অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কোন দিশে অসম উদ্যান সমিতি

কোন দিশে অসম উদ্যান সমিতি

অসমৰ উদ্যান শস্য খণ্ডৰ প্ৰসাৰ আৰু বিকাশৰ দায়বদ্ধতাৰে কেই গৰাকী মান দূৰদৰ্শী বুক্তিৰ উদ্যোগত ১৯৯৪ চনত অসম উদ্যান সমিতি নামৰ সংগঠনটোৰ জন্ম হৈছিল। যি কেই গৰাকী ব্যক্তিৰ আশা সুধীয়া প্ৰচেষ্টাত অসম উদ্যান সমিতিয়ে জন্ম লাভ কৰিছিল তেওঁলোকৰ কেই গৰাকী মান আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গুচি গৈছে যদিও অধিকাংশ লোক এতিয়াও আমাৰ মাজত আছে আৰু সমিতিয়ে ৰাজ্য খনৰ উদ্যান ক্ষেত্ৰ খনলৈ কিবা গুৰুত্ব পূৰ্ণ অৱদান আগবঢ়াব পাৰিব বুলি তেওঁলোকে আশা পালি আছে। সমিতিৰ জন্ম লগ্নৰ সময়ৰ ১০০ জন আজীৱন সদস্যৰ সংখ্যা বৃদ্ধি পাই এতিয়া প্ৰায় ২৫০০ হৈছেগৈ। এই বৃহৎ পৰিয়ালটোত ভাৰতীয় প্ৰশাসনীয় সেৱা, অসম প্ৰশাসনীয় সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰ বা পেচাৰ লোক আছে যদিও মুলতঃ তেওঁ লোক সকলো উদ্যান-প্ৰকৃতি প্ৰেমী। কিন্ত সময় পাৰ হৈ গৈ থকাৰ লগে লগে সমিতিৰ জন্ম লগ্নৰে পৰা জড়িত এই সকল ব্যক্তিৰ সৰহ সংখ্যাকেই এতিয়া ভাবিবলৈ লিছে- আমি এতিয়া ক’লৈ গৈ আছো?

অসম উদ্যান সমিতি প্ৰতিষ্ঠা হোৱাৰ পাছৰ বছৰটোতেই অৰ্থাৎ ১৯৯৫ চনত সমিতিয়ে ৰাজ্যিক কৃষি বিভাগত আমন্ত্ৰণ কৰি খানাপাৰাৰ কৃষি সঞ্চালকালয়ৰ খেল পথাৰত প্ৰথম বাৰৰ বাবে যি খন বাৰ্ষিক কৃষি উদ্যান মেলা আৰু প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল সেই খনে কৃষি বিভাগক কিছুমান কথা নতুন ধৰণে ভবাত সহায় কৰিছিল। পৰৱৰ্তী সময়চোৱাত কৃষি বিভাগে ধনে-জনে আগবাঢ়ি আহি ২০০৩ চন লৈকে বাৰ্ষিক কৃষি উদ্যান শস্য প্ৰদৰ্শনী অনুষ্ঠিত কৰাত সক্ৰিয় অংশ গ্ৰহণ কৰিছিল। ৰাজ্য খনৰ কৃষক ৰাইজক উদ্যান শস্যৰ বহল ক্ষেত্ৰ খনৰ সৈতে জড়িত কৰোৱাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ বাটকটীয়া হিচাপে অসম উদ্যান সমিতিক নিশ্চিত ভাৱে স্কীকৃতি দিব লাগিব। চমুকৈ ক’বলৈ হ’লে সমিতিয়ে ১৯৯৫ চনত অনুষ্ঠিত কৰা উদ্যান শস্য মেলাৰ পাছতহে এই খণ্ডটোৰ সৈতে জড়িত বিভিন্ন চৰকাৰী-বেচৰকাৰী সংস্থা আৰু উদ্যান শস্যৰ সৈতে জড়িত ব্যক্তি বা প্ৰতিষথানক একো খন মঞ্চত জড়িত কৰাৰ প্ৰচেষ্টা আৰম্ভ হ’ল।

অসম উদ্যান সমিতিয়ে আয়োজন কৰি থকা বাৰ্ষিক প্ৰদৰ্শনী বোৰত ৰাষ্ট্ৰীয় উদ্যান যস্য পৰিষদ, মছলা ব’ৰ্ড, কফি ব’ৰ্ড, নাৰিকল উন্নয়ন পৰিষদ, এপেডা, নেৰামেক আদিৰ দৰে কেন্দ্ৰীয় সংস্থা বোৰক জড়িত কৰি অসমৰ কৃষক ৰাইজক এই সংস্থাবোৰে আগবঢ়োৱা বিভিন্ন আঁচনিৰ সুবিধা ল’বলৈ অনুপ্ৰাণিত কৰে। ইয়াৰ আগেয়ে ৰাজ্য খনৰ খুব কম সংখ্যক কৃষকেহে এই সংস্থা বোৰৰ বিষয়ে জানিব পাৰিছিল।

কৃষকৰ সক্ৰিয় অংশ গ্ৰহণেৰে চৰকাৰী আঁচনিৰ ৰুপায়ণ সফল কৰি তোলে। অসম উদ্যান সমিতিয়ে চৰকাৰী আঁচনিত ৰাইজৰ অংশ গ্ৰহণ নিশ্চিত কৰিবলৈ সক্ষম হৈছে। ৰাজ্য খনৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা প্ৰায় ২৫০০ আজীৱন সদস্যই বাৰ্ষিক কৃষি-উদ্যান শস্য প্ৰদৰ্শনী সমূহ অনুষ্ঠিত কৰাত সক্ৰিয় ভানে অংশ লৈ আহিছে। স্বাভাৱিকতে পৰৱৰ্তী সময়ত বিভাগীয় আঁচনিৰ ৰুপায়ণত তেওঁলোকেই মূল ভূমিকা পালন কৰিছে। উদাহৰণ স্বৰুপে- সমিতিয়ে নলবাৰী আৰু ধুবুৰী জিলাত ৰাষ্ট্ৰীয় জলচ্ছেদ উন্নয়ন আঁচনি ৰুপায়ণত সক্ৰিয় অংশ গ্ৰহণ কৰিছিল। কামৰুপ জিলাৰ জাজী কোনা গাঁৱক নেমু গাঁও, মৌমানক মচলা গাঁও, বংশৰক নাৰিকল গাঁও আৰু বঙাইগাঁও জিলাৰ বৰপাৰাক আম গাঁও হিচাপে চিহ্নিত কৰি এই সম্পৰ্কীয় আঁচনি ৰুপায়ণত সমিতিৰ সদস্য সকলে সক্ৰিয় অংশ গ্ৰহণ কৰিছিল।

অসম উদ্যান সমিতিয়ে জন্ম লগ্নৰে পৰা প্ৰকাশ কৰি অহা বছৰেকীয়া স্মৃতিগ্ৰন্থ ‘উদ্যান জেউতি’ আৰু তিনি মহীয়া আলোচনী ‘উদ্যান সাৰথি’ কেইবা বছৰো নিয়মীয়া ভাবে প্ৰকাশ কৰি ৰাজ্য খনৰ উদ্যান শস্যৰ সৈতে জড়িত লোকৰ চাহিদা আংশিক ভাৱে হ’লেও পূৰণ কাৰিবলৈ সমৰ্থ হয়।

এইদৰে অসম উদ্যান সমিতিয়ে যোৱা দুটা দশকত ৰাজ্যৰ বিভিন্ন ঠাইত উদ্যান শস্যৰ বিকাশ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন প্ৰশিক্ষণ, আলোচনা চক্ৰ, কৰ্মশালা, সজাগতা সভা আদি অনুষ্ঠিত কৰি আহিছে। সমিতিয়ে কৃষি সঞ্চালকালয়, উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয় আৰু উদ্যান শস্যৰ সৈতে জড়িত অন্যান্য সংগঠনৰ দিহা-পৰামৰ্শ আৰু অনুদনৰ যোগেৰে উদ্যান শস্য বিকাশৰ সৈতে জড়িত বিভিন্ন আঁচনিৰ ৰুপায়নত সহযোগী হিচাপে কাম কৰি আছে। ৰাজ্য খনৰ বিভিন্ন প্ৰান্তত কৃষি আৰু উদ্যান শস্যৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীৰ আত্ম সংস্থাপনৰ বাবে পৰিৱেশ সৃষ্টি কৰা আৰু প্ৰেৰণা যোগোৱাৰ লগতে বিনামূলীয়া দিহা-পৰামৰ্শ আগবঢ়োৱাৰ ক্ষেত্ৰত সমিতিয়ে বিগত সময় চোৱাত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। জিলা তথা ৰাজ্যিক পৰ্যায়ৰ বাৰ্ষিক প্ৰদৰ্শনী সমূহৰ জৰিয়তে ৰাজ্য খনৰ চুকে-কোণে থকা সফল কৃষক আৰু ঔদ্যোগী সকলক চৰকাৰ বা ৰাইজৰ দৃষ্টি গোচৰ কৰাত গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। সাম্প্ৰদায়িক সময়ত ফুল লগতে পুস্প সজ্জাৰ চাহিদা আৰু জনপ্ৰিয়াতাৰ প্ৰতি লক্ষ্য ৰাখি সমিতিয়ে নিজস্ব উদ্যোগত মহিলা সকলৰ মাজত প্ৰশিক্ষণৰ ব্যৱস্থা কৰে। তেনেদৰে, ফল-মূল স্ংৰক্ষণ আৰু ইয়াৰগ্ব্যৱসায়িক দিশৰ সম্পৰ্কত প্ৰশিক্ষণ, ছাত্ৰ-ছাত্ৰীক ফল-মূল, শাক-পাচলি আদিৰ খেতিৰ প্ৰতি আকৰ্ষণ কৰিবলৈ সময়ে-সময়ে বিদ্যালয়-মহাবিদ্যালয়ত এই সম্পৰ্কীয় প্ৰশিক্ষণৰ লগতে বৃক্ষ ৰোপণ আদি কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

এনেদৰে অসম উদ্যান সমিতিয়ে ১৯৯৫ চনৰ পৰা ২০০০ চন লৈকে উল্লেখিত উদ্যান শস্যৰ বিকাশৰ বাবে কাম-কাজ সম্পাদন কৰি কৃষকৰ মাজত সজাগতা আনিবলৈ সক্ষম হৈছিল। ২০০৪ চনত কৃষি বিভাগৰ নিৰ্দেশত ৰাজ্যিক উদ্যান শস্য প্ৰদৰ্শনী খনক আঞ্চলিক পৰ্যায়লৈ উন্নীত কৰি ২০১৩ চনত মহা-প্ৰদৰ্শনী আৰু ২০১৪ চনত আন্তৰ্জাতিক প্ৰদৰ্শনী পাতি পৰোক্ষ ভাৱে অসম উদ্যান সমিতিক বহু খিনি নিষ্ক্ৰিয় কৰি ৰখা হ’ল। ইমান দিনে সমিতিয়ে নিজৰ ভৰিত থিয় দি যি বোৰ কাম-কাজ চলাই আহিছিল আঞ্চলিক, মহা বা আন্তৰ্জাতিক প্ৰদৰ্শনী সমূহে বিগত বছৰ কেইটাত অসম উদ্যান সমিতিক এক প্ৰকাৰ পংগু কৰি তোলা বুলি একাংশ নিষ্ঠাবান সদস্য-সদস্যাই অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে। ২০০৪ চনৰ পৰা সমিতি খনে মূল লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি পিঠি দি এটি পদলেহনকাৰী সংস্থাত পৰিণত হোৱা বুলি তেওঁলোকে ভাবিবলৈ ধৰিলে। এই অশুভ পৰম্পৰাৰ পৰা অসম উদ্যান সমিতিক কেনেকৈ উদ্ধাৰ কৰি আগৰ অৱস্থালৈ আনিব পাৰি তাক লৈ এই সকল সদস্য-সদস্যাই চিন্তা-ভাৱনা আৰম্ভ কৰিবলৈ ধৰিলে। অমানিশাৰ এই কৰাল গ্ৰাসৰ পৰা অসম উদ্যান সমিতিক কেনেকৈ উদ্ধাৰ কৰিব পৰা যায় সেয়াই এতিয়া সমিতিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান।

লেখক: ড° মৃণাল বৰ্মন, অসম উদ্যান সমিতিৰ উপ-সভাপতি আৰু কৃষি বিভাগৰ উপ-সঞ্চালক, এগ্ৰি হৰ্টি প্ৰদৰ্শনী।

শেহতীয়া উন্নীতকৰণ: : 7/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate