চৰকাৰী চাকৰিৰ বাবে আশা পালি বহি নাথাকি নলবাৰীৰ এজন যুৱকে ২০০৫ চনতে কম মুলধন খটুৱাই অধিক লাভৱান হোৱাৰ উপৰি মানুহক স্বাস্থ্যসন্মত সুস্বাদু খাদ্যৰ যোগান ধৰি আন পাঁচজন যুৱককো কৰ্মসংস্থাপন দি আদৰ্শ ৰাখিবলৈ সক্ষম হৈছে।নিজা উদ্যোগত ঘৰতে আৰম্ভ কৰা কাটঃফুলা খেতিৰে শেহতীয়াভাৱে বৃহৎ বজাৰ দখল কৰিবলৈ সক্ষম হোৱা যুৱকজন হৈছে জিলাখনৰে কেন্দুকুছিৰ মিতুল শৰ্মা।কৃষিভুমি অবিহনে অতি কম ধন বিনিয়োগ কৰি লাভৱান হ’ব পৰা খেতি হৈছে কাঠফুলা।
বছৰটোৰ প্ৰতি সময়তে উপলব্ধ হোৱাকৈ মিতুলে উইণ্টাৰ আয়ষ্টাৰ,পিংক আয়ষ্টাৰ ,মিল্কী মাশ্বৰুম,ব্লেক মাশ্বৰুম,চাজৰ কাজু আদি ভিন্ন প্ৰকাৰৰ কাঠফুলা উৎপাদন কৰি গ্ৰাহকক আকৰ্ষণ কৰাৰ লগতে নলবাৰী,বাকসা আৰু সীমামুৰীয়া কামৰুপ জিলাৰ অগণন গ্ৰাহকক লৈ এখন বৃহৎ বজাৰৰ সৃষ্টি কৰি আহিছে।মিতুলে ‘দৈনিক অসম’ক জানিবলৈ দিয়া মতে,কাঠফুলাৰ বাবে খেৰ আৰু পানীহে বেছি ব্যৱহৃত হয়।এয়া সম্পুৰ্ণ জৈৱিক পদ্ধতিৰ খেতি।খাদ্য হিচাপে কাঠফুলা মধুমেহ,হৃদৰোগ,ৰক্তচাপ আদিত যথেষ্ট উপাদেয়।তদুপৰি ই কলেষ্টৰেলযুক্ত।এইজন যুৱকে শেহতীয়াভাৱে বিনামুলীয়াকৈ ভালেসংখ্যক লোকক কাঠফুলাৰ প্ৰশিক্ষণ দিছে।মিতুলে এতিয়ালৈ চৰকাৰী কোনো সাহায্য পোৱা নাই।চৰকাৰী সহযোগিতা পালে মিতুলে নামনি অসমত প্ৰধানকৈ বৃহৎ কাঠফুলাৰ বজাৰ সৃষ্টি কৰাৰ ইচ্ছা মনতে পুহি ৰাখিছে।
লেখক: মনোজ শৰ্মা (দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 2/6/2023