অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধানৰ প্ৰধান বেমাৰ আৰু তাৰ প্ৰতিকাৰ :

 

ধানৰ কঠীয়া পৰাৰপৰা আৰম্ভ কৰি ধান কটাৰ সময়লৈ নানা ধৰণৰ বেমাৰৰদ্বাৰা আক্ৰান্ত হৈ ধান খেতিৰ যথেষ্ট ক্ষতিগ্ৰস্ত হয়। তলৰ লেখাত অসমত দেখা দিয়া ধানৰ প্ৰধান ৰোগৰ বিৱৰণ আৰু নিবাৰণৰ বিষয়ে আলোচনা কৰা হ’ল-

ধানৰ ব্লাষ্ট বেমাৰ(Rice blast):

ধানৰ এইবিধ পাইৰিকুলেৰিয়া অ’ৰাইজি নামৰ ভেঁকুৰৰপৰা হয়।

ৰোগৰ লক্ষণ -

ধানগছৰ কাণ্ডৰ গাঁঠি, ঠোকৰ মঞ্জৰি আৰু ঠোকৰ তলফালে ভেঁকুৰে আক্ৰমণ কৰে। প্ৰথমতে পাতত চকুৰ আকাৰৰ, বাদামী ৰঙৰ দাগ হয়। সময় যোৱাৰ লগে লগে এই দাগবোৰৰ মাজৰ অংশ ধূসৰ ৰঙৰ আৰু বাহিৰৰ চাৰিওফালৰ ৰং ঘন বাদামী হয়। কাণ্ডৰ গাঁঠিবোৰত আক্ৰমন কৰাৰ ফলত ঠোক ভাগি যায় আৰু বহুতো ধান পতান হয়। আক্ৰান্ত গছৰ পাতবোৰ শুকাই যায়।

নিবাৰণৰ ব্যৱস্থা -

*বীজ সিঁচাৰ আগেয়ে বীজ শোধন কৰি ল’ব লাগে। বীজ শোধন কৰিবলৈ ইন্দ’ফিল এম-৪৫ ঔষধ ২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই বীজবোৰ সিঁচাৰ আগেয়ে ২৪ ঘন্টা পানীত তিয়াঁই থ’ব লাগে।

*ৰোগ প্ৰতিৰোধক্ষম জাত, যেনে- মনোহৰ শালি, জয়া পংকজ, আই আৰ-৩৬ আদিৰ বীজৰ খেতি কৰি এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

*নাইট্ৰ’জেন জাতীয় সাৰ উপযুক্ত পৰিমাণে প্ৰয়োগ কৰিব লাগে।

*পথাৰত বেমাৰ দেখা দিলে ইন্দ’ফিল এম-৪৫(২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) মিহলাই গছত স্প্ৰে কৰিব লাগে। প্ৰথম স্প্ৰেৰ ১৫ দিনৰ পিছত আৰু এবাৰ স্প্ৰে কৰিব লাগে।

ব্ৰাউন স্পট বা মুগা দাগ পৰা বেমাৰ(Brown Spot of Rice):

হেলমিন থ’ছপৰিয়াম অ’ৰাইজি নামৰ ভেকুৰৰ আক্ৰমণ ফলত এই ৰোগ হয়।

ৰোগৰ লক্ষণ -

প্ৰথমতে পাতত সৰু ডিম্বাকৃতিৰ গাঢ় বাদামী ৰঙৰ দাগ পৰে, ক্ৰমশঃ দাগবোৰৰ আকাৰ বাঢ়ি থাকে, কিন্তু দাগবোৰ পৃথক হৈ থাকে। পাতবোৰ বাদামী ৰঙৰ হয় আৰু শুকাই যায়। গছৰ ঠোক আক্ৰান্ত হ’লে ধানৰ ওপৰতো ক’লা দাগ আৰু ধানবোৰ পতানলৈ ৰূপান্তৰিত হয়। কঠীয়াৰপৰা ধান ওলোৱালৈকে এইবিধ ৰোগে আক্ৰমণ কৰে।

নিবাৰণৰ ব্যৱস্থা -

বীজ ছটিওৱাৰ আগত ইন্দ’ফিল এম-৪৫ বা কেপটাফ(২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) মিহলাই বীজবোৰ ২৪ ঘন্টা তিয়াই ৰাখিব লাগে।

*উপযুক্ত পৰিমাণত সাৰ প্ৰয়োগ কৰিব লাগে।

*ৰোগ প্ৰতিৰোধক্ষম জাতৰ বীজ, যেনে- বালা, কৃষ্ণ, কাবেৰী, আই আৰ ৩৫ আদিৰ বীজৰ খেতি কৰি ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

*কঠীয়াৰ বয়স ১২-১৪ দিন হোৱাৰ পিছত ইন্দ’ফিল এম-৪৫(২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে।

ধানৰ শিথৰট বেমাৰ(Sheath rot of Rice):

ৰাইজ’কটোনিয়া ছ’লানি নামৰ ভেঁকুৰৰ আক্ৰমণৰ ফলত এইবিধ বেমাৰ হয়।

ৰোগৰ লক্ষণ:

আক্ৰান্ত গছৰ পত্ৰবেষ্টকত প্ৰথমে ডিম্বাকৃতিৰ ধূসৰ সেউজীয়া ৰঙৰ দাগ পৰে। দাগবোৰ ক্ৰমশঃ ডাঙৰ হয় আৰু দাগবোৰৰ মাজত ধূসৰ বগা আৰু চাৰিওফালে বাদামী ৰং হয়। ৰোগৰ আক্ৰান্ত গছৰ পাতবোৰ শুকাই যায় আৰু ধানবোৰ পতানলৈ ৰূপান্তৰিত হয়।

নিবাৰণৰ ব্যৱস্থা:

*ৰোগ প্ৰতিৰোধক্ষম জাত, যেনে- ৰত্মা, আই আৰ ৫০ আদিৰ বীজৰ খেতি কৰি ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

*ৰোগৰ প্ৰাদুৰ্ভাৱ নোহোৱা ঠাইৰপৰা বীজ সংগ্ৰহ কৰিব লাগে।

*যিবোৰ ঠাইত ৰোগৰ আক্ৰমণ বেছি তেনে ঠাইত নাইট্ৰ’জেন জাতীয় সাৰৰ লগত পটাছ সাৰ ছটিয়াই দিব লাগে।

*ৰোগত আক্ৰান্ত গছত ইন্দ’ফিল এম-৪৫(২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত) বা বেভিষ্টিন(২ গ্ৰাম প্ৰতি লিটাৰ পানীত) মিহলাই স্প্ৰে কৰি ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

বেক্টেৰিয়েল ব্লাইট(Bacterial blight):

জ্যানথ’ম’নাছ অ’ৰাইজি নামৰ এবিধ বেক্টেৰিয়াৰ কাৰণে এইবিধ বেমাৰ হয়।

ৰোগৰ লক্ষণ:

কঠীয়াৰপৰা আৰম্ভ কৰি ধানৰ ঠোক ওলোৱালৈকে এইবিধ বেক্টেৰিয়াই আক্ৰমণ কৰে। আক্ৰান্ত কঠীয়াবোৰৰ পাত ৰঙা হৈ শুকাই যায়। বয়স্ক গছত আক্ৰমণ হ’লে পাতৰ কাষে কাষে দীঘল হালধীয়া ৰঙৰ দাগ হয়। এই দাগবোৰ সোনকালে বাঢ়ি যায় আৰু কাষে কাষে অনিয়মিত পচন আৰম্ভ হয় আৰু শুকাই যায়। ৰোগৰ আক্ৰমণ বেছি হ’লে গোটেই গছজোপা পচি যায় আৰু ধান পতানলৈ ৰূপান্তৰ হয়।

নিবাৰণৰ ব্যৱস্থা:

*ৰোগৰ প্ৰতিৰোধক্ষম জাতৰ বীজ যেনে- মনোহৰ শালি, লক্ষী, ৰত্না, মাচুৰি, আই আৰ ৫০ আদিৰ খেতি কৰি ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।

*উপযুক্ত মাত্ৰাত সাৰ প্ৰয়োগ কৰিব লাগে।

*ৰোগৰ প্ৰাদুৰ্ভাৱ নোহোৱা ঠাইৰপৰা বীজ সংগ্ৰহ কৰিব লাগে।

*পথাৰত ৰোগ দেখা দিলে প্ৰতি ১০০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপট’ চাইক্লিন+১০০ গ্ৰাম ফাইত’লান নাইবা ক্লাইট’ক্স ঔষধ মিহলাই গছত স্প্ৰে কৰিলে ৰোগ নিয়ন্ত্ৰণ হয়। এইধৰণে ১৫ দিন পিছত আকৌ এবাৰ স্প্ৰে কৰিব লাগে।

*ৰোগৰ আৰম্ভণিত ধান গছত গোবৰ-পানী ছটিয়ায়ো ৰোগৰ প্ৰাদুৰ্ভাৱ কমাব পাৰি।

উৎস: দৈনিক অসম(ড° মিনছুৰা বেগম)

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate