অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্ব-নিৰ্বাহী কৃষিত শস্যৰ পৰিপুষ্টি

স্ব-নিৰ্বাহী কৃষিত শস্যৰ পৰিপুষ্টি

 

স্বাধীনতাৰ পিছৰে পৰা ভাৰতবৰ্ষত শস্য উৎপাদনৰ দিশত উল্লেখনীয়ভাৱে বৃদ্ধি হৈছে যদিও ই জনসংখ্যা বৃদ্ধিহাৰৰ সমানুপাত হোৱা নাই। বর্ধিত জনসংখ্যাৰ খাদ্য চাহিদা পূৰণ কৰিবলৈ আমাৰ শস্য উৎপাদন প্রতি একক সময় আৰু অধিক বৃদ্ধি কৰিব লাগিব। কিয়নো কৃষি মাটিৰ পৰিমাণ সীমিত। নগৰীকৰণ, বাসগৃহ নির্মাণ, উদ্যোগীকৰণ আদিৰ জৰিয়তে কৃষি মাটিৰ এক বুজন অংশ প্রতি দিনে কমিব লাগিছে। উদাহৰণস্বৰূপে অকল দিল্লীতে প্রতিদিনে প্রায় ১১ হেক্টৰ মাটি আন উন্নয়নমূলক কামত ব্যৱহৃত হৈছে। যোৱা কেইটা দশকত আমাৰ দেশত বৃদ্ধি হোৱা শস্য উৎপাদনৰ মূলতে হ’ল অধিক উৎপাদনক্ষম জাতৰ শস্যৰ ব্যৱহাৰ, ৰাসায়নিক সাৰ তথা কীট পতংগ নিৰ্মূলকাৰী ঔষধৰ প্রয়োগ, যন্ত্রচালিত মাটি চহোৱা প্রণালীৰ ব্যৱহাৰ, জলসিঞ্চনৰ প্ৰয়োগ ইত্যাদি। শস্য উৎপাদন এনেবোৰ কৌশলৰ দ্বাৰা যদিও উল্লেখনীয়ভাৱে বৃদ্ধি হ’ল, লগতে আন কেতবোৰ সমস্যাই গা কৰি উঠিল। অত্যধিক ৰাসায়নিক সাৰ তথা কীট পতংগ নষ্টকাৰী ঔষধৰ প্ৰয়োগৰ ফলত মাটি, পানী, বায়ু আদি প্ৰদূষিত হোৱা পৰিলক্ষিত হৈছে।ইয়াৰ ফলস্বৰূপে জনসাধাৰণ তথা জীৱ-জগতৰ যথেষ্ট ক্ষতিসাধনো হৈছে। যন্ত্ৰৰ দ্বাৰা অত্যধিক মাটি চহোৱা, অঞ্চলৰ জধে-মধে ক্ষতি সাধন, ঝুম খেতি আদিৰ ফলত ভূমি ক্ষয়ৰ জৰিয়তে মাটিৰ সাৰুৱা অংশ নষ্ট হৈছে। পাৰিপার্শ্বিকতাৰ প্ৰদূষণৰ ফলত বহুতো শস্যত উপকাৰী জীৱাণু তথা মূল্যৱান গছ-গছনিৰ সংখ্যাও কমিব লাগিছে। বিভিন্ন গৱেষণাৰ পৰা দেখা যায় যে অকল ৰাসায়নিক সাৰৰ জৰিয়তে অবিৰতভাৱে মাটিৰ উৰ্বৰতা ৰক্ষা কৰিব পৰা নাযায়, কিয়নো ৰাসায়নিক সাৰত শস্যৰ অত্যাৱশ্যকীয় এটা বা দুটা মৌলহে প্রধানতঃ থাকে আৰু ইবিলাকৰ প্রয়োগৰ ফলত বহুক্ষেত্ৰত আন গৌণ অথচ অত্যাৱশ্যকীয় মৌলৰ অভাৱ দেখা যায়। ৰাসায়নিক সাৰৰ ক্ৰমবৰ্ধমান মূল্যই কৃষি-কাৰ্য অধিক ব্যয়বহুল কৰি তুলিছে। কিয়নো এই ৰাসায়নিক সাৰ প্ৰস্তুতকৰণ খনিজ সম্পদৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এই খনিজ সম্পদৰ পৰিমাণ প্ৰতিদিনে কমিব লাগিছে।

অকল জৈৱিক তথা জীৱাণুসাৰৰ দ্বাৰাও অধিক উৎপাদনক্ষম জাতৰ শস্যৰ পোষক দ্রব্যৰ চাহিদা সম্পূর্ণ ৰূপে পূৰণ কৰিব পৰা নাযায়। কিয়নো এনেবোৰ সাৰত শস্যৰ লাগতিয়াল পোষক দ্রব্যৰ পৰিমাণ যথেষ্ট কম, শস্য উৎপাদনৰ যথেষ্ট গুৰুত্ব আছে। মাটিত শস্যৰ লাগতিয়াল পোষক দ্রব্যৰ যোগান ধৰাৰ উপৰি এনে সাৰ প্রয়োগৰ ফলত মাটিৰ ভৌতিক, ৰাসায়নিক তথা জৈৱ ৰাসায়নিক গুণাগুণৰ উন্নত কৰি শস্যৰ পৰিপুষ্টি সাধনত যথেষ্ট সহায় কৰে। মাটিৰ গঠন, বতাহ চলাচলৰ সুবিধা, পানী ধৰি ৰাখিব পৰা ক্ষমতা শস্যক্ষেত্ৰত প্ৰয়োজনীয় জীৱাণুৰ বংশবৃদ্ধি তথা কাৰ্য্যবৃদ্ধি কৰাত জৈৱিক সাৰে এক বিশেষ ভূমিকা পালন কৰে। জৈৱিক বা জীৱাণুসাৰ কম খৰচতে প্রস্তুত কৰিব পৰা যায় আৰু ইয়াৰ ব্যৱহাৰৰ ফলত পৰিৱেশ প্ৰদূষণৰ সমস্যাও নাথাকে।

বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত এফালে অধিক শস্য উৎপাদনৰ প্ৰয়োজনীয়তা, আনফালে পৰিৱেশ তথা পাৰিপাৰ্শ্বিকতাৰ সমতা ৰক্ষা কৰা—দুয়োটা দিশৰ প্ৰতি লক্ষ্য ৰাখি কিদৰে সীমিত কৃষি মাটিৰ পৰা অধিক শস্য উৎপাদন কৰি জনসাধাৰণৰ খাদ্য চাহিদা পূৰণ কৰিব পৰা যায়, তাৰ বাবে বিশ্বৰ তথা দেশৰ বিভিন্ন প্ৰান্তত নিতৌ নতুন নতুন গৱেষণা চলিব লাগিছে। ব্যৱস্থাপনা, য’ত শস্য উৎপাদনত প্রয়োজনীয় উপাদানসমূহ এনেদৰে ব্যৱহাৰ কৰা হয় যে উন্নত মানৰ অধিক শস্য উৎপাদনৰ লগতে পাৰিপার্শ্বিকতাৰ সমতাও ৰক্ষা হয়। অর্থাৎ পৰিৱেশ অনুকূল কৃষি প্রণালীৰ জৰিয়তে উন্নত মানৰ অধিক শস্য অবিৰত ভাৱে উৎপাদন কৰাই ইয়াৰ এক প্রধান লক্ষ্য। এনে ক্ষেত্ৰত ৰাসায়নিক সাৰ কীট-পতংগ তথা অপতৃণ নিৰ্মূল কৰা ঔষধৰ ব্যৱহাৰ পাৰ্য্যমানে কমাই জৈৱিক তথা আন পৰিৱেশ অনুকূল কৃষি প্রণালীৰ অধিক প্রয়োগ কৰাটো এক প্রয়োজনীয় পদক্ষেপ। ভূমি সংৰক্ষণ, মাটিৰ উৰ্বৰতা ৰক্ষা, সঠিক ভাৱে মাটি চহোৱা, প্রয়োগ, সমন্বিত ৰোগ তথা কীট-পতংগ নিয়ন্ত্রণৰ ব্যৱস্থা আদি স্ব-নির্বাহী কৃষিৰ কেতবোৰ উল্লেখনীয় দিশ। এতেকে দেখা যায় যে মাটিৰ উৰ্বৰতা ৰক্ষা কৰি অধিক শস্য উৎপাদন কৰা তথা পৰিৱেশ প্ৰদূষণ হ্রাস কৰাৰ দিশৰ পৰা ৰসায়নিক সাৰৰ লগতে জৈৱিক তথা জীৱাণুসাৰ প্রয়োগ কৰি শস্যৰ পৰিপুষ্টি সাধন কৰাটো একান্তই প্রয়োজন। ভাৰতবৰ্ষত প্রতি বছৰে প্রায় ১০৪৭ নিযুত টন গোবৰ, ৯৫০ নিযুত টন প্ৰস্ৰাৱ আৰু প্রায় ৪১৪ নিযুত টন শস্যৰ অৱশিষ্ট অংশৰ উৎপন্ন হয় আৰু এইবিলাক সঠিক ৰূপে ব্যৱহাৰ কৰি প্ৰায় ৯.৯ নিযুত টন নাইট্র’জেন, ২.৭ নিযুত টন ফছফৰাছ আৰু ৪.৩ নিযুত টন পটাছ সাৰ লাভ কৰিব পৰা যায়। সেউজ সাৰ, পচন সাৰ, গোবৰ গেছ প্রকল্পৰ অৱশিষ্ট অংশৰ পৰাও যথেষ্ট পৰিমাণে জৈৱিক সাৰ উৎপন্ন কৰিব পৰা যায়।

সমন্বিতভাৱে ৰাসায়নিক সাৰৰ লগতে জৈৱিক তথা জীৱাণুসাৰ প্রয়োগ কৰি এফালে যিদৰে মাটিৰ উৰ্বৰতা ৰক্ষা কৰিব পৰা যায়, আনফালে পৰিৱেশ প্ৰদূষণো যথেষ্ট কমোৱাৰ স্থল আছে।

লেখিকা: ড° কাবেৰী মহন্ত, দৈনিক জনমভূমি।

 

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate