অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্ৰয়লাৰ মাংসৰ ওপৰত ভ্ৰান্ত ধাৰণা

 

ব্ৰয়লাৰ (Broiler) কুকুৰা হৈছে এবিধ উন্নতমানৰ অতি সোনকালে বাঢ়ি অহাৰ ক্ষমতা থকা হাইব্ৰীড কুকুৰা, যিবোৰউপযুক্ত প্ৰতিপালনত মাত্ৰ ৫/৬ সপ্তাহ বয়সত ১.৫-২.০ কিলোগ্ৰাম বা তাতোধিক ওজন লাভ কৰিব পাৰে।অকল মাংসৰ বাবেহে প্ৰতিপালন কৰা এই ব্ৰয়লাৰবোৰ মতা বা মাইকী দুয়োপ্ৰকাৰৰ হ’ব পাৰে। ব্যৱসায়িক দিশত ব্ৰয়লাৰ কুকুৰা পালন কৰি অধিক লাভবান হ’ব পাৰি। ব্ৰয়লাৰ উদ্যোগ ভাৰতবৰ্ষত বছৰি ৮ৰপৰা ১০ শতাংশলৈ বৃদ্ধি পাইছে।। প্ৰাণীজাত প্ৰোটিনৰ প্ৰধান উৎস যেনে- ছাগলী বা ভেড়াৰ মাংস, আৰু মাছৰ কম উৎপাদন আৰু বৰ্ধিত দামৰ বাবে বৰ্ত্তমান ব্ৰয়লাৰেই হৈছে একমাত্ৰ প্ৰধান উৎস যাৰদ্বাৰা মানুহৰ দেহৰ বাবে প্ৰয়োজনীয় প্ৰাণীজাত প্ৰোটিনৰ গৰিষ্ঠ অংশটো পূৰাব পৰা যায়। ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদৰ মতে এজন মানুহে বছেৰেকত প্ৰায় ১১ কিঃ গ্ৰাঃ মাংস খাব লাগে। কিন্তু ইয়াৰ বিপৰীতে অসমৰ মানুহে মাত্ৰ ৭০০গ্ৰাম মাংসহে খাব পায়। উন্নত দেশত এজন মানুহে প্ৰায় ৩৮ কিঃ গ্ৰাঃ মাংস বছেৰেকত খায়। মানৱ সম্পদৰ দেহ তথা মগজুৰ বৃদ্ধিৰ বাবে ব্ৰয়লাৰ মাংসই গুৰূত্বপূৰ্ণ স্থান দখল কৰিছে।

বৰ্ত্তমান গুৱাহাটী মহানগৰকে ধৰি অসমৰ প্ৰায়বোৰ চহৰ অঞ্চলৰ বজাৰত ব্ৰয়লাৰ মাংসই এক গুৰূত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। বহুতো শিক্ষিত নিবনুৱা যুৱকে চৰকাৰী সাহাৰ্য্য লাভ কৰি ব্ৰয়লাৰ কুকুৰাৰ পাম খুলিবলৈ আগ বাঢ়ি আহিছে।

জনসাধাৰণৰ মাজত বৰ্ত্তমান এই ব্ৰয়লাৰ মাংস বহুলভাবে ব্যৱহাৰ হ’লেও ইয়াৰ ওপৰত বিজ্ঞানভিত্তিক জ্ঞানৰ অভাৱ দেখা যায়। উদাহৰণস্বৰূপে যোৱা ৮ জুলাই তাৰিখে ‘আমাৰ অসম’ বাতৰি কাকতত “ৰাসায়নিক বেজীৰে ওজন বঢ়োৱা ব্ৰয়লাৰে কঢ়িয়াইছে ভয়ংকৰ বিপদ” শিৰোনামাৰে প্ৰকাশিত বাতৰিয়ে জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। দৰাচলতে ব্ৰয়লাৰৰ ওজন বঢ়োৱা কোনো ৰাসায়নিক বেজী এতিয়লৈকে জনাত বিজ্ঞানসন্মতভাবে প্ৰয়োগ কৰাৰ কোনো তথ্য পোৱা হোৱা নাই। আনহাতে নাইট্ৰজেন খুৱালে মুৰ্গীৰ ওজন বৃদ্ধি হয় বুলি উল্লেখ কৰা তথ্য ইত্যাদিসমূহৰ কোনো বিজ্ঞানভিত্তিক বিশ্লেষণ নাই। বহুতো লোকে ব্ৰয়লাৰ বুলিলে কোমল নিম্নগুণ বিশিষ্ট মাংস বুলিহে ভাবে। এইবোৰ কাৰণতে ব্ৰয়লাৰ উৎপাদক সকলে কেতিয়াবা বজাৰত উপযুক্ত দামত এই কুকুৰাবোৰ বিক্ৰী কৰিব নোৱাৰি লোকচান ভৰিব লগা হয়। গ্ৰাহকসকলে ব্ৰয়লাৰ কুকুৰাতকৈ দেশী বা থলুৱা কুকুৰাবোৰ বৰধিত দামত কিনি নিয়ে। কিন্তু গুণাগুণৰ ফলৰ পৰা চালে ব্ৰয়লাৰ মাংসই যে অন্যন্য সকলো প্ৰাণীজাত প্ৰোটিনতকৈ উত্তম তাৰ প্ৰমাণ পোৱা যায়। তলৰ তালিকাখনত বিভিন্ন মাংসৰ তুলনামূলক গুণাগুণসমূহ দেখুওৱা হৈছে।

ব্ৰয়লাৰ কুকুৰা আৰু অন্যান্য মাংসৰ ৰাসায়নিক গঠন (গড় হিচাপত):

>মাংসৰ নাম পানী % প্ৰোটিন % চৰ্বি % খনিজ পদাৰ্থ % শক্তি (১০০গ্ৰামত) কেলৰি কলেষ্টেৰল (১০০ গ্ৰামত)
ব্ৰয়লাৰ কুকুৰাৰ মাংস ৭১.0 ১৯.৪ ৬.২ ৩.৩ ১১০ ৫৫
থলুৱা কুকুৰাৰ মাংস ৭৫ ১৮.২ ১২.৬ ১.০৪ ১২৯ ৬০
হাঁহৰ মাংস ৫৩.৮ ১৯.৯ ৩০.৮ ২.৭৪ ৩৬৬ ৬৫
ছাগলীৰ মাংস ৪৫ ২২.৫ ৩১.৫ ৩ ২৪৭ ৬২
ভেড়াৰ মাংস ৪৫ ২১.৫ ৩১.৫ ২.৯ ২৪৭ ৬৩
গাহৰিৰ মাংস ৪৬ ২৩.৫ ২৯.৫ ২.৫ ২৮১ ৬১
গৰু/ম’হৰ মাংস ৫২.৫ ২৪ ৩১ ২.৯ ৩২৩ ৬২

 

 

ব্ৰয়লাৰ মাংসৰ গুণ:

 

 

১) অন্যান্য মাংসতকৈ ব্ৰয়লাৰ মাংসত চৰ্বিৰ পৰিমাণ কম বাবে কম কেলৰিযুক্ত (low calorie) খাদ্যৰ ভিতৰত ধৰিব পাৰি। অৱশেযে এটা কথা উল্লেখযোদ্য যে বয়স বৃদ্ধি হোৱাৰ লগে-লগে এটা নিৰ্দিষ্ট সময়ৰ পিছত দেহত চৰ্বি জমা হোৱাৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে।

২) ব্ৰয়লাৰ মাংসৰ চৰ্বিত পোৱা ফেটী এচিদৰ বেছিভাগেই অসংপৃক্ত (unsaturated) আৰু এইবিধ এচিদৰপৰা হৃদপিণ্ডৰ বেমাৰ বা উচ্চ-ৰক্তচাপজনিত বেমাৰ নহয়। অন্যান্য মাংসত বিশেষকৈ তৃণভোজী জন্তুৰ মাংসত সংপৃক্ত (saturated) ফেটী এচিদ বেছি থাকে।

৩)ব্ৰয়লাৰ মাংসত কলেষ্টেৰলৰ পৰিমাণ অন্যান্য যিকোনো ৰঙামাংস (Red meat)তকৈ কম বাবে হৃদপিণ্ডৰ বেমাৰ থকা ৰোগীয়েও ব্ৰয়লাৰ মাংস খাব পাৰে।

৪) ব্ৰয়লাৰ মাংসৰ আঁহবোৰ কোমল আৰু ছাল মিহি বাবে ই সহজে হজম হয় আৰু ইয়াৰপৰা বেছি পুষ্টিকৰ উপাদান (এমাইন এচিদ) আমাৰ শৰীৰে গ্ৰহণ কৰিব পাৰে। দেশী কুকুৰাৰ মাংস বেছি টান আঁহযুক্ত।

৫) ব্ৰয়লাৰ মাংস সদায় শুকানকৈ ৰান্ধিলে বেছি জুতিলগা হয়।

৬) ব্ৰয়লাৰ মাংসত ভিটামিন B1, B2, নায়াচিন আৰু ভিটামিন চি বেছিকৈ পোৱা যায়। খণিজ পদাৰ্থৰ ভিতৰত চদিয়াম, পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম, আইৰণ, ফচফৰাচ, চালফাৰ, ক্লৰিণ আৰু আয়দিন পোৱা যায়।

অন্যান্য মাংস বা মাছ উৎপাদন কৰিবলৈ যিমান সময় লাগে ব্ৰয়লাৰ মাংস তাৰ তুলনাত অতি কম সময়তে (৫সপ্তাহ)উৎপাদন কৰিব পাৰি। কম ঠাই আৰু মূলধনেৰে এই ব্যৱসায় আৰম্ভ কৰিব পাৰি।
বিজ্ঞানসন্মত ব্ৰয়লাৰ প্ৰতিপালন আৰু মাংস উৎপাদন
১)বিজ্ঞানসন্মত ব্ৰয়লাৰ প্ৰতিপালন কৰি স্বাস্থ্যসন্মত মাংস উৎপাদন কৰিবলৈ হ’লে প্ৰথমেই পালকসকলৰ উপযুক্ত প্ৰতিপালনৰ আৱশ্যক। কাৰণ বিজ্ঞানসন্মত প্কৰতিপালনত পালকসকলে জৈৱ নিৰাপত্তা (Biosecurity)ৰ ওপৰত বেছি গুৰূত্ব দিব লাগে। পামত মাখিৰ উপদ্ৰৱ আদি নহ’বলৈ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বিশেষ মনোযোগ দিব লাগে।
২) ব্ৰয়লাৰ পালকসকলেবেমাৰ প্ৰতিৰোধৰ বাবে বিভিন্ন ঔষধসমূহ জধেমধে ব্যৱহাৰ কৰিলে প্ৰতিকিলো ব্ৰয়লাৰৰ উৎপাদন খৰছ বৃদ্ধি হয়।
৩) আজিকালি ওজন বৰ্ধক অনুমোদিত সামগ্ৰী (Recommended growth promoter), প্ৰবায়’তিক(Probiotic), প্ৰিবায়’তিক (Prebiotic), অম্লকাৰক (Acidifier) আৰু পানী পৰিশোধক (Water sanitizer) আদি ব্যৱহাৰ কৰিলে ব্ৰয়লাৰৰ ওজন বৃদ্ধি হোৱাৰ লগতে মাংসৰ গুণাগুণো (Carcass quality) ভাল হয়। এইবোৰ স্বাস্থ্যৰ বাবে হানিকাৰক ঔষধ নহয়। বৰ্ত্তমান ব্ৰয়লাৰৰ খাদ্য আৰু অনুসংগিক কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে দিনে দিনে উৎপাদন খৰছ বৃদ্ধি পাব ধৰিছে। এনেক্ষেত্ৰত উপৰোক্ত Growth Promoter সমূহ ব্যৱহাৰ কৰিলে সুফল পোৱাৰ উপৰিও কুকুৰাৰ বেমাৰ আজাৰ আদিৰপৰাও ৰক্ষা পৰে। এই সম্পৰ্কে যথএষ্ট গৱেষণা ইত্যাদি হৈছে আৰু ইতিমধ্যে পালকসকলো উপকৃত হৈছে।
৪) ব্ৰয়লাৰ মাংসৰ লগত জড়িত কচাই (Butcher) সকলক বিজ্ঞানসন্মত মাংস প্ৰক্ৰিয়াকৰণ (Processing)ৰ ওপৰত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। কাৰণ ৰাস্তাই ঘাটে কৰা প্ৰক্ৰিয়াকৰণ (Roadside Processing) পদ্ধতিসমূহ বিজ্ঞানসন্মত নহয়। মাংসৰ উপযুক্ত packagingআৰু শীতলীকৰণৰদ্বাৰা সংৰক্ষণ কৰাৰ ওপৰত গুৰূত্ব দিব লাগে। খাদ্য সুৰক্ষা আইন ২০০৬ (FSSAI-2006)ৰ অধীনত মাংস ব্যৱসায়ীসকলক অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ণ কৰাটো বাধ্যতামূলক হ’ব লাগে।

লেখক : ডঃ যোগদেৱ মহন্ত

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate