বিলাহীত অপৰ্যাপ্ত মাত্ৰাত প্ৰাকৃতিক এণ্টিঅক্সিডেণ্ট কেৰটিন লাইক’পিন পোৱা যায়। সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা লাইক’পিনে মানৱ ছালক সুৰক্ষা প্ৰদান কৰে। ইপিনে, বিলাহীত যথেষ্ট পৰিমাণে পটাছিয়াম, খনিজ পদাৰ্থৰ উপৰিও ভিটামিন ‘ক’ আৰু ‘গ’ যথেষ্ট পৰিমাণে থাকে। সাধাৰণতে ইয়াক কেঁচাই বা পগাই, চাটনি, টেঙা আঞ্জা, চুপ, চছ, আচাৰ আদি তৈয়াৰ কৰি খাদ্যৰ ৰূপত ব্যৱহাৰ কৰা হয়। প্ৰাকৃতিক যদিও বিলাহীৰ প্ৰায় ৭,৫০০ ধৰণৰ সঁচ উপলব্ধ। তথাপি বৰ্তমান বজাৰত বৰ্ণ-সংকৰ জাতৰ চাহিদা অধিক।
বিলাহী উৎপাদনৰ দুটা প্ৰধান সমস্যা হ’ল- কীট-পতংগৰ আক্ৰমণ আৰু ফল চপোৱাৰ পাছত শীঘ্ৰে ঘটা পচন। ইজৰাইলীসকলে ১৯৭৩ চনত বহুত দিনলৈকে সংৰক্ষণ কৰিব পৰা সঁচ আৱিষ্কাৰ কৰে। ইফালে কেলিফৰ্ণিয়াৰ কলগেন কোম্পানীয়ে ১৯৯৪ চনত ফ্লেভৰ চেভৰ নামৰ এক সঁচ জিনীয় অভিযন্ত্ৰণেৰে উৎপাদন কৰি বজাৰলৈ উলিয়াইছিল, যিটো কেইবা দিনলৈ নেগেলাকৈ থাকে, কিন্তু ১৯৯৭ চনত ইয়াৰ উৎপাদন বন্ধ কৰা হয়।
(১) ছেঁই বিন্ধোৱা পোক, (২) ধঁপাতৰ পাতখোৱা পলু, (৩) বগা মাখি, (৪) পাত সুৰংগি পোক, (৫) পাত ওকণী আৰু (৬) চাহী আদিয়েই প্ৰধান।
দক্ষিণ আমেৰিকাত প্ৰথমে উদ্ভুত পখিলাজাতীয় পতংগ ‘টুটা’ বৰ্তমান সমগ্ৰ পৃথিৱীত বিয়পি পৰিছে। কেইবছৰমান আগতে এই সূক্ষ্ম চকৰী ‘টুটা’ই ভাৰততো প্ৰৱেশ কৰিছে। ২০১৪ চনৰ অক্টোবৰ মাহত মহাৰাষ্ট্ৰৰ পুনেত প্ৰথমবাৰলৈ ‘টুটা’ পতংগই বিলাহী আক্ৰমণ কৰা পৰিলক্ষিত হৈছিল। পৰৱৰ্তী সময়ত কৰ্ণাটকৰ বেংগালুৰু আৰু কোলাৰ অঞ্চলতো ইয়াৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হয়। অসমত এতিয়ালৈকে ‘টুটা’ৰ আক্ৰমণৰ বিষয়ে কোনো খবৰ বা তথ্য লাভ কৰা নাই যদিও, অসমীয়া কৃষকসকল আগতীয়াকৈ এই পতংগৰ ভয়ৱহতাৰ বিষয়ে সতৰ্ক হোৱাৰ প্ৰয়োজন। ‘টুটা’ই মুখ্যতঃ বিলাহীৰ অনিষ্ট কৰে যদিও আলু, ধতুৰা, ধঁপাত আদি উদ্ভিদকো ক্ষতি কৰিব পাৰে। অৱশ্যে বিলাহীক পুলিৰ পৰা আৰম্ভ কৰি ফুল ধৰা, ফল লগা আৰু শেষত ফল পকালৈকে ‘টুটা’ই আক্ৰমণ কৰে। ‘টুটা’ৰ পলুৱে বিলাহীৰ পাতৰ মাজৰ ‘মেজ’ফিল-কলা’ অংশ খান্দি পাতখিলা কাকতৰ লেখীয়া কৰে। তদুপৰি, টুটাৰ পলুৱে বিলাহীৰ মুকুল আৰু কাণ্ডও নষ্ট কৰিব পাৰে। ফলধৰাৰ পাছত সেউজীয়া আৰু পকা দুই ধৰণৰ ফলৰ পৃষ্ঠত বেজীৰ ছিদ্ৰৰ লেখীয়া সুৰংগ সৃষ্টি কৰা দেখা যায়। সচৰাচৰ এই পতংগই মাটিত লেটা বান্ধে যদিও কেতিয়াবা পাত বা কাণ্ডটো লেটালৈ ৰূপান্তৰিত হোৱা পৰিলক্ষিত হয়। পূৰ্ণাংগ চকৰীবোৰ ৰূপালী মূগা বৰণৰ লগতে চিত্ৰিত পাখি থাকে।
সূক্ষ্ম চকৰী ‘টুটা’ পতংগই বহুকেইটা ৰাসায়নিক কীটনাশকৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিছে। এনে ক্ষেত্ৰত জৈৱিক নিয়ন্ত্ৰণেই হ’ব ইয়াৰ পৰা মুক্তি লাভৰ অন্যতম পথ। ‘টুটা’ৰ জৈৱ নিয়ন্ত্ৰকসমূহ বিশেষকৈ পৰভোজী পতংগ আৰু পৰজীৱী পতংগ ব্যৱহাৰ কৰি ইয়াৰ পৰা কিছু পৰিমাণে সকাহ পাব পৰা যাব।
(উৎসঃ অসমীয়া খবৰ, ৰুদ্ৰ নাৰায়ণ বৰকাকতি, ড০ দিলীপ কুমাৰ শইকীয়া)।
শেহতীয়া উন্নীতকৰণ: : 2/28/2024