অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাঁহৰ প্ৰজাতি নিৰ্বাচন আৰু প্ৰতিপালনৰ আৱশ্যকীয় দিশসমূহ

অসমত কুকুৰা পালনতকৈ হাঁহ পালনৰ ক্ষেত্ৰত সামাজিক পৰিবেশ সাধাৰণভাৱে অধিক অনুকুল৷ ব্যৱসায়িক কণী পৰা হাঁহৰ পাম খুলিলে অধিক সা-সুবিধা বিলাক হ’ল

Image result for duck farming

১)কুকুৰাতকৈ হাহেঁ বছৰি ৪০-৫০ টা অধিক কণী পাৰে৷

২)বিভিন্ন ধৰণৰ বাণিজ্যিক কৃষিজাত উপদ্ৰৱ্যকে হাঁহৰ আহাৰ হিচাবে ব্যৱহাৰ কৰি হাঁহ পালন সম্ভৱপৰ হয় আৰু ইয়াকে কৰিলে হাঁহৰ কণী উৎপাদনো তাৎপৰ্য্যপূৰ্ণ ভাৱে কমি নাযায়৷

৩)ভালেমান ৰোগৰ বিৰুদ্ধে হাঁহ স্বাভাৱিক ভাৱে প্ৰতিৰোধ কৰিবলৈ সক্ষম৷

৪)হাঁহ আৰু মীন পামৰ সংমিশ্ৰণ পাম পদ্ধতি বেছ উপযোগী৷

প্ৰজাতিৰ নিৰ্বাচন

পাতি, নাগেশ্বৰী আৰু চিলেটী আদি কেতবোৰ, অসমতো মানুহে পোহা সচঁৰ নাম পাওঁ৷ মঙহৰ বাবে কোনো কোনোৱে ‘মাচকভি’ প্ৰজাতিৰ হাঁহো পোহে৷ বহুতক চীনা হাঁহ পোহাও দেখা যায়৷ ব্যৱসায়িক পাম খুলিবৰ বাবে ‘খাকি কেম্বেল’ হাঁহ আটাইতকৈ উৎকৃষ্ট৷ অসমত একেবাৰে সম্পূৰ্ণ শুদ্ধ প্ৰজাতি হিচাবে নাপালেও ইতিমধ্যে উন্নত প্ৰজাতি বা বৰ্ণশংকৰ প্ৰজাতিৰ ‘খাকি কেম্বেল’ হাঁহ সহজেই পোৱা যায়৷

খাকি কেম্বেল হাঁহৰ উৎপাদন সামৰ্থ্য

১)প্ৰথমটো কণী পাৰোতে বয়স ১২০ দিন৷

২)কণী উৎপাদন বাৰ্ষিক ৩০০ টা৷

৩)৫০% কণী উৎপাদন কৰোতে বয়স ১৪৬ দিন৷

৪)৪০ সপ্তাহৰ হাঁহে পৰা কণীৰ গড় ওজন ৬৬ গ্ৰাম ৷

৫)৪০ সপ্তাহ বয়সৰ হাঁহৰ গড় হিচাবে গাৰ ওজন ১.৮ কি:গ্ৰা: ৷

৬)প্ৰতিজনী হাঁহে নিতৌ খোৱা আহাৰৰ ওজন ১২০ গ্ৰাম- ১৫০ গ্ৰাম ৷

হাঁহ পোৱালী প্ৰতিপালন

১)বুজন চানেকীয়া হাঁহ পোৱালী বিলাক সম্পূৰ্ণ আৱদ্ধ প্ৰথা অথবা মুকলিত মেলি দিও পালন কৰিব পাৰি ৷ মুকলি প্ৰথাত এক একৰ মাটিত দুহেজাৰলৈকে হাঁহ পুহিব পাৰি ৷

২)আশিংক ভাৱে আৱদ্ধ প্ৰথাত বাহিৰৰ চালি থকা ঘৰত প্ৰতিজনী হাঁহে থকা ঠাই ২/ বৰ্গ ফুট আৰু থকা ঠাই ১০ বৰ্গফুট পৰিমানৰ মজিয়াৰ কালি পালেই যথেষ্ট ৷

৩)সম্পূৰ্ণ আৱদ্ধ প্ৰথাত, প্ৰতিজনী হাঁহকে ৩ বৰ্গ ফুট পৰিমানৰ মজিয়াৰ কালি পাব লাগে৷

৪)পানীৰ পাত্ৰত অন্তত: ৬ ইঞ্চি দ’কৈ পানী হাঁহক যোগান ধৰিব লাগে৷

কণী পৰা হাঁহৰ প্ৰতিপালন

১)

মুকলি, আংশিক ভাৱে আৱদ্ধ নাইবা সম্পূৰ্ণ ৰূপে আৱদ্ধ, এই তিনিটাৰ ভিতৰত এটা প্ৰথাৰে পালন কৰিব পাৰি ৷

২)

মুকলি প্ৰথাত ১ একৰ মাটিত ১০০ জনী হাঁহ পুহিব পাৰি ৷

৩)

আংশিক ভাৱে আৱদ্ধ প্ৰথাত প্ৰতিজনী হাঁহে ৩ বৰ্গ ফুট আৰু আৱদ্ধ প্ৰথাত প্ৰতিজনী হাঁহে ৫ বৰ্গ ফুট পৰিমানৰ মজিয়াৰ কালি পোৱা উচিত ৷

৪)

প্ৰতি জনী হাঁহ বাবে একোটাকৈ ১২" X ১২" X ১৮" আকাৰৰ কণী পৰা হাঁহ দিব লাগে ৷

৫)

উমনিৰ কণী উৎপাদন কৰিবলৈ হ’লে ১ টা মতা হাঁহ, ৮ জনী মাইকী হাঁহ, এই অনুপাতত পুহিলেই হ’ব ৷

৬)

প্ৰতিখন হাঁহ ৰখা চালি ৭০ জনীকৈ ৰাখিলে পৰিচালনাৰ দিশৰ পৰা ভাল ৷

কণী পাৰি থকা কালছোৱাত হাঁহে দিনটোৰ ভিতৰৰ ২৪ ঘন্টাত, ১৭ ঘন্টা সময় পোহৰ পাব লাগে ৷ পানীৰ লগত মিহলাই তিতোৱা বা ভিজোৱা দানা হাঁহক ইংৰাজী"V" আকৃতিৰে সজা আহাৰ খুওৱা পাত্ৰতহে খুৱাব লাগে ৷ শুকান দানা উচিত নহয় ৷ পোৱালীক ৩ সপ্তাহ বয়সলৈ দিনে ৪-৫ বাৰ, ১২ সপ্তাহলৈকে ৩-৪ বাৰ, ডাঙৰক দুবাৰ আহাৰ দিব লাগে ৷ খাকি কেম্বেল হাঁহে ২০ সপ্তাহ বয়সলৈকে মুঠ ১২.৫ কি:গ্ৰা: দানা খায় ৷ মাকৈ, গম, চয়াবিন গুড়া, শুকান মাছৰ গুড়া, লুৰ্চাণ ঘাঁহৰ পাতৰ গুড়া, শামুকৰ ভঙা খোলা, মিহলোৱা খনিজ লৱনেৰে হাঁহৰ দানা বনাব পাৰি৷

হাঁহৰ বেমাৰসমূহ

হাঁহৰ প্লেগ, ইনফেকচিয়াছ চেৰ’চাইটিছ, হাঁহৰ কলেৰা, এফ্লাটাস্কিক’ছিছ, পেলুৰ বেমাৰ আদিৰ বিষয়ে পশু চিকিৎসা বিষয়াৰ লগত আলোচনা কৰি বিহিত ব্যৱস্থা পোৱা দৰকাৰ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate