অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধানখেতিৰ অনিষ্টকাৰী কীট-পতংগ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা

ধানখেতিৰ অনিষ্টকাৰী কীট-পতংগ আৰু নিয়ন্ত্ৰণ ব্যৱস্থা

ধান অসমৰ প্ৰধান শস্য ৷ ধান খেতিত দেখা দিয়া বিভিন্ন সমস্যাৱলীৰ ভিতৰত অনিষ্টকাৰী কীট-পতঙ্গ অন্যতম কাৰণ হিচাপে দেখা দিছে৷ অসমত প্ৰতি বছৰেই কীট-পতঙ্গই ধান খেতিৰ প্ৰচুৰ অনিষ্ট সাধন কৰে ৷ অঞ্চল বিশেষে ক্ষয় ক্ষতিৰ পৰিমাণ বেলেগ বেলেগ যদিও তলত অসমৰ ধান খেতিত সাধাৰণতে গুৰুত্বৰ ভাৱে অনিষ্ট সাধন কৰা কেইবিধমান কীট-পতঙ্গৰ সংক্ষিপ্ত বিৱৰণ আৰু নিবাৰণৰ উপায় দিয়া হ’ল৷

থ্ৰিপ্ছ : ই কেৱল ধানখেতিতহে আক্ৰমণ কৰে ৷ পূৰ্ণাঙ্গ থ্ৰিপ্ছ কলা বৰণৰ (Dark Brown), অতি সৰু আৰু ই ১-২ মি. মি. দীঘল হয় ৷ প্ৰধানকৈ কঠীয়াতলীত ইয়াৰ আক্ৰমণ দেখা যায় ৷ পানী নথকা পথাৰতো থ্ৰিপ্ছে আক্ৰমণ কৰে ৷ কঠীয়া আৰু কোমল ধানৰ পাতৰ পৰা ৰস সুহি খোৱাৰ ফলত কঠীয়াবোৰ ৰঙচুৱা হয় আৰু পাতবোৰ পাক খাই যায় ৷

নিয়ন্ত্ৰণ : এই পোক নিবাৰণৰ বাবে ২ চামুচ ডাৰ্চবেন ২০ ই.চি. বা ২ চামুচ মন’ক্ৰ’ট’ফচ্ ৪০ ই.চি. ৫ লিটাৰ পানীৰ মিহলাই স্প্ৰে কৰক৷

মজা খোৱা পোক : ছাৰি প্ৰকাৰৰ মজাখোৱা পোক পোৱা যায় যদিও অসমত হালধীয়া মজা খোৱা পোকেহে প্ৰধানকৈ ধান খেতিৰ অনিষ্ট সাধন কৰে ৷ মাইকী মজাখোৱা পোকৰ সন্মুখৰ পাখিৰ মাজভাগত একোটাকৈ কলা দাগ থাকে ৷ মজা খোৱা পোকৰ পলুৱে গছৰ গুৰিত ফুটা কৰি মজা খায় আৰু ফলত ধান গছৰ পোখা মৰি যায় ৷ মৰি যোৱা পোখা সহজে উঘালিব পাৰি ৷ ধান ফুলাৰ সময়ত আক্ৰমণ হলে শিহৰ ৰং বগা হৈ পৰে আৰু ধানবোৰ পতান হয়৷

নিয়ন্ত্ৰণ

  • সামান্য প্ৰতিৰোধী (tolerent) জাত যেনে মন’হৰশালি, ৰত্না, আই-আৰ ৩৬ আৰু আই আৰ ৫০ বাছনি কৰক ৷
  • ধান-ধান-সৰিয়হ বা মৰাপাত-ধান-মটৰ জাতীয় শস্যক্ৰম অনুসৰণ কৰক ৷
  • ধান কটাৰ পিছত মুঢ়াবোৰ হালবাই মুঢ়াত সোমাই থকা পলু, লেটাবোৰ নষ্ট কৰক ৷ ধানগছ গুৰিটে কাটক ৷
  • কঠীয়াতলিত ধানৰ পাতৰ আগ অংশ কাটি নষ্ট কৰক ৷
  • কনীবোৰ হাতেৰে সংগ্ৰহ কৰি নষ্ট কৰক ৷
  • কঠীয়া তোলাৰ ৫-৭ দিন আগত ফুৰাডন্ ৩ জি প্ৰতি বৰ্গ মিটাৰত ৩ গ্ৰাম হিচাপে দিয়ক ৷
  • প্ৰাকৃতিক শক্ৰ ট্টাইকোগ্ৰামা ৫০,০০০ প্ৰতি হেক্টৰত ব্যৱহাৰ কৰক (বোৱাৰ ৩০ দিন পিছৰ পৰা ৬ বাৰ)
  • ডাৰ্চবেন ২০ ই.চি. (১ মি.লি. প্ৰতি লি. পানীত) আৰু ১ শতাংশ ইউৰিয়াৰ মিশ্ৰণেৰে ৩ ঘন্টাৰ বাবে কঠীয়াৰ শিপা শোধন কৰক ৷
  • ১ চামুচ ফচফেমিদন ১০০ ই.চি. নাইবা দুই চামুচ ডাৰ্চবেন ২০ ই.চি. বা কুইনেলফচ ২৫ ই.চি. বা মন’ক্ৰ’ট’ফচ ৪০ ই.চি. প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰক ৷ অথবা ৪ কি:গ্ৰা: ফুৰাডন ৩ জি. প্ৰতি বিঘাত ছতিয়াই দিয়ক ৷

চৰহা পোক

পলু আৰু পুৰ্ণাঙ্গ পোকে কোমল ধান গছৰ অনিষ্ট সাধন কৰে ৷ পাতত শাৰী শাৰী বগা আচ (Streaks) আৰু দাগৰ (Patches)সৃষ্টি হয় ৷ ইয়াৰ আক্ৰমণ বেছি হলে পাতবোৰ শুকান খেৰৰ নিচিনা হৈ গোটেই ধাননি ডৰা বগা বা ধানখেৰৰ নিচিনা হয় পূৰ্ণাঙ্গ পোকবোৰ উজ্জল, নীলা-কলা বৰণৰ, ৫.৫ মি.মি. দীঘল আৰু গাত কাইট থাকে ৷

নিয়ন্ত্ৰণ

  • সামান্য প্ৰতিৰোধী জাত যেনে মন’হাৰশালী আৰু গোবিন্দ আৰু মালা লগাওঁক ৷
  • কঠীয়া ঘন কৈ লগাওঁক ৷
  • খেতিডৰাৰ আৰু ওচৰৰ বন-বাত গুচাই পেলাওঁক ৷
  • এই পোকৰ আক্ৰমণ আগতীয়া শালী খেতিত কম হয় ৷
  • আক্ৰান্ত পাতৰ আগবোৰ (৬ ইঞ্চি) কাটি নষ্ট কৰাৰ দিহা কৰক ৷
  • ১: ১ কেৰ’চিন আৰু পানীৰ মিশ্ৰণত তিওঁৱা বচী ধাননি ডৰাৰ ওপৰেৰে টানি নি সুফল পাব পাৰি ৷
  • আৰম্ভণি অৱস্থাত ২-৩ দিনৰ বাবে খেতি ডৰাৰ পৰা পানী উলিয়াই দিয়ক ৷
  • কঠীয়া তোলাৰ ৫-৭ দিন আগতে কঠীয়া তলিত ফুৰাডন ৩ জি, ৩ গ্ৰাম প্ৰতি বৰ্গ মিটাৰত ছটিয়াই দিয়ক ৷
  • ডাৰ্চবেন ২০ ই.চি. (১ মি.লি. প্ৰতি লিটাৰ পানীত) আৰু ১ শতাংশ ইউৰীয়াৰ মিশ্ৰণেৰে ৩ ঘন্টাৰ বাবে শিপা শোধন কৰক ৷
  • ২ চামুচ মন’ক্ৰ’ট’ফচ ৪০ ই.চি. বা ১ চামুচ ফচফেমিদন ১০০ ই.চি. বা ২ চামুচ কুইনেলফচ্ ২৫ ই.চি. প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰক ৷
  • ৰাতিপুৱা সোনকালে বা আবেলি পলমকৈ ঔষধ স্প্ৰে কৰক ৷
  • বিউভেৰিয়া বেছিয়ানা নামৰ ভেঁকুৰ বিধ স্প্ৰে কৰিব পাৰে ৷

টুপলি কটা পোক

পলুবোৰ সেউজীয়া বৰণৰ ৷ পূৰ্ণাঙ্গ পখিলা নিশাচৰ ৷ ই পাতৰ আগ কাটি দিয়ে আৰু নিজৰ গাত মেৰিয়াই লয় আৰু পাতৰ সেউজীয়া অংশ খায় ৷ পলুৱে কটা টুপবিলাক পানীত উপঙি থকা দেখা যায় ৷ ব্যাপকভাৱে এই পোকে আক্ৰমণ কৰিলে পথাৰখন বগা হৈ পৰে ৷

নিয়ন্ত্ৰণ

  • আক্ৰান্ত পথাৰৰ পৰা ২-৩ দিনৰ বাবে পানী উলিয়াই দিয়ক ৷
  • পানীত পাতলকৈ কেৰাচিনৰ চামনি পেলাই ইহঁতক মাৰিব পাৰি ৷
  • ২ চামুচ ডাৰ্চবেন বা মন’ক্ৰ’ট’ফচ ৫ লিটাৰ পানীত মিহলাই স্প্ৰে কৰক ৷
  • গৰৈ, কাৱৈ মাছ, ভেকুলী আদি ইয়াৰ প্ৰাকৃতিক শত্ৰু ৷

শুৰ পোক

ই বানপানীৰ পিছত (আগষ্টৰ শেষৰ পৰা অক্টোবৰলৈ) হোৱা খেতিত বেছিকৈ আক্ৰমণ কৰে ৷ পূৰ্ণাঙ্গ পলুৰ ৰং ডাঠ সেউজীয়া, গাত দীঘল আঁচ থাকে আৰু ই এডৰা শস্য খোৱাৰ পিছত আন এডৰা শস্যলৈ যায় ৷ আক্ৰান্ত পথাৰত পলুৰ পৃষ্ঠা বিষ্ঠা স্পষ্ট হৈ থাকে ৷ বেছিকৈ আক্ৰান্ত পথাৰ গৰুৱে খোৱাৰ দৰে দেখি ৷ পূৰ্ণাঙ্গ পলুৱে ধানৰ শীহ গুৰিতে কাটি পেলায় বাবে ইয়াক শীহ কটা পোক বুলিও কোৱা হয় ৷

নিয়ন্ত্ৰণ :

  • এই পোক এডৰা পথাৰত দেখাৰ লগে লগে আলিবোৰত বি.এইচ.চি.ৰ গুড়ি বা মালাথিয়ন গুড়ি ছটিয়াই দিব লাগে ৷
  • আন আন ঔষধ যেনে ২ চামুচ ডাৰ্চবেন বা মন’ক্ৰ’ট’ফচ বা ১ চামুচ ডাইক্লৰ’ফচ ৫ লিটাৰ পানীত মিহলাই স্প্ৰে কৰক ৷

গান্ধী পোক

পৈণত গান্ধীপোকৰ ৰং মুগা আৰু ইয়াৰ গাত দীঘল ঠেং আৰু শুং থাকে ৷ ই পাতত শাৰী শাৰী কৈ কনি পাৰে ৷ এই পোকে ধানৰ গাখীৰতী অৱস্থাত ৰস শুহি খোৱা ফলত গুটি পতানত পৰিণত হয় ৷ ৰস শুহি খোৱা স্হানত সৰু সৰু মুগা দাগৰ (সপৗতস) সৃষ্টি হয়৷

নিয়ন্ত্ৰণ :

  • ধাননিত থকা বন-বাত নিৰাই ৰাখক ৷
  • ধাননিৰ ওচৰত নিশা জুই ধৰিলে পোকবোৰ জুইত পৰি মৰে ৷
  • কণীবোৰ হোতৰে সংগ্ৰহ কৰি নষ্ট কৰিব পাৰি ৷
  • মৰা ভেকুলি বা পচা মাংস আক্ৰান্ত পথাৰত ওলোমাই ৰাখিলে পোকবোৰ আকৰ্ষিত হয় ৷ থুপ খাই থকা অৱস্থাত ইহঁতক মাৰিবলৈ সহজ হয় ৷
  • মালাথিয়ন বা বি.এইচ.চি. ৫ শতাংশ গুড়ি প্ৰতি বিঘাত ৫ কিলো হাৰত ছটিয়াই দিয়ক ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate