তামোল খেতিৰ বাবে স্বাস্থ্যৱান পুলিৰ আৱশ্যক আৰু ইয়াক বিজ্ঞানসন্মতভাৱে তৈয়াৰ কৰি ল’ব লাগে। তামোল পূৰঠ আৰু পকিলে জেঠ-আহাৰ মাহত অৰ্থাৎ মে’-জুন মাহত গছৰ পৰা পাৰি আনিব লাগে। পাৰি অনা পকা তামোলবোৰৰ পৰা বীজৰ বাবে ৩৫-৪০ গ্ৰাম ওজনৰ তামোলবোৰ বাছনি কৰিব লাগে। ইয়াৰ বাবে সহজ উপায় হৈছে এটা বাল্টিত আধা পানীৰে পূৰ কৰি পকা তামোলবোৰ তাত ভৰাই দিব লাগে। এতিয়া পানীত ডুব যোৱা আৰু ওপৰ মুৱাকৈ ওপঙি থকা তামোলবোৰ বাছনি কৰিব লাগে। কাৰণ এই তামোলবোৰৰ ওজন ৩৫-৪০ গ্ৰাম তামোলবোৰ বাছনি কৰিব নালাগে।
বাছনি কৰা তামোলবোৰৰ পৰা বেটুটো এৰুৱাই দি মাটি- বালিৰে মিহলি কৰা ওখ পুলি বাৰীত বেটুৰ ফালটো ওপৰমুৱাকৈ ৰাখি পুতিব লাগে। পুলি বাৰীত বীজ বা তামোলবোৰ ১৫ চে: মি: (৬ ইঞ্চি) ব্যৱধানত শাৰী শাৰী আৰু প্ৰতিটো তামোলৰ একে ব্যৱধানত ৰাখি বীজটো সম্পূৰ্ণকৈ পোত যোৱাকৈ ওপৰমুৱাকৈ পুতিব লাগে। বীজবোৰ সিঁচা বা ৰোপণ কৰাৰ পিছত বালিৰে পাতলীয়াকৈ ঢাকি দিব লাগে। বীজবোৰ পচোৱাৰ উপযুক্ত সময় হৈছে জেঠ- আহাৰ মাহ অৰ্থাৎ তামোলবোৰ গছৰ পৰা পাৰি অনাৰ ৮-১০ দিনৰ পাছতে পুলিবাৰীত ৰোপণ কৰিব লাগে। বীজ সিঁচাৰ ৪০ দিন মানৰ পিছত গজালি ওলায় আৰু গজালি ওলোৱাৰ তিনিমাহ মানৰ পাছত পুলিৰ উচ্চতা যেতিয়া এফুট বা ৩০ চে: মি: হ’ব তেতিয়া দ্বিতীয় পুলিবাৰীত পুলিবোৰ ৰোৱাৰ ব্যৱস্থা কৰিব লাগে।
দ্বিতীয় পুলিবাৰীখন সদায় ওখ, পানীজমা নোহোৱা ঠাইত পাতিব লাগে। ঠিক প্ৰথম পুলি বাৰীখনৰ দৰে। দ্বিতীয় পুলিবাৰীখন প্ৰথম পুলিবাৰীখনৰ কাষতে পাতিব পাৰি। তেতিয়া কাম কৰিবৰ বাবে সহজ হয়। এতিয়া প্ৰথম পুলিবাৰীত থকা তিনিমহীয়া পুলিবোৰ সাৱধানে উভালি আনি দ্বিতীয় পুলিবাৰীত ৩০ চে:মি: শাৰীৰ ব্যৱধান আৰু প্ৰতিটো শাৰীত আকৌ ৩০ চে:মি: ব্যৱধানত পুলিবোৰ ৰোপণ কৰিব লাগে। খৰাং বতৰত সপ্তাহত এবাৰকৈ আৰু বৰষুণৰ বতৰত অতিৰিক্ত পানী ওলাই যাবলৈ নলাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ দ্বিতীয় পুলিবাৰীত পুলিবোৰ ১০ ৰ পৰা ১৫ মাহ পৰ্যন্ত থাকিব। দ্বিতীয় পুলিবাৰীত ৰোপণ কৰা পুলিবোৰৰ কিছুমান পুলি যদি লেংলেংকৈ বাঢ়ি যায় তেন্তে তেনে পুলিবোৰ পাঁচ-ছমাহৰ পাছত আকৌ উঠাই তৃতীয় পুলিবাৰীত ৰোপণ কৰিব লাগে। ইয়াৰ বাবে প্ৰথম পুলিবাৰী খনকে তৃতীয় পুলিবাৰীলৈ পৰিণত কৰিব পাৰি। যিহেতুকে প্ৰথম পুলি বাৰীখনৰ পৰা সকলো পুলি উঠাই আনি দ্বিতীয় পুলিবাৰীত ৰোপণ কৰা বাবে প্ৰথম পুলিবাৰীখন খালী হৈ আছে। ডাকৰ বচনতো লিখা আছে যে তামোল পুলি লৰাই ৰুবা, ৰুবা খাই লফা। তামোল পুলি দুই তিনিবাৰ লৰাই ৰোৱাৰ উদ্দেশ্যে হৈছে যে পথাৰত বা বাৰীত ৰোপণ কৰিব লগীয়া তামোলৰ পুলিবোৰ সদায় চাপৰ হ’ব লাগে, গুৰিটো শকত হ’ব লাগে আৰু শিপাৰ সংখ্যা বেছি হ’ব লাগে। তেনে পুলি বাৰীত ৰোপণ কৰিলে তামোল গছ চাপৰ হয়। কম বয়সতে তামোল লাগে আৰু বতাহত সহজে তামোল ভাগি নাযায়।
তামোলৰ উৎপাদন নিৰ্ভৰ কৰে জাত, সাৰ, গোবৰ প্ৰয়োগকে ধৰি কৰা বিভিন্ন পৰিচৰ্যা আৰু বেমাৰ নিয়ন্ত্ৰণ ব্যৱস্থা। বেমাৰৰ ভিতৰত মাৰাত্মক বেমাৰ হৈছে গেনদাৰমা বেমাৰ, যিটো বেমাৰে এবাৰ তামোল গছত আক্ৰমণ কৰিলে মহামাৰীৰ ৰুপ লয়। এবিধ ভেকুৰৰ দ্বাৰা আক্ৰমণ কৰে গছৰ শিপাত, শিপা পচি যায় আৰু কেতিয়াবা শিপাৰ চাৰি বা পাঁচ ভাগৰ এভাগ শিপা পচি নষ্ট হ’ব তেতিয়া পাতত বেমাৰৰ লক্ষণ দেখা দিয়ে। তলৰ পৰা বঢ়া পাতবিলাক প্ৰথমে হালধীয়া পৰে, লাহে লাহে শুকাই গৈ ওলমি পৰে। যেতিয়া শিপাবোৰ সম্পূৰ্ণ পচি যাব সকলো বিলাক পাত লেৰেলি শুকাই যাব, হাউলি পৰিব আৰু গছজোপাৰ গুৰিত ৰঙচুৱা ৰস ওলাবলৈ ধৰে আৰু কাঠ ফুলা গজে।
গেনদাৰমা বেমাৰ নিবাৰণৰ বাবে বাৰিষা গছৰ গুৰিত যাতে পানী জমা নহয় তাৰ বাবে গছৰ মাজত (দুজোপা গছৰ মাজত)একোটা নলাৰ ব্যৱস্থা কৰিব লাগে। বেমাৰে আক্ৰমণ কৰিলে বেমাৰৰ বীজাণু যাতে কাষৰ গছ জোপালৈ বিয়পিব নোৱাৰে তাৰ বাবে আক্ৰান্ত গছজোপাৰ চাৰিওফালে ডেৰ-দুই মিটাৰ ব্যৱধানত দুফুট দকৈ এফুট বহলৰ নলা খান্দিব লাগে। পাছত তিনি গ্ৰাম কেপটাফ বা ব্লাইটক্স এক লিটাৰ পানী হিচাপে মিহলাই ১০-১২ লিটাৰ মিশ্ৰণ লাহে লাহে গছৰ গুৰিৰ শিপা তিতি যোৱাকৈ ঢালিব লাগে। গছৰ গুৰিত পাতলীয়া কোৰ মাৰি সৰহ পৰিমাণে গোবৰ প্ৰয়োগ কৰিব লাগে বা গছেপ্ৰতি দুই কিল’গ্ৰাম নিমৰ খলি হৈ প্ৰয়োগ কৰিব লাগে। জৈৱিক সাৰ গোবৰৰ লগত নিমৰ খলি হৈ মিহলালে বেছি সুফল পোৱা যায়। দুশাৰী তামোলৰ মাজত এশাৰী চেনিচম্পা কলৰ পুলি ৰোপণ কৰিলে বেমাৰে আক্ৰমণ কৰিব নোৱাৰে।
লেখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস ( দৈনিক জনমভূমি)
শেহতীয়া উন্নীতকৰণ: : 1/18/2023