অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অৰ্থনীতিৰ দ্ৰুত বিকাশৰ বাবে সংহত শীতল ভাণ্ডাৰ প্ৰকল্পঃ

অৰ্থনীতিৰ দ্ৰুত বিকাশৰ বাবে সংহত শীতল ভাণ্ডাৰ প্ৰকল্পঃ

 

প্ৰাকৃতিক দুৰ্যোগ তথা উপযুক্ত সংৰক্ষণ ব্যৱস্থাৰ অভাৱত দেশত প্ৰচুৰ পৰিমাণে হোৱা কেঁচা সামগ্ৰী তথা প্ৰস্তুত সামগ্ৰীৰ অপচয় ৰোধ কৰাৰ বাবে দেশজুৰি শীতল ভাণ্ডাৰ স্থাপনত গুৰুত্ব আৰোপ কৰিছে খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰী হৰছিমৰত কৌৰ বাদলে। নতুন দিল্লীত নতুন প্ৰম’টাৰসকলৰ সৈতে হোৱা এক বাৰ্তালাপ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে যুদ্ধোত্তৰ প্ৰস্তুতিৰে দেশৰ সৰ্বস্তৰত এই শীতল ভাণ্ডাৰ প্ৰকল্পৰ কামৰ আৰম্ভ কৰাৰ লগতে ভাৰতীয় অৰ্থনীতিৰ দ্ৰুত বিকাশত গুৰুত্ব দিয়াৰ কথা অৱগত কৰে। মন্ত্ৰী বাদলে কয় যে দেশত বৰ্তমান শস্য চপোৱাৰ পাছত প্ৰতি বছৰে প্ৰায় ৯২,০০০ কোটি টকাৰ শস্য লোকচান হয়। সেই প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ বাবে মন্ত্ৰ্যালয়ৰ অধীনত দেশত ৪২ খন মেগা ফুড পাৰ্ক আৰু ২৩৪টা শীতল ভাণ্ডাৰ স্থাপন কৰা হৈছে। ইয়াৰে ১০১টা নতুনকৈ স্থাপন কৰা শীতল ভাণ্ডাৰ। এই ভাণ্ডাৰ সমূহত বৰ্তমানে ১৩৯ মেট্ৰিকটন কৃষিজাত সামগ্ৰী মজুত কৰিব পাৰিব, যাৰ মূল্য প্ৰায় ৩৫,০০০ কোটি টকা। অৰ্থাৎ ইয়াৰ ফলত বৰ্তমান বহু কোটি টকাৰ সামগ্ৰী নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায়। এনে অপচয় ৰোধৰ উপৰি প্ৰকল্পটোৰ ফলত দেশত ৩.৫ লাখ ব্যক্তিক প্ৰত্যক্ষভাৱে সংস্থাপন দিয়াৰ লগতে ১৫ লাখ কৃষকক উপকৃত কৰিব। ৰাষ্ট্ৰীয় খাদ্য প্ৰস্তুতকৰণ নীতি গঠন আৰু ইয়াৰ কাৰ্যকৰীকৰণো এই মন্ত্ৰ্যালয়ৰ অধীন। এই নীতিৰ লক্ষ্য হৈছে ভাৰতক বিশ্বৰ শীৰ্ষ খাদ্য প্ৰস্তুতকৰ্তা দেশ হিচাপে প্ৰতিষ্ঠা কৰা। ইয়াৰ অধীনত দেশৰ বিভিন্ন ৰাজ্যত উৎপাদন হোৱা শাক-পাচলি তথা ফল-মূল, দেশী-বিদেশী বজাৰত উপলব্ধ কৰোৱাৰো প্ৰচেষ্টা হাতত লোৱা হৈছে। ৰাষ্ট্ৰীয় খাদ্য প্ৰস্তুতকৰণ নীতিৰ লক্ষ্যত উপনীত হোৱাৰ বাবে মন্ত্ৰীগৰাকীয়ে অতি সোনকালে ‘সম্পদা’ (Scheme for Agro-Marine Produce Processing and Development of Agro Procsssing Clusters) শীৰ্ষক খাদ্য প্ৰস্তুতকৰণৰ এটা ৰাষ্ট্ৰীয় অভিযান আৰম্ভ কৰিব। ইয়াৰ জৰিয়তে অসম্পূৰ্ণ হৈ থকা মেগা ফুড পাৰ্ক আৰু অন্যান্য শীতল ভাণ্ডাৰ সমূহৰ কাম সম্পূৰ্ণ কৰা হ’ব।

(উৎসঃ নিয়মীয়া বাৰ্তা)।

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate