৱালী বোৰৰ বয়স এদিন হোৱাৰ পৰাই ফুৰাজলিড’ন(Furazolidone)নামৰ ঔষধ পানীত মিহলাই এসপ্তাহমান খুৱাওক।এই ঔষধ হালধীয়া আৰু গুড়ি।এই ঔষধে হাঁহৰ পোৱালী জাকক চৰ্দ্দি জ্বৰ ইত্যাদি বেমাৰৰ পৰা মুক্ত কৰি ৰাখে।

    6.  হাঁহৰ পোৱালী জাকক এদিন বয়সৰ পৰাই মেঙ্গানিজ চালফেট(Manganese Sulphat)নামৰ খনিজ পদাৰ্থ প্ৰত্যেক 100 কেজি খাদ্যত 10 গ্ৰাম মিহলাই খুৱাওক।এই মেঙ্গানিজ চালফেট হাঁহৰ পোৱালীজাকক ভৰিৰ আঁঠু গাঁঠি ফুলা বা শ্লিপটেনডন(Sliptendon)ৰোগৰ পৰা মুক্ত ৰাখে।

    7.  সৰু সৰু হাঁহৰ পোৱালী বোৰৰ 6/8 সপ্তাহ বয়স হলেই স্থানীয় পশুচিকিৎসা বিষয়াৰ যোগেদি “ডাক প্লেগ”(Duck Plauge) ৰোগৰ প্ৰতিৰোধৰ বাবে চিটা দিয়াই হাঁহ জাকক 3 বছৰলৈ মুক্ত ৰাখিব লাগে।অন্যান্য যিকোনো হাঁহৰ বেমাৰ আজাৰ হ’লে ঔষধ আৰু পথ্যৰ যোগেদি চিকিৎসা কৰিব পৰা যায়,কিন্তু ডাকপ্লেগ ৰোগৰ যিহেতু চিকিৎসা নাই সেয়েহে হাঁহজাকক 6/8 সপ্তাহ বয়সত চিটা দি নিশ্চিত থকাই শ্ৰেয়।

    8.  আপোনাৰ হাঁহ জাকৰ গড়ালটো শুকান আৰু ৰ’দ পৰা,বতাহ চলাচল কৰিব পৰা ঠাইত সাজিব লাগে কাৰণ সেমেকা আৰু জেঁকা গড়ালত হাঁহৰ বেমাৰ হোৱাৰ সম্ভাৱনা বেছি।প্ৰতিটো হাঁহৰ বাবে দুই বৰ্গফুট ঠাই হলেই হয়।

    9.  হাঁহজাকক কেতিয়াও পুৰণি ভেঁকুৰ লগা,গেলা পচা খাদ্য ভুলতো খুৱাব নালাগে।এইবিলাক খোৱাৰ ফলত হাঁহৰ মৃত্যু হ’ব পাৰে।

    10. নতুনকৈ বজাৰৰ পৰা কিনি অনা হাঁহ ঘৰুৱা হাঁহ জাকৰ লগত লগে লগেই এৰি দিব নালাগে।বজাৰৰ পৰা কিনি আনি কিছুদিন ভালদৰে চালচলন আৰু স্বাস্থ্য পৰীক্ষা কৰিহে ঘৰুৱা হাঁহ জাকৰ লগত মিলিবলৈ এৰি দিব লাগে।

    11. হাঁহক সাতুৰিবৰ কাৰণে পানী নহলেও হয়।কিন্তু খোৱা পানী আৰু গা ধুবৰ কাৰণে যথেষ্ট পৰিমানৰ পানীৰ প্ৰয়োজন।হাঁহ মুকলি ঠাইত পানীত যদি চৰিবলৈ সুবিধা নাপায় সিহঁতক দিয়া পানীৰ পাত্ৰটো এনে হ’ব লাগে যাতে হাঁহ বিলাকে ডিঙিলৈকে মূৰ তিয়াব পাৰে।হাঁহ পোৱালী বিলাকে পানীত মূৰ জুবুৰিয়াই চকু মুখ ধুব নোৱাৰিলে সিহঁতৰ প্ৰায়েই চকুৰ বেমাৰ হোৱা দেখা যায়।সিহঁতক দিয়া পাত্ৰৰ পানী প্ৰতিদিনে সলাই দিয়া উচিত।

    12. হাঁহ পালক সকলে হাঁহ পালনৰ বাবে উৎপাদনক্ষম হাঁহ বাচি লোৱা উচিত।উৎপাদনক্ষম হাঁহ পালক সকলে নিজেই বাচি উলিয়াব পাৰে।মধ্যম আকৃতিৰ সুগঠিত ঠোট আৰু ঠেং,পাখিবোৰ মিহি আৰু ফিচালৈকে বৈ পৰা,বুকুৰ হাড় নিয়মিত ভাৱে মঙহাল তেনে হাঁহেই উৎপাদনক্ষম হাঁহ।প্ৰজননৰ বাবে সুস্থ সবল মতা হাঁহ বাচি লব লাগে।5/6 জনী হাঁহৰ মাজত এটা মতা হাঁহ ৰাখিব লাগে।

    13. হাঁহ পোৱালী বোৰক অন্তত: 3-4 সপ্তাহলৈ যতন লোৱা প্ৰয়োজন,কাৰণ এই সময় ছোৱাৰ ভিতৰতেই পোৱালী বেছিকৈ মৰে।সেই সময়ছোৱাত সিহঁতক পৰিমিত খাদ্য দিব লাগে,সম্ভৱস্থলত যথেষ্ট পৰিমানৰ কেঁচু,শামুক,আদি খুৱাব পাৰিলে ভাল।হাঁহৰ এটা অভ্যাস আছে যে সিহঁতে কোনো খাদ্য খোৱাৰ পিছত ঠোটটো পানীত ধোৱে।গতিকে হাঁহৰ পোৱালীবোৰৰ সন্মুখত পৰিস্কাৰ পানীৰ পাত্ৰ ৰখা উচিত।

    14. হাঁহ কণীৰ গোন্ধ আছে বুলি সাধাৰণতে মানুহৰ এটা ধাৰণা আছে যাৰ কাৰণে হাঁহ কণীৰ প্ৰতি মানুহৰ এটা বিৰূপ মনোভাৱ দেখা যায়।হাঁহৰ কণী কুকুৰাৰ কণীতকৈ অপুষ্টিকৰ বুলিও ভবা হয়,কিন্তু এই ধাৰণা ভুল।আচলতে পৰিমিত আহাৰ খুৱাই পৰিষ্কাৰ পৰিবেশত সংগ্ৰহ কৰা কণী গোন্ধহীন আৰু পুষ্টিকাৰক।

    খাকী হাঁহৰ যোগেদি আপোনাৰ দেশী হাঁহ জাকক উন্নত কৰি কণীৰ উৎপাদন বঢ়াওক:

     

    ক)খাকী হাঁহৰ কণী 8/10 টা আনি উমনিত বহা হাঁহ বা কুকুৰাত উমনি দিয়ক।তাৰ পৰা অন্তত: 6/8 টা পোৱালী পাব।সিহঁতক ভালকৈ প্ৰতিপালন কৰি ডাঙৰ মূল হাঁহৰ এটা পাল তোলক নাইবা যদি ঘৰত দেশী হাঁহ আছে 5 জনীত এটা খাকী মতা হাঁহ ৰাখক আৰু দেশী মতা হাঁহবোৰ আঁতৰাই পেলাওক।খাকী হাঁহৰ সংমিশ্ৰনত এই হাঁহে যেতিয়া কণী উপযুক্ত উপায়েৰে পোৱালী জগাওক।

    খ)এই সংমিশ্ৰনৰ হাঁহ পোৱালীবোৰ যেতিয়া ডাঙৰ হ’ব(যাক দোভচীয়া খাকী হাঁহ বোলে)তাৰে ভাল হাঁহবোৰ ৰাখি আগৰ দেশী মাইকীবোৰ ক্ৰমে আঁতৰাই পেলাব পাৰে।কিন্তু খাকী মতা হাঁহটো ঘাই হিচাবে ৰাখি থ’ব।কণী উমনি দিবলৈ 1-2 টা দেশী হাঁহ ৰাখিব।এইদৰে আপোনাৰ দেশী হাঁহ জাকক খাকী হাঁহলৈ ৰূপান্তৰ কৰক।

    গ)এই দোভচীয়া হাঁহ জাকৰ পৰা আৰু পোৱালী জগাই হাঁহৰ সংখ্য তথা কণীৰ উৎপাদন বঢ়াওক।

    হাঁহৰ কিছুমান ৰোগ আৰু প্ৰতিকাৰ:

     

    1)ডাক ভাইৰেল হেপাটাইটিচ(Duck Virus Hepatities):

    এই বেমাৰ সৰু সৰু হাঁহ পোৱালীৰ হয় আৰু আক্ৰান্ত বেমাৰী হাঁহৰ পোৱালীবোৰ 3-4 দিনতে মৰিব পাৰে।এই বেমাৰ তৎক্ষনাৎ হ’ব পাৰে,ই সোনকালে বিয়পে আৰু সেইদৰে এই বেমাৰৰ ক্ৰিয়া কলাপো অতি ক্ষিপ্ৰ।যিহেতু এই বেমাৰৰ বীজাণু বতাহে বিয়পায়,সেয়েহে এই বেমাৰ ততালিকে বিয়পিব পাৰে।

    এই ৰোগত আক্ৰান্ত হোৱা পোৱালীবোৰে লৰচৰ কৰাৰ ইচ্ছা নেদেখুৱায়,মাত্ৰ চকু আধা জপাই জুপুক মাৰি থাকে।বেমাৰ বাঢ়ি অহাৰ লগে লগে বেমাৰী হাঁহ পোৱালীবোৰে এফালে বাগৰি পৰে।ভৰিকেইটা চাইকেলৰ পেদেল মৰাৰ দৰে অতি ঘনাই জপোৱা মেলা কৰি থাকে আৰু মৰাৰ আগমুহূৰ্ত্তত ধনুষ্টঙ্কাৰ বেমাৰীৰ দৰে ধেনুভিৰীয়া হৈ মূৰটো পিঠিৰ ফালে কোঁচ খাই গৈ মৃত্যু হয়।বেমাৰৰ লক্ষণ দেখাৰ 3-4 ঘন্টাৰ ভিতৰতেই হাঁহ পোৱালীবোৰৰ মৃত্যু হ’ব পাৰে।

    সৌভাগ্যবশত: আমাৰ দেশত এই বেমাৰৰ প্ৰাদুৰ্ভাব দেখা নাযায়,অৱশ্যে দুই এঠাইত এই ৰোগ হোৱাৰ নিদৰ্শন আছে।ছিটাৰ দ্বাৰা এই ৰোগ প্ৰতিৰোধ কৰিব পৰা যায়।আমাৰ দেশত যিহেতু এই বেমাৰ সমস্যা হৈ উঠা নাই,সেয়েহে এই ৰোগৰ চিটা তৈয়াৰ ব্যৱস্থা সদ্যহতে গ্ৰহণ কৰা হোৱা নাই।

    2)ডাক কলেৰা(Duck Cholera)

    হাঁহৰ এই বেমাৰ বীজাণুৰ দ্বাৰা হয়।এই বেমাৰ এঠাইত আৰম্ভ হোৱাৰ লগে লগে অন্য ঠাইলৈ বিয়পে।“ডাক কলেৰা” সাধাৰণতে জাৰকালি হোৱাহে দেখা যায়।অপুষ্টিকৰ খাদ্য,অস্বাস্থ্যকৰ পৰিবেশ,সেমেকা,জেকা ৰ’দ নপৰা গড়ালত এই বেমাৰৰ বীজাণু উৎপাদিত হয়।থুলমুলকৈ কব পাৰি যে অস্বাস্থ্যকৰ পৰিবেশ আৰু অপুষ্টিকৰ খাদ্যৰ পৰাই এই বেমাৰ হ’ব পাৰে।

    বিশেষ মন কৰিব লগীয়া কথা হ’ল যে সাধাৰণতে ডাঙৰ হাঁহে এই বেমাৰৰ দ্বাৰা আক্ৰান্ত হয়।আক্ৰান্ত হোৱা হাঁহৰ মল(বিষ্ঠা)ৰ বৰণ সলনি হৈ পাতল হালধীয়া ৰঙৰ হয়।ঠেঙৰ জোৰাত একাংগী হৈ খোজ কাঢ়িব নোৱাৰা হয়।নাকৰ পৰা ডাঠ এঠা জাতীয় বিজলুৱা পদাৰ্থ বাহিৰ হয়।বেমাৰৰ বীজাণুৰ শ্ৰেণী অনুযায়ী এই বেমাৰৰ লক্ষন সমূহ পৰিলক্ষিত হয়।ৰোগত আক্ৰান্ত হোৱাৰ 48 ঘন্টাৰ ভিতৰত এই বেমাৰৰ লক্ষণসমূহ দেখা পোৱা যায় আৰু বেমাৰৰ লক্ষন দেখা দিয়াৰ 24 ঘন্টাৰ ভিতৰতেই হাঁহবোৰৰ মৃত্যু হয়।

    এই বেমাৰ চিকিৎসাৰ দ্বাৰা আৰোগ্য কৰিব পৰা যায়।সাধাৰণতে যিকোনো বিধৰ চালফা(Sulpha Quinoxaline) আৰু টেৰামাইচিন(Terramycine)জাতীয় ঔষধ বা ব্ৰডস্পেকট্ৰাম এন্টিবায়টিক(Broad spectrum antibiotic)ৰ দ্বাৰা এই ৰোগ সফলভাবে চিকিৎসা কৰিব পৰা যায়।এই দৰব পশু চিকিৎসা বিষয়াৰ পৰামৰ্শ অনুযায়ী হাঁহবোৰক খুৱাব পাৰি।

    3)ডাক প্লেগ(Duck plague):

    হাঁহৰ প্লেগ বেমাৰ চকুৰে নমনা “ভাইৰাচ” জাতীয় বীজাণুৰ দ্বাৰা হয়।এই ৰোগ ইউৰোপ মহাদেশত যোৱা 30 বছৰ আগৰ পৰা দেখা পোৱা গৈছে।সদ্যহতে আমাৰ দেশতো এই বেমাৰৰ প্ৰাদুৰ্ভাব দেখা গৈছে।

    সকলো ধৰণৰ হাঁহ এই বেমাৰৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে।কণী পৰা হাঁহৰ এই বেমাৰ হ’লে কণীৰ উৎপাদন কমি আহে আৰু বুজন পৰিমানৰ হাঁহৰ মৃত্যু হ’ব পাৰে।বেমাৰ হোৱা হাঁহবোৰ অ’ত ত’ত পৰি থাকে আৰু পানীত নামিবলৈ ইচ্ছা নকৰে।মলত্যাগ কৰা ঠাইডোখৰ মলেৰে লেতেৰা হৈ থাকে আৰু কেতিয়াবা কেতিয়াবা মলদ্বাৰৰ কাষত পাখিবোৰত মল লাগি ঠাইডোখৰ লেতেৰা আৰু সেমেকা হৈ থাকে মল একেবাৰে পনীয়া হয়।নাকেৰে পানী বৈ থাকে,মতা হাঁহৰ মৃত্যুৰ পিছত জননেন্দ্ৰীয় বাহিৰলৈ ওলাই আহে।

    এই বেমাৰ পথ্য আৰু ঔষধৰ দ্বাৰা চিকিৎসা কৰাৰ উপায় নাই।সৌভাগ্যবশত: বিভাগীয় জৈৱিক উৎপাদন কেন্দ্ৰ,খানাপাৰাত(Institute of Veterinary Biologicals,khanapara,Ghy-22)1981 চনৰ পৰাই পৰ্য্যাপ্ত পৰিমানে এই ৰোগৰ প্ৰতিষেধক ছিটা উৎপাদন কৰা হৈছে।এই ছিটাৰ প্ৰত্যেকটো বটলত 200 হাঁহৰ জোখাৰে দৰৱ থাকে।হাঁহৰ পোৱালীৰ 6-8 সপ্তাহ বয়স হ’লেই এই ছিটা দিয়াৰ উপযুক্ত সময় আৰু এই ছিটাই হাঁহক তিনিবছৰলৈ এই বেমাৰৰ পৰা মুক্ত ৰাখে।

    খনিজ পদাৰ্থৰ অভাৱৰ বাবে হোৱা বেমাৰ

     

    1)পেৰসিস(Perosis) বা শ্লিটেনডেন(Sliptendon)

    সাধাৰণতে মেঙ্গানিজ ছালফেট(Manganese sulphate)নামৰ এবিধ খনিজ পদাৰ্থৰ মাত্ৰা হাঁহৰ শৰীৰত কমি গ’লেই এই ৰোগ হয়।সাধাৰণতে সৰু সৰু মজলীয়া হাঁহৰ পোৱালীৰ এই ৰোগ বেছিকৈ হোৱা দেখা যায়।ডাঙৰ হাঁহৰো এই ৰোগ হ’ব পাৰে কিন্তু ৰোগৰ মাত্ৰা সিমান বেছিকৈ হ’ব নোৱাৰে।এই ৰোগ হ’লে ভৰিৰ আঠুৰ ঘিলা গৰম হৈ ফুলি উঠে।হাতেৰে চুই চালে আঠুৰ ঘিলাৰ গাঁঠি গৰম অনুভৱ কৰিব পৰা যায়।সৰু সৰু হাঁহ পোৱালীৰ ভৰিবোৰো ক্ৰমান্বয়ে ধেনুভিৰীয়া হোৱা দেখা যায়।আঠুৰ গাঁঠি ফুলিলেই মজলীয়া হাঁহ বা ডাঙৰ হাঁহবোৰ খোজ কাঢ়িব নোৱাৰি বহি থাকে।ডাঙৰ হাঁহৰ এই ৰোগ হ’লে আৰোগ্য হোৱা দেখা যায়।কিন্তু মজলীয়া আৰু সৰু সৰু হাঁহ পোৱালী বোৰৰ মৃত্যু হোৱা দেখা যায়।মেঙ্গানিজ চালফেট প্ৰত্যেক 100 কেজি খাদ্যত 10 গ্ৰামকৈ মিহলাই খুৱালে লগে লগে হাঁহজাক এই ৰোগৰ পৰা আৰোগ্য হয়।মেঙ্গানিজ চালফেটৰ দামো তেনেই সামান্য।যিকোনো হাঁহ পালকে দোভচীয়া খাকী কেম্পবেল হাঁহৰ কণী উমনি দিলে এই মেঙ্গানিজ চালফেট ঘৰত আগতীয়াকৈ ৰাখি থোৱা উচিত।

    পুৰণি খাদ্যৰ পৰা হোৱা বেমাৰ:

     

    1)কিল বেমাৰ(Kill Disease):

    এই বেমাৰ সাধাৰণতে গৰল কালি হয় আৰু পুৰণি বা লেতেৰা খাদ্য খাই হাঁহ এই বেমাৰত আক্ৰান্ত হ’ব পাৰে।এই বেমাৰ হ’লে হাঁহ জাকক চলা ফুৰা,খোৱা বোৱা কৰা দেখা নাযায়,ভোক নলগা হয় আৰু শৌচ হয়।কেইবাৰমান শৌচ হোৱাৰ ভিতৰতে বহুতো হাঁহ মৰিব পাৰে।সেয়েহে পুৰণি তেলেৰা আৰু গেলাপচা খাদ্যৰ পৰা হাঁহজাকক সদায়েই আতৰাই ৰাখিব লাগে।

    2)খাদ্যৰ বিষক্ৰিয়া বটুলিজম(Botulism):

    যিকোনো পুৰণি খাদ্য খাই হাঁহৰ মৃত্যু হ’ব পাৰে।গেলা পঁচা মৰা জীৱ জন্তু বা তাত হোৱা মাখিৰ পলুখাই হাঁহৰ মৃত্যু হ’ব পাৰে।পুৰণি খাদ্য খাই বিষক্ৰিয়াৰ দ্বাৰা মৃত্যু হোৱা হাঁহৰ প্ৰথমতে ভৰিবোৰ জঠৰ হৈ পৰে আৰু তাৰ পিচত সম্পূৰ্ণৰূপে বিয়পি গোটেই অংশ জঠৰ হৈ মৃত্যু হয়।গতিতে হাঁহক গেচা পচা খাদ্য খাবলৈ দিব নালাগে।

    প্ৰকৃত কেম্বেল হাঁহ ক’ত পোৱা যায়:

     

    খাকী কেম্বেল হাঁহ তলত উল্লেখ কৰা চৰকাৰী পাম সমূহত পাব পাৰি।

    1. কেন্দ্ৰীয় হাঁহ প্ৰজনন পাম আৰু গৱেষণা কেন্দ্ৰ,কলিয়াবৰ,নগাঁও।

    2.  চৰকাৰী হাঁহ পাম,হাজো,কামৰূপ।

    3.  চৰকাৰী হাঁহ পাম,জয়সাগৰ,শিৱসাগৰ।

    4.  চৰকাৰী হাঁহ পাম,ছিপাঝাৰ,দৰং।

    খাকী কেম্বেল হাঁহৰ বৰণ আৰু ওজন:

     

    মাইকী কেম্বেল হাঁহৰ মূৰ আৰু ডিঙি উগ্ৰ খাকী ৰঙৰ আৰু পাখিবোৰ সাধাৰণ খাকী ৰঙৰ।মতাবোৰৰ মূৰ ডিঙি বুকু আৰু পাখিৰ ৰং চিকচিকিয়া সেউজীয়া আৰু বাকী অংশ মিহি খাকী ৰঙৰ।

    খাকী কেম্বেল মতা হাঁহৰ ওজন 2.2ৰ পৰা 2.4 কেজি আৰু মাইকীৰ ওজন 2.0 থেকে 2.2 কেজিলৈকে হয়।

     

     

    বিশদ তথ্যৰ বাবে স্থানীয় পশুচিকিৎসা বিষয়াৰ লগত যোগাযোগ কৰক-

    • উপসঞ্চালক : (কুকুৰা উন্নয়ন)পশু-চিকিৎসা সঞ্চালকালয়,চেনীকুঠী,গুৱাহাটী-৩
    • উপসঞ্চালক : আঞ্চলিক ব্ৰইলাৰ পোৱালী উৎপাদন পাম,বিৰুবাৰী,গুৱাহাটী-১৬
    • পাম পৰিচালক : কেন্দ্ৰীয় পোৱালী উৎপাদন কেন্দ্ৰ,খানাপাৰা

     

    উৎস: পশুপালন আৰু পশু চিকিৎসা বিভাগ, অসম চৰকাৰ

     

     

     

     

     

     

     

     

     

     

     

     

     

     

     

     

     

     

     

     

     

     

     



  • © 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate