অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শাক-পাচলিৰ খেতিত জলসিঞ্চনৰ ব্যৱস্থাপনা

শাক-পাচলিৰ খেতিত জলসিঞ্চনৰ ব্যৱস্থাপনা

মানৱ দেহৰ গঠন আৰু পৰিপুষ্টিৰ বাবে যেনেদৰে শ্বেতসাৰ, প্ৰ’টিন আৰু চৰ্বিযুক্ত খাদ্যৰ আৱশ্যক, ঠিক তেনেদৰে ভিটামিন আৰু খনিজ লৱণযুক্ত খাদ্যৰো প্ৰয়োজন অতি বেছি| এই লাগতিয়াল ভিটামিন আৰু খনিজ লৱণবোৰ প্ৰচুৰ পৰিমাণে পোৱা যায় নানাবিধ শাক-পাচলি আৰু ফলমূলৰ পৰা|

প্ৰতিদিনে আমি সঠিক পৰিমাণৰ আহাৰৰ লগত

৭৫-১২৫ গ্ৰাম সেউজীয়া শাক-পাচলি,

৮৫ গ্ৰাম শিপা বা আলুজাতীয় শাক-পাচলি আৰু

৮৫ গ্ৰাম অন্য শাক-পাচলি খাব লাগে|

আমাৰ দেশত জনসংখ্যা বৃদ্ধিৰ অনুপাতে শাক-পাচলিৰ চাহিদাও বৃদ্ধি পাইছে, কিন্তু সেই অনুপাতে শাক-পাচলিৰ উৎপাদন বৃদ্ধি পোৱা নাই| আনবিলাক দেশৰ তুলনাত আমাৰ দেশত শাক-পাচলিৰ উৎপাদন ক্ষমতা বহুত কম|

শাক-পাচলিৰ উৎপাদন কম হোৱাৰ কাৰক

আনবিলাক কাৰকৰ লগতে শাক-পাচলিৰ উৎপাদন কম হোৱাৰ আন এটা প্ৰধান কাৰন হ’ল শাক-পাচলিৰ বৃদ্ধিৰ অন্যতম গুৰুত্বপূৰ্ণ সময়খিনিত প্ৰয়োগ কৰা পানী অৰ্থাৎ জলসিঞ্চনৰ পৰিমাণ কম হোৱাটো| শাক-পাচলিত নিয়মিত্ভাৱে আৰু উপযুক্ত পৰিমাণত জলসিঞ্চন প্ৰয়োগ কৰিলে অকল শাক-পাচলিৰ উৎপাদন বৃদ্ধি হোৱাই নহয়, ই শাক-পাচলিৰ গুণাগুণ আৰু বজাৰ মূল্যও বৃদ্ধি কৰে| যেতিয়া জলসিঞ্চনৰ পানী মূল্যৱান সামগ্ৰী হিচাপে ধৰা হয়, তেতিয়া শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত ই এটা অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰে| যিহেতু সকলো বিলাক শাক-পাচলিতেই ৮০ ৰ পৰা ৯০ শতাংশ পানী থাকে, সেইবাবে শাক-পাচলি বৃদ্ধিৰ অতি গুৰুত্বপূৰ্ণ সময়খিনিত প্ৰয়োগ কৰা পানীৰ পৰিমাণ কম হ’লে ই শাক-পাচলিৰ গুণাগুণ আৰু উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস কৰে| ব্যৱসায়িক ভিত্তিত শাক-পাচলিৰ খেতি কৰিবলৈ হ’লে বহুবৰ্ষীয় জলসিঞ্চনৰ ব্যৱস্থা কৰাতো অতি প্ৰয়োজনীয়| শাক-পাচলিৰ বৃদ্ধিৰ কিছুমান পৰ্যায় অতি গুৰুত্বপূৰ্ণ যিবিলাক পৰ্যায়ত পানী অৰ্থাৎ জলসিঞ্চনৰ পৰিমাণ হ্ৰাস পালে শাক-পাচলিৰ উৎপাদন যথেষ্ট হ্ৰাস পায়| বৃদ্ধিৰ সেই পৰ্যায় বিলাককে সংকটপূৰ্ণ সময় বুলি কোৱা হয়|

বিভিন্ন খেতিত পানীৰ প্ৰয়োজনীয়তা আৰু ইটো সিটো

বিলাহী, বেঙেনা আৰু জলকীয়াৰ পুলি ৰোৱাৰ পৰা পুলি সজাল ধৰালৈকে সদায় আবেলি এবাৰ পানী যোগান ধৰিব লাগে আৰু পাছত প্ৰয়োজন অনুসৰি ২/৩ দিনৰ অন্তৰত এবাৰকৈ পানী যোগান ধৰিব লাগে| বিলাহী, জলকীয়া আৰু বেঙেনাৰ শিপা মাটিৰ ১২০ ৰ পৰা ১৫০ ছেঃমিঃ দলৈকে যায়| অৱশ্যে সক্ৰিয় শিপাবিলাক ৩০ ৰ পৰা ৪৫ ছেঃমিঃ ৰৰ ভিতৰত আবদ্ধ থাকে| সেইবাবে ৩০ ৰ পৰা ৪৫ ছেঃমিঃৰৰ ভিতৰত শস্যত আৱশ্যকীয় পানী থকাটো অতি প্ৰয়োজন| পুলি অৱস্থা, ফুল ফুলা আৰু ফল ধৰা পৰ্যায় তিনিটা এইবিলাক উদ্ভিদৰ গুৰুত্বপুৰ্ণ বাঢ়ন কাল| পুলি অৱস্থাত পানীৰ অভাৱ এইবিলাক উদ্ভিদে অলপ-অচৰপ সহ্য কৰিব পাৰে, কিন্তু শস্যৰ পুলি ৰুৱা আৰু ফুল ফুলা অৱস্থা দুটা অৰ্থাৎ ৪৫ ৰ পৰা ৬০ দিনত পানীৰ নাটনিয়ে শস্যৰ উৎপাদন উল্লেখযোগ্য ভাৱে হ্ৰাস কৰে| ফুল ফুলা আৰু ফল ধৰা অৱস্থাত পানীৰ নাটনিত ফুল সৰি পৰা, কম পৰিমাণে ফল ধৰা, ফলৰ আকাৰ হ্ৰাস হোৱা আৰু কেতিয়াবা বিশেষকৈ জলকীয়াৰ ক্ষেত্ৰত পূৰঠ নোহোৱা ফল সৰি পৰা আদি বিসংগতি দেখা যায়|

খৰাং বতৰত

খৰাং বতৰত বিলাহীত ফুল ফুলা, ফল ধৰা আৰু ফল পকাৰ সময়ত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে| মাত্ৰাধিক পানী প্ৰয়োগ কৰিলেও ফুল সৰি পৰা, স্কন্ধ পচা ৰোগ আৰু গছ মৰহি যোৱা আদি বেমাৰ হোৱা দেখা যায়| বিলাহীৰ ক্ষেত্ৰত অত্যধিক পানী প্ৰয়োগ কৰাটো কম পানী প্ৰয়োগ কৰাতকৈ বেছি অপকাৰী| দুটা জলসিঞ্চনৰ মাজৰ সময়ৰ হীন-ডেঢ়ি হ’লেও বিলাহীৰ ফলবিলাক ফাটি যোৱা, জলকীয়া গছৰ জলকীয়া সৰি পৰা আদি বিসংগতি দেখা যায়| পানীৰ অভাৱৰ লগতে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিয়ে বেঙেনাৰ ফলৰ এন্থছায়ানিন নামৰ ৰঞ্জক কণিকাৰ ওপৰত প্ৰভাৱ পেলায় আৰু ফলত বেঙেনাৰ উজ্জ্বলতা হ্ৰাস পায়|

আলুৰ ক্ষেত্ৰত

আলুৰ ক্ষেত্ৰত অধোধাৱক গঠন, গছত আলুধৰা আৰু আলুৰ বৃদ্ধিৰ সময়ত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে| জলসিঞ্চনৰ পৰিমাণ হ্ৰাস নাইবা দুটা জলসিঞ্চনৰ মাজৰ ব্যৱধান বৃদ্ধিয়ে আলুৰ উৎপাদন হ্ৰাস কৰে| আলুৰ বৃদ্ধিৰ সময়খিনিত পানীৰ অভাৱে মাটি টান কৰে, যাৰ ফলত আলুবিলাকৰ আকৃতি বিকৃতি হয়| অত্যধিক পানী প্ৰয়োগৰ ফলতো আলু পচা, গছজোপা হালধীয়া পৰা, বেক্টেৰিয়েল উইণ্ট আদি বেমাৰ হোৱা দেখা যায়|

লেখক:- ডাঃ কুল প্ৰসাদ কলিতা

উৎস:- দৈনিক অসম



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate