অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধান খেতি

জেঠ-আহাৰত কৰিব পৰা শালিৰ খেতিঃ

 

শালি ধানঃ

জেঠৰ মাজভাগৰ পৰা আহাৰৰ শেষভাগৰ ভিতৰত কঠীয়াতলীয় বীজ সিঁচাৰ উপযুক্ত সময়। আহাৰৰ মাজভাগৰ পৰা শাওণৰ ভিতৰত কঠীয়াবোৰ মূল পথাৰত ৰুব পাৰে।

প্ৰতি বিঘাত সাৰৰ পৰিমাণঃ

পথাৰ প্ৰস্তুতিৰ সময়ত ১৩ কুইণ্টল পচন সাৰ প্ৰয়োগ কৰিব পাৰে। চাপৰ জাতৰ শালি ধানৰ বাবে ইউৰিয়া ১৮ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট ১৭ কিলোগ্ৰাম, এমঅ’পি ৯ কিলোগ্ৰাম ব্যৱহাৰ কৰিব পাৰে। ওখ জাতৰ বাবে ৬ কিলোগ্ৰাম ইউৰিয়া, ৮ কিলোগ্ৰাম একক ছুপাৰ ফছফেট, ২ কিলোগ্ৰাম এমঅ’পি ব্যৱহাৰ কৰিব পাৰে।

 

মধ্যমীয়া চাপৰ জাতৰ শালি ধান

অনুমোদিত জাত

কৃষি কাল (দিন)

আই আৰ-৩৬

১১০-১২৫

পংকজ

১৪৫-১৫০

বাহাদুৰ

১৫০-১৫৫

কুশল

১৫০-১৫৫

ৰঞ্জিত

১৫০-১৫৫

জয়া

১২৫-১৩০

লখিমী

১৪০-১৪৫

পিয়লি

১৫০-১৫৫

মণিৰাম

১৫০-১৫৫

অভিষেক

১১৫-১২০

নবীন

১২০-১২৫

বৰা ধান

ৰাঙলী

১৬০-১৬৫

ভোগালী

১৫৫-১৬০

আঘোণী

১৬০-১৬৫

বহু তৰপীয়া কৃষিৰ বাবে উপযোগী জাত

সত্য

১৩০-১৩৫

বসুন্ধৰা

১৩০-১৩৩

কেতেকী জহা

১৫৫-১৬৫

মনোহৰ শালি

১৫৫-১৬০

মাছুৰী

১৪০-১৪৫

স্বৰ্ণপ্ৰভা

১১৫-১২০




বানপানীৰ পিছত পলমকৈ কৰিব পৰা কেইবিধমান শালি ধানৰ জাতঃ

মনোহৰ শালি, বিৰাজ, শলপোনা, প্ৰসাদভোগ আদি।

দ’ অঞ্চলত কৰিব পৰা কেইবিধমান শালি ধানঃ

প্ৰফুল্ল (১৫০-১৫০), গীতেশ (১৫০-১৬০) আদি।

শালি ধানৰ বৰ্ণসংকৰ জাতঃ

অনুমোদিত জাত

কৃষি কাল (দিন)

এন কে ৫২৫২

১৩০-১৩৫

ডি আৰ আৰ এইচ-২

১৩০-১৩৫

চি আৰ এইচ আৰ-৫

১৩০-১৩৫

পি এ চি-৮৩৫/৮৩২

১৩০-১৩৫

পি এ-৬৪৪৪ গ’ল্ড

১৩০-১৩৫

চাহিদ্ৰী

১২৫-১৩৫

জে কে-৪০১

১২৫-১৩০

কৃষিৰ দিহাঃ

দ’ অঞ্চলৰ বাবে ৰঞ্জিত, বাহাদুৰ, পিয়লি, মণিৰাম, পংকজ, কুশল আদিৰ দৰে জাতৰ খেতি কৰিব পাৰে।

মধ্যম চানেকীয়া পথাৰৰ বাবে সত্য, বসুন্ধৰা, স্বৰ্ণপ্ৰভা আদিৰ দৰে মধ্যমীয়া কৃষিকালৰ বীজ ব্যৱহাৰ কৰিব লাগে। খেতি চপোৱাৰ পাছত সেই অঞ্চলসমূহত শাক-পাচলি, সৰিয়হৰ খেতি কৰিব পাৰে। প্ৰয়োজন সাপেক্ষে শস্য ৰক্ষাৰ ব্যৱস্থা লোৱা উচিত।

(উৎসঃ নিয়মীয়া বাৰ্তা)।

 

ধান খেতিৰ পোক নিয়ন্ত্ৰণৰ বাবে থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰঃ

 

ধান খেতিত দেখা বিভিন্ন পোক-পৰুৱা, বেমাৰ-আজাৰক বাধা দিবলৈ আমাৰ কৃষক ৰাইজে নিজৰ নিজৰ অভিজ্ঞতাৰ ভিত্তিত পৰম্পৰাগতভাৱে পথাৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। প্ৰকৃতি আৰু পৰিৱেশৰ পৰা নিজস্ব অভিজ্ঞতাৰে আহৰণ কৰা এনেবোৰ কৌশলৰ আঁৰত বৈজ্ঞানিক সত্য নিহিত হৈ আছে। বছৰৰ পাছত বছৰ ধৰি কৃষক ৰাইজে আহৰণ কৰা তেনেবোৰ কৃষি কৌশলক আধুনিক কৃষি বিজ্ঞানেও থলুৱা প্ৰযুক্তি কৌশল হিচাপে স্বীকৃতি দিছে। এনেবোৰ কৃষি কৌশল প্ৰাকৃতিক। পোক-পৰুৱা আৰু বেমাৰ-আজাৰ নিয়ন্ত্ৰণ কৰিবলৈ খেতিপথাৰত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰাৰ ফলত সৃষ্টি হোৱা পৰিৱেশ প্ৰদূষণৰ সমস্যাৰ পৰাও এনেবোৰ থলুৱা কৃষি প্ৰযুক্তি মুক্ত। এনে কৌশলসমূহ প্ৰদূষণমুক্ত হোৱাৰ উপৰি এনেবোৰ থলুৱা কৌশল কম খৰচী আৰু স্থানীয়ভাৱে উপলব্ধ।

ধাননি পথাৰত পোক-পৰুৱা, বেমাৰ-আজাৰৰ উপদ্ৰৱক বাধা দিবলৈ আমাৰ কৃষক ৰাইজে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি অহা কিছুমান থলুৱা প্ৰযুক্তি কৌশল তলত উল্লেখ কৰা হ’ল। এই কৌশলসমূহৰ মাজত বিজ্ঞানসন্মত সত্য নিহিত হৈ আছে। কৃষক ৰাইজে বিভিন্ন সময়ত প্ৰকাশ কৰা তথ্যৰ ভিত্তিত এই কৌশলসমূহ যুগুতাই প্ৰকাশ কৰা হৈছে। ধাননি পথাৰত পোক-পৰুৱা, বেমাৰ-আজাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰা কেতবোৰ থলুৱা প্ৰযুক্তি কৌশল-

  • কঠীয়াৰ আগলি অংশত ধান খেতিৰ অনিষ্টকাৰী বিভিন্ন পোক-পৰুৱাই কণী পাৰে। সেয়েহে কঠীয়া ৰোৱাৰ আগেয়ে কঠীয়াৰ আগলি অংশ কাচিৰে কাটি বা হাতেৰে ছিঙি দিলে ইয়াত থকা বিভিন্ন পোক-পৰুৱাৰ কণী আদি ধ্বংস হয়। ফলত পাছত মূল পথাৰৰ খেতিডৰাত পোক-পৰুৱাৰ প্ৰাদুৰ্ভাৱ বহুখিনি কমে।
  • মজা খোৱা পোকৰ পলুবোৰ ধান চপোৱাৰ পাছত ধানৰ নৰাৰ গুৰিত বাহ সাজি থাকে। শালিধান চপোৱাৰ পাছত পথাৰত ৰৈ যোৱা নৰা আদি পুৰি পেলালে মজা খোৱা পোকৰ এনে পলুবোৰ পুৰি মৰি যায়। ফলত পিছৰ বাৰৰ ধান খেতিত মজা খোৱা পোকৰ প্ৰাদুৰ্ভাৱ বহুখিনি কমি যায়। সেয়েহে শালি ধান চপোৱাৰ পাছত পথাৰত ৰৈ যোৱা নৰা পুৰি পেলোৱা উচিত।
  • ধান খেতিত দেখা দিয়া গান্ধী পোকৰ আক্ৰমণক বাধা দিবলৈ ধানৰ গেঁৰ ধৰা সময়ত ৰবাব টেঙাৰ বাকলি সমভাৱে পথাৰখনৰ বিভিন্ন অংশত পেলাই থ’লে সুফল পোৱা যায়। পথাৰত শূৰ পোক নাহিবলৈ আগতীয়াকৈ ধান গছৰ গুৰিত ৰবাব টেভাৰ বাকলিৰ গুড়ি আৰু কেঁচা গোবৰৰ মিশ্ৰণ ছটিয়ালে সুফল পোৱা যায় বুলি কৃষকৰ অভিজ্ঞতাই কৈছে।
  • ধাননিডৰাৰ চাৰিওফালে দ’ নলা খান্দি দি এডৰা খেতিৰ পৰা আনডৰা খেতিলৈ শূঁৰ পোককে ধৰি বহু পোকৰ পলু বগাই যোৱাত বাধা দিব পাৰি।
  • ১৮ লিটাৰ পানীত ৪০ গ্ৰাম চূণ আৰু ১০ গ্ৰাম নিমখ মিহলাই খেতিত প্ৰয়োগ কৰি শূঁৰ পোকৰ প্ৰাদুৰ্ভাৱ কমোৱাত সুফল পোৱা বুলি কিছুসংখ্যক কৃষক ৰাইজে প্ৰকাশ কৰিছে।
  • ভোট জলকীয়াৰ গুড়িৰ সৈতে নিমৰ পাত, গোমূত্ৰ, আদা আৰু নহৰু থেতেলি মিহলাই এনে মিশ্ৰণ ধাননি পথাৰত প্ৰয়োগ কৰিলে শূঁৰ পোক নিয়ন্ত্ৰণ কৰিব পাৰি।
  • বিভিন্ন পৰভোজী চৰাইয়ে পোক-পৰুৱা তথা ইহঁতৰ কণী আদি খাই জীয়াই থাকে। প্ৰতি বিঘা ধাননিত তিনিটাকৈ বাঁহৰ আগলি বা জেং পুতি দিলে এনেবোৰ চৰাই পথাৰত জিৰণি লোৱাত সুবিধা হয়। ফলত ধাননিডৰাত পোক-পৰুৱাৰ আক্ৰমণ হ্ৰাস পায়। কিন্তু চৰায়ে পকা ধান খোৱাত বাধা দিবলৈ ধান পকাৰ আগে আগে এই বাঁহৰ আগলি বা জেংবোৰ পথাৰৰ পৰা উঠাই দিয়া উচিত।
  • পথাৰখনত পোক-পৰুৱাৰ উপস্থিতিক বাধা দিবলৈ ধাননিডৰাৰ মাজে মাজে পচতীয়াৰ আগ আৰু ডাল ৰোৱাৰ উপৰি পথাৰত বিহলঙনী, নিম, কেতুৰি আদি গছৰ পাত ছটিয়াব লাগে।
  • চৰহা পোক আক্ৰান্ত পথাৰত বগৰী গছৰ গৰে কাঁইটীয়া গছৰ ডালেৰে ধান খেতিডৰা মৃদুভাৱে কোবাই দিলে চৰহা পোকৰ সংখ্যা কিছু কমে।
  • পচা গো-মূত্ৰ ছটিয়াই থাকিলে ধাননি পথাৰত পোক-পৰুৱা, বেমাৰ-আজাৰ হ্ৰাস পায়।
  • টুপলীকটা পোকৰ কণী ধ্বংস কৰিবলৈ কেৰাচিনত ডুবোৱা নাৰিকল বা মৰাপাটৰ ৰছী ধাননি পথাৰখনৰ ওপৰেৰে বোলাই নিব লাগে।
  • গান্ধী পোকক আকৰ্ষণ কৰিবলৈ ধানৰ গাখীৰতী অৱস্থাত পথাৰৰ মাজে মাজে পচা ভেকুলী, কেঁকোৰা আদি ওলোমাই দিব লাগে। পাছত এইবোৰ পুৰি পেলোৱা উচিত।
  • পথাৰৰ মাজে মাজে জুইৰ পোহৰ-ফাণ্ডৰ ব্যৱস্থা কৰি দিলে পথাৰত থকা পোক-পৰুৱাবোৰৰ জুইৰ পোহৰৰ প্ৰতি আকৰ্ষণ ঘটে আৰু পুৰি মৃত্যু হয়। ফলত পথাৰত পোকৰ সংখ্যা যথেষ্ট হ্ৰাস পায়।
  • ধাননি পথাৰত নিমগছৰ পাত মাটিৰ সৈতে মিহলাই দিলে টুপলিকটা পোক আৰু মজা খোৱা পোকৰ সংখ্যা হ্ৰাস পায়।

(কৃষি তথ্য প্ৰচাৰ শাখা, অসমৰ সৌজন্যত)

(উৎসঃ নিয়মীয়া বাৰ্তা, পংকজলোচন দাস)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate