নেমুটেঙা এবিধ টেঙাজাতীয় শস্য। আমাৰ দৈনন্দিন জীৱনত বছৰজুৰি ব্যৱহাৰ হোৱা টেঙাবোৰৰ ভিতৰত নেমুটেঙা অন্যতম। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত খেতি কৰা নানাবিধ টেঙা শস্যৰ মাটি-কালি আৰু উৎপাদন বছৰে বছৰে কমি আহিছে। ইয়াৰ প্ৰধান কাৰণ হ’ল ৰোগ-ব্যাধি আৰু কীটৰ উপদ্ৰৱ।
টেঙাৰ বিভিন্ন ৰোগ-ব্যাধি আৰু কীট-পতংগৰ ভিতৰত শস্য কৃমিও এটা ব্যাধি, যি মাটিৰ তলত থাকি নেমু গছৰ শিপাৰ অনিষ্ট সাধন কৰে। ইযাৰ ভিতৰত দুবিধ শস্য কৃমিৰ আক্ৰমণ গুৰুতৰ হোৱা দেখা যায়। এই দুয়োবিধ শস্য কৃমিয়ে নেমু গছৰ উৎপাদন ১৪.২% হ্ৰাস কৰে। এই দুয়োবিধ কৃমিৰ আক্ৰমণৰ বিষয়ে চমুকৈ তলত উল্লেখ কৰা হ’ল –
এবিধ কৃমিয়ে শস্যৰ শিপাত সোমাই শিপাৰ ওপৰৰ বাকলি অংশত অনিষ্ট সাধন কৰে। ইয়াৰ বংশ বৃদ্ধি শস্যৰ শিপাৰ ভিতৰতে তিনি বা চাৰি সপ্তাহমানৰ ভিতৰতে হয়। এইবিধ শস্য কৃমি মাটিৰ চাৰি মিটাৰ গভীৰতালৈকে পোৱা যায়। ই নেমু গছত বেমাৰৰ সৃষ্টি কৰে। এই বেমাৰত আক্ৰান্ত গছৰ ওপৰ ফালৰ পাতবোৰ সৰি যায় আৰু উপৰিভাগ পত্ৰহীন হোৱাৰ ফলত গছজোপা লাহে লাহে মৰিবলৈ ধৰে। আক্ৰান্ত গছৰ পাত আৰু ফলবোৰ সৰু হোৱা দেখা যায়, ফলবোৰ পূৰঠ হোৱাৰ আগতে সৰিবলৈ ধৰে, শিপাত ক’লা চামনি পৰা দেখা যায়, আক্ৰান্ত গছৰ শিপাবোৰ চুটি হয়। এইবিধ শস্য কৃমিয়ে শিপাৰ বৃদ্ধি ৰহিত কৰে। এই বেমাৰ ক্ৰমান্বয়ে আক্ৰান্ত গছৰ পৰা কাষৰ গছলৈ বিয়পি পৰে। এই বেমাৰৰ সংক্ৰমণ আক্ৰান্ত গছৰ শিপাৰ দ্বাৰা হয়। এই কৃমিৰ দ্বাৰা হোৱা বেমাৰৰ প্ৰতিকাৰ হ’ল –
১) ৰোৱাৰ আগতে শিপাবোৰ বৰডো মিশ্ৰণ আৰু ডি বি চি পি ক্ৰীমত তিয়াব লাগে।
২) ৰোৱাৰ আগতে শিপাবোৰ ৫৩-৫৫ ডিগ্ৰী চেলছিয়াছৰ গৰম পানীত ২০-২৫ মিনিট ৰাখিব লাগে।
৩) পুলি ৰোৱাৰ আগতে নেমুটেঙাৰ মূঢ়া বোকাত লেটিয়াই তাৰ ওপৰত ১.২ গ্ৰাম ফুৰাডন ছটিয়াব লাগে।
আনবিধ শস্য কৃমিয়ে শস্যৰ শিপাৰ বৃদ্ধি অংশত প্ৰৱেশ কৰি শিপাৰ পৰা খাদ্য আহৰণ কৰে। এই শস্য কৃমি এবাৰ দেখা দিয়াৰ পাছত ৭-৮ বছৰলৈকে শস্যডৰাত অনি্ষ্ট সাধন কৰি থাকে।ইও নেমু গছত বেমাৰৰ সৃষ্টি কৰে।
লক্ষণ : আক্ৰান্ত গছৰ পাতবোৰ হালধীয়া ৰঙৰ হৈ সৰিবলৈ ধৰে।ফলবোৰ পূৰঠ হোৱাৰ আগতে সৰিবলৈ ধৰে, গছত ফল লগাৰ পৰিমাণ কমি যায়, গছত শুকান ডালৰ পৰিমাণ বাঢ়ি যায় আৰু গছৰ ফুল ফুলাৰ ক্ষমতা কমি যায়। বেছিকৈ আক্ৰান্ত গছৰ শিপাত মাটিৰ চামনি এটা লাগি থাকে। ইয়াক পানীত ধুয়ো আঁতৰাব নোৱাৰি। আক্ৰান্ত শিপাবোৰৰ ব্যাস বাঢ়ি যায় আৰু বাকলি অংশটো ভিতৰ অংশৰ পৰা সহজেই আঁতৰাব পাৰি।
ইয়াৰ প্ৰতিকাৰবোৰ হ’ল –
১) পুলিবাৰীখন শস্য কৃমি থকা মাটি বা আগৰ পুৰণি পুলিবাৰীৰ পৰা আঁতৰত কৰিব লাগে। সাধাৰণতে পুলিবাৰী সদায় নতুন ঠাইত অথবা শস্যভূমি নথকা ঠাইত পতা ভাল।
২) নেমু গছৰ বাৰীত ফুৰাডন ৪ কেজি (এ আই) প্ৰতি হেক্টৰ মাটিত ব্যৱহাৰ কৰিব লাগে। ইয়াক মিশ্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰিব লাগে।
৩) নেমু গছৰ মাজে মাজে নহৰু, পিয়াঁজ আৰু নাৰ্জী ফুলৰ গছ ৰুব লাগে।
৪) নিমৰ খলিহৈ ১ কেজি প্ৰতি জোপা গছত আৰু লগত ফুৰাডন ২ কি:গ্ৰা: (এ আই) প্ৰতি হেক্টৰ মাটিত ব্যৱহাৰ কৰিব পাৰি।
লিখকৰ নাম: বিদ্যুত বিকাশ দেউৰী, ড০ দেৱানন্দ দাস, দৈনিক জনমভূমি।
শেহতীয়া উন্নীতকৰণ: : 4/26/2020
উপকাৰী বাহক
একবিংশ শতিকাৰ আশ্চৰ্যজনক গছ
অদৰকাৰী গছ-বনৰ দ্ৰব্য গুণ আৰু ব্যৱহাৰ
অৰ্শ (পাইলচ) ৰোগৰ মহৌষধ ফুটকলা গছৰ পাত