অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জৈৱিক কৃষিত জৈৱিক নিয়ন্ত্ৰণ ব্যৱস্থা

জৈৱিক কৃষিত জৈৱিক নিয়ন্ত্ৰণ ব্যৱস্থা

 

সেউজ বিপ্লৱৰ পাছৰে পৰা কীট-পতংগ তথা বেমাৰ-আজাৰ নিয়ন্ত্ৰণৰ বাবে কৃত্ৰিমভাৱে প্ৰস্তুত কৰা ৰাসায়নিক ঔষধ বহুলভিত্তিত ব্যৱহৃত হৈ পৰিছে । ৰাসায়নিক ঔষধসমূহৰ শস্যক্ষেত্ৰত অনিয়ন্ত্ৰিত আৰু অপৰিকল্পত ব্যৱহাৰে মানুহ তথা পোহনীয়া জীৱ-জন্তুৰ স্বাস্থ্যৰ ক্ষতিৰ লগতে পৰিৱেশৰ ভাৰসাম্যতাত এক বিৰুপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । সেয়েহে, বৰ্তমান দেশৰ জনসাধাৰণ লাহে লাহে এই বিষয়ত সজাগ হৈ উঠিছে । বহুতো কৃষকে ৰাসায়নিক সাৰ আৰু ৰাসায়নিক কীটনাশকৰ বিকল্প হিচাপে জৈৱিক সাৰ আৰু জৈৱিক কীটনাশক তথা জৈৱিক কৃষি আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে । ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় বজাৰত জৈৱিকভাৱে উৎপাদিত সামগ্ৰীৰ চাহিদা বেছি । গতিকে জৈৱিক খেতি কৰি কৃষকসকলে অৰ্থোপাৰ্জন বৃদ্ধি কৰিব পাৰে । চৰকাৰী সমীক্ষামতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৪.৩ মিলিয়ন হেক্টৰ কৃষি ভূমিৰ প্ৰায় ৩ মিলিয়ন হেক্টৰত কেতিয়াও ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হোৱা নাই । অন্য এক তথ্যমতে, প্ৰতি হেক্টৰ মাটিত সৰ্বভাৰতীয় গড় হিচাপত ১০৬ কে জি ৰাসায়নিক সাৰ প্ৰয়োগ হোৱাৰ বিপৰীতে অসমত প্ৰয়োগ হয় মাত্ৰ ৫৬ কে জি । সেয়েহে বৰ্তমান চৰকাৰেও অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অঞ্চলসমূহত জৈৱিক কৃষি বিস্তাৰৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ হাতত লৈছে ।

জৈৱিক কৃষি কৰিবলৈ যাওঁতে কৃষকসকিলে সন্মুখীন হোৱা প্ৰধান সমস্যাটো হৈছে কীট-পতংগৰ উপদ্ৰৱ । তলত কিদৰে জৈৱিক কৃষিত পদ্ধতিৰে কীট-পতংগ নিয়ন্ত্ৰণ কৰি শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰি, সেই বিষয়ে চমুকৈ বৰ্ণনা কৰা হ’ল ।

জৈৱিক নিয়ন্ত্ৰণত শস্যৰ বিশেষকৈ ধান, কুঁহিয়াৰ, গোমধান, বিভিন্ন উদ্যান শস্য, যেনে- বেঙেনা, বিলাহী, ভেণ্ডি, কবি ইত্যাদি অনিষ্টকাৰী পখিলাজাতীয় পোকৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ ট্ৰাইক’গ্ৰামা নামৰ উপকাৰী পৰজীৱী পোকবিধৰ ব্যৱহাৰ কৰা হয় । এনে নিয়ন্ত্ৰণ ব্যৱস্থাত ট্ৰাইক’গ্ৰামাৰ দুবিধ প্ৰজাতি বহুলভাৱে ব্যৱহাৰ কৰা হয় । সাধাৰণতে ধানৰ মজ্জাখোৱা পোক, বেঙেনা, ভেণ্ডিৰ পোক আৰু ফল বিন্ধা পোক, কুঁহিয়াৰ আৰু মাকৈৰ মজ্জাখোৱা পোকৰ নিয়ন্ত্ৰণত ট্ৰাইক’গ্ৰামা জাপানিকাম আৰু ধানৰ পাতমেৰুৱা পোক, বিলাহীৰ ফল বিন্ধা পোক আদিৰ বাবে ট্ৰাইক’গ্ৰামা চিল’লিচৰ প্ৰয়োগ কৰা হয় । ট্ৰাইক’গ্ৰামাক ট্ৰাইক’কাৰ্ড হিচাপে পোৱা যায় । উক্ত পোক কেইবিধৰ বাবে এক হেক্টৰ মাটিত ৫০,০০-১,০০,০০০ ট্ৰাইক’গ্ৰামাৰ প্ৰয়োজন হয় । এসপ্তাহৰ অন্তৰে অন্তৰে এই কাৰ্ড ৫-৮ বাৰ প্ৰয়োগ কৰিলেহে সম্পূৰ্ণ সু-ফল পোৱা যায় । ট্ৰাইক’গ্ৰামাৰ প্ৰয়োগৰ সাতদিনৰ আগত আৰু সাতদিনৰ পাছলৈকে ৰাসায়নিক ঔষধ প্ৰয়োগ কৰিব নালাগে । ট্ৰাইক’কাৰ্ডৰ বাবে কৃষকসকলে অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগতত্ত্ব বিভাগত যোগাযোগ কৰিব পাৰে ।

উপকাৰী বেক্টেৰিয়াৰ পৰা বহুতো কীটনাশক ঔষধ, যেনে-হল্ট, বায়’বিট, বায়’লেপ ইত্যাদি তৈয়াৰ কৰা হৈছে যিবোৰৰ ১০০,২৫০ আৰু ৫০০ গ্ৰামৰ পেকেট হিচাপে বজাৰত উপলব্ধ হয় । এই জৈৱিক ঔষধসমূহ এবিধ বেক্টেৰিয়াৰ পৰা বাণিজ্যিকভজাৱে প্ৰস্তুত কৰি উলিওৱা হৈছে । ধানৰ মজ্জা খোৱা পোক, পাত মেৰুৱা পোক, শুঁৰ পোক, বিলাহী, কবি, ফেন্সবীন আদি বিভিন্ন পাচলি আৰু ফলমূলৰ বিভিন্ন প্ৰকাৰৰ পোক নিয়ন্ত্ৰণৰ বাবে এনে ঔষধ ব্যৱহাৰ কৰা হয় । প্ৰতি হেক্টৰ মাটিত এনে ঔষধ ব্যৱহাৰ কৰা হয় । প্ৰতি হেক্টৰ মাটিত এনে ঔষধ প্ৰয়োগৰ বাবে ৫০০-১০০০ গ্ৰাম ঔষধ ৪০০-৭০০ লিটাৰ পানীত মিহলাই ১২-১৪ দিনৰ অন্তৰত কীট-পতংগৰ পলু আৰু কণী অৱস্থাত ৰাতিপুৱা বা আবেলি প্ৰয়োগ কৰি ব লাগে ।

কীট-পতংগৰ বেমাৰ সৃষ্টিকাৰী ভেকুৰ যেনে বিউভেৰিয়া বেচিয়ানা, মেটাৰাইজিয়াম এনিচপিলি আদি বহুলভাৱে শস্যৰ অনিষ্টকাৰী কীট-পতংগসমূহক নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয় । বিউভেৰিয়া ৰেচিয়ানাক বজাৰত ৰেচাৰ, বায়’পাউদাৰ, বাবা মাইক’জাল, মেটাভিভা, বিবিচি, ডামন ইত্যাদি নামত উপলব্ধ হয় । মাটিত থকা পোক যেনে-উঁই, হাতীপোক, গঁড়পোক, গুৰিকটা পোক ইত্যাদি নিয়ন্ত্ৰণৰ বাবে মেটাৰাইজিয়াম এনিচপিলি ভেঁকুৰযুক্ত ঔষধ যেনে- বায়’মেজিক , পেচাৰ, কালিচক্ৰ, বায়’স্ক্ৰম আদি  ব্যৱহাৰ কৰা হয় ।

এইসমূহৰ উপৰি উদ্ভিদজাত কীটনাশক যেনে- নিমৰ পৰা তৈয়াৰী বায়নিম, অক’নিম, নিমেৰিন, নিমগ’লড, নিমাজেল ইত্যাদি বাণিজ্যিকভাৱে প্ৰস্তুত কৰা হৈছে যিবোৰ শস্যৰ বিভিন্ন অনিষ্টকাৰী পলু আদি নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা হয় । এই ঔষধ প্ৰস্তুতকৰণত নিমৰ গুটি, নিমপাত, নিমৰ চাল, তেল আদি ব্যৱহাৰ কৰা হয় । কৃষকসকলে নিমপাত, ধঁতুৰা পাত, ধঁপাতৰ পাত আদি গোমূত্ৰ আৰু পানীৰ মিশ্ৰণত প্ৰায় এক সপ্তাহমান কিম্বন কৰি ঘৰতে জৈৱিক কীটনাশক প্ৰস্তুত কৰি ল’ব পাৰে ।

উক্ত নিয়ন্ত্ৰণসমূহৰ উপৰি জৈৱিক কৃষি কৰিবলৈ যাওঁতে মন কৰিবলগীয়া আন কিছুমান গুৰুত্বপূৰ্ণ দিশ হৈছে-

১) শস্যৰ জাত নিৰ্বাচন কৰোঁতে পোক-পতংগৰ প্ৰতিৰোধ ক্ষমতাসম্পন্ন জাত নিৰ্বাচন কৰিব লাগে ।

২)খেতিডৰা ঘাঁহ-বন, শুকান ডাল-পাত আঁতৰাই পৰিষ্কাৰকৈ ৰাখিব লাগে, যাতে এইবোৰত অনিষ্টকাৰী কীট-পতংগই বংশবিস্তাৰ কৰিব নোৱাৰে।

৩) একেডোখৰ মাটিতে একেবিধ শস্যৰ খেতি বাৰে বাৰে নকৰি শস্যাৱৰ্তন কৰিব লাগে ।

৪) মূল শস্যৰ মাজে মাজে আন কিছুমান শস্যৰ উদাহৰণ হৈছে- কবি খেতিৰ প্ৰায় ১৫-২০ টা শাৰীৰ মাজত এটা বা দুটা শাৰী মূলা বা সৰিয়হ বা তিল লগাব লাগে । সেইদৰে বিলাহী খেতিৰ মাজত তিঁয়হ বা নাৰ্জি ফুল, বীনজাতীয় শস্যৰ মাজত ক্ৰিছেনথিমাম ফুল লগাই কীট-পতংগৰ প্ৰাদুৰ্ভাৱ কমাব পাৰি ।

জৈৱিক কীটনাশকৰ ব্যৱহাৰে পৰিৱেশৰ ওপৰত কোনো কু-প্ৰভাৱ নেপেলায় আৰু জৈৱিকভাৱে উৎপাদিত খাদ্য শস্যৰ চাহিদা যথেষ্ট বেছি । গতিকে জৈৱিক কৃষি কৰা কৃষকসকলে ওপৰত উল্লিখিত নিয়ন্ত্ৰণ ব্যৱস্থাসমূহ অৱলম্বন কৰি শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰে ।

লেখিকা :- ড° পূৰ্ণিমা দাস, ড° ঋতুৰাজ শইকীয়া

উৎস :- দৈনিক জনমভূমি

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate