কৃষি বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে শস্যৰ বিভিন্ন উন্নত জাত উদ্ভাৱন কৰা হৈছে। কেৱল উন্নত জাত ব্যৱহাৰ কৰিলেই শস্যৰ উৎপাদন বৃদ্ধি নহয়। খেতিত ব্যৱহাৰ কৰা বীজখিনিৰ ওপৰতো শস্যডৰাৰ মান বহুগুণে নিৰ্ভৰশীল। একোটা পৰিপুষ্ট গজালি অংকুৰিত হ'বলৈ একেটা উন্নতমানৰ বীজৰ প্রয়োজন হয়। খেতিৰ পৰা আশানুৰূপ সফলতা লাভ কৰিবলৈ হ’লে খেতিত প্ৰয়োগ কৰা বীজখিনিৰ গুণগত বৈশিষ্ট্যসমূহ অটুট থকা বাঞ্ছনীয়। বীজত সন্নিৱিষ্ট থকা এনে বৈশিষ্ট্যসমূহ নিৰীক্ষণ কৰি ইয়াৰ মাণ নির্ণয় কৰিব পৰা যায়। এবিধ উচ্চ মানবিশিষ্ট বীজত সাধাৰণতে থাকিবলগীয়া এনে বৈশিষ্ট্যসমূহৰ বিষয়ে তলত আলোকপাত কৰা হ’ল।
এবিধ সৱল আৰু স্বাস্থ্যৱান বীজৰ পৰাহে অধিক অংকুৰণ আশা কৰিব পাৰি। পৰিপুষ্ট অংকুৰণৰ পৰা উৎপত্তি হোৱা শস্যৰ পুলি-পোখাবোৰো লহপহকৈ বাঢ়ে আৰু শস্যখিনিও চকুত লগা হয়। নিশকতীয়া আৰু অপৈণত বীজৰ পৰা খেতিৰ সফলতা লাভ কৰা কঠিন। সেইবাবে সদায় পূৰঠ, সজীৱ আৰু উচিত। ইয়াৰ তাৰতম্য হ’লে খেতিৰ পৰা অধিক উৎপাদন আশা কৰিব নোৱাৰি।
খেতি পথাৰত শস্য আক্রমণ কৰা ভালেমান বেমাৰ-আজাৰ বীজৰ যোগেদিও বিস্তাৰিত হ’ব পাৰে। একোটা বীজ খালী চকুৰে নিৰোগী অথবা উন্নত যেন দেখিলেও তাত বেমাৰৰ বীজাণু নিহিত হৈ থাকিব পাৰে। তেনে বীজ খেতিত ব্যৱহাৰ কৰিলে ভৱিষ্যতে খেতিৰ অপূৰণীয় ক্ষতি হোৱাৰ আশংকা থাকে। সেইবাবে খেতিত ব্যৱহাৰ কৰা আগতেই বীজখিনি নিৰীক্ষণ কৰি লোৱা ভাল। বেমাৰে ধৰা অথবা ভেঁকুৰ লগা বীজ খেতিত ব্যৱহাৰ কৰিলে তাৰপৰা উৎকৃষ্ট গজালি অংকুৰিত নহয়। দুর্বল গজালিৰ পৰা উদ্ভৱ হোৱা শস্যখিনিও নিশকতীয়া হয় আৰু তেনে শস্যৰ পৰা অসম্ভৱ| অনুমোদিত বীজাণুনাশক দ্রব্যৰে শোধন কৰি খেতিৰ বাবে নির্বাচন কৰা বীজখিনি বীজাণুমুক্ত কৰিব পৰা যায়।
কেতিয়াবা খেতি পথাৰত দেখা যায় যে কিছুমান বীজৰ পৰা উচ্চমানবিশিষ্ট গজালি উৎপন্ন হয় আৰু শস্যখিনিও সমানে বাঢ়ে। আনহাতে, একেডৰা পথাৰতে গজি উঠা কিছুমান শস্যৰ গজন আৰু বাঢ়ন শক্তি অতি দুর্বল হোৱা যেন পৰিলক্ষিত হয়। ইয়াৰ প্ৰধান কাৰণ হৈছে পথাৰত সিঁচা বীজখিনিৰ গুণগতমান সমান নোহোৱাটো। খেতিত ব্যৱহাৰ কৰা প্ৰতিটো বীজৰ আকাৰ, ওজন আদি বেলেগ বেলেগ হ’লে তাৰ পৰা উৎপন্ন হোৱা গজালিবোৰৰ গজন শক্তিও বেলেগ বেলেগ হোৱা দেখা যায়। সেইবাবে খেতিৰ বাবে নির্বাচন কৰা বীজবোৰৰ মাজত পাৰস্পৰিক সাদৃশ্য থকা বৰ দৰকাৰ। প্ৰতিটো বীজৰ বৰণ, ওজন, আকাৰ আদিৰ পাৰস্পৰিক মিলন নথকা বীজখিনিক উচ্চ মানবিশিষ্ট বীজ বুলি গণ্য কৰা নহয়।
কেতিয়াবা শস্য চপাওঁতে, মৰণা মাৰোঁতে আৰু সংৰক্ষণ কৰোঁতে বীজখিনিৰ গাত আঘাত লাগিব পাৰে। আঘাতপ্রাপ্ত অথবা গাত ঘুণ লগা বীজৰ পৰা পৰিপুষ্ট গজালি অংকুৰিত নহয়। তেনে বীজৰ পৰা গজালি অংকুৰিত হ’লেও সি যথোচিত সৱল আৰু পৰিপুষ্ট হ’ব নোৱাৰে। সেইবাবে সদায় সম্পূর্ণ অক্ষত বীজহে খেতিৰ বাবে নির্বাচন কৰা উচিত। পোকে খোৱা, আধা পচা আৰু ঘুণ লগা বীজ পৰৱৰ্তী খেতিৰ বাবে সঞ্চয় নকৰাই ভাল। সাধাৰণতে ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আদি গধুৰ যন্ত্ৰৰ দ্বাৰা মৰণা মাৰিলে বীজবোৰৰ গাত আঘাত লাগে আৰু তেনে বীজৰ গুণাগুণ বিনষ্ট হোৱা দেখা যায়। তদুপৰি, চৰাই-চিৰিকটি, পোক-পতংগ আৰু জীৱ-জন্তুৰ পৰাও বীজখিনিৰ আংশিক ক্ষতি হ’ব পাৰে। গতিকে শস্য চপোৱাৰ পৰা সংৰক্ষণ কৰালৈকে প্ৰতিটো স্তৰতে চকু ৰাখি বীজখিনি নিৰাপদে সংৰক্ষণ কৰিব লাগে আৰু খেতি পথাৰত তেনে বীজহে ব্যৱহাৰ কৰা ভাল।
উপযুক্ত অংকুৰণ ক্ষমতা নেথাকিলে কোনো বীজকে উন্নত বীজ বুলি ক’ব নোৱাৰি। উচ্চ মানবিশিষ্ট বীজত নির্দিষ্ট পৰিমাণৰ গজালি দিব পৰা শক্তি অটুট থাকে আৰু প্ৰতিটো গজালিয়েই সৱল হোৱা দেখা যায়। সাধাৰণতে ৰ’দ-বৰষুণ পৰি থকা আৰু সেমেকা ঠাইত ৰখা অথবা মাটিত পেলাই থোৱা বীজত অংকুৰণ ক্ষমতা কমে আৰু বীজখিনিৰ মানো হ্রাস পায়। খেতিৰ বাবে নির্বাচিত বীজখিনিৰ অধিকাংশ অংকুৰিত নহ’লে পথাৰত গছৰ সংখ্যা তুলনামূলকভাৱে হ্রাস পায় আৰু উৎপাদন কমে। সেইবাবে অংকুৰণ ক্ষমতা নথকা বীজ খেতিত প্রয়োগ নকৰাই ভাল।
একোটা বীজত সন্নিৱিষ্ট থকা জলীয় পদার্থৰ ওপৰতো বীজৰ অংকুৰণ ক্ষমতা নিৰ্ভৰ কৰে। বীজত থকা জলীয় পদার্থক আৰ্দ্ৰতাৰ মাপকাঠিৰে জোখা হয়। বীজত থকা আৰ্দ্ৰতাৰ পৰিমাণ নির্ধাৰিত পৰিমাণতকৈ অধিক বা কম হ’লে বীজৰ গুণাগুণ লোপ পায়। অৱশ্যে বিভিন্ন শ্রেণীৰ বীজত থাকিব লগা আৰ্দ্ৰতাৰ পৰিমাণো ভিন ভিন। আজিকালি বীজ পৰীক্ষাগাৰত বীজ পৰীক্ষা কৰি বীজৰ আৰ্দ্ৰতাৰ পৰিমাণ নির্ণয় কৰিব পৰা যায়।
অধিক উৎপাদন দিব পৰা বিশুদ্ধ বীজ খেতিৰ বাবে নির্বাচন কৰা উচিত। নির্বাচিত বীজখিনিত বীজতৰীয়া শস্য, অপতৃণৰ গুটি, অলাগতিয়াল ঘাঁহ-বনৰ বীজ মিহলি হৈ থাকিলে খেতিপথাৰত মূল শস্যতকৈ ঘাঁহ-বনৰ প্রকোপহে চৰে৷ অন্যহাতে, বীজত থকা আৱৰ্জনা আৰু অন্য শস্যৰ গুটিয়ে বীজৰ গুণাগুণ বিনষ্ট কৰে। সেইবাবে নির্বাচিত বীজখিনিৰ ভৌতিক গুণাগুণৰ ওপৰতো গুৰুত্ব দিয়া দৰকাৰ। উল্লেখযোগ্য যে এবাৰ সংগ্ৰহ কৰা উন্নত বীজৰ পৰা একাদিক্ৰমে কেইবাটাও খেতি কৰি গৈ থাকিলে পৰৱর্তী খেতিবোৰত উৎপাদনৰ পৰিমাণ তুলনামূলক হিচাপে কমি যোৱা পৰিলক্ষিত হয়। গতিকে, খেতিৰ কাৰণে এবাৰ সংগ্ৰহ কৰা উন্নত মানৰ বীজৰ পৰা স্বপৰাগযোগী শস্যৰ ক্ষেত্ৰত একাদিক্ৰমে তিনিটা আৰু ইতৰ পৰাগযোগী শস্যৰ ক্ষেত্ৰত দুটাতকৈ অধিক খেতি নকৰাই ভাল। কৃষক ৰাইজক খেতি কৰিবৰ বাবে সাধাৰণতে প্রমাণিত বীজ যোগান ধৰা হয়। সেয়েহে এনে বীজৰ পৰা তিনিটা খেতি কৰাৰ পিছত পুনৰ নতুন বীজ সংগ্ৰহ কৰি খেতিৰ পাতনি মেলা বাঞ্ছনীয়।
লিখক: ড° কুমুদ চুতীয়া, দৈনিক জনমভূমি।
শেহতীয়া উন্নীতকৰণ: : 3/15/2020