অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নৱেম্বৰ মাহৰ কৃষি পৰামৰ্শ

নৱেম্বৰ মাহৰ কৃষি পৰামৰ্শ

 

অক্টোবৰ আৰু নৱেম্বৰ মাহ অসমত ৰবি শস্যৰ খেতি কৰা সময়।এইটো মাহত অসমত তেলজাতীয় শস্যৰ খেতিও কৰা হয়।তদুপৰি শালি ধানো নৱেম্বৰ মাহত পকে।নৱেম্বৰ মাহত কৃষি ভুমিত ল’বলগীয়া ব্যৱস্থা সমুহৰ বিষয়ে তলত বিতংকৈ কৃষক ৰাইজৰ জ্ঞাতাৰ্থে আলোচনা কৰা হ’ল।

১/নৱেম্বৰ-ডিচেম্বৰ মাহ বৰোধানৰ বীজ সিঁচা সময়।বৰো-১,বৰো-২,কালচাৰ-১,কলিংগ-৩,কৃষ্ণা,আই।আৰ-৫০,জয়মতী,বিষ্ণুপ্ৰসাদ,জ্যোতিপ্ৰসাদ,দীননাথ,স্বৰ্ণাভ,কনকলতা আদি বৰোধানৰ অনুমোদিত জাতৰ বীজ সিঁচক।

২/বৰো খেতিৰ বাবে ১২৫ ছেণ্টিমিটাৰ বহল আৰু ১০ মিটাৰ দীঘল বীজতলী প্ৰস্তুত কৰি দুখন বীজতলীৰ মাজত ৩০ ছেণ্টিমিটাৰ ব্যৱধান ৰাখক।প্ৰতিখন বীজতলীত ভালদৰে অংকুৰিত বীজ ৬৫০ গ্ৰামৰ পৰা ১ কিলোগ্ৰামৰ প্ৰয়োজন।

৩/সিঁচাৰ আগেয়ে বীজবোৰ প্ৰতি লিটাৰ পানীত ২.৫ গ্ৰাম মেংকোজেৱ অথবা ২.৫ গ্ৰাম কেপটান নাইবা ১ গ্ৰাম কাৰ্বেনডাজিম দৰৱ মিহলাই শোধন কৰক।১ কি:গ্ৰা: বীজৰ বাবে এনে দৰৱ মিশ্ৰণ ১ লিটাৰৰ প্ৰয়োজন।শুকান পদ্ধতিৰেও বীজ শোধন কৰিব পাৰি।

৪/কঠীয়াৰ পাতত ব্লাষ্ট ৰোগৰ মুগা ৰঙৰ দুই-এটা দাগ দেখা দিয়াৰ লগে লগে কঠীয়াতলীত ১ মিলিমিটাৰ আইচ’প্ৰথায়’লন বা ১ গ্ৰাম কাৰ্বিনডাজিম প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’কৰক।ব্লাষ্ট ৰোগৰ এনে মাকো আকৃতিৰ মুগা বৰণীয়া দাগটোৰ ভিতৰৰ মধ্যাংশ ছাই ৰঙৰ হয়।

৫/কঠীয়াতলীখন পোক-পৰুৱাৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰতি ১০ বৰ্গমিটাৰ কঠীয়াতলীত ০.১০ মিলিলিটাৰ ট্ৰাইঅ’যফ’চ বা ক্ল’ৰ’পাইৰিফ’চ,০.১৫ মি:লি: কুইনলফ’চ প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে’ কৰক।

৬/সৰিয়হৰ খেতিৰ বাবে মাটিডৰা মিহিকৈ হাল বাই টি এছ-৩৬,টি এছ-৩৮,টি এছ-৪৬,এম-২৭ আদি অনুমোদিত জাতৰ বীজ সিঁচক।প্ৰতি বিঘাৰ বাবে ১.৩ কি:গ্ৰা: বীজৰ প্ৰয়োজন।

৭/প্ৰতিবিঘা সৰিয়হ তলীত বৰষুণ নিৰ্ভৰশীল খেতিৰ বাবে ১২ কি:গ্ৰা: ইউৰিয়া,৩০ কি:গ্ৰা: একক চুপাৰ ফচফেট আৰু ২৫ কি:গ্ৰা: মিউৰিয়েট অৱ পটাচ সাৰ প্ৰয়োগ কৰক।জলসিঞ্চন কৰা খেতিত এই সাৰৰ পৰিমাণ ক্ৰমে ১৮ কি:গ্ৰা:,৩৩ কি:গ্ৰা: আৰু ৯ কি:গ্ৰা:।বীজ সিঁচাৰ ১৫ দিন আগেয়ে বিঘাই প্ৰতি ৬৫.৫ কি: গ্ৰা:কৈ চুণ প্ৰয়োগ কৰক।

৮/আলু ৰোৱাৰ আগেয়ে আলুবোৰ প্ৰতিলিটাৰ পানীত ৫ গ্ৰাম মেংকাজেব মিহলাই প্ৰস্তুত কৰা মিশ্ৰণত ১০ মিনিট সময় ডুবাই ৰাখি ছাঁত শুকুৱাই লওক।বৰষুণ নিৰ্ভৰশীল খেতিত বিঘাই প্ৰতি ১৯ কি:গ্ৰা: ইউৰিয়া,৪৫ কি:গ্ৰা: একক চুপাৰ ফচফেট আৰু ১২ কি:গ্ৰা: মিউৰিয়েট অৱ পতাছ সাৰৰ প্ৰয়োজন।জলসিঞ্চিত পদ্ধতিত এই সাৰৰ পৰিমাণ ক্ৰমে ১৯ কি:গ্ৰা:,৯০ কি:গ্ৰা: আৰু ২৪ কি:গ্ৰা:।

৯/পিঁয়াজৰ খেতিডৰাত ৩ কি:গ্ৰা: ইউৰিয়া পিঁয়াজ ৰোৱাৰ ৩০-৪০ দিন পাছত মুল পথাৰত টপড্ৰেছ হিচাপে প্ৰয়োগ কৰক।

১০/পিঁয়াজ খেতিত ফ্ৰিপচৰ আক্ৰমণ হ’লে ফিপ্ৰ’নিল অথবা মালাথিয়ান ৫০ ইচি প্ৰতিলিটাৰ পানীত ০.২ মিলিলিটাৰ মিহলাই স্প্ৰে’ কৰক।

১১/শীতকালীন পাচলি খেতিডৰাত পানী যোগানকে ধৰি উপযুক্ত যতন লওক।

উৎস:ৰাইজৰ বাতৰি



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate