অতীজৰ পৰা অসম এখন কৃষিপ্ৰধান দেশ। চাহ খেতিৰ পৰা আৰম্ভ কৰি ধান, মাকৈ, ৰবি শস্য, বিভিন্ন ফলমূল আৰু শাক-পাচলি ইয়াৰ ভিতৰত অন্যতম। অসমৰ কৃষিক্ষেত্ৰখন ভালদৰে অধ্যয়ন কৰিলে দেখা পোৱা যায় যে লাহে লাহে কৃষিভূমিৰ উৰ্বৰতা কমি যোৱা, উপযুক্ত বীজৰ অভাৱ, কীটনাশক দ্ৰব্যৰ উপযুক্ত ব্যৱহাৰ আৰু বৈজ্ঞানিক ভাবধাৰাৰ অভাৱত ব্যৱসায়িক দিশত সফল হ’ব পৰা নাছিল। এনে অৱস্থাৰ পৰা মুক্তি পাবলৈকে হওক বা অন্য কোনো কাৰণতে হওক, কৃষকসকলে নতুন কৃষি পদ্ধতিৰ প্ৰতি আগ্ৰহান্বিত হয় আৰু এই অগ্ৰণী ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰাও বিভিন্ন সহায়-সহযোগ আগবঢ়োৱা হয়। তাৰ ভিতৰত উন্নত মানৰ বীজৰ যোগান, কৃষিকৰ্মৰ প্ৰশিক্ষণ, কৃষিভূমিৰ উৰ্বৰতা পৰীক্ষা কৰা, বিভিন্ন কৃষি প্ৰযুক্তিৰ প্ৰদৰ্শনীৰ আয়োজন কৰা ইত্যাদি। এনে সদ ইচ্ছাৰ ফলত লাহে লাহে কৃষিক্ষেত্ৰখন ঠন ধৰি উঠিছে আৰু এনেক্ষেত্ৰত ইউ পি এল এডভান্টা আদিৰ দৰে কোম্পানীৰ কথা উল্লেখ কৰিব পাৰি।
ই পি এল এডভান্টা নামৰ কৃষি ৰসায়ন আৰু বীজ উৎপাদক বহুজাতিক ভাৰতীয় কোম্পানীটোৱে বিগত কেইবা বছৰৰ পৰা অসমৰ কৃষিক্ষেত্ৰখনৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আহিছে। ইউ পি এল এডভান্টাই মূলতঃ বৰ্ণসংকৰ বৰ্ণসংকৰ ধান, মাকৈ সৰিয়হ, বেলিফুল, ঘাঁহৰ বীজ, শাক-পাচলিৰ বীজ ভাৰতবৰ্ষ আৰু পৃথিৱীৰ অন্যান্য দেশবোৰৰ কৃষকৰ বাবে যুগুত কৰি আহিছে। এনেধৰণৰ বৰ্ণসংকৰ ধান ফিলিপাইনছ, ভেয়েটনাম আৰু আফ্ৰিকাৰ দেশত বহুলভাৱে প্ৰচলিত। এডভান্টাই নিজা গৱেষণা কেন্দ্ৰ থকা বাবে ধানৰ বিভিন্ন প্ৰজাতিসমূহ সংৰক্ষণ কৰি ঠাইবিশেষে থলুৱা চাহিদাৰ ওপৰত ভিত্তি কৰি নতুন নতুন বৰ্ণসংকৰ ধান প্ৰস্তুত কৰাত সফল হৈছে। সেই হেতুকে ইউ পি এল এডভান্টাই ভাৰতবৰ্ষৰ ভিতৰত বৰ্ণসংকৰ ধান প্ৰস্ততকাৰী শীৰ্ষতম কোম্পানীবোৰৰ লগত সমানে খোজ পেলাবলৈ সক্ষম হৈছে।
এডভান্টা বৰ্ণসংকৰ ধানৰ শস্যকাল(গুটিৰ পৰা গুটি) ১০০ৰ পৰা ১৪০ দিনত পোৱা যায় আৰু এই শস্যকালৰ পৰীক্ষামূলক খেতি ভাৰতবৰ্ষৰ প্ৰায়বোৰ ৰাজ্যত বিজ্ঞানীসকলে সফলভাৱে কৰি কৃষকসকলক আৰ্হি দেখুৱাইছে। বৰ্তমান ইউ পি এল এডভান্টাই মূলতঃ পাঁচবিধ বৰ্ণসংকৰ ধানৰ প্ৰজাতি ভাৰতবৰ্ষৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে।
সেইকেইটা হ’ল-
১)পিএচি-৮০৭
২)পিএচি-৮০১
৩)পিএচি-৮৩৫
৪)পিএচি-৮৩৭
৫)পিএচি-৮৭৪৪
ভাৰতৰ অন্যান্য ৰাজ্যৰ লগতে বিশেষভাৱে অসমৰ জলবায়ুৰ প্ৰতি লক্ষ্য ৰাখি ইউ পি এল এডভান্টাই অসমৰ কৃষকসকলক যোৱা কেইবাবছৰ ধৰি পিএচি ৮৩৫, পিএচি ৮৩৭ যোগান ধৰি আহিছে। পিএচি ৮৩৫ মূলতঃ মধ্যমীয়া মিহি বৰ্ণসংকৰ ধান। ইয়াৰ শস্যকাল ১৩০, ১৩৫ দিন। পিএচি-৮৩৭ মধ্যমীয়া মোটা বৰ্ণসংকৰ ধান। ইয়াৰ শস্যকাল ১৩-১৩৫ দিন।
এই দুয়োটা প্ৰজাতিৰ বৰ্ণসংকৰ ধানেই প্ৰথমৰ পৰাই কৃষকৰ মাজত আলোড়নৰ সৃষ্টি কৰি আহিছে। পিএচি-৮৩৭ ধানবিধ মধ্যমীয়া মোটা কম আঠাযুক্ত আৰু ইয়াৰ পৰা উৎপাদিত চাউল সোৱাদযুক্ত। এইবিধ ধান মধ্য আৰু নামনি অসমৰ কৃষকৰ মাজত অতি জনপ্ৰিয়।
পিএচি-৮৩৫ বৰ্নসংকৰ ধানবিধ মধ্যমীয়া মিহি আৰু অধিক উৎপাদনশীল। এইবিধ ধান মধ্য আৰু উজনি অসমৰ কৃষকৰ মাজত জনপ্ৰিয়। এই দুয়োবিধ বৰ্ণসংকৰ ধানৰ খেতিয়ে খেতিয়কক আৰ্থিকভাৱে লাভান্বিত কৰিছে। প্ৰতি হেক্টৰ মাটিৰ খেতিত দুয়োবিধ ধানে দুইৰ পৰা তিনি মেট্ৰিকটন বেছি ফলন দিয়ে আৰু খেতিয়কক ২৪০০ৰ পৰা ৩৬০০ টকাপৰ্যন্ত প্ৰতি হেক্টৰত বেছিকৈ আমাদানি হয়।
কৃষকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি ইউ পি এল এডভান্টা কোম্পানীয়ে প্ৰতিবছৰে থলুৱা কৰ্মীৰ দ্বাৰা বহু কৃষি কৰ্মশালা, কৃষক সভা অসমৰ বিভিন্ন জিলাত আয়োজন কৰে। ইয়াৰ উপৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানীয়ে অসম চৰকাৰৰ অধীনৰ কৃষিবিজ্ঞানীসকলৰ লগত পৰামৰ্শ কৰি কৃষকৰ উন্নতিৰ কাৰণে কাম কৰি আহিছে। চৰকাৰৰ ফালৰ পৰা আয়োজিত কৃষি প্ৰদৰ্শনীবোৰতো অংশগ্ৰহণ কৰি কৃষিভিত্তিক পৰামৰ্শ প্ৰদান কৰি আহিছে। ইউ পি এল(এডভান্টা)ৰ পিএচি-৮৩৫ আৰু পিএচি-৮৩৭ এই দুয়োবিধ বৰ্ণসংকৰ ধানেই অসম কৃষি বিশ্ববিদ্যালয়ে যুগুত কৰা কৃষি প্ৰণালী হাতপুথিত অন্তৰ্ভুক্ত হৈছে আৰু অসমত এই দুয়োবিধ প্ৰজাতিয়ে বৰ্ণসংকৰ ধান খেতিৰ বাবে স্বীকৃতি লাভ কৰিছে। পিএচি-৮৩৫ আৰু পিএচি-৮৩৭ বৰ্ণসংকৰ ধানে অসমত সেউজ বিপ্লৱৰ এক অংশ হিচাপে পৰিগণিত হৈছে।
উৎস: নিয়মীয়া বাৰ্তা
শেহতীয়া উন্নীতকৰণ: : 4/16/2020